১৯৯৭ চনৰ কথা দুপৰীয়া স্থানীয় বন্ধুৰ ককায়েক এজন আমাৰ ঘৰলৈ আহিলে। নিতান্তই স্বাভাৱিক কথা, পিছে অহাৰ উদ্দেশ্য শুনাৰ পিছত হে চকু কপালত উঠিল। কি যে হ'ব এই মানুহ বোৰৰ গুজব আৰু হুজুগতে জীৱন পাৰ কৰিব যেন হে লাগে এওঁলোক। বন্ধুৰ দাদাই আচলতে বিচাৰি আহিছে এটি অদ্ভুত বস্তু। বস্তুটো হ'ল এটি মুদ্ৰা, হনুমানৰ ছাপ থকা ৰূপৰ মুদ্ৰা। আৰু তেওঁ নিশ্চিন্ত যে আমাৰ দৰে অতি পুৰণি ঘৰতহে তেনে বস্তুবোৰ পোৱা যায় আৰু আমাৰ ঘৰত তেনে মুদ্ৰা থকাটো তেওঁক হেনো আগতেই কোনোবাই কৈছেই, গতিকেই মহাশয়ৰ এই আগমন। বুজক এতিয়া কি বুজে…!!! মোক কথাষাৰ বুজি নোপোৱা যেন পাই এইবাৰ দাদাই অলপ হতাশ হৈ মোক পোনপোটিয়াকৈ এইবাৰ পইচাৰ কথাকে ক'লে, যেন পইচাৰ দ্বাৰা নুবুজা কথাটো বুজাব পাৰি আৰু নোহোৱা কামকো হোৱা কৰিব পৰি। পইচা নহয় মানে টকা, প্ৰতিটো হনুমানৰ মুদ্ৰাৰ বিপৰীতে মোক দাদাই ২৫০০০কৈ টকা দিব। কৃষ্ণ, সোণাৰীৰ দোকানৰ পৰা দুটামান বনাইয়ে আনো আনো বুলি মন মনে নভবাকৈয়ে থকা নাই মই। ক'লো কিবা এটা কৰিম…. পিছে কথা নিদিয়ালে মানুহ জন নুঠে হে নুঠে, শেষত মই ভালকৈ বিচাৰিব লাগিব বুলি বাৰম্বাৰ কৈ সি দিনালৈ তেখেতক কিবাকেহে বিদায় দিলোঁ।
এইবোৰ গুজব আৰু হুজুগৰ কথা শুনিলে এক কানেৰে সোমাই আন কানেৰে উলিয়াই দিওঁ। সেই দিনাখন বন্ধুৰ ককায়েক জনক তেনেকৈ বিফল মনে ঘুৰাই পঠিওৱাৰ পিছত কথাটো দ্বিতীয় বাৰৰ বাবে ভাবি ছোৱা নাই। কাম নোহোৱা মানুহ বোৰে এইবোৰ ভাবিবলৈ ঢেৰ সময় পায় গতিকেই এইবোৰ ভবাটো তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰৰ ভিতৰত পৰে। তেওঁলোকেই এইবোৰ ভাৱক বাৰু। মই তেতিয়া ইলেকট্ৰিক ওৱাৰিঙৰ কাম কৰো আৰু বঙাইগাঁওৰ বৰপাৰাৰে গোস্বামী উপাধিৰ মানুহ এঘৰত ইলেকট্ৰিকৰ ওৱাৰিং কৰি আছো। গতিকেই কাম সোনকালে শেষ কৰি পইচা খিনি পালেই আন কাৰোবাৰ তাতে কাম এটা বিছৰাহে কথা এতিয়া। পিছে ভবা কথা নহয় সিধী… তাতো লাগিলে আন এক গুজবৰ পয়মাল প্ৰতিদিনে যেন ওলাইছে নিত্য নতুন আজব-আজব গুজব একোটাকৈ। দুপৰীয়াৰ ভাত খাবলৈ ঘৰত আহিবৰ মুহুৰ্ততে