Thursday, 31 December 2015

আশা

ভ্ৰাতৃপ্ৰতিম ফটোগ্ৰাফাৰ বন্ধু ফৈজে (Faiz Rehman) এ সপ্তাহ মান আগত ফেচবুকত "A Beekeeper busy at work for honey making process..." শিৰোনামাৰে এখন ফটোগ্ৰাফ আপডেট দিছিল। প্ৰথম দৃষ্টিত ফটোখন মই বাহিৰৰ কৰোবাৰ যেনে পাইছিলোঁ, যিহেতু তেনেধৰণৰ দৃশ্য মই আমাৰ অঞ্চল আগতে কেতিয়াও দেখা নাছিলোঁ। পিছলৈ ভালকৈ মনোযোগেৰে দেখাত পিছফালে থকা পাহাৰ খনলৈ চকু গ'ল, ফোটোৰ সেই পাহাৰখন চোন মোৰ চিৰ চিনাকি চান্দৰডিঙা পাহাৰেই হয়। আজিৰ কাহিনীৰ উৎস ফৈজৰ সেই ফটোখনৰ বিষয়বস্তুৰ অনুসন্ধানৰ। অৱশ্যে যোৱা বছৰেই পশ্চিমবংগ পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চান্দৰডিঙা অঞ্চললৈ আহিছিল কেই জনমান উদ্যমী কৰ্মঠ যুৱক। নিচেই কম আনুষ্ঠানিক শিক্ষা থকা সেই যুৱক কেইজন অসমলৈ আহিছিলে এটা সপোনক সাৰথি কৰি জীৱিকাৰ পথ উলিয়াবলৈ মাথো ৩/৪ সপ্তাহৰ বাবে। নাই তেওঁলোক কোনো প্ৰডাক্ট বিক্ৰী কৰিবলৈ বা কোনো ঠিকাদাৰৰ বনুৱাহৈ অহা নাছিল। তেওঁলোক আহিছিল কৃষকৰ সাৰথি হৈ, আনৰ উপকাৰ কৰিও যোৱা বছৰ তেওঁলোকে নিজৰ পৰিয়াললৈ লৈ যাবলৈ সক্ষম হৈছিল এক ভাল অংকৰ মুনাফা। স্থানীয় কৃষকক দি গৈছিল এক অনন্য উদাহৰণ... যাৰ পৰা শিকিবলগীয়া ভালেখিনি আছে।
ফৈজৰ ফটোখন

ফৈজৰ ফটোখনত আছিলে সৰিয়হৰ খেতিৰ ওচৰত সাৰি সাৰিকৈ পতা কিছুমান মৌ বাকচৰ য'ত এজন মানুহে মৌজোল সংগ্ৰহৰ কাম কৰি আছে। আমাৰ অসমত এনেকৈ মুকলি পথাৰত শাৰি পাতি মৌ পালন কৰা মই দেখা নাই কেতিয়াও, বা কৰোবাত এনেকৈ মৌ-পালন কৰিলেও ইমান বৃহৎসংখ্যক বাকচৰ সতে মৌ-পালন দেখা মোৰ জীৱনত এয়াই প্ৰথম। এনেকুৱা দৃশ্য এটা স্বচক্ষে চাবলৈ পালে ভাল লাগিবই, সেয়ে পলম নকৰি উপস্থিত হ'লো ধুবুৰী জিলাৰ বিলাসীপাৰৰ কাষৰ সেই ঠাই ডোখৰলৈ য'ত ফৈজে ফটোখন তুলিছিলে। ৩১নং ৰাষ্টীয় ঘাই পথৰ পৰাই দেখাপায় সেই বাকচবোৰ। দেখিলোঁ সৰিয়হৰ খেতিৰ ঠিক কাষতে পথাৰৰ মাজত প্ৰায় ১৫০টা মান মৌ-বাকচ শাৰিপাতি থোৱা আছে। কাষত এটা সৰু তম্বুঘৰ, পথৰ ওপৰতে গাড়ীখন থৈ চিধই তম্বুঘৰটোত পালোগৈ। মই মাত লাগোৱাত প্ৰথম অৱস্থাত অলপ চকখোৱাৰ দৰ হ'ল তেওঁলোক, তম্বুৰ ভিতৰত ৬জন মানুহ তাৰে ২জনে ৰাতিৰ সাজৰ ভাত বনোৱাৰ যা-যোগাৰ কৰি আছে। মই অসমীয়াতে অহাৰ উদ্দেশ্য কোৱাত তেওঁলোকৰ এজনে বাংলাৰে উত্তৰ দিলে...। মই এইবাৰ বাংলাত কোৱাত কথাখিনি বুজি পাই তাৰে এজনে চোলা এটা পিন্ধি তম্বুঘৰৰ পৰা ওলাই আহিল। তেখেতৰ নাম শ্যাম সুন্দৰ মণ্ডল, আৰু তেওঁয়েই হ'ল পশ্চিমবংগৰ পৰা অহা এই মৌ-পালক দলটোৰ দলনেতা। তেখেতক মই এনেই ফুৰিব আৰু মৌপালন সম্পৰ্কে জানিব অহা বুলি কোৱাত মানুহ জনে নিজেই ক'লে "এই এলাকায় মধু চাষেৰ প্ৰচলন নাই বলে খবৰ পেয়েছিলাম দু বছৰ আগেই। গত বছৰ আমাদেৰ ওখান থেকে এখানে এসে ৮-১০ জন কৃষক সৰিষা ক্ষেতে মধু চাষ কৰে প্ৰচুৰ লাভবান হয়েছেন, তাই এবাৰ কিছু বেশী বাক্স নিয়ে আমৰা এসেছি"। তাৰ পিছত তেখেতৰ পৰা গ'ম পালোঁ এইবছৰ তেওঁলোক ১৮ জন আহিছে মালদা জিলাৰ শাহাপুৰৰ পৰা। এওঁলোক সকলোৱেই মৌ-পালক। প্ৰায় গোটেই বছৰে তেওঁলোকে বিহাৰ, পশ্চিমবঙ্গ, উড়িশা আদি ঠাইত ভ্ৰাম্যমাণ হিচাবে মৌপালন কৰে তেওঁলোকে। ৰতনে হে ৰতন চিনি পায়, সেয়েই নামনি অসমৰ আটাইতকৈ বেছি পূঞ্জীভুত সৰিয়হৰ খেতি (cluster) থকা এই অঞ্চল তেওঁলোকৰ বাবে এক অতি উপযোগী মৌ পালন ক্ষেত্ৰ, আৰু সেয়ে এই অঞ্চলৰ সৰিয়হৰ খেতিৰ খবৰ তেওঁলোকে হাজাৰ মাইল দূৰৰ পৰাই ৰাখিছে। অঞ্চলটোৰ হাকামা, বামুনগাঁও, টিলাপাৰা, কেৰাভিটা, শালকোচা, ভোলাপাৰা, চলকাপাৰা, হাতীপোতা ইত্যাদি গাঁওবোৰত মিলাই কেৱল এই অঞ্চলতেই আছে নিৰৱচ্ছিন্ন ভাৱে প্ৰায় ১০ হাজাৰ হেক্টৰ সৰিয়হৰ খেতি। এই অঞ্চলবোৰৰ ৫ ঠাইত সেয়ে তেওঁলোকে শাৰীবদ্ধভাৱে বহাইছে ৫০০কৈও অধিক মৌ বাকচ। দিনে নিশাই তেওঁলোক মৌমাখিৰ পৰিচাৰ্যা লগতে নিৰ্ধাৰিত সময়ৰ পিছে পিছে মৌ কলনিৰ অৱস্থাৰ পৰ্যবেক্ষণত কৰে। শ্যাম সুন্দৰে কোৱা মতে মৌমাখিয়েহে কাম কৰে আমি কেৱল মৌমাখিৰ কিবা অসুবিধা হ'লে তাক আঁতৰ কৰিবলৈ যত্ন কৰো আন জীৱ জন্তু পালনত থকা পৰিশ্ৰমৰ দৰে মৌ-পালনত শ্ৰমৰ সিমান প্ৰয়োজন নাই।


শ্যাম সুন্দৰ মণ্ডল
বিশেষ স্কুলীয়া শিক্ষা এওঁলোকৰ কাৰোৰেই নাথাকিলেও এওঁলোকৰ মৌ-পালনৰ ব্যৱহাৰিক জ্ঞান অপৰিসীম, মৌমাখি সম্পৰ্কে পুংখানুপুংখভাৱে জানে এওঁলোকৰ প্ৰত্যেকেই। এই ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ আৰু আৰ্থিকভাৱে সহায় কৰে 'Malda Bee-keeping and honey processing cluster industrial co-operative society' নামৰ এটা বেচৰকাৰী সন্থাই। প্ৰয়োজনত এই সন্থাই তেওঁলোকক বজাৰৰ সুবিধাও আদিও কৰি দিয়ে। অৱশ্যে ইয়াৰ বাবে মৌ-পালনক সকলে নিজৰ আয়ৰ ১০% আদায় দিব ল'গিয়া হয় সন্থাটোক। মৌমাখি পালনৰ বাবে তেওঁলোক ব্যৱহাৰ কৰে এপিছ মেলিফেৰা প্ৰজাতিৰ মৌমাখিৰ। এই মৌমাখিক ইউৰোপীয়ান মৌমাখি বুলিও জনা যায়। নিৰ্ধাৰিত মাপজোখ আৰু আকৃতিৰ কাঠেৰে সজা বাকচত মৌমাখি খিনিক বিজ্ঞানভিত্তিক পদ্ধতি অনুসৰি পালন কৰা হয়। প্ৰতিটো বাকচতে থাকে ৯টাৰ পৰা ১০টালৈকে ফ্ৰেম থাকে। বৰ্তমান পৃথিৱীত সিংহভাগ মৌ উৎপাদিত হয় এই এপিছ মেলিফেৰা প্ৰজাতিৰ মৌমাখিৰ মাধ্যমৰে। এই প্ৰজাতিৰ মৌমাখিৰ এটি বাকচৰ পৰা বছৰত ৫০ কেজিলৈকে মৌ পোৱা যায়। যাৰ সিংহভাগেই আহে সৰিয়হৰ খেতিৰ পৰা। সেয়েই সৰিয়হ খেতিৰ কাষতেই সাৰিবদ্ধকৈ শ্যাম সুন্দৰহঁতে বহাইছে মৌমাখিৰ বাকচবোৰ। হাজাৰ হাজাৰ মৌমাখি হালধীয়া সৰিয়হ ফুলৰ পৰা মৌ সংগ্ৰহ কৰি বাকচত জমা কৰিছে আৰু প্ৰতি ৬-৭ দিনৰ মূৰেকত সেই বাকচবোৰৰ পৰা বিশেষ পদ্ধতি ব্যৱহাৰ কৰি মৌজোল সংগ্ৰহ কৰিছে তেওঁলোক। প্ৰতি বাকচত আছে প্ৰায় ২০ পৰা ৩০ হাজাৰ কৰ্মী মৌমাখি আৰু আছে এজনী ৰাণী মৌমাখি। ৰাণীয়ে কণী পাৰে আৰু কৰ্মী মৌমাখিবোৰ গোটেই দিনটো সৰিয়হৰ ফুলে ফুলে উৰি পৰাগসংযোগ ঘটায় আৰু মৌ সংগ্ৰহ কৰে। মৌবোৰে প্ৰায় ৩ কিলোমিটাৰ দূৰৰ সৰিয়হ খেতিলৈকে যায় আৰু তাৰপৰা মৌ সংগ্ৰহ কৰে। প্ৰতিটো বাকচত পৰা প্ৰতি সপ্তাহত ১০ পৰা ১২ লিটাৰলৈ মৌ সংগ্ৰহ কৰা যায়।

এইবাৰ অহা যাওক সৰিয়হ খেতিৰ লগত কৰা এই মৌমাখি পালনৰ আৰ্থিক দিশটোলৈ। বাকচ আৰু তাৰু তাৰ ভিতৰত থকা ফ্ৰেম খিনিৰ দাম প্ৰায় ১৫০০ টকা মান হয়গৈ। অৱশ্যে এটা বাকচ ভালকৈ ব্যৱহাৰ কৰিলে প্ৰায় ৮-১০ বছৰলৈ ভালে থাকে। মৌমাখি বোৰ বাকচৰে সৈতে কিনিব লগিয়া হ'লে দাম প্ৰায় ৩ হেজাৰ টকা মান। এই ক্ষেত্ৰতো তেওঁলোকক ওপৰত উল্লেখিত বে-চৰকাৰী সন্থাটোৱে সহায় কৰে। এটা বাকচৰ পৰা কেৱল সৰিয়হৰ বতৰতে আহৰণ কৰিব পাৰি অতি কমেও ২০ লিটাৰ মৌ। বজাৰত মৌৰ মূল্য লিটাৰে প্ৰতি ৩০০ পৰা ৪০০ টকালৈ অৰ্থাৎ একোটা বাকচৰ পৰা কমেও ৬ হাজাৰ টকাৰ মৌজোল বিক্ৰি কৰিব পৰা যায়। কেৱল সেয়াই নে সৰিয়হৰ খেতিত মৌমাখি থাকিলে সেই খেতিত স্বাভাৱিকতকৈ ৩০ পৰা ৩৫ শতাংশৰ ফলন বাঢ়ি যায় কাৰণ মৌমাখি সৰিয়হৰ ফুলত যি পৰাগায়ন ঘটায় তাৰ ফলস্বৰূপে সৰিয়হৰ গুটি ডাঙৰ আৰু ফচলৰ পৰিমান বৃদ্ধি হয়। সেয়াও মৌ পালনৰ এক উল্লেখনীয় অৱদান। তেওঁলোকৰ কেম্পৰ কাষতেই ল'গ পাইছিলোঁ শিক্ষক তথা খেতিয়ক আজিজুল ডাঙৰীয়াক তেখেতৰ মতে যোৱা বছৰ এওঁলোক ইয়ালৈ মৌমাখি বোৰ অনাৰ পিছত সৰিয়হৰ খেতিত আন আন বছৰৰ পৰা ভালেখিনি শস্য বেছিকৈ পাবলৈ তেওঁ সক্ষম হৈছিলে, কেৱল তেওঁয়েই নহয় অঞ্চলটোৰ সৰু ডাঙৰ সকলোৱে শ্যাম সুন্দৰহঁতে কৰা মৌ পালনৰ বাবে উপকৃত হৈছে। গতিকেই ভবিষ্যতেও শ্যাম সুন্দৰহঁতক সকলো ধৰণৰ সহযোগিতা দিবলৈ প্ৰতিজন কৃষকেই প্ৰস্তুত। এইবাৰৰ মৌ পালনৰ পৰা শ্যাম সুন্দৰহঁতে ১০ টন মৌজোল উলিয়াবলৈ সক্ষম হব বুলি আশাবাদী যাৰ বজাৰ মূল্য ৩০ লাখ টকা। লগতে অঞ্চলটোত সৰিয়হৰ উৎপাদন বৃদ্ধি হব আনুমানিক প্ৰায় ১৫০ টন। যিটো সাধাৰণ কথা হব নোৱাৰে কেতিয়াও। পিছে ইয়াৰ পৰা আৰু অধিক উৎপাদন সম্ভৱ আছিলে। নামপ্ৰকাশত অনিচ্ছুক এজন খেতিয়কৰ মনতে অঞ্চলটোত গঢ়লৈ উঠা যধে-মধে ইটাৰ ভাটা সমূহৰ পৰা নিৰ্গত ধোৱাই প্ৰভাৱ পেলাইছে সকলো ধৰণৰ খেতিৰ ল'গতে বিশেষকৈ মৌমাখি পালনতো। তেওঁৰ মতে ভাটা সমূহৰপৰা নিৰ্গত ধোৱাই কৰ্মী মৌমাখিৰ স্বাভাৱিক কাম কাজত বাধা ওপজায়। তাৰোপৰি এই ভাটাবোৰত ৰাতি জ্বলোৱা উজ্বল পোহৰে মৌমাখিক পথভ্ৰষ্টও কৰে মুঠতে প্ৰদূষণে অঞ্চলটোৰ কৃষিৰ ওপৰতো প্ৰভাৱ যঠেষ্ট পেলাইছে।
এপিচ্ মেলিফেৰা

