Sunday 7 September 2014

ৰজা আৰু টুনটুনি চৰাই: গোৱালপৰীয়া লোককথা

হু বহু দিনৰ আগৰ কথা। তেতিয়াৰ দিনত মানুহৰ অভাৱ বুলি একোৱেই নাছিল, তেতিয়া মানুহৰ ইমানেই টকা আছিল যে মানুহে বৰষুণীয়া বতৰৰ পিছত ৰদ উঠিলে টকাবোৰ ৰ'দত শুকাবলৈ দিছিলসেই তেতিয়াৰ দিনত আমাৰ টুনটুনি চৰাইও মানুহৰ মাত-কথা বুজিব পাৰিছিল আৰু মানুহৰ দৰেই মাতিব পাৰিছিল, এয়া সেই তেতিয়াৰ দিনৰে কথা....

এখন দেশত আছিল এজন ৰজা! সেই ৰজাৰ আছিল এক বিশাল ৰাজ-প্ৰাসাদ... সেই প্ৰাসাদৰ মস্ত মস্ত ঘৰ বোৰত কিমান যে লগুৱা-লিগিৰী, সন্ত্ৰি-চিপাহী, উজিৰ-নাজিৰ, মন্ত্ৰী-তন্ত্ৰী... আছিল হিচাপ কৰাই টান। ৰাজ-প্ৰাসাদৰ একাষে আছিলে এটা ধুনীয়া পুখুৰী; তাৰ চাৰিওকাষে পাৰে পাৰে সজোৱা সুন্দৰ ফুলনিত কিমান যে বৰণীয়া ফুলৰ বাহাৰ! তাৰেই এখন ফুলনিৰ মাজত আছিল এটি ওখ দেৱদাৰুৰ গছ আৰু সেই গছটোৰে আটাইতকৈ ওখ ডানিটোত আছিল এটি টুনটুনি চৰাইৰ বাহ। টুনটুনি চৰাইটোৱে ৰাজ-প্ৰাসাদতে থকা অলেখ খোৱা বস্ত বিচাৰি খায় আৰু মনৰ আনন্দতে গোটেই দিনটো গান গায়। কেতিয়াব গান গাই গাই আমনি লাগিলে সি মনৰ আনন্দতে নাচে বা ফুৰুৎ ফুৰুতকৈ গছৰ ইডালে সিডালে ঘুৰি ফুৰে। ইফালে বৰষুণীয়া বতৰৰ পিছত এদিন ভালকৈ ৰ'দ দিয়াত ৰজাৰ আদেশ মতেই লগুৱা সকলে ৰাজ-প্ৰাসাদৰ ছাতত ৰাজকোষৰ টকা খিনি ৰ'দত শুকাবলৈ দিলে। গছৰ পৰা টুনটুনিয়ে গোটেই খিনি চাই আছিল আৰু লগুৱা সকলৰ অলপমান অন্যমনস্কতাৰ সুযোগতে সি উৰি গৈ ঠোঁটেৰে তাৰ পৰা টকা এটা আনি নিজৰ বাহত থলে আৰু মনতেই ভাবিলে- আজিৰ পৰা সিও ৰজাৰ দৰেই ধনৱান।
পিছ দিনাখন ৰাতিপুৱাৰ পৰাই টুনটুনিয়ে গাব ধৰিলে:

"মোৰ ল'গত আছে যি ধন,
ৰজাৰও আছে সেই একে ধন।"

কিছুসময়ৰ পিছত টুনটুনীয়ে নাচি নাচি গাব ধৰিলে:
"ৰজাৰ ঘৰত যি ধন আছে, সেই ধন মোৰো আছে।"

বিশাল সেই ৰাজ-প্ৰাসাদত সকলো সময়তেই নানান জনৰ ভিৰ! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক কিমানযে নাগৰিক আহে... তাৰোপৰি সন্ত্ৰি-চিপাহী, ৰাজমিত্ৰ ইত্যাদিৰে ৰাজসভাত লোক সমাগম পুৱাৰে পৰাই আৰম্ভ হয় আৰু তাৰে মাজতেই টুনটুনিয়ে অনবৰতে নাচি নাচি গাইছে :

"ৰজাৰ ঘৰত যি ধন আছে
সেই ধন মোৰো আছে।"

