যি মন যায়...

বাতৰিকাকতত মোৰ ৰাশিফল

-----------------------------------

আন যিকোনো যুক্তিবাদীৰ দৰেই হস্তৰেখাবিচাৰ, কোষ্ঠীবিচাৰ আদিবোৰ যাবতীয় বিষয়ক মই সম্পূৰ্ণ উপেক্ষায় কৰো এতিয়া। লক্ষ-কোটি মাইল দূৰৰ সৌৰজগতৰ গ্ৰহ-নক্ষত্ৰ বোৰে কেনেকৈনো পৃথিবীৰ এক জৈৱ-কণিকা 'জয় চক্ৰৱৰ্ত্তী'ৰ ভাগ্য নিয়ন্ত্ৰণ কৰে...? এই ধৰণৰ এটা উদ্ভট কল্পনাক কিয়ই বা প্ৰশ্ৰয় দিম আজিৰ এই যুগত ! কেতিয়াবা সমাজৰ একেবাৰে উচ্চ শিক্ষাৰে শিক্ষিত মানে ধৰক, আই.এফ.এছ, আই.চি.এছ, পিএইচডি, ইত্যাদি ইত্যাদি ডিগ্ৰিধাৰী অতীৱ জ্ঞানী ব্যক্তিসকলোৰ লগতো নিজৰ কামৰ প্ৰয়োজনৰ বাবেই কেতিয়াবা আলোচনাত বহিব লগা হয়। তেওঁলোকে যেতিয়া বজাৰৰ মাছৰ দাম, ফিল্ম জগতৰ সেই তাহানিৰে বলৰাজ চাহানিৰ পৰা আজিৰ ছানি লিয়নকে ধৰি বিশ্বৰ প্ৰতিটো কোণৰ বিবিধ জ্ঞান জগতৰ কথাবোৰ আলোচনা কৰে, মই তেতিয়া মুগ্ধ ফেঁচা এটাৰ দৰেই চকু ডাঙৰ কৰি, মুখ মেলি তেওঁলোকে সেই আলোচনা বোৰ শুনি থাকো... সঁচাকৈয়ে তেওঁলোকে ইম্মান জানে ! পিছে তাৰ মাজতেই হঠাতে অঘটনো ঘটে কেতিয়াবা... যেতিয়া জীৱবিদ্যাৰ কোনো এক পি.এইচ.ডি. ডিগ্ৰিধাৰী এজনে জগতৰ সাম্প্ৰতিক অৰ্থনীতিৰ ওপৰত গুৰুগম্ভীৰ আলোচনা কৰি থকাৰ মাজতেই হঠাতে আন এজনৰ হাতখন নিজৰ ফালে টানি লৈ হস্তৰেখাৰ বিচাৰ আৰম্ভ কৰি দিয়ে। তেতিয়াই যেন তেখেতসকলৰ বিশ্বজ্ঞান সাময়িকভাবে স্থগিত হৈ পৰে। সেই বিশেষ জনৰ চাৰিওফালে হঠাতে প্ৰসাৰিত হব ধৰে হস্ত অৰণ্য !!! ময়ো তেতিয়া সেই হস্ত অৰণ্যৰ মাজতেই মোৰো হাতখনো সোমাই দিয়াৰ মৃদু চেষ্টা এটা চলাও যদিও বেছিভাগ সময়তেই মোৰ হাতখনে কোনো গুৰুত্ব নাপায়, সেই সময়ত মই সিহঁতৰ মুখত সমবেতভাবে ফুটি উঠা এটা কৌতুকময় হাঁহিৰ ৰেখা দেখা পাও ... ভাৱটো এনে যেন: "এইবোৰতো চব ফাল্টু কথাই হয়, তথাপিতো চোৱাই যাওক না এবাৰৰ বাবে, ক্ষতিয়েই বা কি !"