এছিটটেন্টে মুখ খুলিলে, তাক দুদিনৰ ছুটি লাগে। ইফালে আমাৰ কামো শেষৰ ফালে মানে অহাকালি শেষ হ’বই গতিকেই এছিটটেন্টেক পিছ দিনাহে ছুটিৰ কথা ক'লো। নাই বাপুক আজিয়েই ছুটি লাগে। মই ভাবিলোঁ ঘৰত ছাগে বিশেষ কিবা অসুবিধা হৈ আছে সেয়েই সুধিলোঁ- কাৰোবাৰ অসুখ-বিসুখ নেকি ঘৰত…? এইবাৰ উৰহিৰ ওৰ পালো, উত্তৰ আহিল- নাই বিশেষ মানুহ এজনক ল'গ কৰিবলৈ আজিয়েই হেন বাসুগাওঁত যাব লাগে আৰু কালি হেনো সেই বিশেষ জনৰ লগত ভূটানৰ ফালে। ভূটানৰ কথাটো শুনাৰ লগে-লগে মনত জংঘল জীৱী ভাইহঁতৰ কথা মনলৈ আহিল, বপুৰাই কয় কি…? ভূটান…? ভূটান কিয়…? সেমেনা সেমেনীকৈ উত্তৰ দিলে এছিটটেন্টে ব-ন-মা-নু-হ…!!! বুকুখন চিৰিং কৈ উঠিল মানে মোৰ অনুমান সত্য। বপুৰাই নিজেও ডুবিব লগতে মোকো ডুবাব। মই ক'লো নালাগে দে বন-মানুহ হ'ব, চহৰৰ মানুহ চহৰতে থাক। এছিটটেন্টে এইবাৰ ক'লে নাই নাই বন-মানুহ হাড় হে আনিব যাম। মাৰ্কেটত ৫লাখ টকাকৈ দাম প্ৰতি কেজিৰ আৰু তাৰ হাতত হেনো চিনাকি এজেন্ট এজনো আছে। লাখ টকাৰ সপোন দেখা জনৰ স্বপ্ন ভঙ্গ কৰাটো বহুত কঠিন কাম আৰু মইও তাৰ স্বপ্ন ভঙ্গ কৰাটো অনুচিত বুলি ভাবিলোঁ, বাপুৰাই নিজেই বুজিব দুদিন মান পিছতে যে ঘোচখোৰ বিষয়া, ক'লা কাৰবাৰী আৰু ৰাজনীতি কৰা মানুহৰ বাহিৰে বতাহত টকা ধৰি আজিলৈ কোনো ব্যক্তি লাখপতি কোটিপতি হোৱা নাই। মোৰ মপেড খন ষ্টাৰ্ট কৰাৰ আগতে তাক এটা কথাই ক'লো - নিউ বঙাইগাঁওৰ ৰেল ষ্টেচনৰ কাষৰ লোকৰ মৰা গৰু পেলোৱা ঠাইখিনিৰ পৰা দুটামান উৱলি যোৱা হাড়কে লৈ নিদিওঁ কিয় তোৰ এজেন্টক বন-মানুহ হাড় বুলি কৈ। সি খং উঠি গুচি গ'লগৈ।
এই ২০১৩ চনতো বন্ধুৰ সেই ককায়েক জন বঙাইগাঁওৰে এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী আৰু মোৰ সেই এছিটটেন্ট জন আজিও দিন মজুৰ। তেওঁলোক তেওঁলোকে বিচাৰি ফুৰা উদ্ভট বস্তুবোৰ পাইছিলে নে নাই সেই বিষয়ে মই আজিও অজ্ঞ কিন্তু এটা কথা ভালকৈয়ে জানো যে তেওঁলোক লাখপতি নহয়। তেতিয়াৰ পৰা এইকেই বছৰৰ মাজতেই গণেশ দেৱতাৰ গাখীৰ খোৱাৰ পৰা কোৰবাণীৰ গৰুৰ মাংসত 'আল্লা হু' লিখা ওলোৱাকে