খুহুটীয়া কবিতা


মৰ্ডান কৃষ্ণ
--------------
মৰ্ডান কৃষ্ণৰ গৰু নাই...
পালছাৰেই ল'লে গৰুৰ ঠাই,
গোপিনীৰো নজৰ আজি হায়, শ্ৰী কৃষ্ণৰ জেপত,
এইমাত্ৰ ৰাধাই বাৰ্তা দিছিলে কৃষ্ণৰ হোয়াটছ এপত ! 
কিযে দিনকাল পঢ়িলে ভাই
হৰিণাইও বাঘৰ গাল চেলেকি যায় ।
মাহৰ আয় খিনিও ষোল্লশ গোপিনীক... হায়
এয়াৰছেল, এয়াৰটেলৰ ৰিচাৰ্জ দিয়াতে যায় ! 
যিজন কৃষ্ণই গোপিনীৰ পিছত উৰায় কেৱল টকা,
সেই কৃষ্ণই গোপিনীৰ পৰাও খায় কেৱলেই ধোকা... !! 
মাইণ্ড ইট ইউ বোপা

-------------------------------------------------------------------------------------

ৰহস্যবাদী বম ফাল্টু পুৱেম
---------------------------
কালি মই খোৱাই নাই নেকিৰে...
ৰাতিৰ সাঁজৰ ভাত...??
টান টান উচ্চাৰণত সৰি পৰিছিল যে
তলপাটিৰ দুটি দাঁত !!
সেই যে আছিলে কিবা ব্যাকৰণৰ অব্যয়,
ন আৰু ন, ওঠৰ হয়নে, হয় নিৰান্নবৈ...??
পৃথিবীত যিমান আছে গাধা,
মোৰ মগজুতে সোমাই আছেনেকি বাৰু...
সিমান গাধাৰ আধা...??
এটা মগজুত কি থাকে ইমান ডাঙৰ ঠাই...!!
তেন্তে তাতে গৰু দুটামানো লগতে কিয় নাই...??
এহ, লোকে এনেই কয়,
হেঃ হেঃ নাজানে...
দুটা অব্যয় মিলিলেই দেখোন, ক্ৰিয়া এটা হয় !!
ধুৰ...কি যে আল্টু-ফাল্টু,
মেকাৰৰ তাতে গৈ সলাবি যা
নিজৰে মগজুৰ বল্টু...
চালা ফাল্টু,
বম ফাল্টু।

 

পাদৰ কথা 

-----------

পাদৰ কথা শুনিলেই চবেই মুখখন ঘুৰাই ৰাখে,

ল'ৰাই পাদিলে ছোৱালীৰ আগত, মুখ টিপি হাঁহে !

কাৰো পাদৰ দুৰ্গন্ধ বেছি - কাৰো পাদৰ নাই...

পাপ্পুই পাদে দুৰ্গন্ধ পাদ, কেঁচা মূলা খাই ! 

কাৰো পাদ শব্দ বিহীন, কাৰোবাৰ কেৱল ফুচচ...

হাৰমোনিয়াম স্বামীৰ পাদৰ গন্ধত বহুতেই হেৰায় হুচ !

কোনোবাই পাদে বাঁহীটিৰ দৰে চাৰেগামাৰ সুৰত,

কোনোবাৰ আকৌ ঠুচ-ঠাছ যেন গুলিহে ফুটিছে দুৰত !

ৰোগত পাদে, শোকত পাদে, পাদে আনন্দত... 

দুই এটাযে নিলাজ আছে, ধাউচকে পাদে ভৰপুৰ সমাজত !

মুদি পাদে ইউ টাৰ্ণ মাৰি, চুনিয়া পাদে দামী...

আম খাইয়ো পাদে কেজেৰু, একেবাৰে কমদামী!

আলু খাই পাদিছিলে চালুই, পাবলিকৰ মুখত...

জেলৰ ভিতৰত কিমান যে চাৰে পাদিছিলে মনৰ দুখত!

হাঁহিৰাম পাদে, উৎফুল্ল পাদে, পাদে ভাজমল...

বাওঁহাতিয়াই নাপাদিলে, আকৌ দেশেই যাব ৰসাতল!

চানি লিয়নো পাদে বিকিনিত সাগৰৰ পাৰত, 

ঐশৰিয়াই আকৌ মিঠা মিঠা পাদে বচ্চনৰ ঘৰত !

পাদে নামানে বাধা-নিষেধ, পাদে নামানে দিক

মানুহ মাত্ৰ সকলেই পাদে, নাপাদা জন নহয় ঠিক !!! 