আচলতে মনৰ অগোচৰত পাপ নাই, সেয়েই মধ্যবিত্ত সকলে জীবনযুদ্ধত যিমানেই বিধ্বস্ত হৈ গৈছে, ভবিষ্যত খিনিও সিমানেই আৰু অতীতলৈ পৰ্যবসিত হৈ গৈছে, যাৰ ফলতেই নিজৰ ভাগ্যফল জনাৰ বাবে আকুল হৈ উঠিছোঁ আমিবোৰ। মোৰ জন্মৰ পিছত যিকোনো সাধাৰণ বামুনৰ পৰিয়ালে কৰাৰ দৰেই মোৰো মা দেউতাই কোনোবা এজন গনকৰ দ্বাৰা তৈয়াৰ কৰাইছিলে মোৰো এখন জন্মপত্ৰিকা, য'ত লিখা আছিল মোৰ গোটেই জীৱনৰ সকলো ভাগ্যফল, বাধা-বিঘিনি আদিবোৰ । কিন্তু ১৯৮৮ চনত ধুবুৰীত হোৱা প্ৰৱল বানপানীৰ ফলত মোৰ সেই জন্মপত্ৰিকা খন আজি অৱলুপ্ত । সেয়ে গ্ৰহ-নক্ষত্ৰবোৰে মোৰ বাবে কেনে ধৰণৰ ভাগ্য তৈয়াৰ কৰি থৈছিলে, সেয়া আজি আৰু জনাৰ উপায় নাই । শুনিছো, জন্মৰ সময়খিনি আৰু জন্মৰ স্থান জনা থাকিলেই পুনৰ জন্মপত্ৰিকা তৈয়াৰ কৰি দিব পাৰে জ্যোতিষী বা গনক সকলে, কিন্তু মোৰ আৰু সাহসে নজুৰে... কিজানিবা কেচু খান্দোতে সাপে ওলায়, কোনে জানে। অগত্যা বাতৰি কাকতৰ দেওবাৰে অহা বিশেষ পত্ৰিকাখনত মোৰ প্ৰথম দ্ৰষ্টব্য 'ৰাশিফল', কিন্তু সমস্যাটো হ'ল, মোৰ ৰাশি বা কি আছিলে...??? ঘৰৰ সকলোৱে পাহৰি থাকিলে। মোৰ মাৰ মতে এটা তো পেহীৰ মতে আন এটাহে... !!! দেউতাৰ এইবোৰ লৈ বিশেষ আগ্ৰহ নাই, সেয়ে সুধিলেও লাভ একো নাই । মেষ, বৃষ, মিথুন পৰা কুম্ভ, মীনলৈ সকলোবোৰেই মই নিজেই অনুধাৱন কৰিলো । বৃষ? উহু নাই নিমিলছে চোন... !!! মিথুন....? কিহৰ মিথুন ভাই....? সপ্তাহে প্ৰতি কমেও চাৰিদিন গৃহিণীয়ে জনাই আহিছে যে পৃথিৱীৰ আটাইতকৈ অপদাৰ্থ লোকজন মইয়েই। কৰ্কট ? আৰে ধুৰ..., বৃশ্চিক ? নেভাৰ, সিংহ...? বাপৰে তেনে শৌৰ্যবীৰ্য মোৰ গাত ক'ত ? ধনু...? হবও পাৰে দেই তাৰ কেঁকুৰিটোৰ লগত মোৰ জীৱনৰ মিল অলপ নথকা নহয় পিছে তীৰডাল যে সময়ত মাৰিবই নোৱাৰো মই... নাই ধনুও নহয় । কন্যা...? অসম্ভৱ স্ত্ৰীজাতি হব নিবিচাৰো নিজেই। তুলা...? শেষত কি ওজন জোখা হম ? ইমপচিবল ! মকৰ মানে কুম্ভীৰ ? নাহ, কাৰোবাৰ ভৰিখন ধৰি ডুবাই দিয়াৰ অভ্যাসটো অন্তত নাইহে। কুম্ভ ? হাঁ, তেনেকৈ বহি থাকো অৱশ্যে, কিন্তু কলহ হবলৈ কোনে বিচাৰিব...? বিশেষকৈ যেতিয়া কলহত নিজৰে চেহেৰাটোৰ ৰেফ্লেকছনটো আহে ! মীন? আৰে বাদ দিয়াহে, মাছ হব যাম কোন দুঃখত ? সেয়েই বাই ল অফ এলিমেনেচন, বাকি থকা 'মেষ' টোকেই পছন্দ কৰি ললোঁ। 'মেষ' এনেও নিৰীহ, শান্ত এক জীৱ। ৰাশিত এটি অসমীয়া মেষসাবক মানে ভেড়া পোৱালীহে হোৱাটো থিৰাং কৰিলো মই, ডাঙৰ শিঙাল ভেড়া হোৱাৰ ইচ্ছা নাই, তেনেকা আক্ৰমণাত্মক দুৰ্ধৰ্ষ ভেড়া মোৰ কাহানিও পছন্দৰ নাছিলে । মই সেই ইংৰাজী নাৰ্চাৰি ৰাইমৰ 'মেৰি হেড এ লিটল ল্যাম্ব'-অৰ সেই ভেড়া শিশুটি হম, ৰাশিত তো উল্লেখ নাই যে মেষ মানেই বৃদ্ধ মেষ !!! কিন্তু ইয়াতো সৰু খোকোজা এটি থাকিয়েই যায়... সেই যে কথাতে কয় " হেজাৰটা ভেড়াতকৈ এটা সিংহই ভাল" কি ডাল ভালহে... সিংহ পুৰুষ সকলোৰ কামকাজ বোৰ দেখোন আজিকালি ভেড়াতকৈও অধম পিছপৰা বিধৰ। মানুহে নিজা সুবিধা অনুসৰি একো একোটা মনেসজা উপমা লগাই দিলেই মানি লম নেকি...??? আমাৰো আত্মপক্ষ সমৰ্থন কৰাৰ অধিকাৰ আছে...! বাদ দিয়াহে, আজিৰ পৰা এইহেন বজ্জাত সিংহতকৈ ভেড়া হোৱাটোয়ে ভাল বুলি ময়ো প্ৰচাৰ কৰিম... যি হ'লেও আজিৰ পৰা মোৰ ৰাশি মই আবিষ্কাৰ কৰিলো, ফুলি ডিটাৰমাইণ্ড... মোৰ ৰাশি 'মেষ' ।