আমাৰ কৃষি বিভাগেও মৌপালনৰ ক্ষেত্ৰত সদায়েই অনীহা দেখুৱাই আহিছে। উজ্জল সম্ভাৱনাযুক্ত আৰু কম পৰিশ্ৰমী মৌ পালনৰ জৰিয়তে অসমীয়া কৃষকো লাভবান হ'ব পাৰে। কেৱল দৰকাৰ উচিত প্ৰশিক্ষণ আৰু ইচ্ছাশক্তিৰ এই ক্ষেত্ৰত শ্যাম সুন্দৰহঁত সহায় কৰিবলৈ সদা প্ৰস্তুত। কেৱল ধুবুৰী জিলাৰ এইখিনিত নহয় অসমৰ প্ৰায় সকলো জিলাতেই কৰা হয় হাজাৰ হাজৰ হেক্টৰ সৰিয়হৰ খেতি। পিছে এই ধৰণৰ কামত আমাৰ চৰম অনিহা। যাৰ বাবেই আমাৰ কৃষকে হেৰুৱাইছে এক বুজন পৰিমানৰ অৰ্থ। আমাৰ বেচৰকাৰী সন্থা, কৃষক সংগঠণ সমূহো এও ক্ষেত্ৰত কোনো ভূমিকা লোৱা দেখা নাই। শ্যাম সুন্দৰহঁত এই প্ৰচেষ্টাক আমাৰ তৰফৰ পৰা চেলিউট...! অহা সপ্তাহত তেওঁলোক গুছি যাবগৈ ট্ৰাকত গোটেইবোৰ মৌবাকচ উঠাই লৈ... অসমত সৰিয়হৰ বতৰ শেষ হবলৈ আৰু দেৰি নাই। এইবাৰ তেওঁলোক যাবগৈ উঃবঙ্গৰ হিমালয়ৰ নামনি অঞ্চলত য'ত হাজাৰ হাজাৰ বিঘা খেসাৰি (pulse?) খেতি কৰা হয়, তাৰ পৰা তেওঁলোকে মৌমাখি খিনিক লৈ যাবগৈ বিহাৰৰ লেচুৰ খেতিলৈ। তেওঁলোকৰ এই যাত্ৰা সুখময় হওক... নৱবৰ্ষৰ এই ক্ষণত তাৰেই কামনা কৰিছোঁ, যাতে তেওঁলোক আকৌ উভতি আহে আমাৰ মাজলৈ মৌমাখি খিনিকলৈ, যাতে আমাৰো ফচলৰ বৃদ্ধি হয় বিনা পৰিশ্ৰমে...। এনেদৰেই এদিন আমি অসমীয়াই শিকি যাম মৌপালনৰ সকলোখিনি। হয়, মই বৰ আশাবাদী মানুহ, নতুন বছৰ সকলোৰে শুভ হওক তাৰেই কামনাৰে।

Wednesday, 23 December 2015

গ্লেডিয়েটৰ, সামন্ততান্ত্ৰিক সংস্কৃতি আৰু বুলবুলি চৰাই

এটা সময় আছিলে যেতিয়া গ্লেডিয়েটৰ সকল আছিলে ৰোমান নাগৰিক সকলক আনন্দ দিয়া এক পুতুলাৰ দৰে। ৰোমান সম্ৰাটৰ নিৰ্দেশনাত দুই গ্লেডিয়েটৰ নিজৰ মাজত যুঁজ দিছিলে এজনে আনজনক হত্যাৰ উদ্দেশেৰে, অৱশেষত ক্ষতবিক্ষত হৈ তাৰে এজনক আকোৱালি লব লগীয়া হৈছিল মৃত্যুক। সেই ৰক্তাক্ত বিভৎস মৃতদেহৰ কাষতেই আকৌ আৰম্ভ হৈছিলে পিছৰখন খেল (?) চুড়ান্ত অখেলুৱৈ সুলভতাৰে। এক বিকৃত আনন্দ, এক বিকৃত উত্তেজনা। এই উত্তেজনাৰ মাজতেই কেতিয়াবা গড়ালৰ পৰা এৰি দিয়া হৈছিলে ক্ষুধাৰ্ত বাঘ বা সিংহৰ জাক চাৰিওকাষৰ ওখ দেৱালৰ মাজত গ্লেডিয়েটৰ সকলোৰ দেহা তেতিয়া ৰক্তাক্ত, ক্ষতবিক্ষত ঘামে তিয়া দেহা তেতিয়া ব্যথাত ভৰাক্ৰান্ত, অৱসাদত তেতিয়া দৃষ্টি অস্পষ্ট ইয়াৰ মাজতেই বাঢ়ি যায় দৰ্শকৰ ৰোমাঞ্চ, বাঢ়ি যায় বিকৃত উলাহৰ চিঞৰ.... দা শ্ব মাষ্ট গো অন। মানৱজাতিটোৰ এই অবাইচ বিকৃত মানসিকতাৰ দৃষ্টান্ত ৰোমান সাম্ৰাজ্যৰ গ্লেডিয়েটৰৰ যুঁজতকৈ আৰু কি হব পাৰেনো ? মানুহ সভ্য হৈছে লাহে ধীৰে আৰু কালক্ৰমে ৰোমান সাম্ৰাজ্যৰ পৰম্পৰাৰ পৰা নিচিহ্ন হৈছেগৈ গ্লেডিয়েটৰৰ যুঁজ।  সেই খেলৰ নৱতম সংস্কৰণ সমূহ  এতিয়া খেলুৱৈ সুলভতাৰে পৰিপূৰ্ণ, এতিয়াৰ বক্সিঙ, ৰেছলিং আদি খেল সমূহত প্ৰাণ দিব লগীয়া নহয় আৰু কোনো খেলুৱৈকেই। পিছে আজিও যেন মানুহৰ অৱচেতন মনৰ কোনোবা এটি কোণত ৰৈগৈছে আন কাৰোবাৰ ব্যথাৰ পৰা পোৱা এক বিকৃত আনন্দৰ উৎস। যাৰ আধুনিক উদাহৰণ বুলবুলি চৰাইৰ যুঁজ।  বুলবুলি চৰাই আমাৰ আধুনিক গ্লেডিয়েটৰ যাক যুঁজৰ আগলৈ ঠিক গ্লেডিয়েটৰৰ দৰেই কটাব লাগে বন্দীত্বৰ জীৱন, যাক স্বজাতিৰ মাজতেই যুঁজিবলৈ বাধ্য কৰোৱা হয় কেৱল মানুহৰ আনন্দৰ বাবে।


অতিজৰেই পৰা বুলবুলি চৰাই আমাৰ লোককথা, লোকগীতৰ এক অবিচ্ছেদ্য অংগ। আমাৰ দেশত মুঠ ১২টা প্ৰজাতিৰ বুলবুলি চৰাই পায়, যিবোৰ সংৰক্ষণৰ সংকটৰপৰা মুক্ত তালিকাভুক্ত। অৰ্থাত ইহঁতৰ প্ৰজাতিৰ প্ৰতি এতিয়াও বিলু্প্ত হোৱাৰ কোনোধৰণৰ ভাবুকি আহি পোৱাহি নাই, কিন্তু তথাপিও অসমত বুলবুলি চৰাই কমি আহিব ধৰিছে অতি দ্ৰুতগতিত। আমাৰ অসমত মাঘবিহুৰ সময়ত হয়গ্ৰীৱ মাধৱৰ মন্দিৰত যুঁজা বুলবুলি চৰাইৰ ইংৰাজী নাম Red-vented Bulbul (ৰেড ভেণ্টেড বুলবুল) বৈজ্ঞানিক নাম-Pycnonotus cafer, ভাৰতৰ উপৰিও বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা, ম্যনমাৰ, ভূটান, নেপাল আৰু পাকিস্তানত এই চৰাই পায়।  বিলুপ্তপ্ৰায় নহ'লেও বুলবুলি চৰাইও ভাৰতীয় বন্যপ্ৰাণী আইন-১৯৭২ মতে সুৰক্ষিত। কিন্তু ভাৰতবৰ্ষৰ আন বহুতো আইনৰ দৰেই এই আইনখন ভগাও তেনেই সাধাৰণ, যি আইন ভাঙিলেও শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'বলগীয়া নহয় কাকোয়েই, ওলোটাই আইন ভংগকাৰীক সমজুৱা ভাবে পুৰষ্কাৰহে দিয়া হয়। কোনো প্ৰতিবাদ নহয় বা সৰুসুৰাকৈ প্ৰতিবাদ হলেও তাক আওকান কৰা হয় কাৰণ এই যুঁজ এটি পৰম্পৰা, এটি ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত।    

দেখাত যথেষ্ট শান্তশিষ্ট হলেও এটা সময়ত বুলবুলি চৰাইৰ যুদ্ধবাজ চৰাই হিচাবে গোটেই বিশ্বতে খ্যাত আছিলে। এটা সময়ত বুলবুলি চৰাইৰ যুঁজ আছিলে মোগল সকলোৰ অতিকৈ জনপ্ৰিয় খেল। পিছলৈ গোটেই বঙ্গত বিশেষকৈ ঢাকা আৰু কলিকতাৰ সামন্ত আৰু জমিদাৰ সকলোৰ মাজত এই খেলে বিপুল জনপ্ৰিয়তা লাভ কৰে। প্ৰকৃততে এই যুঁজৰ আঁৰত চলিছিল এক প্ৰকাৰৰ জুৱাহে, সেয়ে বিশেষকৈ বিত্তৱান শ্ৰেনীৰ মাজত এই খেল আছিল অতি জনপ্ৰিয়। একালৰ অতি জনপ্ৰিয় বুলবুলি চৰাইৰ যুঁজ বৰ্তমান প্ৰায় বন্ধ হৈ গৈছে যদিও মকৰ সংক্ৰান্তিৰ সময়ত এতিয়াও পশ্চিমবঙ্গৰ  মেদিনীপুৰ জিলাৰ গোপীবল্লভপুৰ মেলাত হোৱা বুলবুলি চৰাইৰ যুঁজ ভাৰতত বৰ্তমানত চলিথকা অন্যতম ডাঙৰ বুলবুলিৰ যুঁজ।  ৭দিন ধৰি চলা এই প্ৰতিযোগিতাত যোৱা বছৰ পশ্চিমবঙ্গ, ঝাড়খন্ড আৰু ওড়িশাৰ পৰা অহা প্ৰায় ৫০০ জোড় বুলবুলিয়ে ভাগ লৈছিলে।  অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰত হোৱা বুলবুলি যুঁজ দেশখনৰ ভিতৰতে চলা আন এখন ডাঙৰ বুলবুলি যুঁজ। ইয়াৰ উপৰিও ঝাৰখণ্ড বিহাৰ আৰু ওড়িশাৰ কেতবোৰ ঠাইত সৰুসুৰাকৈ বুলবুলি যুঁজ পতা হয়। ভাৰতবৰ্ষৰ বাহিৰত এতিয়াও ইৰাণ, ইৰাক, আফগানিস্তান আদিৰ কোনো কোনো ঠাইত এই বুলবুলি যুঁজ পতাৰ উল্লেখ পোৱা যায়। 

অসমত বুলবুলি যুঁজ ঠিক কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সম্পৰ্কে সঠিকভাৱে একো কোৱা নাযায়, কিছুমানে এই যুঁজ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই আৰম্ভ কৰা বুলি কয় যদিও এই যুঁজৰ আটাইতকৈ নিৰ্ভৰযোগ্য সুত্ৰটো অসমৰ লোকসাহিত্যৰ গৱেষক প্ৰবীণ চন্দ্ৰ দাসে দিছে। তেওঁৰ মতে সন্দেহাতীত ভাবেই ১৬৪১ চনত হাজো দখল কৰাৰ পিছত মোগলে পোনপ্ৰথমতে অসমলৈ বুলবুলি যুঁজৰ আমদানি কৰে আৰু পিছলৈ আহোম সকলে এই যুঁজৰ পৃষ্ঠপোষকতা কৰে।  বুলবুলি যুঁজৰ ইতিহাস যিয়েই নকওঁক কিয় শতশত বছৰৰ পৰাই যে এই চৰাইয়ে মানুহৰ বিকৃত উল্লাসৰ বলি হৈ আহিছে সেয়াই অপ্ৰিয় সত্য। মাঘৰ সংক্ৰান্তিৰ সময়ত অৰ্থাৎ জানুৱাৰীত যুঁজিব লগীয়া বুলবুলিবোৰক সাধাৰণতে ছেপ্টেম্বৰ মাহৰ শেষৰফালে  জংঘলত ফান্দ পাতি ধৰা হয় আৰু ইয়াৰ পিছত ৩ মহাতকৈও অধিক সময় নানান যতনা ভুগিব লাগে বন্দী চৰাইবোৰক। এই সময়ত ইহঁতক খাদ্য হিচাবে কেৱল গুটিয়াকলকে দিয়া হয়, গতিকেই এই তিনিমাহত ইহঁতে নিজৰ স্বাভাবিক খাদ্যভাষ পাহৰি কেৱল গুটিয়াকলকে নিজৰ একমাত্ৰ খাদ্য বুলি গন্য কৰিব ধৰে। এডাল সৰু গছৰ ডানি বা বাঁহৰ মাৰি এডালত চৰাইবোৰৰ ভৰিত সুতাৰে বান্ধি থোৱা হয়। চৰাই বোৰক সদায় গা ধোৱাই দিয়া হয় আৰু মানুহৰ হৈ-হাল্লাৰ মাজত নিৰ্ভয়ে থাকিবলৈ অভ্যস্ত কৰি তোলা হয়। এনেকৈয়ে যুঁজৰ আগদিনা খনলৈ চলে বন্দী বুলবুলিবোৰৰ জীৱন পৰিক্ৰমা। যুঁজৰ ১২ ঘন্টামান আগত ইহঁতক ভাং গছৰ পাত আৰু নানা ধৰণৰ গছৰপাতেৰে তৈয়াৰী এক ৰাগীয়াল মিশ্ৰণ বাঁহৰ খাঁঠি এডালেৰে জোৰকৈ খুৱাই দিয়া হয়। এই মিশ্ৰণ খোৱাৰ পিছত চৰাইবোৰে নিচাৰ ঘোৰ আৰু দেহাৰ জলশূন্যতাত ভোগে। ৰাগীয়াল মিশ্ৰণ খুৱাৰে পিছৰ পৰা বুলবুলিবোৰক পানীৰ দিয়া হয় যদিও আন খাদ্য দিয়া নহয়। এই সময়ত চৰাইবোৰ দুৰ্বল হবলৈ ধৰে আৰু জিয়াই থাকিবলৈ খাদ্যৰ বাবে বলিয়া হোৱাৰ দৰে হয়।  যুঁজৰ দিনা খন যুঁজিব লগীয়া ক্ষুধাৰ্ত চৰাই যোৰৰ সন্মুখত ইহঁতে ইমান দিনে খাই অভ্যস্ত গুটিয়া কল এডোখৰ ধৰা হয় আৰু নিচাসক্ত চৰাই হালে জিয়াই থকাৰ বাবেই এটাই আনটোৰ খাদ্যৰ অংশীদাৰিত্ব সহ্য নকৰে আৰু এটাই আনটোৰ বিপক্ষে  যুঁজ দিয়ে, যেতিয়ালৈকে তাৰে এটা চৰাইয়ে যুঁজ দিয়াৰ শক্তিকণ হেৰুৱাই নেপেলায়। 