টুনটুনিয়ে অনবৰতে গোৱা সেই গীত শুনি, ৰাজসভালৈ অহা বহুতেই মুখ টিপি টিপি হাঁহি আছিল। ৰজাৰ এইবাৰ খং উঠিল, ৰাজসভা বহিছে, পিছে সকলোৰে মুখত হাঁহি...!!! ৰজাই অশেষত ৰাজসভা ভাঙি দিলে আৰু এই হাঁহিৰ কাৰণ গম পাই ৰজাই এজন অনুচৰক হুকুম দিলে- দুষ্ট এই টুনটুনিটোৰ ঘৰত কি এনে ধন-ৰত্ন আছে যে সি নিজকে ৰজাৰ সমান বুলিছে... ৰজাৰ হুকুমত অনুচৰজন ওখ গছৰ ডানিত টুনটুনিৰ বাহত বিচাৰি পালে এটি সোৰ মোহৰ। অনুচৰে মোহৰটো আনি ৰজাৰ হাতত দিলে। অনুচৰজনে যেতিয়া মোহৰটো বাহৰ পৰা আনিছিলে... টুনটুনিয়ে তেতিয়া আন এটি গছৰ পৰা লুকাই সকলোখিনি চাই আছিলপিছদিনা খন ৰাতিপুৱা আকৌ ৰাজসভাৰ কাম-কাজ আৰম্ভ হও হও, দেশ-বিদেশৰ নানা ৰাজমিত্ৰ, ৰাজসভাৰ তন্ত্ৰী-মন্ত্ৰী সকলোকে ৰজাই হাঁহিমুখে সম্ভাষণ জনাই আছে... ঠিক এনে সময়তে- আকৌ এবাৰ ভাহি আহিল টুনটুনিৰ গান! পিছে টুনটুনিয়ে কৈছে কি?

"হৰি হৰি... হৰি হৰি!!
চোৱা ৰজাৰ বাহাদুৰী!
টুনটুনিৰ ধন কৰলে চুৰি!!"

ৰাজসভাৰ সকলোৱে টুনটুনিৰ এই কথা শুনি হাঁহিবলৈ ধৰিলে.... ৰজাই লাজতে ৰঙাচিঙা পৰি গ', বদমাছ টুনটুনিটোয়ে জ্বলাই মাৰিলে! সভা ভাঙি গ'ল। ৰজা তাৰ অনুচৰক হুকুম দিলে, যেনেকৈ নহওঁক কিয় এই বদমাছ টুনটুনিটোক ধৰি আনিব লাগে। ৰজাৰ হুকুম কেনেকৈ অমান্য কৰা যায় !!! সেয়ে অতি সোনকালে জালেৰে নানান কায়দা কৌশল কৰি অৱশেষত টুনটুনিক বন্দী কৰিলে চিপাহীহঁতে। ৰজাই নিজৰ লম্বা গোঁফত হাতেৰে পাক এটা মাৰি গৰ্বৰে চৰাইটোৰ ফালে চাই ক'লে- কিহে দুষ্ট, বদমাচ, ব্যভিচাৰী... শিষ্টাচাৰ কাক কয় নাজানিছিলি হাঁ...এইবাৰ তোৰ কি হব ? কোনে বচাবলৈ আহিব তোক এইবাৰ? ৰজাই তাৰ সাতৰাণীক মাতি হুকুম দিলে এতিয়াই এই দুৰাচাৰী টুনটুনিটোক ভাজি পেলোৱা! আজি মই ভাতৰ ল'গত এই টুনটুনি ভাজি খামৰজা বে নিশ্চিন্ত মনেৰে এইবাৰ ৰাজসভালৈ গ'লেগৈ।
ইফালে সৰু সুন্দৰ টুনটুনি চৰাইটো ডাঙৰ ৰাণীয়ে হাতত লৈ চাই আছিল... ডাঙৰ ৰাণীগৰাকীৰ পৰা এজন এজনকৈ টুনটুনি চৰাইটো শেষত সৰু ৰাণীৰ হাতত পালেগৈ। সৰু ৰাণীৰ বয়স নিচেই কম, সেইবাবেই তাই অলপ অসাৱধান আছিল... সৰু ৰাণীয়ে চৰাইটোক ইহাত সিহাত কৰাতেই ফাঁকেদি হঠাৎ টুনটুনি ফুৰুৎকে... উৰি পলাই গ'ল !!! সাত ৰাণীৰ মূৰত যেন আকাশখন ভাঙি পৰিল। এতিয়া উপায়? কি কৰা যায় এতিয়া !!! সকলোৱে সৰু ৰাণীক গালি শপনি দিয়াত লাগিল। ৰজা যদি খাবলৈ আহি টুনটুনি ভাজি নাপায় আজিযে কি হ'ৱ ভগৱানেহে জানে আৰু ! পিছে সৰু ৰাণীক গালি পাৰিলেই তো সমস্যাৰ সমাধান নহ'ব ! কিবা এটা উপায় ভাবিব লাগে অতি সোনকালে...! সাত ৰাণীৰ মাজত মাজু ৰাণীগৰাকীৰ বুদ্ধি আটাইতকৈ বেছি সেয়ে বাকী ৰাণী কেইগৰাকীয়ে তাক খাটনি ধৰিলে 'তুমিয়ে এটা বুদ্ধি দিয়ানা'... মাজুৰাণীয়ে ক'লে, যি হ'বলগীয়া আছিল হৈয়ে গৈছে... গতিকেই পুখুৰীৰ পৰা বেং এটাকে ধৰি আনি মহাৰজাক টুনটুনিটো বুলি ভাজি খুৱাব লাগিব, তাৰ বাহিৰে আৰু আন উপায় নাই! ইয়াত ত' আমি কেইজনেই আছোঁ আৰু কাকো নজনালেই হ'ল কথাটো... ৰজা ভাৱিব তেওঁ টুনটুনি চৰাইটোৰে ভাজি খাই আছে। বুদ্ধিটো বাক ৰাণীকেইগৰাকীৰ পছন্দ হ'ল... আৰু সেইমতেই কামটো কৰিলে। দুপৰীয়া ৰজাই খাবলৈ বহি খুউৱ গৰ্বিত ভাৱেই বেং ভাজিকে চৰাইটো বুলি খাবলৈ ধৰিলে আৰু টুনটুনিক উদ্দেশ্যি ক'লে "বদমাছ চৰাই এতিয়া পালি নে ৰজাৰ ল'গত কৰা ব্যৱহাৰৰ ফল ! হাঃ হাঃ হাঃ...
        