'মেষ' ৰাশিৰ মানুহ হৈ মোৰ দিনবোৰ ভালেই চলিছিল প্ৰত্যেক দেওবাৰে ৰাশিফল চাইছিলো বাতৰিকাকতত। কেতিয়াবা ব্যয়ধিকতাত কষ্ট পাব, কৰ্মক্ষেত্ৰত পৰিবৰ্তন দেখা নাযায়, শত্ৰু বৃদ্ধি হব পাৰে, সপ্তাহৰ শেষৰ ফালে আৰ্থিক উন্নতি ইত্যাদি ইত্যাদি লিখাবোৰ চাই কেতিয়াবা পুলকিত, কেতিয়াবা ৰোমহৰ্ষিত, কেতিয়াবা বিচলিত, কেতিয়াবা বিমোহিত, কেতিয়াবা ভাবান্বিত হৈ চলিছিলো । মিলি যাওক বা নিমিলক... অপ্ৰত্যাশিত অৰ্থলাভ কৰিব, শত্ৰুসকল পৰাভূত হব, কৰ্মক্ষেত্ৰত যশোলাভ কৰিব ' আদি ধৰণৰ কোনো কোনো মোক্ষম ঘোষণাৰ পিছত ব্যাকুল হৃদয়ে অপেক্ষা কৰাটো এটা নিয়মেই হৈ গৈছিল লাহে লাহে। এনে এটা সময়তে ঘটিল সেই অঘটন টো...
সিদিনাখন দেওবাৰ আছিলে মামা এজন আমাৰ ঘৰত কিবা এটা খবৰ দিব আহিলে, তেখেতেও লগত আনিছিলে এখন বাতৰিকাকত। যোৱাৰ সময়ত ভুলক্ৰমে আমাৰ ঘৰতেই কাকতখন এৰি গ'ল, সেইখন কাকত আমি নাৰাখো সেয়ে দুপৰীয়া ভাতপানী খাই বিচনাত বাগৰি সেইখনকে লুটিয়াব ধৰিছোহে মাত্ৰ তাৰ ৰাশিফললৈ চাই চকখাই উঠিলো। ইতিপূৰ্বে আমি ৰখা কাকতখনত 'মেষ' সম্পৰ্কে যি জানিছো সেয়া হ'ল: স্বাস্থ্য ভালে যাব, আয়-ব্যয়ৰ সমতা থাকিব, ব্যৱসায়ী সকলোৰ বাবে মোটামুটি সপ্তাহটো শুভ... কিন্তু এইখনত যে দেখিলো কথাবোৰ একেবাৰেই উল্টা-পুল্টা...!!! লিখিছে 'ব্যয়বৃদ্ধিৰ বাবে দুশ্চিন্তা, শৰীৰ ভালে নাযাব, ব্যৱসায়ী সকলোৰ বাবে নতুনকৈ অগ্ৰসৰ নোহোৱাটো বাঞ্ছনীয় ।' কি কাৰবাৰ এইবোৰ !!! মনত এক জটিল দুৰ্ভাৱনাৰ উদয় হ'ল... ছেহ, কোনখন কাকতৰ কথা বিশ্বাসত ল'ম এতিয়া ??? নাই কিবা এটা গোলমাল আছে সেয়ে প্ৰতিবেশীৰ ঘৰৰ পৰা তৃতীয়খন কাকত কিবা এটা বিশেষ লিখাৰ বাবে লাগে বুলি কৈ শ্ৰীমতীক আনিব পঠালো আৰু তৃতীয় কাকতৰ ৰাশিফলটোত যি পালো সেয়া নকোৱাই ভাল । মুঠৰ ওপৰত, সিখনত ভাগ্যচাৰ্যা নামৰ আন এক মহাপণ্ডিতে তৃতীয় মত এটাহে পোষণ কৰিছে দেখোন !!! এওঁলোক সকলোৱেই জ্ঞানী-গুণীব্যক্তি, কিন্তু মই এতিয়া কোনফালে যাও ? কোন কাকতৰ ৰাশিফলটোৰ লগত তেতিয়া হ'লে ৰাহিযোৰা মিলিব মোৰ...??? এক জটিল পৰিস্থিতি ।

হঠাতে মনত এই ৰাশি-ঠাশিৰ প্ৰতি এটা তিব্ৰ জিঘাংসা জাগিল... ভাৰ মে যায়ে 'মেষ' আজিৰ পৰাই মই 'ফ্ৰি লাঞ্ছাৰ' ৰাশিৰ মানুহ ! বৃষ-বৃশ্চিক-কৰ্কট-কন্যা-মকৰ-মীন...যিকোনো এটা হ'লেই হ'ল । দেখাই যাওক এই তিন কাকতৰ তিনি পণ্ডিতে কোনো এটা ৰাশি সম্পৰ্কে কেতিয়াবা একমত হব পাৰে নে নাই। বেলেগ বেলেগ কাকতৰ পাঠকৰ বাবে একেটা ৰাশিৰে ৰাশিফল বেলেগ কিয় হয় কোনে জানে ! এয়া কি ধৰণৰ বিজ্ঞান..??? ইয়াৰ চৰ্চা কৰা পণ্ডিত সকল কি জাতৰ বিজ্ঞানী !!! মই এতিয়াৰ পৰা প্ৰত্যেক সপ্তাহত ৰাশি সলনি কৰি লম... মোৰ একো সমস্যা নাই, যিহেতু মোৰ ওৰিজিনেল ৰাশিটো হেৰাইয়ে থাকিল সেয়ে মই মোৰ ইচ্ছামতে যিকোনো ৰাশিতে বিচৰণ কৰিম, যিটোৰ ফলাফল সকলোতকৈ বেয়া তাকেই বাচি ল'ম... তেতিয়া অন্তত মনটোক সান্তনা দিব পাৰিম ইয়াতকৈ বেয়া আৰু হবই নোৱাৰে, কিবা হ'লে ভালেহে হব ।।