এনেদৰে প্ৰত্যেক বছৰেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ বুলবুলি চৰাই ধৰা হয় কেৱল মানুহৰ আনন্দৰ বাবে, কৰোবাত পৰম্পৰাৰ নামত তো আন  কৰোবাত জুৱাৰ নামত। এনেদৰেই যদি বছৰৰ পিছত এই চৰাই ধৰি থাকিলে বুলবুলি চৰাইৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো স্বাভাৱিক।  ইয়াৰ সপক্ষে কিছুমানে অদ্ভুত যুক্তিও আগবঢ়ায়, তেওঁলোকৰ অদ্ভুত যুক্তি মতে যিহেতু বুলিবুলি চৰাইবোৰক যুঁজাৰ পিছত এৰিদিয়া হয় সেয়েহে ইহঁতৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো অযৌক্তিক। কিন্তু তেওঁলোক কেতিয়াও ভাবি নাচায় যে প্ৰাকৃতিক ভাবেই বুলবুলি চৰাই সৰ্ব্বভক্ষী। পোক পৰুৱাৰ পৰা আদিকৰি গছৰ ফল আৰু গুটি ইহঁতৰ খাদ্য। পৰনিৰ্ভৰশীল আৰু কেৱল এবিধ খাদ্যত অভ্যস্ত হোৱা চৰাই এটিয়ে মুক্তিৰ পিছতো নানান প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিত জীয়াই থকাৰ সম্ভাৱনা তেনেই ক্ষীণ। বিষাক্ত মিশ্ৰণ আৰু  যুঁজাৰ সময়ত পোৱা আঘাতৰ কথা নকলোৱেই বা। তাৰোপৰি ফেব্ৰুৱাৰী মাহত ইহঁতৰ বাহ সজা আৰু কণী যোগোৱাৰ সময়, সেই ফালৰপৰাও বুলবুলি চৰাইৰ জীৱনচক্ৰত এই বন্দীত্বৰ প্ৰভাৱ অপৰিসীম।   আমাৰ লোকসংস্কৃতিৰ উপাদান সমূহ সদায় সমাজৰ খাটিখোৱা শ্ৰেণীৰ পৰা অহা, যিবোৰ কেৱল বিৰহ, আনন্দ, প্ৰেম আৰু প্ৰকৃতিৰে ভৰপুৰ। ইয়াৰ ক'তো বিকৃত জীৱহিংসাৰ স্থান নাই। গ্লেডিয়েটৰেই হওঁক বা বুলবুলি চৰাইৰ যুঁজ, এইবোৰ বিকৃত হিংসামূলক সংস্কৃতি সম্ৰাট, বাদচাহ আৰু সামন্তবাদৰ অৱদান আৰু মোৰ মতেৰে এইবোৰ এক অপসংস্কৃতিহে। সেয়েই বুলবুলি চৰাইৰ যুঁজ প্ৰকৃতিৰ মুক্ত বিহংগৰ ওপৰত চলোৱা এক অন্যায় এক অপৰাধ মাথোন।  
তথ্য উৎসঃ-    
১) টাইমছ অফ ইণ্ডিয়া, (জানুৱাৰী ১৭, ২০১২)।      
২) দা বুক অফ ইণ্ডিয়ান বাৰ্ডছ, ছেলিম আলি ( বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি)  ।       
৩) ৱিকিপিডিয়া।

Saturday, 28 November 2015

আৰু নিলিখোঁ


নাহ, আৰু নিলিখোঁ ৰাজনীতিলৈ, ঘোচখোৰী-কমিচনৰাজকলৈ, দল-সংগঠন সমূহৰ উদ্দেশ্যকলৈ, সিহঁতৰ নেতাৰ আয়কলৈ, বিপ্লৱৰ আঁৰৰ ডকাইত কিছুমানকলৈ... আৰু একোই নিলিখোঁ মৌলবাদীকলৈ, ধৰ্মৰ অসহিষ্ণুতাকলৈ....। এনেও এইবোৰ লিখি কেৱল মনৰ সন্তুষ্টিৰ বাহিৰে কাকোৱেই প্ৰভাৱাম্বিত কৰিব নোৱাৰি আজিকালি। তথাপিতো লিখোঁ মনৰ খূদুবনি মাৰিবলৈ, পিছে তাতেও কাৰোবাৰ নহয় কাৰোবাৰ অনুভূতিত আঘাত হয়েই। শান্তিও বিনষ্ট হয়, উন্নয়ন ব্যাহত হয়...!! মিছাতে থানা-পুলিছৰ ঝেঙতো ফচিলোঁ, ইনবক্সত ভাবুকিও খালোঁ...!!! সেয়ে এতিয়াৰ পৰা এনে বিষয়ৰ বাছনি কৰি উলিউৱাৰ দৰকাৰ যাৰ পৰা কাৰো বাৱেই কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়।
এটা কথা ভাবিছোঁ... আচ্ছা 'প্ৰকৃতিক' বিষয়বস্ত কৰি লৈ লিখিলে কেনে হয়...? এনেও আগেপিছে অলপ চলপ লিখাৰ অভিজ্ঞতা নথকা নহয়, তাৰোপৰি অসমখন প্ৰাকৃতিক সম্পদৰে ভৰপুৰ...। হ'লে কি হ'ব যোৱা কেইবাটিও দশকত আমাৰ বনাঞ্চলবোৰ অতি দ্ৰুত গতিত হ্ৰাসপাইছে নানানটা কাৰণত...। আমাৰেই তথাকথিত নেতা কিছুমানৰ উদগনিত চলিছে বনাঞ্চল দখলৰ এক অঘোষিত প্ৰতিযোগিতা, মুনাফাৰ বাবে বনাঞ্চল চাফা কৰি ৰৱৰৰ খেতি লগোৱাৰ প্ৰতিযোগিতা। BTADত আন্দোলন আৰু বিপ্লৱৰ নামতেই ধ্বংস হৈছে এচিয়াৰ আটাইতকৈ ডাঙৰ শালনি হল্টুগাঁও বনাঞ্চল, মানাহৰ বনাঞ্চল...। মানুহৰ সম্ভৱতঃ সেউজ ভূমিতকৈ মৰুভূমিহে বেছি পছন্দ কৰে আজিকালি সেয়েই বৃক্ষৰ প্ৰতি, বনাঞ্চলৰ প্ৰতি আমাৰ ইমান ক্ষোভ। তাৰোপৰি বৈদ্যুতিক টাৱাৰলাইন, ফোৰলেন হাইৱেৰ নামত কটা হৈছে হেজাৰ লাখ গছ...। নাহ, আকৌ কি বোৰ লিখি আছোঁ...!! এইবোৰ লিখা নচলিব... শান্তি বিনষ্ট হব, উন্নয়ন ব্যাহত হব!! নাই নাই 'প্ৰকৃতিক' বিষয়বস্তু কৰি লৈ লিখা নাযাব... বৰ বিপদৰ সম্ভাৱনা থকা কথা এইবোৰ, মিছাতেই বাটৰ কচু গাত সানি লাভ নাই। আকৌ কিবা ঝেং লাগিব কৰোবাত।
এহ, তাতকৈ শিক্ষাক লৈ লিখা যাওক, শিক্ষাই জাতিৰ মেৰুদণ্ড... প্ৰতি বছৰেই শিক্ষিতৰ সংখ্যা বাঢ়িয়েই গৈছে, বাঢ়িছে শিক্ষান্ত পৰীক্ষা সমূহত পাছ কৰাৰ গড়...। কিন্তু প্ৰকৃতাৰ্থত শিক্ষাৰ অৱস্থা কি...?? গাঁওৰ স্কুলবোৰৰ অৱস্থা কি...?? গাঁও নালাগে চহৰবোৰৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা কি?? ছাত্ৰ ছাত্ৰীৰ ফলাফল ব্যক্তিগত খণ্ডৰ স্কুল বোৰৰ তুলনাত পুতৌজনক কিয় ?? নে চৰকাৰী স্কুলবোৰৰ শিক্ষক কৰ্মচাৰীয়ে ব্যক্তিগত খণ্ডৰ স্কুল বোৰৰ তুলনাত ক'ম দৰমহা বা অন্যান্য সা সুবিধা কমকৈ পায়...?? যদি নহয় তেন্তে মেধা মূল্যায়নৰ এই দুৰৱস্থা কিয়...?? কি যুক্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বহী গৰুয়ে খাব পায়...?? নাহ... শিক্ষাক লৈ লিখাও ঠিক নহ'ব...। শিক্ষিতৰ হাৰ প্ৰতিবছৰেই বাঢ়িছে যেতিয়া, কোনোবাই উভতি ধৰিলে...?? আৰু এই অৱস্থাত শিক্ষাৰ ওপৰত নেতিবাচক লিখা মানে শিক্ষা ব্যৱস্থাটোৰ ওপৰতে আঘাত কৰাহে হব। নাই শিক্ষাকলৈ লিখাও নচলিব।
তাতকৈ বৰং ভ্ৰমণ কাহিনীয়ে লিখোঁ... এনেও আমাৰ উত্তৰপূৱ ভাৰত অতীৱ সুন্দৰ ঠাই...। আচলতে ছুইজাৰলেণ্ড যোৱাৰ কোনো দৰকাৰেই নাই... আমাৰ অৰুণাচললৈ গ'লেই প্ৰকৃতিৰ যি অপৰূপ লিলা দেখা পাব, সেয়া কোনোগুণে ছুইজাৰলেণ্ডতকৈ কম নহয়...। পিছে এই সৌন্দৰ্য আৰু কিমান দিন আমাৰ নিজৰ হৈ থাকে তাৰহে কথা!! চীনৰ আগ্ৰাসন, তাৰ প্ৰতিৰোধত ভাৰতীয় সেনাৰ প্ৰতিৰোধ, প্ৰতিখন সৰু-বৰ নৈৰ ওপৰত প্ৰস্তাৱিত জল-বিদ্যুত প্ৰকল্পই অপৰূপা অৰুণাচলকো প্ৰভাৱিত কৰাটো খাটাঙেই এক প্ৰকাৰ। হঠাৎ হয়তো এদিন ভূ-কম্পনত কেতিয়াবা খহি যাব কোনোবা বান্ধ... তেতিয়া...? সৰ্বনাশ, ভ্ৰমণ কাহিনী লিখিব গৈ এইবোৰ লিখিলে নিৰ্ঘাত বিচ্ছিন্নতাবাদী, ৰাষ্ট্ৰদ্ৰোহী...। থাকক, ভ্ৰমণ কাহিনী নিলিখোঁ... মই নিৰাপদ কিবাই লিখিব লাগিব বুজিলে...।
হাঁ, প্ৰেম পিৰিতিলৈ লিখোঁ, এইটোৱেই এই মূহুৰ্তত আটাইতকৈ নিৰাপদ বিষয়বস্তু যেন লাগিছে। জীৱনত সকলোৱেই এবাৰৰ বাবে হলেও প্ৰেমত পৰেই। পিছে আজিকালি প্ৰেমৰ ষ্টাইলবোৰ সলনি হৈ গ'ল...। আমাৰ কলেজীয়া দিনত ডেটিং আদি ফিক্সড কৰাটো কম জুলুমৰ কাম আছিল নে...? পিয়ন ঠিক কৰা... হমিওপেথিৰ পুৰিয়াৰ আকাৰত চিঠিলিখি সেই প্ৰাইভেট অবৈতনিক পিয়নৰ হতুৱাই প্ৰেমিকাৰ অভিভাৱকৰ চকু এৰাই সেই পুৰিয়া পত্ৰ প্ৰেমিকাৰ হাতত পেলোৱাৰ ঝেং...। তাৰ পিছত নিৰ্দিষ্ট ঠাইত ঘন্টাৰ পিছত ঘন্টা অপেক্ষাত থাকা... নাই কেতিয়াবা প্ৰেমিকা নাহি প্ৰেমিকাৰ বান্ধবী আহি ওলাই মিছিকিয়া হাঁহি এটা দি পুৰিয়া এটা দি যাব...। পুৰিয়া খুলি চোৱা.. য'ত লিখা "মোক ভুল নুবুজিবা, মই আহিব ওলাওতেই সমন্ধীয় মামা এজন আহি ওলালে বাবে আজি আহিব নোৱাৰিলোঁ, অহাকালি টিউছনত যাওঁতে নৰেণ মাষ্টৰ হঁতৰ বাটত ল'গ দিবা কিন্তু... লাভ ইউ" তাৰ পিছত তিনিটা হাৰ্টছৰ চিন !!! নাই আজিকালিৰ প্ৰেমত সেই মাদকতাই নাই, এতিয়া ডিজিটেল যুগ হাতে হাতে দামি মোবাইল হেণ্ডচেট আছে... নেটপেক আছে, ফেছবুকৰ ইনবক্স আছে, হোৱাটচ্ এপ আছে...। কেৱল এক মূহুৰ্ত... বছ ডেটিং ফিক্সড। পিছে আছল কথাটো হ'ল সেই ডেটিঙৰ ঠাই এতিয়া বেছিৰভাগ ক্ষেত্ৰতে আমাৰ দিনৰ দৰে প্ৰকৃতিৰ কোলাত নহয়...। আজিকালি হয় কোনোবা ৰেষ্টৰা, কোনোবা ধাবা, আনকি 'বাৰ'লৈ শিপাইছে ডেটিং স্পেছ। উশৃঙ্খল প্ৰেমিক প্ৰেমিকা... প্ৰেমৰ মাদকতাৰ ল'গতে মদৰ ৰাগিতো মতলিয়া হৈছে প্ৰেমিক- প্ৰেমিকাই... নাই ইয়াতকৈ বেছি কোৱা নাযাব। নাৰী অধিকাৰ, নাৰী স্বাধীনতাৰ কথা আহি যাব, এইবোৰ যাহা তাহা লিখিলে সমাজো প্ৰভাৱাম্বিত হ'ব। নাই সমাজ ঠিকেই থাকক প্ৰেমলৈও মই নিলিখোঁ... তাতকৈ বৰং গল্পই লিখোঁ।
এক আছিল ৰজা... এক আছিল ৰাণী.... !!!

Tuesday, 2 December 2014

ভূমি হস্তান্তৰ, জাতীয়তাবাদী আৱেগ আৰু বাস্তৱতা....


বৰ্তমান সময়ত অসমত সৰ্ব্বচৰ্চিত বিষয়টো বোধকৰো বাংলাদেশক ভূমি হস্তান্তৰ...! আছুকে আদি কৰি জাঙুৰ খাই উঠিছে বহু অসমবাসীয়ে... কোনোবাই যদি প্ৰতিবাদী সমদল উলিয়াইছে, আন কোনোবাই জ্বলাইছে মোডীৰ প্ৰতিমূৰ্ত্তি।  অসমৰ মাটি বাংলাদেশক কিয় কিয় গতাই দিব অসম বা ভাৰত চৰকাৰে.!  নিৰ্বাচনৰ আগত সেই একেটাই বিষয় উত্থাপন কৰি ভূমি হস্তান্তৰৰ বিপৰীতে জাঙুৰ খাই উঠা স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও গুৱাহাটীৰ দলীয় কৰ্মীসভাত ভাষণ দিয়া দেখা গ'ল ভূমি হস্তান্তৰৰ সপক্ষেই...! এৰা তেখেত এতিয়া প্ৰধানমন্ত্ৰী, সৌ সিদিনালৈকে সেই প্ৰধানমন্ত্ৰীৰ পদত বহাৰ বাবেই তেখেতৰ প্ৰয়োজন হৈছিলে ভূমি হস্তান্তৰ বিপক্ষে আৱেগক পৰিচালিত কৰি ৰাজনৈতিকভাৱে লাভ উলিয়াই লোৱাৰ। এতিয়া অহা নিৰ্ব্বাচনলৈ সেই আৱেগেৰে নহ'লেও চলে। আৱেগেৰে ৰাজনৈতিক দল চলাব, নিৰ্বাচনত জয়লাভ কৰিব পাৰি কিন্তু দেশ নহয়। এয়াই সৰল ৰাজনীতি যি ৰাজনীতিৰ চিকাৰত  আজি স্বাধীনতাৰ পিছৰে পৰা প্ৰৱল অনিশ্চয়তাত জীয়াই আছে ভূমি হস্তান্তৰ হব লগিয়া অঞ্চলৰ প্ৰায় ৫১ হাজাৰ মানুহে। যাৰ ভিতৰত বাংলাদেশৰ ভিতৰত ভাৰতৰ ছিটমহলত আছে ৩৭ হাজাৰ মানুহ আৰু ভাৰতৰ ভিতৰত বাংলাদেশৰ আছে ১৪ হাজাৰ মানুহ।
পিছে কৰপৰা কি ভূমিনো দিয়া হব বাংলাদেশক...? তাৰ বিৰুদ্ধে আৱেগত ভাহি যোৱা মানুহ বোৰৰ বেছিভাগেই নাজানে সেই ভূমি ক'ত...? কি আইন চলে সেইবোৰৰ ভূমিত...? কি পৰিস্থিতি বাস কৰে তাৰে নাগৰিক...! মুঠতে জাতীয়তাবাদী মনটোৱে এটা কথাই কয়... "বিনা যুদ্ধে নাহি দিব সূচ্যগ্র মেদিনী"। তেওঁলোকৰ বেছিভাগেই নাজানে যে হস্তান্তৰ হবলগীয়া ভূমিখিনিৰ বেছিভাগৰেই লগত ভাৰতৰ মূল ভূখণ্ডৰ কোনো সংযোগেই নাই বা কিছুমানৰ সংযোগ থাকিলেও সেয়া কেৱল এটা সুঁতিৰ ওপৰত থকা এটা বাঁহৰ সাকোৰ মাজেৰেহে আৰু আটাইতকৈ ডাঙৰ কথা সেই সকলোবোৰ ভূমিখণ্ডই ভাৰতৰ কাঁইটীয়া বেৰৰ সীমাৰ বাহিৰত যি ভূমিখণ্ডক জনাযায় ছিটমহল বুলি। তেওঁলোক কেতিয়াও ভাবি নাচায় সেই ভূমিবোৰ মাথোন ভাৰতৰ মানচিত্ৰত অংকিত হৈ থকা একো একোটা বিন্দুহে... য'ত দিনতেই উৰি থাকে বাংলাদেশৰ পতাকা...? কিন্তু কিয়...?? কিয় এনেকৈ সীমা নিৰ্ধাৰণ কৰা হৈছিল দেশ ভাগৰ সময়ত...!    
         