পিছৰ দিনা ৰাজসভাৰ কাম আৰম্ভ হৈছেহে মাত্ৰ ...ৰজা ৰাজসিংহাসনত বহি আছে, দুফালে দুজন সেৱিকই চোঁৱৰ বুলাই মাখি খেদিছে, ৰজাই হাঁহিমনে প্ৰধানমন্ত্ৰীক সভাৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে মাত্ৰ ঠিক সেই সময়তে ৰাজসভাৰ ওচৰৰ গছৰ ডালৰ পৰা দুষ্ট টুনটুনিয়ে গাই উঠিল :

"আহা হৰি হৰি,চোৱা
ৰজাৰ বাহাদুৰী...!
ইমান ডাঙৰ ৰজাহৈও
কৰে টুনটুনিৰ ধন চুৰি...!
ৰজা কেনে মজাটো পালি
টুনটুনি ভাজি খাবলৈ গৈ
বেঙ ভাজিকেই খালি "

ৰাজসভাত উপস্থিত সকলোৱে হাঃ হাঃ শব্দে হাঁহি দিলে। বেং ভাজি খোৱা ৰাজধৰ্মৰ নিষেধ! তাৰোপৰি বেং হ'ল এটা অপৱিত্ৰ লেতেৰা জীৱ! আৰু সেই বেঙকেই ভাজি কৰি খালে স্বয়ং ৰজাই? ৰজা লাজে-অপমানে ৰাজসভাৰ পৰা উঠি প্ৰাসাদৰ অন্দৰ মহল পালেগৈ... অন্দৰ মহল পাইয়ে ৰজাই সৰুৰাণীক ল'গ পালে... খঙতে ৰজাৰ দুই চকু ৰঙা সৰুৰাণীয়ে ভয়তে ৰজাক সকলো কথা খুলি ক'লে...এইবাৰ খঙত ৰজা কঁপিবলৈ ধৰিলে আৰু তাৰ পিছত একে একে সাত ৰাণীক মাতি আনি তলোৱাৰৰে গোটেই কেইগৰাকী ৰাণীৰ নাক কাটি দিলে। পিছৰদিনা ৰাজসভাৰ কাম আৰম্ভ হোৱাৰ লগে লগে ডাঙৰ মাতেৰে সুৰ কৰি টুনটুনিয়ে আকৌ গাবলৈ ধৰিলে এটি নতুন গান:

"বাহঃ বাহঃ-কি মজা
টুনটুনি ভাজি খাব গৈছিল আমাৰ দেশৰ ৰজা,
খালে বেঙ ভজা !
ৰাণীয়ে ৰান্ধি খুৱালে বেং ভাজি ৰজাক,
 সেই দোষতে কাটা গ'ল সাতৰাণীৰ নাক !!"