^^^^^^^^^^^

#‎মূল থিমটো নাৰায়ণ গংগোপাধ্যায়ৰ 'সুনন্দৰ জাৰ্নাল' পৰা লোৱা।


মহাদেৱৰ বিলৈ
_____________

দুনিয়াৰ য'ত দুষ্ট বুদ্ধি মুৰত ঘুৰঘুৰ কৰি ঘুৰি থাকে চেঙ গাওঁৰ প্ৰতি ঘৰ মানুহৰ ঘৰতেই কিবা নহয় কিবা এটা অকান্ড নকৰাকৈ থকা নাই চেংএ এনে এক অযথা হস্তক্ষেপ আৰু পদক্ষেপৰ ফলতেই সিদিনা ঘটিল এক কাণ্ড ঠিক কাণ্ড নহয় অকাণ্ড হে ....

গাওৰ শিৱ মন্দিৰৰ টিলিঙাটোৰ ওপৰত চেঙৰ লোভ আছিল বহু দিনৰ পৰাই ভগৱান শিৱৰ মুৰৰ ঠিক ওপৰতে আঁৰি থোৱা আছিল পিতলৰ প্ৰকাণ্ড টিলিঙাটো শিৱৰাত্ৰিৰ দিনাখন প্ৰতি বছৰে টিলিঙাটো ৰচিৰে বান্ধি দিয়া হৈছিল, ভক্ত সকলোৰ সুবিধাৰ্থে ভক্ত সকল চবেই সিদিনা সেই ৰচিডাল  টানি টানি তিনিবাৰকৈ  বজায় সেই টিলিঙাটো…. টিংটিং….টিং

আহা কি মধুৰ তাৰ শব্দ! শিৱৰাত্ৰিৰ দিনা খনৰ বাহিৰে বেলেগ দিনা টিলিঙাটো বজোৱা নহৈছিলে কেতিয়াও, শিৱ ভগৱানৰ কাষতেই আছিলে পাৰ্বতী দেৱীও
পাৰ্বতী দেৱীৰ মুৰত জলমলাই আছিলে চহৰৰ ছগণমল মাৰোৱাৰীয়ে দিয়া সোৰ মুকুট এটা কিন্তু সিফালে কাহানিও ভুলতেও চেং নজৰ দিয়া নাই এবাৰৰ বাবেও চেঙক যিমান আকৰ্ষণ কৰে সেই টিলিঙাটোৱে হে , ইচ কিবাকৈ সেইটো হৰণ কৰিব পৰা হ'লেসিদিনাখন  চেঙে ৰাতিপুৱাই পূজাৰী দেউক   চহৰৰ বজাৰৰ ফালে ওলাই যোৱা দেখা পালে, অৰ্থাৎ গাওঁৰ মন্দিৰ উদং আজি চেঙে অনতি পলমে পোনাই দিলে মন্দিৰ চৌহদলৈনাই ওচৰে-পাজৰে কোনো নৰমনিচৰ উপস্থিতিৰ উমান নাই ইয়াকেই সুৱৰ্ণ সুযোগ জ্ঞান কৰি সি মন্দিৰৰ ভিতৰত এন্ট্ৰী এটাকে মাৰি দিলে লাহেকৈ কিন্তু  কথাতেই আছে বা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি”, হায় টিলিঙাটোচোন বেচেৰাৰ  হাতেৰে ঢুকি পোৱাসাধ্যৰ বাহিৰত যিমান দুৰলৈ হাত যায়, তাৰ পৰাও প্ৰায় এহাত ওপৰত আছে টিলিঙাটো অভাৱেই সকলো আবিষ্কাৰৰ মূল, এই হাত ছুটি হোৱাৰ অভাতেই চেঙে আবিষ্কাৰ কৰিলে যে টিলিঙাটো পাৰিবলৈ হ'লে উঠিব লাগিব শিৱলিঙ্গটিৰ মুৰৰ ওপৰতআৰু ভৱা মতেই চেঙে উঠি দিলে শিৱলিঙ্গৰ মুৰৰ ওপৰত কিন্তু তথাপিও সমস্যাৰ সমাধান নহ, টিলিঙাটো আঙুলিৰে চুতো পাৰি, কিন্তু তাক হাতৰ মুঠিত নাহে কোনো পদ্ধেই…. আহ কি যে মচকিল! কিন্তু এয়া কি…! ভগৱান শিৱৰ মুৰত থিয় হোৱাৰ লগে-লগেই ঘটিল সেই অঘটনটো…!