দেশভাগ চুৰান্ত হোৱাৰ পিছত ১৯৪৭ চনত বংগ আৰু পাঞ্জাৱৰ সীমাৰেখা চুৰান্ত কৰাৰ পৰিকল্পনা কৰে লৰ্ড মাউন্টবেটন আৰু তেখেতৰ পৰিকল্পনা অনুযায়ী ব্ৰিটিছ আইনজীৱী চিৰিল ৰেডক্লিফক প্ৰধান কৰি সেই বছৰেই গঠন কৰা হয় সীমানা নিৰ্ধাৰণ কমিচনো। ১৯৪৭ চনৰৰ ৮ জুলাই লণ্ডন পৰা ভাৰতলৈ আহে ৰেডক্লিফচাহাব আৰু মাত্ৰ ছয় সপ্তাহৰ মূৰত ১৩ আগষ্টত তেখেত সীমা নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন জমা দিয়ে। ইয়াৰ তিন দিন পিছত ১৬ আগষ্টত প্ৰকাশ কৰা হয় সীমাৰ সেই মানচিত্ৰ। কোনো সুবিবেচনা হীন খৰধৰ কৰি লোৱা সেই সিদ্ধান্তত সীমা নিৰ্ধাৰণৰ বিষয়টো যথাযথভাবে নোহোৱাৰ  উপৰিও কমিচন সদস্যসকলোৰ নিষ্ক্ৰিয়তা, জমিদাৰ, নবাব, স্থানীয় ৰাজনীতিবিদ আৰু চাহ-বাগিছাৰ মালিক সকলে মিলি নিজৰ স্বাৰ্থত দেশভাগৰ সীমাৰেখা নিৰ্ধাৰণত প্ৰভাৱ পেলায় আৰু তেতিয়াৰ নেতা সকলে ক্ষমতাৰ স্থানান্তৰণ চুক্তিৰ সময়ত তাকেই মানি লয়। আৰু উত্তৰাধিকাৰ সূত্ৰেই এই সমস্যাসমূহ আজিও ভোগ কৰিছোঁ আমি আৰু ছিটমহলৰ ৫১হাজাৰ নাগৰিকে।


ভাৰত আৰু বাংলাদেশ উভয় দেশৰে অভ্যন্তৰত দুয়ো দেশৰেই মুঠ ১৬২টা ছিটমহল আছে। বাংলাদেশৰ ভিতৰত আছে ভাৰতৰ ১১১টা ভাৰতীয় ছিটমহল আৰু ভাৰতৰ ভিতৰত বাংলাদেশৰ ৫১টা ছিটমহল।  বাংলাদেশত ভাৰতৰ ১১১টা ছিটমহলৰ যাৰ আয়তন ১৭ হাজাৰ একৰ, এইবোৰ আছে  কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী আৰু পঞ্চগড় এলাকাত। ইয়াৰ ভিতৰত কুড়িগ্ৰামত ৩৬টা, লালমনিৰহাটত ৫৯টা, নীলফামাৰীতে ৪টা আৰু পঞ্চগড় জিলাত ১২টা ভাৰতীয় ছিটমহল আছে। একেদৰেই ভাৰতৰ ভিতৰত বাংলাদেশৰ ৫১টা ছিটমহল আছে যাৰ আয়তন ৭ হাজাৰ ১১০ একৰ।  এই উভয় দেশৰে ছিটমহলৰ নাগৰিকে এটি এটিকৈ দিন পাৰ কৰিব লগিয়া হয় চৰম অনিশ্চয়তাত। য'ত প্ৰতিমূহুৰ্তে নামি আহে জীৱন, স্বাস্থ্য আৰু সম্পত্তিৰ প্ৰতি ভাবুকি, য'ত নাই কোনো প্ৰশাসন।

দৃশ্য এক
--------
অসমৰ ধুবুৰী জিলাৰ ভোগডাঙ্গাবাসীয়ে জীৱন কটায় চৰম অনিশ্চয়তাৰ মাজত, যদিও মূল সীমাৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন নহয় ভোগডাঙ্গা ১০০ মিটাৰৰ বহল এক লুঙলুঙীয়া অঞ্চলে ভোগডাঙ্গাক মূল ভূমিৰ পৰা পৃথক হব দিয়া নাই, বাকি প্ৰায় চাৰিওফালে বাংলাদেশ। ভোগডাঙ্গা গাঁওখনৰ ৰাইজে সন্ধিয়া সীমান্তৰ গেট বন্ধ হোৱাৰ পিছত কাঁইটীয়া বেৰৰ সিপাৰে চৰম অনিশ্চয়তাত ৰাতিটো কটাব লগিয়া হয়। সন্ধিয়া নামাৰ লগেলগেই অদৃশ্য এক কাৰাগাৰত বন্দী এই গাঁওৰ বাসিন্দা সকল। পোহনীয়া গৰু ছাগলী চুৰি হোৱাটো প্ৰতিদিনৰ এক সাধাৰণ ঘটনা । ৰাতি হাজাৰ বিপদতো খুলি দিয়া নহয় সীমান্তৰ গেট আনকি চিকিৎসাজনীত আকস্মিক কাৰণতো খুলি দিয়া নহয় সীমান্ত। আজি স্বাধীনতাৰ ৬৭ বছৰ পিছতো নাই একো উন্নয়ন নাই স্বাস্থকেন্দ্ৰ, পিছে তেওঁলোকৰ বাবে চৰম সুখবৰ যে তেওঁলোকৰ গাওঁত যোৱা বছৰ বিজুলীৰ সংযোগ গৈছে। মূল ভূভাগৰ সতে সংযোগ থকা বাবেই তেওঁলোকৰ অৱস্থা কিছু হ'লেও ভাল যদিও তেওঁলোকে সকলোৱেই বেৰৰ ইপাৰে উঠিঅহাৰ পক্ষপাতি।

দৃশ্য দুই
---------
গাৰাতি গাঁওৰ লোক সকল পিছে ভোগডাঙ্গাবাসীৰ দৰে সুখি নহয় কাৰণ ভাৰতৰ মূল ভূমিখণ্ডৰ পৰা গাৰাতি গাঁও সম্পৰ্ণৰূপে বিচ্ছিন্ন বাংলাদেশৰ ভূমিখণ্ডৰ ভিতৰেৰে ৩ কি.মি. গৈ পায় এই গাঁও। গাৰাতি গাঁওখনত সকলো সময়তেই গাও বাসীয়ে কটায় চুৰি-ডাকাইতি, হত্যা, যৌন নিপীড়নৰ আতঙ্কৰ মাজত।  কাৰণ কোনোবাই আহত, নিহত বা ধৰ্ষণৰ চিকাৰ হ'লে তাৰ বিচাৰ জানাবৰ কোনো প্ৰশাসনিক ঠাই নাই। একেবাৰেই যে নাই তেনে নহয়, কাগজে-কলমে আছে, কোচবিহাৰ জিলা। পিছে ৬৭ বছৰ ধৰি সিহঁতৰ অস্তিত্ব ভাৰতৰ মানচিত্ৰ ছিট ছিট ফোঁটৰ মাজতেই আবদ্ধ হৈ আছে। বাংলাদেশৰ পঞ্চগড় জিলাৰ সদৰ থানাৰ হাঁড়িভাসাৰ ওচৰত গাৰাতি, ভাৰতৰ ৭৮ নম্বৰ ছিটমহল। ২০১০ চনৰৰ ১৪ অক্টোবৰ ৰাতি সেই গাঁওখনত ঘটনা এটা ঘটে। বাংলাদেশী ডাকাইত  ৰমজান আলি আৰু তাৰ কিছু সংগ-পাংগ সহ গাৰাতি গাঁওত  ডাকাইতি কৰিব আহি  হাতে নাতে ধৰা পৰে আৰু গণধোলাইত তাৰ মৃত্যু হয়। ডাকাইত ৰমজান গাৰাতি ছিটমহলত মৃত্যুহোৱাৰ বাতৰি বিয়পি পৰাৰ ল'গে লগেই ডাকাইতৰ সহযোগি সকলে হাঁড়িভাসাৰ বাসিন্দা সকলোৰ সতে মিলি তাৎক্ষণিক ভাৱে অগ্নিসংযোগ কৰি গাঁওৰ ১০২টি ঘৰ জ্বলাই দিয়ে আৰু নিৰাপদে গুচি যায়। এতিয়া কথাটো হ'ল এই ঘটনাৰ অপৰাধীৰ চিহ্ণিত কৰা হ'ব কেনেকৈ? অপৰাধীৰ শাস্তি হব কি উপায়েৰে ? কাৰণ যি ঘটনাটো যৰ মানুহে সংঘটিত কৰিছে তেওঁলোক স্বাধীন সাৰ্বভৌম বাংলাদেশেৰ মূল ভূখন্ডৰ হলেও গাৰাতি ছিটমহল ভাৰতৰ ভূখন্ড। কী পৰিহাস!

দৃশ্য তিনি
----------
২৯ জানুৱাৰী ২০১১ চনত কলিকতাৰ পৰা প্ৰকাশিত  বৰ্তমান পত্ৰিকাত খবৰ প্ৰকাশিত হয় যে 'বাংলাদেশৰ ছিটমহলত উৰিলে ভাৰতৰ জাতীয় পতাকা'। খবৰত কোৱা হয় যে ২৬ জানুৱাৰীৰ প্ৰজাতন্ত্ৰ দিবসৰ দিনাখন বাংলাদেশৰ পোয়াতুৰকুঠি ছিটমহল ভাৰতৰ জাতীয় পতাকা তোলা হয়। কেৱল সেয়াই নহয় মশালডাঙা, কৰলা, গোবৰা ছড়া, বাকালিৰ ছড়া আদি ভাৰতৰ ভিতৰত থকা বাংলাদেশী ছিটমহল বিলাকত  একেদৰেই ভাৰতৰ জাতীয় পতাকা উত্তলোন কৰি প্ৰজাতন্ত্ৰ দিবস পালন কৰা হয়। সেই ছিটমহল বিলাকৰ  বাসিন্দা সকলোৰ মতে, স্বাধীনতাৰ ৬৭বছৰ পিছতো না ভাৰত না বাংলাদেশে চৰকাৰ- কোনোৱেই ছিটমহল সমস্যাৰ সমাধান কৰা নাই । সেয়ে আমি বেআইনি কাম কৰাৰ বাদে একো উপায় নাই। আমাৰ ল'ৰাছোৱালীক সেয়েই পৰিচয় গোপন কৰি ভাৰতৰ স্কুল- কলেজত পঢ়াবলৈ বাধ্য হৈছোঁ আমি। ভাৰতীয় স্বাস্থ্যকেন্দ্ৰ আমি চিকিৎসা পাবৰ বাবেও আমাক ভুয়া ঠিকনা দিব লাগে। আমি এতিয়া ছিটমহল বিনিময়ৰ মাধ্যমত ভাৰতৰ অংশ হৈ থাকিব বিছাৰো আৰু ভাৰত চৰকাৰক এই বাৰ্তা দিয়াৰ বাবেই আমি  ২৬জানুৱাৰীত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছোঁ।  অসম নহয় পশ্চিমবঙ্গতেই আছে সৰ্বাধিক ছিটমহল আৰু তাৰে বেছিভাগেই মূল ভূখণ্ডৰ পৰা আনকি ৪,৫ কি.মি. লৈ আঁতৰত, সেইবোৰত উন্নয়নৰ উম ঘামেই নাই, আনকি পথ ঘাটো নাই। কোচবিহাৰ জিলাৰ দিনহাটা অঞ্চলত বাংলাদেশৰ ভিতৰত এনে অসখ্য চিটমহল আছে যাৰ ভূভাগৰ চাৰিওকাষে বাংলাদেশ। সেই অঞ্চলৰ মানুহখিনিৰ আনকি ভোটাধীকাৰো নাই। নাই আন কোনো মৌলিক অধিকাৰ। বাংলাদেশ অংশত থকা ভাৰতীয় ছিটমহল বিলাকতো  ১৬ই ডিচেম্বৰৰ বিজয় দিবসত বাংলাদেশৰ পতাকা উত্তোলন কৰা হয়। কোচবিহাৰত  সেই ছিটমহলবাসীয়ে বাংলাদেশত চামিলকৰণৰ দাবিৰে কেবাবাৰো অনশনকে আদি কৰি গণতান্ত্ৰিক আন্দোলন চলাইয়েই আছে। বাংলাদেশৰ ভিতৰত ভাৰতৰ ছিটমহল সমূহত চিকিত্সাৰ কোন সুব্যৱস্থা নাই, তেওঁলোকো উপায় বিহিনহৈ চিকিত্সাৰ বাবে দ্বাৰস্থ হ'বলগা হয় বাংলাদেশৰ। ছিটমহল বিলাকত পানী বাহিত ৰোগৰ প্রাদুর্ভাৱ খুবেই বেছি। শিশুৰ টিকাকৰণৰ সুযোগ বা সচেতনতা একোই  নাই ছিটমহল বিলাকত। নাই নিৰাপদ প্রসৱৰ কোন ব্যৱস্থা সেয়ে প্রসৱকালীন মৃত্যু হাৰ সেইবোৰ অঞ্চলত অতি বেছি। নানান ধৰণৰ অপৰাধীৰ আশ্রয় স্থল এই ছিটমহল বোৰ। সেয়েহে তেওঁলোকৰ বেছিভাগেই এতিয়া বাংলাদেশৰ চামিলকৰণৰ সপক্ষে। 

এইবোৰৰ বাহিৰেও ছিটমহল বিলাক অপৰাধৰ কেন্দ্ৰস্থল হিচাপে ব্যৱহাৰ কৰাৰ বহু অভিযোগ আছে। আনকি আৰ্থিকভাৱে অতন্ত দুৰ্বল হোৱা বাবে উপায়ান্তৰে ভাঙৰ খেতি কৰে অবাধে, কওতা নাই... সীমান্তৰ ছিটমহল বোৰত প্ৰশাসনীও দুৰ্বলতাৰ বাবে ইয়াৰ বেছিভাগেই নাৰী, শিশু, ড্ৰাগছ সৰবৰাহৰ ৰুট হিচাবে ব্যৱহৃত হৈ আহিছে। এইবোৰত উগ্ৰপন্থী গোট সমূহৰো নিৰাপদ আশ্ৰয়। অসম-পশ্চিমবংগৰ সীমান্তৰ মূল ভূমিৰ পৰা তিনি কিলোমিটাৰ ভিতৰৰ দাশিয়াৰছড়া ছিটমহলটোত ফেন্সিডিল, গাঁজাসহ অন্যান্য মাদক দ্ৰব্যৰ পৰিচিত ট্ৰানজিট হিচাবে ব্যৱহাৰ হৈ আহিছে দীৰ্ঘদিন ধৰি। 


১৯৭১চনত ভাৰতৰ সহায়ত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৭৪ চনত ইন্দিৰা-মুজিব মাজত ছিটমহল হস্তান্তৰৰ চুক্তি স্বাক্ষৰ হয় যদিও সাংবিধানিক সমস্যা আৰু ৰাজনৈতিকভাৱে আগ্ৰহ নথকাৰ বাবে এই ছিটমহল হস্তান্তৰৰ আজিলৈ এখন চুক্তি হিচাপেই ৰৈগৈছে। ২বছৰ আগত তদানীন্তন প্ৰধানমন্ত্ৰী ড. মনমোহনৰ বাংলাদেশ ভ্ৰমণ কালত স্বাক্ষৰিত প্ৰটোকলতো নতুনকৈ ছিটমহল বিনিময়ৰ কথা পুনৰ উল্লেখ কৰা হয় যদিও সেই প্ৰটোকলতো ছিটমহল বিনিময়ৰ বিষয়ে নিৰ্দিষ্ট সময় আৰু প্ৰক্ৰিয়াৰ কোনো স্পষ্ট একোৱেই উল্লেখ নাই। দুয়োদেশৰে স্বাধীনতাৰ ইমান দিন পিছতো ছিটমহলবাসীয়ে মানুহ হিচাবে পোৱা নাই কোনো অধিকাৰ... নানানটা আন্দোলনৰ পিছতো দুয়োখন দেশেই ছিটমহলবাসীক কেৱল প্ৰতাৰণাৰ বাহিৰে দিয়া নাই একোকেই যাৰ বাবেই বৰ্তমান দুইদেশৰ ছিটমহলৰ নাগৰিক সকলোৰ মাজত দেখা দিছে তীব্ৰ ক্ষোভ আৰু হতাশাই। তেওঁলোকৰ আশঙ্কা, তেওঁলোক আকৌ এবাৰ প্ৰতাৰণাৰে চিকাৰ হ'ব ওলাইছে কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ লালসাত, কাৰোবাৰ গাদি দখলৰ অভিলাষত। মানৱতাৰ স্বাৰ্থতে ছিটমহলবাসীৰ আশা পূৰণ হওক কাৰণ জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে।


Sunday, 7 September 2014

ৰজা আৰু টুনটুনি চৰাই: গোৱালপৰীয়া লোককথা

হু বহু দিনৰ আগৰ কথা। তেতিয়াৰ দিনত মানুহৰ অভাৱ বুলি একোৱেই নাছিল, তেতিয়া মানুহৰ ইমানেই টকা আছিল যে মানুহে বৰষুণীয়া বতৰৰ পিছত ৰদ উঠিলে টকাবোৰ ৰ'দত শুকাবলৈ দিছিলসেই তেতিয়াৰ দিনত আমাৰ টুনটুনি চৰাইও মানুহৰ মাত-কথা বুজিব পাৰিছিল আৰু মানুহৰ দৰেই মাতিব পাৰিছিল, এয়া সেই তেতিয়াৰ দিনৰে কথা....