আদি কৰি শতাধিক ডাইনী ওলোৱাৰ পৰা অদ্ভুত গুপ্তাঙ্গৰ ৰোগলৈ আৰু সহস্ৰাধিক গুজব আৰু হুজুগ দেখাৰ সৌভাগ্য বা দুৰ্ভাগ্য হৈছে। এই সকলোবোৰ গুজব আৰু হুজুগ একেলগ কৰি কিতাপ আকাৰে সংকলন এটা বজাৰত উলিয়ালে তাৰ লিখক যে ৰাতিটোৰ ভিতৰত বিখ্যাত হৈ যাব সেয়া খাটাং আৰু লিখাত অলপ হাত থাকিলে সেয়া বেষ্টছেলাৰ হোৱাৰ গেৰান্টি মোৰ দৰে সাধাৰণ মানুহেও দিব পাৰোঁ। এই ধৰণৰ গুজব আৰু হুজুগ সমাজত তেতিয়ালৈ চলি থাকিব যেতিয়ালৈ মানুহৰ শিক্ষা স্কুল-কলেজীয়া পাঠ্যপুথিৰ শিক্ষাৰে বিচাৰ্য নহৈ নৈতিক শিক্ষাৰ মানদণ্ডৰে বিচাৰ্য হ'ব। বহুতো তথাকথিত পাঠ্যপুথিৰ শিক্ষাৰে শিক্ষিত লোককো গুজব আৰু হুজুগৰ হৈ ওকালতি কৰাই ইয়াৰ প্ৰমাণ। গুজবেই চলক বা হুজুগ মোৰ কি আহে বা যায়, কেৱল ইয়াৰ পৰা মই আঁতৰি থাকিলেই হ'ল। সমাজৰ পৰা এইবোৰ নোহোৱা কৰাৰ থোৰাই ঠিকা লৈ থৈছোঁ মই …!!! গুজব আৰু হুজুগ বোৰ এটাৰ পিছত এটাকৈ আহে আৰু কেইদিনমানৰ পিছত আপোনা-আপুনি নোহোৱা হৈ থাকেগৈ। যোৱা বছৰৰ পৰা মুখে খুখে আন এক নতুন গুজৱ ৰাতিটোৰ ভিতৰত কোটিপতি হৈ যাব পৰা এই শেহতীয়া গুজবৰ নাম 'কেঁকো সাপ' ইংৰাজী নাম Tokay Gecko বৈজ্ঞানীক নাম gekko gecko । এই গুজবৰ কথাটো অৱশ্যে দুই বছৰ মান আগৰ পৰাই ছেগা-ছোৰোগাকৈ প্ৰায়ে শুনি আহিছোঁ নানান জনৰ মুখত কেঁকো সাপ সম্পৰ্কে নানান টা মুখৰোচক কাহিনী আৰু স্বাভাৱিক ভাবেই তাক ইটো কানেৰে সোমাই সিটো কানেৰে উলিয়াই দিছোঁ।
মই ক'লো- দাম কিমান মান পাম..?
তেওঁ ক'লে - ওজন কিমান ? - ওজন তো নাজানো.. - চাৰিশ গ্ৰামৰ ওপৰে গ'লে, দহ লাখ টাকা পাব! (কথাটো শুনি পেট ফাটি হাঁহি উঠিল )
-হাউ কাম! তেওঁ ক'লে - আই এম চিৰিয়াছ এবাউট! -অহ ৰিয়েলি? - ইয়াহ। মই ভালে কেইটা কিনা-বেচাৰ সম্পৰ্কে জানো! কৃষ্ণ হে বুলিলো আৰু।