স্বয়ং শিৱ ভগৱানৰ তাৰ সন্মুখত আবিৰ্ভূত! চেঙৰ পদক্ষেপতেই দেৱাদিদেৱ মুক্তি পালে নাকি বাৰু…. ?
'বৎস, তোমাৰ ভক্তিত মই সুপ্ৰসন্ন  হৈছোঁ, তুমি বৰদান প্ৰাৰ্থনা কৰা বৎস
'
'অ্যাঁআআবিস্ময়ত তধা
উৰি গ'চেঙ
'ভয় নকৰিবা বৎস
তুমি কি মোক চিনিব পৰা নাই নে ?'
'কিয় চিনব নোৱাৰিম প্ৰভু ?' চেং
এইবাৰ অলপ মৰ-সাহ কৰি ক'লে
'আপুনি প্ৰভু শিৱ মানে মহাদেৱ, মই দেখিয়ে চিনিব পাৰিছোঁ আপোনাক প্ৰভু…. কেলেণ্ডাৰৰ শিৱৰ ফটো বোৰৰ সতে  অদ্ভুত মিল আছে আপোনাৰ প্ৰভু'
'তোমাৰ দৰে ভক্ত মই আৰু ভূ-ভাৰতত দেখা নাই বৎস' ভগৱান শিৱই ক'লে, 'লোকে মোৰ মুৰত ফুল বেলপাত অদি উঠাই দিয়ে, আৰু তুমি নিজকেই মোৰ ওপৰত উঠাইছা
তোমাৰ সৰ্ব শৰীৰ মোৰ ওপৰত তুলিছা, এনে ভক্ত মই কস্মিন কালতো দেখা নাই কোৱা এতিয়া তোমাক কি লাগে ?'
'কি আকৌ লাগিব..?' চেং
থতমত খাই সুধিলে
'মন্ত্ৰী হ'ৱ খোজা তুমি..?'
'এম.এল..?'
'বহুতো চেলা-চামুণ্ডা, চামচা…হেতা আদিৰ সৈতে ৰাজ্যৰ প্ৰৱল প্ৰতাপী নেতা হোৱাৰ বাসনা আছে নেকি তোমাৰ?'
চেং
ভাৱিবলৈ ধৰিলে…..বহু পৰ ভাৱি উত্তৰ দিলে
'সি বিলাক বৰ জঙ্কটৰ কাম প্রভু !' ভাবিচিন্তি চেং
জনালে : ভগৱান, নেতা হ'বলৈ মোৰ মনে নিবিচাৰে ৰাজ্য চলোৱা মোৰ কাম নহয় আনকি কেনেকৈ ৰাজ্য চলায় মই তাকেই নাজানোঁ। '
'তেতিয়া হ'লে কি বিচৰা জলদি কোৱা ?.. পৰম সুন্দৰী এক কন্যা ?'
'কন্যা….?  কন্যা লৈ মই কি কৰিম…?'
'কিয় ? বিয়া কৰি সুখৰ সংসাৰ গঢ়িবা, আকৌ ?'
'বিয়া! এতিয়াই মই বিয়া কৰিম কোন দুখত প্রভু..? দেখা নাই মোৰ দাৰি-গোঁফ ভালকৈ ওলায়েই অহা নাই এতিয়াওআপুনি এনেকৈ কামোৰ কিয় দিছে শিৱ মহাদেৱ ?'
'তেতিয়া হ'লে হাতী, ঘোৰাকিবা এটাতো খোজা বাপ…!' বৰদান দিবলৈ আহি এনে আলৈ-বিলৈ মহাদেৱৰো আনকি জীৱনত প্ৰথম
'চোৱা বৎস মই তোমাক বৰদান দিবলৈহে ইয়াত আভিৰ্ভাৱ হৈছো , গতিকেই বৰদান নিদিয়াকৈ এৰা ভকতও ও ছৰি,ছৰিভগৱান নহয় দেই মই’…
'ধেইমহাদেৱহাতী, ঘোৰাৰে কি কৰিম মইদিনৰ দিনটো সিহঁতৰ ঘাঁহ কটতেই জীৱন যাব দেখোন মোৰ ?'
'টকা-পইচা, ধন-দৌলত?'
'ৰাখিম ক'? আলফা,ছালফা, এন.ডি.এফ.বি., অমুক সাপ পাৰ্টী, তমুক টাইগাৰ পাৰ্টী এইবোৰৰ নাম শুনা নাই জানো মহাদেৱ আপুনি…? আৰু পুলিচ ? এবাৰ  চোন আপোনাৰে মন্দিৰৰ দান বাকচৰ টকা অলপ কায়দা কৰিছিলোঁ, তাতেই দেখোন পুলিচ আহি এনে এটা ৰামদিছিলে যেএতিয়াও মোৰ মনত আছে ভাকলৈয়ে প্রভু
নানামহাদেৱ, টকা-পইচা, ধন-দৌলত এইবোৰ বেয়া বস্তু…. মোক নালাগে

'তোমাৰ দেখোন সুন্দৰী ৰমণীও আসক্তি নাই, ধন-দৌলতো নালাগে তোমাকবৈদ্য মচকিল হে তোমালোকৰ নিচিনা ভকত বোৰক লৈহুঁহ… তোমাক মুক্ত পুৰুষ টাইপৰ লাগিছে মোক, তেতিয়া হ'লে তুমি কি বিচাৰিবা…? ভক্তি, মুক্তি ?'
'এহ ভক্তি মোৰ নাইয়ে মিছাতে কিয় চৰকাৰী আঁচনিৰ দৰে মোৰ গাত জাপি দিয়ে কওঁক…? আৰু মুক্তি  প্ৰতি শুকুৰবাৰেই চিনেমা হ'লবোৰত একোখনকে পায়েমই নগ'লেও পায়েই দেখোন
নাই নাই সেইবোৰ মোক নালাগে মহাদেৱ প্ৰভু