এখন দেশত আছিল এজন ৰজা! সেই ৰজাৰ আছিল এক বিশাল ৰাজ-প্ৰাসাদ... সেই প্ৰাসাদৰ মস্ত মস্ত ঘৰ বোৰত কিমান যে লগুৱা-লিগিৰী, সন্ত্ৰি-চিপাহী, উজিৰ-নাজিৰ, মন্ত্ৰী-তন্ত্ৰী... আছিল হিচাপ কৰাই টান। ৰাজ-প্ৰাসাদৰ একাষে আছিলে এটা ধুনীয়া পুখুৰী; তাৰ চাৰিওকাষে পাৰে পাৰে সজোৱা সুন্দৰ ফুলনিত কিমান যে বৰণীয়া ফুলৰ বাহাৰ! তাৰেই এখন ফুলনিৰ মাজত আছিল এটি ওখ দেৱদাৰুৰ গছ আৰু সেই গছটোৰে আটাইতকৈ ওখ ডানিটোত আছিল এটি টুনটুনি চৰাইৰ বাহ। টুনটুনি চৰাইটোৱে ৰাজ-প্ৰাসাদতে থকা অলেখ খোৱা বস্ত বিচাৰি খায় আৰু মনৰ আনন্দতে গোটেই দিনটো গান গায়। কেতিয়াব গান গাই গাই আমনি লাগিলে সি মনৰ আনন্দতে নাচে বা ফুৰুৎ ফুৰুতকৈ গছৰ ইডালে সিডালে ঘুৰি ফুৰে। ইফালে বৰষুণীয়া বতৰৰ পিছত এদিন ভালকৈ ৰ'দ দিয়াত ৰজাৰ আদেশ মতেই লগুৱা সকলে ৰাজ-প্ৰাসাদৰ ছাতত ৰাজকোষৰ টকা খিনি ৰ'দত শুকাবলৈ দিলে। গছৰ পৰা টুনটুনিয়ে গোটেই খিনি চাই আছিল আৰু লগুৱা সকলৰ অলপমান অন্যমনস্কতাৰ সুযোগতে সি উৰি গৈ ঠোঁটেৰে তাৰ পৰা টকা এটা আনি নিজৰ বাহত থলে আৰু মনতেই ভাবিলে- আজিৰ পৰা সিও ৰজাৰ দৰেই ধনৱান।
পিছ দিনাখন ৰাতিপুৱাৰ পৰাই টুনটুনিয়ে গাব ধৰিলে:

"মোৰ ল'গত আছে যি ধন,
ৰজাৰও আছে সেই একে ধন।"

কিছুসময়ৰ পিছত টুনটুনীয়ে নাচি নাচি গাব ধৰিলে:
"ৰজাৰ ঘৰত যি ধন আছে, সেই ধন মোৰো আছে।"

বিশাল সেই ৰাজ-প্ৰাসাদত সকলো সময়তেই নানান জনৰ ভিৰ! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক কিমানযে নাগৰিক আহে... তাৰোপৰি সন্ত্ৰি-চিপাহী, ৰাজমিত্ৰ ইত্যাদিৰে ৰাজসভাত লোক সমাগম পুৱাৰে পৰাই আৰম্ভ হয় আৰু তাৰে মাজতেই টুনটুনিয়ে অনবৰতে নাচি নাচি গাইছে :

"ৰজাৰ ঘৰত যি ধন আছে
সেই ধন মোৰো আছে।"

টুনটুনিয়ে অনবৰতে গোৱা সেই গীত শুনি, ৰাজসভালৈ অহা বহুতেই মুখ টিপি টিপি হাঁহি আছিল। ৰজাৰ এইবাৰ খং উঠিল, ৰাজসভা বহিছে, পিছে সকলোৰে মুখত হাঁহি...!!! ৰজাই অশেষত ৰাজসভা ভাঙি দিলে আৰু এই হাঁহিৰ কাৰণ গম পাই ৰজাই এজন অনুচৰক হুকুম দিলে- দুষ্ট এই টুনটুনিটোৰ ঘৰত কি এনে ধন-ৰত্ন আছে যে সি নিজকে ৰজাৰ সমান বুলিছে... ৰজাৰ হুকুমত অনুচৰজন ওখ গছৰ ডানিত টুনটুনিৰ বাহত বিচাৰি পালে এটি সোৰ মোহৰ। অনুচৰে মোহৰটো আনি ৰজাৰ হাতত দিলে। অনুচৰজনে যেতিয়া মোহৰটো বাহৰ পৰা আনিছিলে... টুনটুনিয়ে তেতিয়া আন এটি গছৰ পৰা লুকাই সকলোখিনি চাই আছিলপিছদিনা খন ৰাতিপুৱা আকৌ ৰাজসভাৰ কাম-কাজ আৰম্ভ হও হও, দেশ-বিদেশৰ নানা ৰাজমিত্ৰ, ৰাজসভাৰ তন্ত্ৰী-মন্ত্ৰী সকলোকে ৰজাই হাঁহিমুখে সম্ভাষণ জনাই আছে... ঠিক এনে সময়তে- আকৌ এবাৰ ভাহি আহিল টুনটুনিৰ গান! পিছে টুনটুনিয়ে কৈছে কি?

"হৰি হৰি... হৰি হৰি!!
চোৱা ৰজাৰ বাহাদুৰী!
টুনটুনিৰ ধন কৰলে চুৰি!!"

ৰাজসভাৰ সকলোৱে টুনটুনিৰ এই কথা শুনি হাঁহিবলৈ ধৰিলে.... ৰজাই লাজতে ৰঙাচিঙা পৰি গ', বদমাছ টুনটুনিটোয়ে জ্বলাই মাৰিলে! সভা ভাঙি গ'ল। ৰজা তাৰ অনুচৰক হুকুম দিলে, যেনেকৈ নহওঁক কিয় এই বদমাছ টুনটুনিটোক ধৰি আনিব লাগে। ৰজাৰ হুকুম কেনেকৈ অমান্য কৰা যায় !!! সেয়ে অতি সোনকালে জালেৰে নানান কায়দা কৌশল কৰি অৱশেষত টুনটুনিক বন্দী কৰিলে চিপাহীহঁতে। ৰজাই নিজৰ লম্বা গোঁফত হাতেৰে পাক এটা মাৰি গৰ্বৰে চৰাইটোৰ ফালে চাই ক'লে- কিহে দুষ্ট, বদমাচ, ব্যভিচাৰী... শিষ্টাচাৰ কাক কয় নাজানিছিলি হাঁ...এইবাৰ তোৰ কি হব ? কোনে বচাবলৈ আহিব তোক এইবাৰ? ৰজাই তাৰ সাতৰাণীক মাতি হুকুম দিলে এতিয়াই এই দুৰাচাৰী টুনটুনিটোক ভাজি পেলোৱা! আজি মই ভাতৰ ল'গত এই টুনটুনি ভাজি খামৰজা বে নিশ্চিন্ত মনেৰে এইবাৰ ৰাজসভালৈ গ'লেগৈ।
ইফালে সৰু সুন্দৰ টুনটুনি চৰাইটো ডাঙৰ ৰাণীয়ে হাতত লৈ চাই আছিল... ডাঙৰ ৰাণীগৰাকীৰ পৰা এজন এজনকৈ টুনটুনি চৰাইটো শেষত সৰু ৰাণীৰ হাতত পালেগৈ। সৰু ৰাণীৰ বয়স নিচেই কম, সেইবাবেই তাই অলপ অসাৱধান আছিল... সৰু ৰাণীয়ে চৰাইটোক ইহাত সিহাত কৰাতেই ফাঁকেদি হঠাৎ টুনটুনি ফুৰুৎকে... উৰি পলাই গ'ল !!! সাত ৰাণীৰ মূৰত যেন আকাশখন ভাঙি পৰিল। এতিয়া উপায়? কি কৰা যায় এতিয়া !!! সকলোৱে সৰু ৰাণীক গালি শপনি দিয়াত লাগিল। ৰজা যদি খাবলৈ আহি টুনটুনি ভাজি নাপায় আজিযে কি হ'ৱ ভগৱানেহে জানে আৰু ! পিছে সৰু ৰাণীক গালি পাৰিলেই তো সমস্যাৰ সমাধান নহ'ব ! কিবা এটা উপায় ভাবিব লাগে অতি সোনকালে...! সাত ৰাণীৰ মাজত মাজু ৰাণীগৰাকীৰ বুদ্ধি আটাইতকৈ বেছি সেয়ে বাকী ৰাণী কেইগৰাকীয়ে তাক খাটনি ধৰিলে 'তুমিয়ে এটা বুদ্ধি দিয়ানা'... মাজুৰাণীয়ে ক'লে, যি হ'বলগীয়া আছিল হৈয়ে গৈছে... গতিকেই পুখুৰীৰ পৰা বেং এটাকে ধৰি আনি মহাৰজাক টুনটুনিটো বুলি ভাজি খুৱাব লাগিব, তাৰ বাহিৰে আৰু আন উপায় নাই! ইয়াত ত' আমি কেইজনেই আছোঁ আৰু কাকো নজনালেই হ'ল কথাটো... ৰজা ভাৱিব তেওঁ টুনটুনি চৰাইটোৰে ভাজি খাই আছে। বুদ্ধিটো বাক ৰাণীকেইগৰাকীৰ পছন্দ হ'ল... আৰু সেইমতেই কামটো কৰিলে। দুপৰীয়া ৰজাই খাবলৈ বহি খুউৱ গৰ্বিত ভাৱেই বেং ভাজিকে চৰাইটো বুলি খাবলৈ ধৰিলে আৰু টুনটুনিক উদ্দেশ্যি ক'লে "বদমাছ চৰাই এতিয়া পালি নে ৰজাৰ ল'গত কৰা ব্যৱহাৰৰ ফল ! হাঃ হাঃ হাঃ...
        
পিছৰ দিনা ৰাজসভাৰ কাম আৰম্ভ হৈছেহে মাত্ৰ ...ৰজা ৰাজসিংহাসনত বহি আছে, দুফালে দুজন সেৱিকই চোঁৱৰ বুলাই মাখি খেদিছে, ৰজাই হাঁহিমনে প্ৰধানমন্ত্ৰীক সভাৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে মাত্ৰ ঠিক সেই সময়তে ৰাজসভাৰ ওচৰৰ গছৰ ডালৰ পৰা দুষ্ট টুনটুনিয়ে গাই উঠিল :

"আহা হৰি হৰি,চোৱা
ৰজাৰ বাহাদুৰী...!
ইমান ডাঙৰ ৰজাহৈও
কৰে টুনটুনিৰ ধন চুৰি...!
ৰজা কেনে মজাটো পালি
টুনটুনি ভাজি খাবলৈ গৈ
বেঙ ভাজিকেই খালি "

ৰাজসভাত উপস্থিত সকলোৱে হাঃ হাঃ শব্দে হাঁহি দিলে। বেং ভাজি খোৱা ৰাজধৰ্মৰ নিষেধ! তাৰোপৰি বেং হ'ল এটা অপৱিত্ৰ লেতেৰা জীৱ! আৰু সেই বেঙকেই ভাজি কৰি খালে স্বয়ং ৰজাই? ৰজা লাজে-অপমানে ৰাজসভাৰ পৰা উঠি প্ৰাসাদৰ অন্দৰ মহল পালেগৈ... অন্দৰ মহল পাইয়ে ৰজাই সৰুৰাণীক ল'গ পালে... খঙতে ৰজাৰ দুই চকু ৰঙা সৰুৰাণীয়ে ভয়তে ৰজাক সকলো কথা খুলি ক'লে...এইবাৰ খঙত ৰজা কঁপিবলৈ ধৰিলে আৰু তাৰ পিছত একে একে সাত ৰাণীক মাতি আনি তলোৱাৰৰে গোটেই কেইগৰাকী ৰাণীৰ নাক কাটি দিলে। পিছৰদিনা ৰাজসভাৰ কাম আৰম্ভ হোৱাৰ লগে লগে ডাঙৰ মাতেৰে সুৰ কৰি টুনটুনিয়ে আকৌ গাবলৈ ধৰিলে এটি নতুন গান:

"বাহঃ বাহঃ-কি মজা
টুনটুনি ভাজি খাব গৈছিল আমাৰ দেশৰ ৰজা,
খালে বেঙ ভজা !
ৰাণীয়ে ৰান্ধি খুৱালে বেং ভাজি ৰজাক,
 সেই দোষতে কাটা গ'ল সাতৰাণীৰ নাক !!"

ৰজা খঙতে ৰঙা-চিঙা পৰি কঁপিবলৈ ধৰিলে আৰু ৰাজ-প্ৰাসাদ সকলোকে হুকুম দিলে, যেনেকৈ নহওক এই টুনটুনিক ধৰি আনিবই লাগিব- নহ'লে সকলোকে মৃত্যুদণ্ড দিয়া হব! ৰাজপ্ৰাসাদৰ সকলোৱে প্ৰাণৰ ভয়তে গোটেইদিন ইফালে-সিফালে টুনটুনিৰ পিছে পিছে খেদাখেদি কৰি অবশেষত সন্ধিয়া তাক ধৰি আনিলে। ৰজা ইমানেই খঙত আছিলে যে, তেওঁ তেতিয়াই তাৰ এজন অনুচৰক হুকুম দিলে এতিয়াই এক গিলাচ পানী আনা মই এইবাৰ আৰু কাকোৱেই বিশ্বাস নকৰো, কেঁচাই কেঁচাই আজি এই টুনটুনিক খাম... অনুচৰে এগিলাচ পানী আনিলে আৰু ৰজাই এক মুহুৰ্ত্ততে টুনটুনিক কেঁচাই কেঁচাই গিলি দিলে !
অলপ সময়ৰ পিছত ৰজাই পেটৰ ভিতৰত টুনটুনি খচমচনি অনুভৱ কৰিব ধৰিলে। দুষ্ট টুনটুনিয়ে ৰজাৰ পেটৰ ভিতৰত খুটিব ধৰিলে... লাহে লাহে ৰজাই পেটৰ ভিতৰত অসহ্য যন্ত্ৰণাত থাকিব নোৱাৰি ৰাজবৈদ্যৰ কাষ চাপিল... ৰাজবৈদ্যই ৰজাক পাইখানা কৰিলেই সেই চৰাই ওলাই যাব বুলি উপদেশ দিলে। ৰজাই ভাবিলে যে যি উপায়ে নহওক কিয় টুনটুনিক জীৱন্তে যাব দিব নোৱাৰি নহ'লে ৰজাৰ সকলো মান সন্মান এই দুষ্ট চৰাইটোৱে শেষ কৰি পেলাব। এইবাৰ ৰজাই বিশ্বস্ত অনুচৰ কেইজন মানক ল'গত লৈ পাইখানা কৰিব গ'ল। ৰজাই হুকুম দিলে যে পাইখানা কৰাৰ সময়ত চৰাইটো ওলোৱা মাত্ৰকে তাক তলোৱাৰেৰে কাটি দুচেও কৰিব লাগিব! ৰজাৰ অনুচৰ তৈয়াৰ হৈয়ে আছিলে, গতিকেই চৰাইটো ওলোৱাৰ লগেলগেই দিলে এক কোপ, কিন্তু তলোৱাৰৰ সেই কোপ টুনটুনি চৰাইটোৰ ওপৰত নপৰি পৰিলেগৈ ৰজাৰ টিকাত, ৰজাই টিকাৰ এবখলা হেৰাই বিষতে আঁআঁ উঁউঁ উঁহু উঁহু কৰিব ধৰিলে...।