সৰুৰ পৰাই এই কেঁকো সাপৰ মাতৰ লগত পৰিচিত আমাৰ ঘৰৰ সকলোৱে। আমাৰ লক্ষীপুৰৰ ঘৰত থকা শতায়ু এটা আম গছৰ কোঁঠৰ পৰা প্ৰতিদিন সন্ধিয়া বিৰক্তিকৰ এটা মাত সৰুৰে পৰা নিয়মীয়াকৈ শুনিছিলোঁ - টোক-কেং, টোক-কেং! সেই আম গছডাল প্ৰায় ২০ বছৰ মান আগতেই এদিন ধুমুহাত ভাগি পৰাৰ পিছত কেঁকো সাপ ডালে আশ্ৰয় লৈছিলে ঘৰৰে ভঁৰালৰ চিলিঙত। কেৱল আমাৰ ঘৰতেই নহয় লক্ষীপুৰ চহৰৰ প্ৰায়বোৰ পুৰণি গছতে আছিলে এই কেঁকো সাপ। সেয়েই তাৰ মাত নুশুনা মানুহ চহৰ খনত হয়তো খুব ক'মেই ওলাব। আনকি সৰুতে কেঁকো সাপ সম্পৰ্কে শুনা কিছু মিছা অপবাদৰ বাবেই অষ্টম মান শ্ৰেণীত পঢ়ি থাকতেই বাইদেউৰ জোৰণৰ দিনা খন খুচি হত্যা কৰিছিলোঁ এই নিৰীহ প্ৰাণীৰ এটাক, যাৰ বিৰুদ্ধে অপবাদ আছিলে যে তাৰ গাত থকা এঠা মানুহৰ গাত লাগিলে মানুহৰ কুষ্ঠ ৰোগ হয়। অপবাদৰে পৰিচালিত মগজুৰে কৰা সেই হত্যাৰ বাবে মই আজিও অনুতপ্ত। অতিকৈ নিৰীহ এই প্ৰাণী বিধৰ কি এনে গুণ আছে যে তাৰ দাম আনকি দহ লাখ টকা !! বুজিব পৰা নাই। কোনে কিনে ইমান টকাৰে তাক..? কি কৰে এই নিৰীহ প্ৰাণীৰে…? ৪০০ গ্ৰামৰ প্ৰাণী এটা দহ লাখ টকাৰে কিনি মাংস নাখায় নিশ্চয় কোনোৱে।
সিদিনা সন্ধিয়াই বাক্সাৰ পৰা উভতি আহিছো বঙাইগাঁওলৈ পিছে আন আন দহটা গুজবৰ দৰে এইটো গুজবক পাহৰিব পৰা নাই একেবাৰে, ইটো কানেৰে সোমাই গৈ যেন পাহৰি পেলাইছে আনটো কানৰ পথ, পথ হেৰুৱাই বাৰে প্ৰতি টুকুৰিয়াইছে মোৰ মগজুৰ দুৱাৰত। নিজকেই অসহায় লাগিছে, এই সম্পৰ্কে অধিক তথ্যৰ দৰকাৰ অগত্যা ইন্টাৰনেট আৰু গুগল। গুগল চাৰ্ছ ইঞ্জিনত Tokay লিখাৰ লগে লগেই অটো চাজেশ্বন আহিল Tokay Gecko price, Tokay Gecko sound, Tokay Gecko video আদি। মনতে ভাবিলোঁ এইবোৰৰ দাম চাই নো কি হব? না মই ধৰিম, না বেচিম, না কিনিম! তথাপিও যেন নিজৰ অজানিতে কিল্ক্ কৰি দিলোঁ Tokay Gecko price লিখা খিনিৰ ওপৰত।
কম্পিউটাৰৰ পৰ্দাত ভাহি উঠিল এটাৰ পিছত আনটো লিংক…
http://geckobuyer.blogspot.com
http://
http://
http://
চলিল এটাৰ পিছত আনটো ওয়েবছাইটত অধ্যয়ন আৰু এইবোৰ অধ্যায়ন কৰি সাধাৰণ ভাবে যি বুজি পালো সেয়া হ'ল, দহ লাখ টকাত যদিহে মই এটা কেঁকো সাপৰ বিক্ৰী কৰিলোঁ হয় মই আচলতে প্ৰৱঞ্চনাৰ চিকাৰ হে হ'লো হয়। একো একোটা কেঁকো সাপৰ সৰ্বনিম্ন দামেই হ'ল ২৫ কোটি টকা!!!