ৰজা খঙতে ৰঙা-চিঙা পৰি কঁপিবলৈ ধৰিলে আৰু ৰাজ-প্ৰাসাদ সকলোকে হুকুম দিলে, যেনেকৈ নহওক এই টুনটুনিক ধৰি আনিবই লাগিব- নহ'লে সকলোকে মৃত্যুদণ্ড দিয়া হব! ৰাজপ্ৰাসাদৰ সকলোৱে প্ৰাণৰ ভয়তে গোটেইদিন ইফালে-সিফালে টুনটুনিৰ পিছে পিছে খেদাখেদি কৰি অবশেষত সন্ধিয়া তাক ধৰি আনিলে। ৰজা ইমানেই খঙত আছিলে যে, তেওঁ তেতিয়াই তাৰ এজন অনুচৰক হুকুম দিলে এতিয়াই এক গিলাচ পানী আনা মই এইবাৰ আৰু কাকোৱেই বিশ্বাস নকৰো, কেঁচাই কেঁচাই আজি এই টুনটুনিক খাম... অনুচৰে এগিলাচ পানী আনিলে আৰু ৰজাই এক মুহুৰ্ত্ততে টুনটুনিক কেঁচাই কেঁচাই গিলি দিলে !
অলপ সময়ৰ পিছত ৰজাই পেটৰ ভিতৰত টুনটুনি খচমচনি অনুভৱ কৰিব ধৰিলে। দুষ্ট টুনটুনিয়ে ৰজাৰ পেটৰ ভিতৰত খুটিব ধৰিলে... লাহে লাহে ৰজাই পেটৰ ভিতৰত অসহ্য যন্ত্ৰণাত থাকিব নোৱাৰি ৰাজবৈদ্যৰ কাষ চাপিল... ৰাজবৈদ্যই ৰজাক পাইখানা কৰিলেই সেই চৰাই ওলাই যাব বুলি উপদেশ দিলে। ৰজাই ভাবিলে যে যি উপায়ে নহওক কিয় টুনটুনিক জীৱন্তে যাব দিব নোৱাৰি নহ'লে ৰজাৰ সকলো মান সন্মান এই দুষ্ট চৰাইটোৱে শেষ কৰি পেলাব। এইবাৰ ৰজাই বিশ্বস্ত অনুচৰ কেইজন মানক ল'গত লৈ পাইখানা কৰিব গ'ল। ৰজাই হুকুম দিলে যে পাইখানা কৰাৰ সময়ত চৰাইটো ওলোৱা মাত্ৰকে তাক তলোৱাৰেৰে কাটি দুচেও কৰিব লাগিব! ৰজাৰ অনুচৰ তৈয়াৰ হৈয়ে আছিলে, গতিকেই চৰাইটো ওলোৱাৰ লগেলগেই দিলে এক কোপ, কিন্তু তলোৱাৰৰ সেই কোপ টুনটুনি চৰাইটোৰ ওপৰত নপৰি পৰিলেগৈ ৰজাৰ টিকাত, ৰজাই টিকাৰ এবখলা হেৰাই বিষতে আঁআঁ উঁউঁ উঁহু উঁহু কৰিব ধৰিলে...।

পিছৰদিনা পুৱা ৰাজপ্ৰাসাদৰ বাহিৰৰ গছ এটাৰ পৰা সুৰ কৰি টুনটুনিয়ে আকৌ গাব ধৰিলে এটি নতুন গান:

"মই টুনিয়ে টুন-টুনালোঁ,
সাত ৰাণীৰ নাক কটালোঁ... 
মই টুনিয়ে টুন-টুনালোঁ,
আমাৰ ৰজাৰ টিকা কটালোঁ।"


এই দৰে বহু সময় গাই অশেষত ৰাজপ্ৰাসাদ এৰি টুনটুনি চৰাইটো চিৰদিনৰ বাবে উৰা মাৰি গুচি গ'ল।


(আজি ৰূপকথাবোৰৰ ঠাই লৈছেহি কাৰ্টুন চেনেলসমূহৰ ছোটা ভী, ডৰেমন, অগী, মটু-পাতলু আদিয়ে... সেয়ে আমাৰ লোক সাধুকথাবোৰ আজি হেৰাই যোৱাৰ পথতশিশু সকলোৰ মাজত অতি জনপ্ৰিয় এই কাহিনীটো অসমৰ আন ঠাইত প্ৰচলিত হয় নে নহয় বা তাৰ কিবা ছপা ৰূপ আছে নে নাই সেই বিষয়ে একোকেই নাজানোনিজে সৰুৰে পৰা শুনা আৰু আমাৰ অঞ্চলৰ অতি জনপ্ৰিয় এই সাধুকথাটো সেয়ে ইউনিকোড ৰূপান্তৰকৰণ কৰি ৰাইজলৈ আগবঢ়াই দিলোঁ। ৰাইজৰ সহাঁৰি আৰু প্ৰতিক্ৰিয়া পালে ভাল লাগিব)

No comments:

Post a Comment