পিছৰদিনা পুৱা ৰাজপ্ৰাসাদৰ বাহিৰৰ গছ এটাৰ পৰা সুৰ কৰি টুনটুনিয়ে আকৌ গাব ধৰিলে এটি নতুন গান:

"মই টুনিয়ে টুন-টুনালোঁ,
সাত ৰাণীৰ নাক কটালোঁ... 
মই টুনিয়ে টুন-টুনালোঁ,
আমাৰ ৰজাৰ টিকা কটালোঁ।"


এই দৰে বহু সময় গাই অশেষত ৰাজপ্ৰাসাদ এৰি টুনটুনি চৰাইটো চিৰদিনৰ বাবে উৰা মাৰি গুচি গ'ল।


(আজি ৰূপকথাবোৰৰ ঠাই লৈছেহি কাৰ্টুন চেনেলসমূহৰ ছোটা ভী, ডৰেমন, অগী, মটু-পাতলু আদিয়ে... সেয়ে আমাৰ লোক সাধুকথাবোৰ আজি হেৰাই যোৱাৰ পথতশিশু সকলোৰ মাজত অতি জনপ্ৰিয় এই কাহিনীটো অসমৰ আন ঠাইত প্ৰচলিত হয় নে নহয় বা তাৰ কিবা ছপা ৰূপ আছে নে নাই সেই বিষয়ে একোকেই নাজানোনিজে সৰুৰে পৰা শুনা আৰু আমাৰ অঞ্চলৰ অতি জনপ্ৰিয় এই সাধুকথাটো সেয়ে ইউনিকোড ৰূপান্তৰকৰণ কৰি ৰাইজলৈ আগবঢ়াই দিলোঁ। ৰাইজৰ সহাঁৰি আৰু প্ৰতিক্ৰিয়া পালে ভাল লাগিব)

Friday, 1 August 2014

যুক্তিবাদ : জীৱনৰ এটি অনুভৱ

       ইশ্বৰক প্ৰসন্ন কৰাৰ বাবে মানুহৰ যি সহজাত আকাঙ্খা থাকে, তাৰ পক্ষত নাছিলোঁ মই কোনোকালে। এই আকাঙ্খাৰ একেবাৰে বিপৰীত মেৰুতো বিচৰণ কৰা নাই মই কেতিয়াও। জন্মসূত্ৰে মই বৰ্নহিন্দু বামুনৰ ঘৰৰ ল'ৰা পিছে কেৱল নামতেই। বাৰ বছৰত মা-দেউতাই দিয়া লগুণৰ সুতাডাল পিছে এতিয়াও এৰিব পৰা নাই। সেই নগুন পেচথকা শুতা ডাল মোৰ দেহত আজিও লাগি আছে, ঠিক যেনেকৈ বজাৰৰ পৰা কিনি অনা মালা এডাল পিন্ধি থাকে বহুতেই । এই লগুণডাল মোৰ বাবে এক অলংকাৰ মাথোন। এৰি দিয়া নাই মাথো এটা কাৰণতেই যে সেয়া ধৰ্মীয়বিধিতকৈ মোৰ বাবে বহুযুগ ধৰি চলি অহা এক পৰম্পৰা বা সংস্কৃতিৰ অংগহে, যি পৰম্পৰা একেদিনেই হেৰুৱাই পেলাব নিবিচাৰো মই। মই শোৱা কোঠাটোৰ কাষৰ কোঠালীতোতে আছে আমাৰ ঘৰৰ মন্দিৰটো য'ত আছে ৩০০ বছৰৰ পূৰণী কালাচাঁন্দৰ (শ্ৰীকৃষ্ণ) বিগ্ৰহ, মহাপুৰুষ শ্ৰীশ্ৰী চৈতন্যদেৱে নিজে ব্যৱহাৰ কৰা খৰম আৰু লাখুটি (ডo মহেশ্বৰ নেওগৰ 'পবিত্ৰ অসম'ৰ গোৱালপাৰা জিলাৰ বঙাইগাঁওৰ শ্ৰীশ্ৰী চৈতন্যধাম দ্ৰষ্টব্য)। ঘৰৰ সেই মন্দিৰটোত আজিও চলে নিত্য নৈমিত্তিক পূজা। পিছে পূজা সম্পৰ্কীয় কাম কাজৰ বাবে মই কেতিয়াও নোসোমাও সেই মন্দিৰটোত। সেই মন্দিৰটোৰ বাবেই আমাৰ ঘৰত আজিলৈ সোমোৱা নাই আনকি কুকুৰাৰ এটা কণীও ! আমাৰ ঘৰত সেইবোৰ অভক্ষ্য আৰু তাৰ কাৰণে পিছে মোৰ কোনো অনুশোচনা নাই, ঘৰৰ বাহিৰত মই সৰ্ব্বভক্ষী...। যিয়ে য'ত বিশ্বাস কৰে মিছাতে তাত যুক্তিবাদীহৈ বাধাদিয়াৰ দৰকাৰ অনুভৱ কৰা নাই কেতিয়াও। কোনোবাই যদি পূজা পাতল কৰি মানসিক শান্তি লাভ কৰে তাত বাধাদিয়াৰ কোনো কাৰণেই নাহে, আহিব নোৱাৰে।



মাজতে নিজকে এজন প্ৰৱল যুক্তিবাদী বুলি ভাবিবলৈ লৈছিলো যদিও ঈদৰ দিনাখন হোৱা এক দুৰ্ঘটনাই নিজকেই নিজে আকৌ নতুনকৈ আবিষ্কাৰ কৰিলো... নাহ মই যুক্তিবাদী হব পৰানাই এতিয়াও !!! সিদিনা খন মোৰ ৫ বছৰীয়া ল'ৰা নীলে দৌৰতে বেয়াকৈ পৰি মূৰৰ পিছফালে আঘাত পাই ল'গে-ল'গে সংজ্ঞাহীন হ'ল...। তাৰ মাকে তাক কোচত লৈ কান্ধাকটা আৰাম্ভ কৰিলে, ঘৰত এক হুলস্থুলীয়া পৰিবেশ যাক মই বৰ্ণনা কৰিব পৰাকৈ ভাষাৰ প্ৰয়োগ কৰিব নোৱাৰিম কেতিয়াও, পিছে এইখিনি জানো যে সেই মূহুৰ্তত মোৰ বুকুখন অদ্ভুতভাৱে পাতল হৈ উঠিছিল যেন বুকুৰ ভিতৰত একোৱেই নাই মোৰ, হাতভৰি কঁপি উঠিছিলে মোৰ , মুখৰ পৰা কব নোৱাৰাকৈ ওলাইছিলে হে ভগৱান ৰক্ষা কৰা...!!! কঁপিকঁপিয়ে দৌৰি গেৰেজৰ পৰা গাড়ীখন উলিয়াই কোনোকালে পূজা নকাৰা কালাচাঁন্দ প্ৰভূৰ মন্দিৰলৈ বুলি সেৱা এটা জনাছিলোঁ... হে ভগবান নীলক বচোঁৱা...!!! হস্পিটাললৈ নিয়া অৱস্থাতে ৰাস্তাত নীলৰ জ্ঞান আহিল। মনটো অলপ পাতল হ'ল যদিও অলপ পিছতে সি বমি কৰাতে আকৌ হাত ভৰি কঁপিব ধৰিলে নীলৰ মাকৰ ফালে চালো তাইৰ ফালে চাব নোৱাৰি দুচকুৰে বইছে জলাধাৰ। আমাৰ ঘৰৰ পৰা হস্পিটাল ৬কি.মি.দুৰত্বত আৰু মোৰ জীৱনত আজিলৈ এই ৬ কি.মি. চিধা বাটেৰে গাড়ী চলাই নিয়াটোৱে আছিল আজিলৈ চলোৱা আটাইতকৈ পঙ্কিল পথ !!! বাটত যিমান মন্দিৰ- মছজিদ যি পাইছিলোঁ সিদিনাখন সকলোতেই সেৱা এটা জনাইছোঁ, অদৃশ্যজনৰ ওচৰত প্ৰাণ ভিক্ষা কৰিছো ল'ৰাটোৰ জীৱনৰ বাবে।


নীল এতিয়া সম্পূৰ্ণ সুস্থ , তাৰ দৌৰজাঁপ আকৌ আৰম্ভ হৈগৈছে এতিয়া ! পিছে সিদিনাখন ঘটনাই মোক বাৰুকৈয়ে জোকাৰি গৈছে, সিদিনা ফেচবুকত নীলৰ বাবে পাৰ্থনা কৰিবলৈ আপডেট এটা দিছিলোঁ তাৰ পৰা মোৰ বহু ফেচবুক বন্ধুই ঘটনাটোৰ বিষয়ে গ'ম পাইছে, মোক ফোন কৰি অভয় দিছে বহুজনে যাৰ লগত মোৰ পৰিচয় ফেচবুকতেই সীমাবদ্ধ, যাৰ বহুতোকেই মই আজিলৈকে চকুৰেই দেখা নাই, তেওঁলোকে বহুতেই পাৰ্থনাও কৰিছে নিজ নিজ ধৰ্ম মতেই, যাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ। পিছে এই ঘটনাই মোক শিকাইছে জীৱনৰ আন এটি পাঠ আৰু মই এতিয়া বিশ্বাস কৰো যে মই যিমানেই নিজকে যুক্তিবাদী বুলি নাভাবো কিয় মই এতিয়াও সংস্কাৰাচ্ছন্ন এক মানুহ মাথো যিজনে জন্মলগ্নতে পোৱা সংস্কাৰক অস্বীকাৰ কৰিব পৰা হোৱা নাই এতিয়াও আৰু যাৰ প্ৰভাৱৰ অস্তিত্বৰ উমান বিপদৰ সময়তহে পোৱা যায়। জীৱনৰ পৰা পোৱা এইটোও এক প্ৰকাৰৰ ডাঙৰ অভিজ্ঞতা।


এতিয়া ভাবিছোঁ মোৰ দৰে বহুতেই হয়তো ওলাব যিজনে আচলতে আধুনিকতা আৰু সংস্কাৰৰ এক বিৰল মিশ্ৰণৰ মাজতেই জীয়াই আছে। পিছে মনৰ এই সংস্কাৰচ্ছন্নতা ভণ্ডামি পৰ্যায়লৈ যাব নিদিও কেতিয়াও আৰু নাহ নিজকে আৰু প্ৰৱল যুক্তিবাদী বুলি পৰিচয় নিদিওঁ কেতিয়াও। যদিওবা সকল প্ৰশ্নৰ উত্তৰ ধৰ্মত নাই বা তাক বিছৰাৰ ধৃষ্টতাও মোৰ নাই কিন্ত সকলোখিনিয়ে যে একেবাৰেই অৰ্থহীন তাৰো পিছে প্ৰমাণ নাই। ক্ষতি কি যদি মই কোনোবা বিমৰ্ষ মানুহৰ বাবে মোৰ ভগৱানৰ ওচৰত পাৰ্থনা জনাওঁ...!! সেই মানুহ, সেই বিপদগ্ৰস্ত জন যি ধৰ্মৰে নহওক কিয় তেওঁৰ বাবে মই মোৰ ভগৱানৰ ওচৰত পাৰ্থনা কৰিম সেয়াই মোৰ বাবে হওক মোৰ ধৰ্ম। য'ত থাকক এজনৰ প্ৰতি আন এজনৰ ভালপোৱা, প্ৰেম... আমি মানো বা নামানো প্ৰতিটো ধৰ্মই আচলতে তাকেই কয়। যেতিয়া দুঃখ কষ্ট হতাশাই ভৰাক্ৰান্ত কৰে মন তেতিয়া হয়তোবা কেৱল ঈশ্বৰহে আনি দিব পাৰে অলপ শান্তনা, অলপ ভৰষা। এই ভৰষা মোৰ বাবে হওক ধৰ্মীয় উগ্ৰবাদ, কুসংস্কাৰৰ বিপৰীতে....!!! ঈশ্বৰৰ ওচৰত সেয়াই মোৰ পাৰ্থনা। 

সকলোৱেই কুশলে থাকক।


Tuesday, 21 January 2014

জন্মদিনত দুআষাৰঃ-

"তোমাৰ নতুন কেমেৰাটোৰে ফটো নুতুলিবা মোৰ,
মেগাপিক্সেলে তুলিলৈ যায় জীৱনৰ বলিৰেখা বোৰ "

হয় কথাখিনি উপলব্ধি কৰিছো লাহে লাহে, এডাল-দুডালকৈ পকিবলৈ লৈছে দাৰি চুলি বোৰ । সঁচাকৈ বুঢ়াহৈ গৈ আছোঁ প্ৰতিদিনে, প্ৰতিপলে । সময় পাৰ হয় নিজস্বতাৰে গমকলৈকো পাবলৈ নিদিয়ে কাকো। আজি মোৰ জন্মদিন, আজিৰপৰাই ভৰি দিলোঁ ৪৫ বছৰত.... পিছে ল'ৰালিৰ কথাবোৰ চোন সৌ সিদিনাখনৰ যেনহে লাগে এতিয়াও । শৈশৱৰ ঘোৰ বাৰিষাৰ গদাধৰনৈৰ প্ৰতিটো ঢৌৱে আজিও ভাঁহে মোৰ চকুৰ আগত । সেইবোৰ দিনৰ কথা ভাবিলেই মনটোত এটা অজানা ভাললগা অনুভৱে চুই যায়, এচাটি স্নিগ্ধ বতাহৰ দৰে। পিছ মূহুৰ্ত্ততে মনটোত আৱৰি ধৰে এক বিষাদগ্ৰস্ততাই, ডিঙিলৈকে সোপা মাৰি ধৰে কিবা এটাই যাক মই ভাষাৰে বৰ্ণনা কৰিব নোঁৱাৰিম কেতিয়াও, ই কিবা এটা হেৰুৱাই পেলোৱাৰ এক অবুজ বেদনা । জন্মদিনটো আহিলেই এইবোৰ কথা বেচিকৈ মনলৈ আহে প্ৰতি বছৰ, এইযে জীৱনকালৰ পৰা অতীত হৈ গ'লগৈ আৰু এটা বছৰ । কি বা কৰিব পাৰিছোঁ এই বয়সত...? বহুত ৰঙ্গীন সপোন আছিল, কৰিবলগীয়াও বহুত আছিল, নিজৰবাবে, পৰিয়ালটোৰ বাবে... প্ৰয়োজনসাপেক্ষে দেশৰ বাবে, জাতিৰ বাবে...!!! নাই একোৱেই কৰিব পৰা নাই, কেতিয়াবা ভাৱো জীয়াই আছোঁ সেয়াও এক স্বাৰ্থকতা, এক আনন্দ, জীয়াই থাকাৰ আনন্দ... যাৰ লগত সাঙুৰি আছে ৪৪ বছৰীয়া বাৰেৰহণীয়া অভিজ্ঞতা । জীৱনকালৰ পোৱা-নোপোৱা, ভুল-ভ্রান্তি, আশা-হতাশাৰ মাজত অর্জিত এই বাৰেৰহণীয়া অভিজ্ঞতা খিনি এদিন নহয় এদিন কামত আহিবই। মই বৰ আশাবাদী মানুহ পিছে জন্মদিনটোহে কেতিয়াও পালন কৰি পোৱা নাই আজিলৈকে, সৰুৰে পৰা আমাৰ ঘৰত এই সংস্কৃতি নাই । এইবোৰ তাৰ ব্যতিক্ৰম নহয়, আন দহটা দিনৰ দৰেই আজিৰ দিনটোও একেই দেখোন !!! ঠিক একে বুলি ক'লে অলপ ভুল হ'ব কাৰণ আজি আমাৰ ঘৰতেই দুটাকৈ জন্মদিন আনটো জন্মদিন হ'ল মোৰ শ্ৰীমতী স্মিতাৰ আৰু এই দিনটোতেই তাইক মই প্ৰথমবাৰৰ বাবে ল'গ পাইছিলোঁ, গতিকেই আজিৰ দিনটো অলপ হ'লেও বেলেগ । স্মিতালৈ জন্মদিনৰ অজস্ৰ শুভেচ্ছা থাকিল... আজি দিনটো আমি একেলগে থাকিম, ফুৰিব যাম এখন সেউজীয়া পাহাৰত যাৰ কাষৰে বৈ যাব এখন নৈ ঠিক মোৰ শৈশৱৰ গদাধৰ নৈ খনৰ দৰেই। মইও সেউজীয়া হৈ থাকিব বিচাৰোঁ চিৰদিন, ঠিক এখন সেউজীয়া পাহাৰৰ দৰেই।