মোৰ মুৰ বন-বনাই ঘুৰিব ধৰিলে যেন মগজুৰ লগত চলিছে বিবেকৰ চৰম সংঘাত। নিজৰ চকুকে নিজৰ বিশ্বাস হোৱা নাই, বাৰে বাৰে ইটোৰ পিছত সিটো ওয়েবছাইটত আৰু ভাবিছোঁ কি ভুলটোৱে কৰি আহিছোঁ ইমানদিন কেঁকো সাপক পাত্তা দিলে আজি হয়তো মই কোটিপতি থাকিলোঁ হয়। যি নহওঁক, দা গেম ইজ নট অভাৰ ইয়েট। এতিয়া বিচাৰিলেও কমছে-কম দুটা কেঁকো সাপ মই যোগাৰ কৰিব পাৰিমেই। হৃৎপিণ্ডৰ ওপৰত হাত দি চালো, হৃৎপিণ্ড ঠিকেই চলি আছে। এতিয়া তাৰমানে কোটি কোটি টকা আৰু মেটাৰেই নহয় হৃৎপিণ্ড বাবে। সেই ৰাতি শুৱা নহ'ল। ঘন্টাৰ পিছত ঘন্টা কটাই দিলোঁ ইন্টাৰনেটত। ছবি দেখিলোঁ, ভিডিঅ দেখিলোঁ, কেঁকো সাপ কি কি কামত লাগে তাকো দেখিলোঁ। চালো কেঁকো সাপ কেনেকৈ এইডছৰ দৰে মাৰাত্মক ৰোগৰ নিৰাময় কৰিব পাৰে বুলি জানিও WHOৰ দৰে এটা সন্থায়ো কি দৰে তাক অনুমোদন নিদিয়াকৈ আছে। এইবোৰ পঢ়ি মনটোও বেয়া হৈ গ'ল মানুহৰ জীৱনতকৈ ইক'লজিৰ গুৰুত্ব বেছি হৈ কি ডাল নো হ'ব…? অথচ খেচেৰা চাইনিজ সকল কেঁকো সাপকে আদি কৰি বাঘৰ হাড়ৰ পৰা গঁড়ৰ খড়্গলৈ কিমান প্ৰাণী হত্যাত অৰিহণা যোগাই "হাৰ্বেল" বনাই বজাৰ দখল কৰি আছে, ইক'লজি তেতিয়া নষ্ট নহয় নে ? তথাপিও কিয় তেনে দেশবোৰক প্ৰাণী সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সন্থা বোৰে বিলিয়ন ডলাৰ অনুদান দিয়ে…? এয়া কি ধৰণৰ দুমুখীয়া নীতি…? আৰু মই যদি দুটা কেঁকো সাপ বেছি কোটিপতি হৈ যাওঁ কিনোঁ মহাভাৰত খন অশুদ্ধ হ'ব…?
এইখিনি সাধাৰণ মনৰ ভাবনি, পিছে যেতিয়াই অলপ দকৈ ভাবা যায় তেতিয়াই মনত সন্দেহৰ মেঘ জমা হোৱা আৰম্ভ হয় লাহে লাহে। কি কাৰণত ২৫ ৰ পৰা ৭৫ কোটিত কোনে কিনিব এই কেঁকো সাপ ? মানি ল'লো যেনিবা তাৰ দেহাত আছে ট্ৰেডিছনাল ড্ৰাগছৰ অনন্য উপাদান কিন্তু তাতে এক গ্ৰামৰ দাম ৭লাখ টকা ? নাই সেয়া অসম্ভৱ, অবাস্তৱ। ইমান মূল্যবান হ'লে কেঁকো সাপক বিজ্ঞান সন্মত ভাবে প্ৰজনন কৰাই উৎপাদন নকৰেই বা কিয় ? আকৌ এবাৰ গুগুল চলিল, গমপালো এইডছৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই। তেতিয়া হ'লে এই কেঁকো সাপৰ দাম ইমান বুলি প্ৰচাৰ কৰাৰ পিছত কাৰণ কি…? কাৰণ অতি সাধাৰণ আৰু ইয়াৰ পৰাই আৰম্ভ প্ৰতাৰণাৰ প্ৰথম অনুচ্ছেদৰ। এই গুজব কোনে প্ৰচাৰ কৰিলে…? তাৰ দ্বাৰা কাৰ কি লাভ হ'ল…? কেইজনে কেঁকো বিক্ৰী কৰি কেই টকা পালে …? এই সকলো বোৰৰ উত্তৰ তলৰ সৰু অথচ সঁচা কাহিনীত আছে।