'
ও তেতিয়া হ'লে মই ভাৱো তোমাক লাগে ত্যাগ, বৈৰাগ্য, সহিষ্ণুতা--'
'
নাই নাই সেইবোৰতো স্বামী ৰামদেৱহঁতৰ বস্তু আপুনি বৰং স্বামী ৰামদেৱক সেইবোৰ দিয়ক গৈ…'
'
ভাল পেজেংত পেলালা হে বাপু মোক!' মহাদেৱে নিজৰ মুৰৰ জঁট ডাঙি অলপ খজুৱাই ল'লে ইচ এই কলিযুগৰ ল'ৰা বিলাকৰ যে কি হ', অগতে লাখ ঘৰত বৰদান দিয়াতো এনে সমস্যা হোৱা নাছিল কেতিয়াও আৰু দেৱতা সকলৰ ভিতৰত মোৰে বৰদান দিয়া ৰেকৰ্ড আটাইতকৈ ভাল, বৰদানৰ কি সোণোৱালী দিন আছিলে সেইবোৰভক্তই তপস্যা কৰিবফটকছে হাজিৰ হোৱা আৰু ভক্তৰ  প্ৰি-ডিটাৰমাইনণ্ড তপস্যা মতেই  বৰদান দি দিয়া 'ত জেং এই আধুনিক ডিজিটেল ভক্তবোৰৰ লগত, কি যে লাগে নিজেই নাজানে আৰু উপযাচি দিলেও পছন্দ নহয় তাহঁতৰ এনেই বাকীবোৰ ভগৱানে আজিকালি বৰদান দিবলৈ এৰিলেনে!! কি খুজিব পাৰে ইমই নিজে বাৰু তাৰ বয়সত কি ভাল পাইছিলোঁ …? নাই স্মৰণ শক্তিয়েও কাম কৰা নাই ভালদৰে এতিয়া সেই সুদূৰ অতীতৰ কথা মনতেই নাহে চোন ।  সেই ছয় হাজাৰ বছৰ আগতেও যে আজিৰ দৰেই একে বয়সীয়া হৈ আছিলে মনত আছে মহাদেৱৰ, তাৰ আগতে কেতিয়া যে তেওঁ শিশু আছিলে, কেতিয়া ডেকা হ'ল কেতিয়াকৈ যে যৌৱন পালেআছলতে তেওঁ শিশু বা ডেকা আছিলেনে নাই  ? এইবোৰ কথাত সুনিশ্চিত একোতেই হ'ব পৰা নাই মহাদেৱ কি বিচাৰিব পাৰে এই ল'ৰাটো ? কি পছন্দ হ পাৰে তাৰ? শিৱই নিজৰ লগতে ৰিজনি দি চাব বিচাৰিলে নাই নাই ভগৱান শিৱ আৰু তাৰ ৰুচি সমান হোৱাৰতো কথা নহয় আদি কালৰ মহাদেৱ আৰু সিদিনাৰ এই ডিজিটেল ল'ৰাৰ ৰুচি কেনেকৈ একে হ'? যি বস্তু তেওৰ প্ৰিয় তাৰ ওচৰত সেয়া হয়তো বা একেবাৰে  মূল্যহীন 'ৰাটোক এই বয়সতেই  ধুতুৰা ফুল আৰু বেলপাতৰ ফালেও হাত আগ নবঢ়াব নিশ্চয় ?