১৮/০১/২০১৪

Sunday, 22 December 2013

কবিৰ বাবে অপেক্ষা

দুঃখ পাহৰি আকৌ কবি হাঁহিব শিকা,
নতুন কোনো ছন্দত এটি কবিতা লিখা ।
হেজাৰ শ্ৰোতাই চাই আছে আজি তোমাৰ ফালে,
জাগি উঠিব নতুন এটা কবিতা গালে।
ক'ত তোমাৰ মন্ত্র মধুৰ সুৰৰ ধ্বনি...?
ক'ত এতিয়া জীয়াই থকাৰ সঞ্জীৱনী ?
আধামৰা চব জাগি উঠিবই এবাৰ চোৱা,
নতুন কোনো সপোনৰ বীজ আজিয়েই ৰোৱা....
                               আজিয়েই ৰোৱা ।।

কিমান দিন বাৰু এনেকৈয়ে থাকিবা তুমি ?
তোমাৰ ফালেই চাই আছে মোৰ জনমভূমি ,
পচোৱাজাকত শুকান পাতবোৰ যায়যে খহি !
চাৰিওকাষে উৰিছে আজি, ইতিবৃত্তৰ বহী।
পথাৰে ছিৰাল ফাঁট মেলিলে যি হাহাকাৰত,
সপোনবোৰ কি হেৰাই দিবা অন্ধকাৰত ?
                                      অন্ধকাৰত ।।

অলপ সুখৰ সপোন যেনিবা তুমি নিদিবা....
সপোন ভঙাৰ দায় ভাৰ কি তুমিয়ে নিবা ?
বিনতি তোমাক অলপ লিখিবলৈ বহা
প্রাণ খুলি আজিৰ দিনটোতে তুমি অলপ হাঁহা ,
আৰু দেৰি নাই লিখিবা তুমি কেতিয়া কোৱা ?
আমাৰ হৃদয়ৰ দাবিবোৰ তুমি মানিয়ে লোৱা....
                    মানিলোৱা ।।
-----------------------------------------------------------------------------------------------------------

মুলঃ ছামছুল আলম চালিম

22/12/2013
(শ্ৰদ্ধেয় কবি ছামছুল আলম চেলিম ডাঙৰীয়াক তেখেতৰ সুন্দৰ কবিতাটো অনুবাদৰ অনুমতি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ)

Tuesday, 3 December 2013

গুজব, কোটিপতি হোৱাৰ সপোন, মই আৰু দিলীপ নুনিছা

 ১৯৯৭ চনৰ কথা দুপৰীয়া স্থানীয় বন্ধুৰ ককায়েক এজন আমাৰ ঘৰলৈ আহিলে। নিতান্তই স্বাভাৱিক কথা, পিছে অহাৰ উদ্দেশ্য শুনাৰ পিছত হে চকু কপালত উঠিল। কি যে হ'ব এই মানুহ বোৰৰ গুজব আৰু হুজুগতে জীৱন পাৰ কৰিব যেন হে লাগে এওঁলোক। বন্ধুৰ দাদাই আচলতে বিচাৰি আহিছে এটি অদ্ভুত বস্তু। বস্তুটো হ'ল এটি মুদ্ৰা, হনুমানৰ ছাপ থকা ৰূপৰ মুদ্ৰা। আৰু তেওঁ নিশ্চিন্ত যে আমাৰ দৰে অতি পুৰণি ঘৰতহে তেনে বস্তুবোৰ পোৱা যায় আৰু আমাৰ ঘৰত তেনে মুদ্ৰা থকাটো তেওঁক হেনো আগতেই কোনোবাই কৈছেই, গতিকেই মহাশয়ৰ এই আগমন। বুজক এতিয়া কি বুজে…!!! মোক কথাষাৰ বুজি নোপোৱা যেন পাই এইবাৰ দাদাই অলপ হতাশ হৈ মোক পোনপোটিয়াকৈ এইবাৰ পইচাৰ কথাকে ক'লে, যেন পইচাৰ দ্বাৰা নুবুজা কথাটো বুজাব পাৰি আৰু নোহোৱা কামকো হোৱা কৰিব পৰি। পইচা নহয় মানে টকা, প্ৰতিটো হনুমানৰ মুদ্ৰাৰ বিপৰীতে মোক দাদাই ২৫০০০কৈ টকা দিব। কৃষ্ণ, সোণাৰীৰ দোকানৰ পৰা দুটামান বনাইয়ে আনো আনো বুলি মন মনে নভবাকৈয়ে থকা নাই মই। ক'লো কিবা এটা কৰিম…. পিছে কথা নিদিয়ালে মানুহ জন নুঠে হে নুঠে, শেষত মই ভালকৈ বিচাৰিব লাগিব বুলি বাৰম্বাৰ কৈ সি দিনালৈ তেখেতক কিবাকেহে বিদায় দিলোঁ।  

এইবোৰ গুজব আৰু হুজুগৰ কথা শুনিলে এক কানেৰে সোমাই আন কানেৰে উলিয়াই দিওঁ। সেই দিনাখন বন্ধুৰ ককায়েক জনক তেনেকৈ বিফল মনে ঘুৰাই পঠিওৱাৰ পিছত কথাটো দ্বিতীয় বাৰৰ বাবে ভাবি ছোৱা নাই। কাম নোহোৱা মানুহ বোৰে এইবোৰ ভাবিবলৈ ঢেৰ সময় পায় গতিকেই এইবোৰ ভবাটো তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰৰ ভিতৰত পৰে। তেওঁলোকেই এইবোৰ ভাৱক বাৰু। মই তেতিয়া ইলেকট্ৰিক ওৱাৰিঙৰ কাম কৰো আৰু বঙাইগাঁওৰ বৰপাৰাৰে গোস্বামী উপাধিৰ মানুহ এঘৰত ইলেকট্ৰিকৰ ওৱাৰিং কৰি আছো। গতিকেই কাম সোনকালে শেষ কৰি পইচা খিনি পালেই আন কাৰোবাৰ তাতে  কাম এটা বিছৰাহে কথা এতিয়া। পিছে ভবা কথা নহয় সিধী… তাতো লাগিলে আন এক গুজবৰ পয়মাল প্ৰতিদিনে যেন ওলাইছে নিত্য নতুন আজব-আজব গুজব একোটাকৈ। দুপৰীয়াৰ ভাত খাবলৈ ঘৰত আহিবৰ মুহুৰ্ততে এছিটটেন্টে মুখ খুলিলে, তাক দুদিনৰ ছুটি লাগে। ইফালে আমাৰ কামো শেষৰ ফালে মানে অহাকালি শেষ হ’বই গতিকেই এছিটটেন্টেক পিছ দিনাহে ছুটিৰ কথা ক'লো। নাই বাপুক আজিয়েই ছুটি লাগে। মই ভাবিলোঁ ঘৰত ছাগে বিশেষ কিবা অসুবিধা হৈ আছে সেয়েই সুধিলোঁ- কাৰোবাৰ অসুখ-বিসুখ নেকি ঘৰত…? এইবাৰ  উৰহিৰ ওৰ পালো, উত্তৰ আহিল- নাই বিশেষ মানুহ এজনক ল'গ কৰিবলৈ আজিয়েই হেন বাসুগাওঁত যাব লাগে আৰু কালি হেনো সেই বিশেষ জনৰ লগত ভূটানৰ ফালে। ভূটানৰ কথাটো শুনাৰ লগে-লগে মনত জংঘল জীৱী ভাইহঁতৰ কথা মনলৈ আহিল, বপুৰাই কয় কি…? ভূটান…? ভূটান কিয়…? সেমেনা সেমেনীকৈ উত্তৰ দিলে এছিটটেন্টে  ব-ন-মা-নু-হ…!!! বুকুখন চিৰিং কৈ উঠিল মানে মোৰ অনুমান সত্য। বপুৰাই নিজেও ডুবিব  লগতে মোকো ডুবাব। মই ক'লো নালাগে দে বন-মানুহ হ'ব, চহৰৰ মানুহ চহৰতে থাক। এছিটটেন্টে এইবাৰ ক'লে নাই নাই বন-মানুহ হাড় হে আনিব যাম। মাৰ্কেটত ৫লাখ টকাকৈ দাম প্ৰতি কেজিৰ আৰু তাৰ হাতত হেনো চিনাকি এজেন্ট এজনো আছে। লাখ টকাৰ সপোন দেখা জনৰ স্বপ্ন ভঙ্গ কৰাটো বহুত কঠিন কাম আৰু মইও তাৰ স্বপ্ন ভঙ্গ কৰাটো অনুচিত বুলি ভাবিলোঁ, বাপুৰাই নিজেই বুজিব দুদিন মান পিছতে যে ঘোচখোৰ বিষয়া, ক'লা কাৰবাৰী আৰু ৰাজনীতি কৰা মানুহৰ বাহিৰে বতাহত টকা ধৰি আজিলৈ কোনো ব্যক্তি লাখপতি কোটিপতি হোৱা নাই। মোৰ মপেড খন ষ্টাৰ্ট কৰাৰ আগতে তাক এটা কথাই ক'লো - নিউ বঙাইগাঁওৰ ৰেল ষ্টেচনৰ কাষৰ লোকৰ মৰা গৰু পেলোৱা ঠাইখিনিৰ পৰা দুটামান উৱলি যোৱা হাড়কে লৈ নিদিওঁ কিয় তোৰ এজেন্টক বন-মানুহ হাড় বুলি কৈ। সি খং উঠি গুচি গ'লগৈ।

এই ২০১৩ চনতো বন্ধুৰ সেই ককায়েক জন বঙাইগাঁওৰে এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী আৰু মোৰ সেই এছিটটেন্ট জন আজিও দিন মজুৰ। তেওঁলোক তেওঁলোকে বিচাৰি ফুৰা উদ্ভট বস্তুবোৰ পাইছিলে নে নাই সেই বিষয়ে মই আজিও অজ্ঞ কিন্তু এটা কথা ভালকৈয়ে জানো যে তেওঁলোক লাখপতি নহয়। তেতিয়াৰ পৰা এইকেই বছৰৰ মাজতেই গণেশ দেৱতাৰ গাখীৰ খোৱাৰ পৰা কোৰবাণীৰ গৰুৰ মাংসত 'আল্লা হু' লিখা ওলোৱাকে আদি কৰি শতাধিক ডাইনী ওলোৱাৰ পৰা অদ্ভুত গুপ্তাঙ্গৰ ৰোগলৈ আৰু সহস্ৰাধিক গুজব আৰু হুজুগ দেখাৰ সৌভাগ্য বা দুৰ্ভাগ্য হৈছে। এই সকলোবোৰ গুজব আৰু হুজুগ একেলগ কৰি কিতাপ আকাৰে সংকলন এটা বজাৰত উলিয়ালে তাৰ লিখক যে  ৰাতিটোৰ ভিতৰত বিখ্যাত হৈ যাব সেয়া খাটাং আৰু লিখাত অলপ হাত থাকিলে সেয়া বেষ্টছেলাৰ হোৱাৰ গেৰান্টি মোৰ দৰে সাধাৰণ মানুহেও দিব পাৰোঁ। এই ধৰণৰ গুজব আৰু হুজুগ সমাজত তেতিয়ালৈ চলি থাকিব যেতিয়ালৈ মানুহৰ শিক্ষা স্কুল-কলেজীয়া পাঠ্যপুথিৰ শিক্ষাৰে বিচাৰ্য নহৈ নৈতিক শিক্ষাৰ মানদণ্ডৰে বিচাৰ্য হ'ব।  বহুতো তথাকথিত পাঠ্যপুথিৰ শিক্ষাৰে শিক্ষিত লোককো গুজব আৰু হুজুগৰ হৈ ওকালতি কৰাই ইয়াৰ প্ৰমাণ।  গুজবেই চলক বা হুজুগ মোৰ কি আহে বা যায়, কেৱল ইয়াৰ পৰা মই আঁতৰি থাকিলেই হ'ল। সমাজৰ পৰা এইবোৰ নোহোৱা কৰাৰ থোৰাই ঠিকা লৈ থৈছোঁ মই …!!! গুজব আৰু হুজুগ বোৰ এটাৰ পিছত এটাকৈ আহে আৰু কেইদিনমানৰ পিছত আপোনা-আপুনি নোহোৱা হৈ থাকেগৈ।  যোৱা বছৰৰ পৰা মুখে খুখে আন এক নতুন গুজৱ ৰাতিটোৰ ভিতৰত কোটিপতি হৈ যাব পৰা এই শেহতীয়া গুজবৰ নাম 'কেঁকো সাপ' ইংৰাজী নাম  Tokay Gecko বৈজ্ঞানীক নাম gekko gecko । এই গুজবৰ কথাটো অৱশ্যে দুই বছৰ মান আগৰ পৰাই ছেগা-ছোৰোগাকৈ প্ৰায়ে শুনি আহিছোঁ নানান জনৰ মুখত কেঁকো সাপ সম্পৰ্কে নানান টা মুখৰোচক কাহিনী আৰু স্বাভাৱিক ভাবেই তাক ইটো কানেৰে সোমাই সিটো কানেৰে উলিয়াই দিছোঁ।


যোৱা বছৰলৈ এই কেঁকো সাপৰ গুজব টো নুশুনালৈ সকলো ঠিকেই আছিলে, কিন্তু… যোৱা বছৰেই এনেকৈ কেঁকো সাপৰ গুজবৰ লগত নিজেই প্ৰায় সাঙোৰ খাই পঢ়ো-পঢ়ো অৱস্থাৰ দৰেই হ'ল। নিজকে চৰম ৰেচনেল বুলি ভৱা মানুহটো এটি মুহুৰ্তৰ বাবে হলেও হৈ পৰিলোঁ নৈতিকতা হীন এক অপদাৰ্থ, মাথো এটি হুজুগৰ কৱলত পৰি। যোৱা বছৰে মই নিজা কামত বাক্সা জিলাৰ ভিতৰুৱা অঞ্চল এটাত যাওঁতে এজনক ল'গ পালো আৰু তেখেতে মোক কেঁকো সাপৰ লাভজনক ব্যৱসায় সম্পৰ্কে বিশদ ভাষণ আগবঢ়াব ধৰিলে, আৰু মই যেহেতু জংঘলৰ কাষৰীয়া গাওঁ বোৰত ঘুৰি ফুৰোঁ গতিকেই কেঁকো সাপৰ সম্পৰ্কে সহজেই খবৰ সংগ্ৰহ কৰিব পাৰিম বুলি ক’লে। পিছে কথাবোৰ মোৰ হজম নোহোৱা বুলি বুজি উঠি আৰু মোৰ দুষ্কৰ দৃষ্টিত হাঁহি তেওঁ  ক'লে- নাই মই কিনা বেচা নকৰো মোৰ পৰিচিত মানুহ আছে যিয়ে এইবোৰৰ ব্যৱসায় কৰে আৰু বহুতৰে পৰা তেওঁ কেঁকো সাপ কিনাটো মই নিজে ভালকৈ জানো। আপুনি আনি দিব পাৰিলে ইহাতে কেঁকো সাপ বুজাব সিহাতে টকা, নো ইছু। মই কেইটামান কেঁকো সাপ থকা ঠাই জানো যদিও তেখেতক এই সম্পৰ্কে একোকেই নক'লো। তেখেতে পুনৰ সুধিলে আছে আপোনাৰ লগত ? মই নাই বুলিয়ে ক'লো যদিও দামটোৰ সম্পৰ্কে জানি থবলৈ আগ্ৰহ হ'ল।
মই ক'লো- দাম কিমান মান পাম..?
তেওঁ ক'লে - ওজন কিমান ? - ওজন তো নাজানো.. - চাৰিশ গ্ৰামৰ ওপৰে গ'লে, দহ লাখ টাকা পাব! (কথাটো শুনি পেট ফাটি হাঁহি উঠিল )
-হাউ কাম! তেওঁ ক'লে - আই এম চিৰিয়াছ এবাউট! -অহ ৰিয়েলি? - ইয়াহ। মই ভালে কেইটা কিনা-বেচাৰ সম্পৰ্কে জানো! কৃষ্ণ হে বুলিলো আৰু।