নামনিৰ সৰু চহৰ এখনত মাঙ্গীৰাম নামৰ এজন মাৰোৱাৰী বেপাৰীৰ প্ৰতিষ্ঠানৰ সন্মুখত এখন বলেৰো গাড়ী ৰ'ল। তাৰ পৰা চুট টাই পিন্ধা এজন ভদ্ৰলোক হাতত ব্ৰিফকেছ এটালৈ মাঙ্গীৰামৰ প্ৰতিষ্ঠানৰ ভিতৰত সোমাই গ'ল। হিন্দীভাষী মানুহ জনক মাঙ্গীৰামে বহিব দিলে। মানুহ জন ব্ৰিফকেছটো খুলি পুৰণি তামৰ ২০ পইচাৰ মুদ্ৰা এটা দেখুৱালে, মুদ্ৰাটো সিমান পুৰণিও নহয় এফালে পদুম ফুলৰ ছাপ থকা ৮০ৰ দশকলৈ চলা এটা সাধাৰণ মুদ্ৰা। মানুহ জনে ক'লে এই ধৰণৰ একোটা মুদ্ৰাৰ বিনিময়ত তেওঁ নগদ ৫ হাজাৰকৈ টকা দিব। আৰু যিমানেই নাথাকক লাগে এতিয়াই নগদ টকাৰে কিনি ল'ব। মাঙ্গীৰামৰ নিজৰ গাদিৰ ওপৰত থকা কাঠৰ বাকচটোত থাকিব পাৰে এনে মুদ্ৰা, আগতে প্ৰতিবছৰ প্ৰতিষ্ঠানৰ বোৰৰ লক্ষ্মী পূজাৰ বেলি সেই তামৰ পইচাটো লাগিছিল আৰু পিছলৈ সেই সেন্দুৰ সনা মুদ্ৰাবোৰ কাঠৰ কেছ বাকচটোত থোৱাৰ নিয়ম আছিল। সেই নিয়ম এতিয়াও আছে পিছে তামৰ সেই ২০ পইচাৰ মুদ্ৰাৰ ঠাই এতিয়া ১টকিয়া মুদ্ৰাই লৈছেহি। মাঙ্গীৰাম কেছ বাকচটোত খুচৰি ৬টা সেই তামৰ মুদ্ৰা পালে। হিন্দীভাষী মানুহ জন নগদ ৩০ হেজাৰ টকাৰে সেই তামৰ মুদ্ৰা কেইটা কিনি লৈ গ'ল। যোৱাৰ আগতে ক'লে যে তেওঁ এ সপ্তাহৰ মূৰত পুণৰ ঘুৰি আহিব আৰু এই সময়তে মাঙ্গীৰামে যিমান সম্ভৱ এই মুদ্ৰা গোটাব পাৰে আনকি ৫ হাজাৰ মুদ্ৰা গোটালেও আপত্তি নাই তেওঁৰ। সকলো খিনি নগদ টকাৰেই কিনি ল'ব তেওঁ। পিছ দিনাৰ পৰা গুজব হিচাপে কথাটো ইকাণে-সিকাণে প্ৰচাৰ হ'ল মানুহবোৰৰ পৰা ৫০০ টকাৰ পৰা আৰম্ভ কৰি ২০০০ টকালৈ মাঙ্গীৰামে তামৰ ২০ পইচাৰ মুদ্ৰা কিনিব ধৰিলে। দুই দিন পিছত এজন সাধাৰণ বেশভূষাৰ গাঁৱলীয়া মানুহ এজন পাঁচশ টা মুদ্ৰা প্ৰতিটো দুহেজাৰ টকাকৈ মাঙ্গীৰামক বেছি থৈ দহ লাখ টকা লৈ গ'ল। এ সপ্তাহৰ ঠাইত আজি এক দশক পাৰ হ'ল কিন্তু হিন্দীভাষী মানুহ জন আজিলৈ ঘুৰি অহা নাই। মাঙ্গীৰাম এতিয়া নিশ্চিত যে সাধাৰণ বেশভূষাৰ সেই গাঁৱলীয়া মানুহ জন আছিল সেই হিন্দীভাষী মানুহ জনৰে এজেন্ট।