মুৰত হাত ঘুৰাই ঘুৰাই ভাৱিব ধৰিলে মহাদেৱে , নাই ভাবিয়ে পোৱা নাই কি কৰা যায় এতিয়াহঠাৎ নিজৰ কপালৰ ওপৰত চুলিৰ জোঁটত গুজি থোৱা জোনটোতে হাত লাগি গ'ল মহাদেৱৰ ইচ ইমান দেৰি পিছত হে যেন চন্দ্ৰটোকে পালে হাতত মহাদেৱে…'এই লোৱা চন্দ্ৰ'…. মহাদেৱে প্ৰৱল উদ্যমৰে ক'লে  'এই চন্দ্ৰটি তুমি পা বিছৰা নিশ্চয় ? এনে এটি জোন পলে ভাল নালাগিবনে তোমাৰ?'
প্ৰস্তাবটো শুনি চেং নাক কোঁচলে জোন লৈ সি কি কৰিব? গাওঁৰ বোৱাৰীয়ে যেনেকৈ খোপা বান্ধতে চুলিত ফণিখন কিবা আচৰিত কিটিপত চুলিৰ মাজত লগাই থয়, জোঁটা চম্ভালি কাঁচি জোনটোক চুলিত কয়দাকে ল'গাই থলে চেঙৰ তো মালিঙ্গা চুলি,  ব্যাক-ব্ৰাছ ছাইড ব্ৰাছ আৰু ফ্রন্ট-ব্ৰাছসমাহাৰ তাৰ চুলিতকাঁচি জোনটোক সেই চুলিত শোভা দিয়াৰ চখ নাই তাৰ চন্দ্ৰ নহৈ আন কিবা হ'লে ভাৱি চাব পৰা গ'লে হয়
'সেইটো তো অৰ্ধচন্দ্ৰ মানে কাঁচিজোন মহাদেৱ, অপুনি মোক কি অৰ্ধ চন্দ্ৰই দিব বিচাৰিছে নেকি প্ৰভু…?  সেয়া মোৰ বাবে অপমান জনক নহয়নে বাৰু?' চেঙৰ খং উঠি গ'-- 'তাতকৈ, আপুনি বৰং মোক মন্দিৰৰ পৰাই ওলাই যাবলৈ কওঁক'
'না না না বৎস
সেয়া মই কেনেকৈ কওঁ ? মই অলপতে সন্তুষ্ট হোৱা দেৱতা-- ইমান ডাঙৰ ভক্ত তুমি মোৰ তোমাক মই তেনেকৈ ক' পাৰোনে কেতিয়াও ? ভক্তাধীন ভোলানাথ, শুনা নাই নে কথাষাৰ ? ডাকৰ বচনত আছেই দেখোন'
'তাকেকওঁক!'
'মই ভাৱিছিলো চন্দ্ৰৰ টুকুৰাটো হাতেৰে লাৰি-চাৰিচালি-জাৰি যদি এবাৰৰ বাবেও চালা হয় মই নিশ্চিত তোমাৰ পছন্দ হ'লেই হয়…'
'
চন্দ্ৰলৈ হাত দিবলৈ যাম কিয় মই…? মই কিবা বাওঁনা নেকি যে…? বাওঁনাই হে চন্দ্ৰলৈ হাত মেলে মই কিমান ওখ-পাখ দেখা নাই নে…? অলৰেডি পাঁচ ফুট চাৰে ইঞ্চি চবেই কয় মই এতিয়াও আৰু চাৰি ইঞ্চি মান বাঢ়িবলৈ বাকিয়ে আছে, আমাৰ বংশৰ চবেই ওখতামোল, নাৰিকল গছৰ দৰে'
' ও তেতিয়া হ'লে তুমি এনেই চন্দ্ৰ এনেই পা
বা, তামোল গছৰ মুৰতেই তো চন্দ্ৰ থাকে তাতেই দেখা যায় প্ৰায়ে, দেখানাইনে বাৰু কেতিয়াও তুমি ?'
'দেখিছোঁ দেখিছোঁ, মই পুখুৰিৰ পানীৰ মাজতো দেখিছোঁ, বাৰিষাৰ নালা নৰ্দমাতো দেখিছোঁ'
'জোনৰ দৰেই মোকো ডুবালা তুমি বাপু ! কিযে জেং লাগিল আজি বা কাৰ মুখ চাযে পুৱা ওলাইছিলোঁ মইবৰদান দিম বুলি কথা দিছোঁ, অথচ এতিয়ালৈ একোকেই দিব পৰা নাই মই
তুমিও একোকে নোখোজা,অথচ কিবা এটাতো দিবই লাগিব মোক নিদিয়াকৈ উপায় নাই,নহ'লে মোৰ কথা মিছা হৈ যায় আৰু মিছা কথা মই আকৌ নকওঁ কি যে মোচকিলপঢ়িলোঁ, এইটোৱে জীৱনত মোৰ শেষ বৰদান হ'! আচ্ছা বৎস, তুমি কি কিবা খাব বিচৰা….?'
খোৱাৰ কথাত চেঙৰ অলপ উৎসাহ দেখা গ'-- 'কি খুৱাব কওঁক ?'
'কি খুৱাম তোমাক তাকেই ভাৱিছোঁ ' মহাদেৱে ক'লে -- ' সঁচা কথাটো হ'ল আমাকেই চব ভকতে ভোগ প্ৰসাদ দিয়ে, মই নিজেও আজিলৈ কা
কোৱেই খালৈ দি পোৱা নাই আনকি মই তোমালোকৰ প্রিয় পাৰ্বতী দেৱীকো কেতিয়াও বজাৰৰ পৰা খোৱা বস্তু আনি খুওৱা নাই  সেয়ে তোমাক যে কি খুৱাম অলপ ভাবি লওঁ ৰবা এতিয়া, মহাদেৱে ভাবিব ধৰিলে
' ডাৱ খাবা ডাৱ ?' মন্দিৰৰ কাষৰ নাৰিকল গছজোপা দেখিয়ে মহাদেৱৰ ডাৱৰ কথা মনত পৰিল

'ডাৱ? ডাৱ কিয় ? আজিতো ইমান গৰম নাই যে ডাৱ খাই আপোনাৰ লগত ভা
জমাম ?'
'তেতিয়া হ'লে বোকাখাতৰ পেঁড়া ?… দিল্লীৰ মালাই-লুচ্ছী ? কৈলাসৰ ভাং ?'
'ভাং ….ভাং  টৌ কি বস্তু প্রভু ?' জানিব বিছাৰিলে চেঙে
কিন্তু মহাদেৱ তাতকৈ বেছি ভাঙৰ কথাটো ভাঙিব বিচৰা নাই
ভক্তই যিহেতু কথাটো শুধিলে মানে ভক্তই কথাটো নাজানে গতিকেই  ভক্তৰ ওচৰত নিচাৰ কথা পতা উচিত নহ-- নন্দী ভৃঙ্গীৰ কথা বেলেগ সিহঁত দুটাই বনায়, গতিকেই জানেই কি বস্তু  মহাদেৱে কথাটো ঘুৰাই ক'লে 'ভাং মানে, এই সিদ্ধি আৰু শুদ্ধ ভাষাত তুমি কি সিদ্ধিলাভ কৰিব বিচৰা ?'