সৰুৰ পৰাই এই কেঁকো সাপৰ মাতৰ লগত পৰিচিত আমাৰ ঘৰৰ সকলোৱে। আমাৰ লক্ষীপুৰৰ ঘৰত থকা শতায়ু এটা আম গছৰ কোঁঠৰ পৰা প্ৰতিদিন সন্ধিয়া বিৰক্তিকৰ এটা মাত সৰুৰে পৰা নিয়মীয়াকৈ শুনিছিলোঁ - টোক-কেং, টোক-কেং! সেই আম গছডাল প্ৰায় ২০ বছৰ মান আগতেই এদিন ধুমুহাত ভাগি পৰাৰ পিছত কেঁকো সাপ ডালে আশ্ৰয় লৈছিলে ঘৰৰে ভঁৰালৰ চিলিঙত। কেৱল আমাৰ ঘৰতেই নহয় লক্ষীপুৰ চহৰৰ প্ৰায়বোৰ পুৰণি গছতে আছিলে এই কেঁকো সাপ। সেয়েই তাৰ মাত নুশুনা মানুহ চহৰ খনত হয়তো খুব ক'মেই ওলাব। আনকি সৰুতে কেঁকো সাপ সম্পৰ্কে শুনা কিছু মিছা অপবাদৰ বাবেই অষ্টম মান শ্ৰেণীত পঢ়ি থাকতেই বাইদেউৰ জোৰণৰ দিনা খন খুচি হত্যা কৰিছিলোঁ এই নিৰীহ প্ৰাণীৰ এটাক, যাৰ বিৰুদ্ধে অপবাদ আছিলে যে তাৰ গাত থকা এঠা মানুহৰ গাত লাগিলে মানুহৰ কুষ্ঠ ৰোগ হয়।  অপবাদৰে পৰিচালিত মগজুৰে কৰা সেই হত্যাৰ বাবে মই আজিও অনুতপ্ত। অতিকৈ নিৰীহ এই প্ৰাণী বিধৰ কি এনে গুণ আছে যে তাৰ দাম আনকি দহ লাখ টকা !! বুজিব পৰা নাই। কোনে কিনে ইমান টকাৰে তাক..? কি কৰে এই নিৰীহ প্ৰাণীৰে…? ৪০০ গ্ৰামৰ প্ৰাণী এটা দহ লাখ টকাৰে কিনি মাংস নাখায় নিশ্চয় কোনোৱে।

সিদিনা সন্ধিয়াই বাক্সাৰ পৰা উভতি আহিছো বঙাইগাঁওলৈ পিছে আন আন দহটা গুজবৰ দৰে এইটো গুজবক পাহৰিব পৰা নাই একেবাৰে, ইটো কানেৰে সোমাই গৈ যেন পাহৰি পেলাইছে আনটো কানৰ পথ, পথ হেৰুৱাই বাৰে প্ৰতি টুকুৰিয়াইছে মোৰ মগজুৰ দুৱাৰত। নিজকেই অসহায় লাগিছে, এই সম্পৰ্কে অধিক তথ্যৰ দৰকাৰ অগত্যা ইন্টাৰনেট আৰু গুগল। গুগল চাৰ্ছ ইঞ্জিনত Tokay লিখাৰ লগে লগেই অটো চাজেশ্বন আহিল Tokay Gecko price, Tokay Gecko sound, Tokay Gecko video আদি। মনতে ভাবিলোঁ এইবোৰৰ দাম চাই নো কি হব? না মই ধৰিম, না বেচিম, না কিনিম! তথাপিও যেন নিজৰ অজানিতে কিল্ক্ কৰি দিলোঁ Tokay Gecko price লিখা খিনিৰ ওপৰত।
কম্পিউটাৰৰ পৰ্দাত ভাহি উঠিল এটাৰ পিছত আনটো লিংক…
http://geckobuyer.blogspot.com
http://tokayhunter.blogspot.com/2013_02_01_archive.html
http://tokaygeckoprice.blogspot.com
http://geckogeckobuyer.blogspot.com
চলিল এটাৰ পিছত আনটো ওয়েবছাইটত অধ্যয়ন আৰু এইবোৰ অধ্যায়ন কৰি সাধাৰণ ভাবে যি বুজি পালো সেয়া হ'ল, দহ লাখ টকাত যদিহে মই এটা কেঁকো সাপৰ বিক্ৰী কৰিলোঁ হয় মই আচলতে প্ৰৱঞ্চনাৰ চিকাৰ হে হ'লো হয়।  একো একোটা কেঁকো সাপৰ  সৰ্বনিম্ন দামেই হ'ল ২৫ কোটি টকা!!!মোৰ মুৰ বন-বনাই ঘুৰিব ধৰিলে যেন মগজুৰ লগত চলিছে বিবেকৰ চৰম সংঘাত। নিজৰ চকুকে নিজৰ বিশ্বাস হোৱা নাই, বাৰে বাৰে ইটোৰ পিছত সিটো ওয়েবছাইটত  আৰু ভাবিছোঁ কি ভুলটোৱে কৰি আহিছোঁ ইমানদিন কেঁকো সাপক পাত্তা দিলে আজি হয়তো মই কোটিপতি থাকিলোঁ হয়। যি নহওঁক, দা গেম ইজ নট অভাৰ ইয়েট। এতিয়া বিচাৰিলেও কমছে-কম দুটা কেঁকো সাপ মই যোগাৰ কৰিব পাৰিমেই। হৃৎপিণ্ডৰ ওপৰত হাত দি চালো, হৃৎপিণ্ড ঠিকেই চলি আছে। এতিয়া তাৰমানে কোটি কোটি টকা আৰু মেটাৰেই নহয় হৃৎপিণ্ড বাবে। সেই ৰাতি শুৱা নহ'ল। ঘন্টাৰ পিছত ঘন্টা কটাই দিলোঁ ইন্টাৰনেটত। ছবি দেখিলোঁ, ভিডিঅ দেখিলোঁ, কেঁকো সাপ কি কি কামত লাগে তাকো দেখিলোঁ। চালো  কেঁকো সাপ কেনেকৈ এইডছৰ দৰে মাৰাত্মক ৰোগৰ নিৰাময় কৰিব পাৰে বুলি জানিও WHOৰ দৰে এটা সন্থায়ো কি দৰে তাক অনুমোদন নিদিয়াকৈ আছে। এইবোৰ পঢ়ি মনটোও বেয়া হৈ গ'ল মানুহৰ জীৱনতকৈ ইক'লজিৰ গুৰুত্ব বেছি হৈ কি ডাল নো হ'ব…? অথচ খেচেৰা চাইনিজ সকল কেঁকো সাপকে আদি কৰি বাঘৰ হাড়ৰ পৰা গঁড়ৰ খড়্গলৈ কিমান প্ৰাণী হত্যাত অৰিহণা যোগাই "হাৰ্বেল" বনাই বজাৰ দখল কৰি আছে, ইক'লজি তেতিয়া নষ্ট নহয় নে ? তথাপিও কিয় তেনে দেশবোৰক প্ৰাণী সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সন্থা বোৰে বিলিয়ন ডলাৰ অনুদান দিয়ে…? এয়া কি ধৰণৰ দুমুখীয়া নীতি…? আৰু মই যদি দুটা কেঁকো সাপ বেছি কোটিপতি হৈ যাওঁ কিনোঁ মহাভাৰত খন অশুদ্ধ হ'ব…?

এইখিনি সাধাৰণ মনৰ ভাবনি, পিছে যেতিয়াই অলপ দকৈ ভাবা যায় তেতিয়াই মনত সন্দেহৰ মেঘ জমা হোৱা আৰম্ভ হয় লাহে লাহে।  কি কাৰণত ২৫ ৰ পৰা ৭৫ কোটিত কোনে কিনিব এই কেঁকো সাপ ? মানি ল'লো যেনিবা তাৰ দেহাত আছে ট্ৰেডিছনাল ড্ৰাগছৰ অনন্য উপাদান কিন্তু তাতে এক গ্ৰামৰ দাম ৭লাখ টকা ? নাই সেয়া অসম্ভৱ, অবাস্তৱ। ইমান মূল্যবান হ'লে কেঁকো সাপক বিজ্ঞান সন্মত ভাবে প্ৰজনন কৰাই উৎপাদন নকৰেই বা কিয় ? আকৌ এবাৰ গুগুল চলিল, গমপালো  এইডছৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই। তেতিয়া হ'লে এই কেঁকো সাপৰ দাম ইমান বুলি প্ৰচাৰ কৰাৰ পিছত কাৰণ কি…? কাৰণ অতি সাধাৰণ আৰু ইয়াৰ পৰাই আৰম্ভ প্ৰতাৰণাৰ প্ৰথম অনুচ্ছেদৰ। এই গুজব কোনে প্ৰচাৰ কৰিলে…? তাৰ দ্বাৰা কাৰ কি লাভ হ'ল…? কেইজনে কেঁকো বিক্ৰী কৰি কেই টকা পালে …? এই সকলো বোৰৰ উত্তৰ তলৰ সৰু অথচ সঁচা কাহিনীত আছে।

নামনিৰ সৰু চহৰ এখনত মাঙ্গীৰাম নামৰ এজন মাৰোৱাৰী বেপাৰীৰ প্ৰতিষ্ঠানৰ সন্মুখত এখন বলেৰো গাড়ী ৰ'ল। তাৰ পৰা চুট টাই পিন্ধা এজন ভদ্ৰলোক হাতত ব্ৰিফকেছ এটালৈ মাঙ্গীৰামৰ প্ৰতিষ্ঠানৰ ভিতৰত সোমাই গ'ল। হিন্দীভাষী মানুহ জনক মাঙ্গীৰামে বহিব দিলে। মানুহ জন ব্ৰিফকেছটো খুলি পুৰণি তামৰ ২০ পইচাৰ মুদ্ৰা এটা দেখুৱালে, মুদ্ৰাটো সিমান পুৰণিও নহয় এফালে পদুম ফুলৰ ছাপ থকা ৮০ৰ দশকলৈ চলা এটা সাধাৰণ মুদ্ৰা। মানুহ জনে ক'লে এই ধৰণৰ একোটা মুদ্ৰাৰ বিনিময়ত তেওঁ নগদ ৫ হাজাৰকৈ টকা দিব। আৰু যিমানেই নাথাকক লাগে এতিয়াই নগদ টকাৰে কিনি ল'ব। মাঙ্গীৰামৰ নিজৰ গাদিৰ ওপৰত থকা কাঠৰ বাকচটোত থাকিব পাৰে এনে মুদ্ৰা, আগতে প্ৰতিবছৰ প্ৰতিষ্ঠানৰ বোৰৰ লক্ষ্মী পূজাৰ বেলি সেই তামৰ পইচাটো লাগিছিল আৰু পিছলৈ সেই সেন্দুৰ সনা মুদ্ৰাবোৰ কাঠৰ কেছ বাকচটোত থোৱাৰ নিয়ম আছিল। সেই নিয়ম এতিয়াও আছে পিছে তামৰ সেই ২০ পইচাৰ মুদ্ৰাৰ ঠাই এতিয়া ১টকিয়া মুদ্ৰাই লৈছেহি।  মাঙ্গীৰাম কেছ বাকচটোত খুচৰি ৬টা সেই তামৰ মুদ্ৰা পালে।  হিন্দীভাষী মানুহ জন নগদ ৩০ হেজাৰ টকাৰে সেই তামৰ মুদ্ৰা কেইটা কিনি লৈ গ'ল। যোৱাৰ আগতে ক'লে যে তেওঁ এ সপ্তাহৰ মূৰত পুণৰ ঘুৰি আহিব আৰু এই সময়তে মাঙ্গীৰামে যিমান সম্ভৱ এই মুদ্ৰা গোটাব পাৰে  আনকি ৫ হাজাৰ মুদ্ৰা গোটালেও আপত্তি নাই  তেওঁৰ। সকলো খিনি নগদ টকাৰেই কিনি ল'ব তেওঁ। পিছ দিনাৰ পৰা গুজব হিচাপে কথাটো ইকাণে-সিকাণে প্ৰচাৰ হ'ল মানুহবোৰৰ পৰা ৫০০ টকাৰ পৰা আৰম্ভ কৰি ২০০০ টকালৈ মাঙ্গীৰামে তামৰ ২০ পইচাৰ মুদ্ৰা কিনিব ধৰিলে। দুই দিন পিছত এজন সাধাৰণ বেশভূষাৰ গাঁৱলীয়া মানুহ এজন পাঁচশ টা মুদ্ৰা প্ৰতিটো দুহেজাৰ টকাকৈ মাঙ্গীৰামক বেছি থৈ দহ লাখ টকা লৈ গ'ল।  এ সপ্তাহৰ ঠাইত আজি এক দশক পাৰ হ'ল কিন্তু হিন্দীভাষী মানুহ জন আজিলৈ ঘুৰি অহা নাই।  মাঙ্গীৰাম এতিয়া নিশ্চিত যে সাধাৰণ বেশভূষাৰ  সেই গাঁৱলীয়া মানুহ জন আছিল সেই হিন্দীভাষী মানুহ জনৰে এজেন্ট।

ওপৰৰ কাহিনীটো যদি বিশদ বিশ্লেষণ কৰিলে এই ধৰণৰ প্ৰতাৰণাৰ বিলাকৰ ওপৰত কেইটা মান ধাৰণা স্পষ্ট হয়।
১/ যাক টাৰ্গেট কৰা হয় তেওঁ সাধাৰণতে আঢ্যৱন্ত হয়।
২/ তেওঁৰ সাধাৰণতে ভাল নেটৱৰ্ক এটা থাকে।
৩/ টাৰ্গেট টকা পইচাৰ প্ৰতি লোভ থকা বিধৰ হ'ব।
৪/ উচ্চাকাংশা থকা আৰু দৰকাৰ মতে নিজেই টকা খটুৱাব পৰা বিধৰ হ'ব।
৫/ এই কাৰবাৰৰ মাষ্টাৰ মাইণ্ড জন স্মাৰ্ট হয়, তেওঁ যথেষ্ট বাক-পটু হোৱাৰ উপৰিও তেওঁৰো নিজাকৈ নেটৱৰ্ক এটা থাকে।
৬/ প্ৰতাৰণাৰ বাবে এওঁলোকে এনে বস্তুৰ ওপৰত গুৰুত্ব দিয়ে, যি বোৰ সাধাৰণ ভাৱে দুঃপ্ৰাপ্য কিন্তু বিলুপ্ত নহয়।
৭/ আৰু গুজব বোৰ লাহে লাহে নিজেই সৃষ্টি হয়, আৰু নিজেই নিজেই তাৰ প্ৰচাৰ হয়। কেৱল লাগে এটি অজুহাত।

যোৱা ১৪ আগষ্টৰ অসমৰ প্ৰায় বাতৰি কাকতত পঢ়িবলৈ পালো এটা খবৰ “চোৰাং ব্যৱসায়ত লিপ্ত হৈ কেঁকো সাপ সহ গ্ৰেপ্তাৰ দিলীপ নুনিছা ”  অনুমান কৰিছোঁ তেওঁ হয়তো বা মাঙ্গীৰামৰ দৰেই প্ৰতাৰিত এজন টকাৰ লুভীয়া ব্যক্তি। যদি কেৱল সেই তামৰ পইচাটোক সলাই লওঁ কেঁকো সাপৰ সতে কাহিনীৰ বিষয়বস্তু অদ্ভুত ভাৱে মিলি যায়। সেয়েই দিলীপ নুনিছা মাঙ্গীৰাম হোৱাৰ সম্ভাৱনাই সৰ্বাধিক। তেওঁৰ হাতত ভাল নেটৱৰ্ক এটা আছে, টকা আছে আৰু সন্দেহাতীত ভাৱেই আছে টকাৰ প্ৰতি প্ৰৱল লোভ, বা তেওঁ হয়তো বা কাহিনীৰ সেই হিন্দীভাষী মানুহ জন, কিন্তু তাতে কি বা আহে যায় নিৰ্বিচাৰে চিকাৰ হোৱা এই সুন্দৰ প্ৰাণী বিধৰ এনেকৈ চলিলে বিলুপ্ত হ'বলৈ আৰু কিমান দিন…?  এই প্ৰশ্নৰ উত্তৰ জানা নাই মোৰ এতিয়াও।

যোৱা দুৰ্গাপূজাত লক্ষীপুৰলৈ গৈছিলোঁ তাৰ বামুনপাৰাৰ য'ত দুৰ্গাপূজা হয় তাৰে কাষৰ গছ এজোপাত আগতে সদায়ে সন্ধিয়া কেঁকো সাপৰ মাত শুনিছিলোঁ। এইবাৰ তাৰ ব্যতিক্ৰম, হয়তো কোনোবা মাঙ্গীৰাম বা কোনোবা নুনিছাৰ টকাৰ লোভত বেছেৰাই হেৰুৱালে তাৰ ঘৰ, হয়তো বা তাৰ জীৱন।