ওপৰৰ কাহিনীটো যদি বিশদ বিশ্লেষণ কৰিলে এই ধৰণৰ প্ৰতাৰণাৰ বিলাকৰ ওপৰত কেইটা মান ধাৰণা স্পষ্ট হয়।
১/ যাক টাৰ্গেট কৰা হয় তেওঁ সাধাৰণতে আঢ্যৱন্ত হয়।
২/ তেওঁৰ সাধাৰণতে ভাল নেটৱৰ্ক এটা থাকে।
৩/ টাৰ্গেট টকা পইচাৰ প্ৰতি লোভ থকা বিধৰ হ'ব।
৪/ উচ্চাকাংশা থকা আৰু দৰকাৰ মতে নিজেই টকা খটুৱাব পৰা বিধৰ হ'ব।
৫/ এই কাৰবাৰৰ মাষ্টাৰ মাইণ্ড জন স্মাৰ্ট হয়, তেওঁ যথেষ্ট বাক-পটু হোৱাৰ উপৰিও তেওঁৰো নিজাকৈ নেটৱৰ্ক এটা থাকে।
৬/ প্ৰতাৰণাৰ বাবে এওঁলোকে এনে বস্তুৰ ওপৰত গুৰুত্ব দিয়ে, যি বোৰ সাধাৰণ ভাৱে দুঃপ্ৰাপ্য কিন্তু বিলুপ্ত নহয়।
৭/ আৰু গুজব বোৰ লাহে লাহে নিজেই সৃষ্টি হয়, আৰু নিজেই নিজেই তাৰ প্ৰচাৰ হয়। কেৱল লাগে এটি অজুহাত।
যোৱা ১৪ আগষ্টৰ অসমৰ প্ৰায় বাতৰি কাকতত পঢ়িবলৈ পালো এটা খবৰ “চোৰাং ব্যৱসায়ত লিপ্ত হৈ কেঁকো সাপ সহ গ্ৰেপ্তাৰ দিলীপ নুনিছা ” অনুমান কৰিছোঁ তেওঁ হয়তো বা মাঙ্গীৰামৰ দৰেই প্ৰতাৰিত এজন টকাৰ লুভীয়া ব্যক্তি। যদি কেৱল সেই তামৰ পইচাটোক সলাই লওঁ কেঁকো সাপৰ সতে কাহিনীৰ বিষয়বস্তু অদ্ভুত ভাৱে মিলি যায়। সেয়েই দিলীপ নুনিছা মাঙ্গীৰাম হোৱাৰ সম্ভাৱনাই সৰ্বাধিক। তেওঁৰ হাতত ভাল নেটৱৰ্ক এটা আছে, টকা আছে আৰু সন্দেহাতীত ভাৱেই আছে টকাৰ প্ৰতি প্ৰৱল লোভ, বা তেওঁ হয়তো বা কাহিনীৰ সেই হিন্দীভাষী মানুহ জন, কিন্তু তাতে কি বা আহে যায় নিৰ্বিচাৰে চিকাৰ হোৱা এই সুন্দৰ প্ৰাণী বিধৰ এনেকৈ চলিলে বিলুপ্ত হ'বলৈ আৰু কিমান দিন…? এই প্ৰশ্নৰ উত্তৰ জানা নাই মোৰ এতিয়াও।
যোৱা দুৰ্গাপূজাত লক্ষীপুৰলৈ গৈছিলোঁ তাৰ বামুনপাৰাৰ য'ত দুৰ্গাপূজা হয় তাৰে কাষৰ গছ এজোপাত আগতে সদায়ে সন্ধিয়া কেঁকো সাপৰ মাত শুনিছিলোঁ। এইবাৰ তাৰ ব্যতিক্ৰম, হয়তো কোনোবা মাঙ্গীৰাম বা কোনোবা নুনিছাৰ টকাৰ লোভত বেছেৰাই হেৰুৱালে তাৰ ঘৰ, হয়তো বা তাৰ জীৱন।
No comments:
Post a Comment