'
একদম না সেইবোৰ সাধক লোকে বিচাৰে মই কি সাধক? যোগী ঋষি নেকি মই ? তথাপিও কওঁক চোন জানি থোৱা ভাহ’ৱ'
'
মইয়ে খাওঁ এই সিদ্ধিমোৰ বোৰ প্ৰিয়, খাওঁ মানে পানহে কৰো আকৌ '
'
খাৱলৈ কেনেকুৱা..? চিৰাৰ দৰে নেকি? কুহিয়াৰৰ ৰসৰ দৰে মিঠা যদি দিব পাৰে মোকঅলপ খাইয়ে চাওঁ আজি'
'
না না, থাকক সেইবোৰ খাব নালাগে তুমি, পানীয়হে সেইবোৰ । আৰু পানীয়তো খাদ্য নহয়, সিবোৰেৰে পেটও নভৰিব তোমাৰ তোমাক কি দিয়া যায়  চাওঁ ৰবা মই…' মনে মনে মহাদেৱ গোটেই নৰলোক ঘুৰিলে, আৰু যি বোৰ খাদ্যসম্ভাৰ তেওঁৰ দিব্যনেত্ৰৰে দেখা পালে, এফালৰ পৰা কলৈ ধৰিলে
'আগ্ৰাৰ পেঠা খাবা…? মালদহৰ ফজলী আম ? বৰ্ধমানৰ মিহিদানা ? সৰভোগৰ দৈ ? আৰবৰ খেজুৰ ? অন্ধ্ৰৰ চালানি মাছ ? আমেৰিকাৰ আপেল ?
শ্বিলঙৰ তামোল ? বেনাৰচৰ মিঠাপান…? ভোগালীৰ জলপান….?'
' যিমান খুজিবা, সিমানেই দিম ! কলিকতাৰ ৰসগোল্লা ? মহামায়াৰ খিচিৰি?' মহাদেৱৰ  লিষ্টি যেন শেষেই নহয় : 'কোৱা কি লাগে তোমাক, নে গোটেই বোৰেই একেলগে বিচাৰা তুমি ?'
'নাই প্ৰভু ঈশ্বৰ,মই আপোনাক ইমান ঠাইত বস্তু বিচাৰি হায়ৰাণ কৰাব বিচৰা নাইআপোনাৰ হাতৰ কাষতে যি আছে তাকেই মোক দিয়ক
'
'হাতৰ কাষত ? অঃহঃ পাৰ্বতী দেৱীৰ সেই স্বৰ্ণ মুকুটটো লাগে বোধহয় তোমাক?' মহাদেৱে দেবীৰ মূৰ্তিৰ ফালে হাত বঢ়ালে

'নাই নাই
সোৰ মুকুটেৰে মই কি কৰিম…? সেইটো তো পিন্ধিবও পৰা নাযাব পিন্ধিলেই মুৰত বিন্ধিব সেইটোৱে তাৰোপৰি এই মুকুটটো পিন্ধি ফুৰিলে মানুহে মোক পাগল বুলি নাভাবি থাকিব নে?'
'তেতিয়া হ'লে তোমাক কি
লাগিব কোৱা, মোৰ হাতত আৰু সময় নাই, আন এজন ভক্তই নিজৰ মুৰ শিলত খুন্দিয়াই আছে তাৰ আগত এতিয়াই আবিৰ্ভাৱ হোৱাৰ দৰকাৰ, নহলে সি….. '

'আপোনাৰ মুৰৰ ওপৰত সেই যে টিলিঙাটো
সেইটোকেই লাগে মোকমই হাতেৰে ঢুকি নোপোৱাৰ বাবেই আচলতে আপোনাৰ মুৰত উঠিছিলোসেইটোকেই মোক পাৰি দিয়ক না প্লিজ!'
'বচালা মোক!' এটা দীঘলীয়া উশাহ ল'লে মহাদেৱেউহঃ নিস্তাৰ…., মহাদেৱে চেঙৰ হাতত টিলিঙাটো তুলি দিয়েই অন্তৰ্ধান হ'

চেঙেও টিলিঙাটো লৈ মনৰ আনন্দত মন্দিৰৰ বাহিৰলৈ ওলাই আহিলটিলিঙাটিও দৌৰ
কোবত নিজে নিজেই বাজি উঠিল টিলিংটিলিংটিলিং




বিঃদ্রঃ গল্পটো নিজাকৈ উপস্থাপন কৰিলোঁ যদিও ইয়াৰ মূল থীমটো সৰুতে কৰোবাত পঢ়া, মূল লিখকৰ নামটো মনত পেলাব পৰা, নাই তাৰ বাবে দুঃখিত। পাঠকে ভুল ভ্রান্তি খিনি আঙুলিয়াই দিয়ে যেন ।

No comments:

Post a Comment