লাহাবালাই

——-----
😥
গুৰাপেলুই কেইদিনৰ পৰাই দিছিল বৰ অশান্তি,

আয়ুৰ্বেদীক প্ৰয়োগৰ কথাত হৈ গ'লো মই মান্তি! 

ভাবিছিলোঁ মাৰিম পেটৰ য'ত গুৰাপেলু, 

পৰিত্ৰাণ বিচাৰি বাটৰফালে গেলু...

কলা জাতিকচু গজি আছিল ৰোড চাইডত,

উঘালি আনি লগাই দিলোঁ নিজৰ বেক চাইডত! 

পেলুৰ ক'ত দম আৰু থাকিবলৈ হেৰিয়াত, 

নিজেই আছোঁ এতিয়া বহি ঠাণ্ডাপানীৰ এক চৰিয়াঁত!

পেলু মাৰিব নলগাওঁ আৰু ৰোড চাইডৰ মাল, 

এইবোৰ মাৰিবলৈ ভাই ইংৰাজী দাওৱাইয়ে ভাল!!








জয় ফু-বাবাৰ জয় 
-------------------------

যিজন মনুষ্যই ৰূহানী বাবাৰ কৰিবহি গুনগান ,

সেই মনুষ্যই লগেলগে পায় বাবাজীৰ বৰদান !

বাবাৰ অশেষ গুনগান আজি লোকৰ মুখেমুখে, 

তুমিয়েই বাবা সহায় কৰিবা এই মহাপাপীক সুখেদুখে।।


দুমাহ মানৰ পৰাই হৈছিল, মোৰ এক অচিন ৰোগ, 

চুলিৰ আগৰ তামাম বিষত, ভূগিছিলো দুৰ্ভোগ...

ক'ত ডাক্টৰ, কতো বৈদ্যই কিমান যে দাৰু দিলে, 

চুলিৰ আগৰ হিম'গ্ল'বিনো পৰীক্ষা কৰি চালে !!


হাজাৰ টকাৰ দাৱা-দাৰু খাই অকনো পোৱা নাই ভাল, 

ইমান দিনে ডাক্টৰ-বৈদ্যই মোক বেছ লিটিপুটি খাল ! 

দুদিন আগত নিউজ লাইভত ওলাল হেনো কিবা বাবা, 

লগৰ এজনে ফোনকৰি ক'লে, পাৰিলে এবাৰ চাবা।।


টিভিত বহিলো, ৰিমোটত টিপিলো... চেনেল থাৰ্টিফাইভ, 

টিভিৰ পৰ্দাত ভাহি উঠিল লোকেল চেনেল "নিউজ লাইভ" ! 

তাতে দেখোন আলখাল্লা পিন্ধা বিহাৰী এটাহে বহি আছে, 

মাজে মাজে সাংবাদিকৰ ৰঙা মাইকটোতে ফুৱাই দিছে।।


টিউৱলাইটৰ দৰে চাই থাকতেই সিদিনাৰ প্ৰ'গ্ৰাম শেষ, 

তেতিয়াহে বুজিলো বাবাই ফ'নতো দিয়ে নানা উপদেশ... ! 

ফোনতেই ৰূহানী বাবাই মাৰি দিয়ে এনে ফুউ..উ..উ... 

কাষ্ঠকাঠিন্য বেমাৰীৰো দেখোন পাতলি যায় হাগু !!


পিছ দিনা আকৌ নিউজ লাইভত বাবাই দেখা দিলে, 

ভাবিলোঁ মই কিনো বেয়াহব আজিয়েই সুযোগটো নিলে... 

টিভিৰ পৰ্দাৰ নাম্বাৰটোতে ডাইৰেক্ট ফোনাই দিলোঁ, 

বিদ্যা-মাকালী এক ঘন্টাই ফোনটোত বিজিটোনহে পালোঁ।


ৰাতি সপোনত বাবাকেই দেখিলো, কৰযোৰে ক'লো বাবা,

চুলিৰ আগৰ যন্ত্ৰণাটো কি মোৰ দয়া কৰি কমাই দিবা....!! 

সপোনতে মোৰ চুলিৰ আগত বাবাই মাৰি দিলে তিনি ফু...

টোপনি ভাগিল, চুলিৰ বিষ নাই, আছে কেৱল বাবাৰ থু ।।




আচ্ছে দিন

----------

দুদিনমান বতৰটো ঠাণ্ডায় আছিলে
বৰষুণো পৰিছিলে কিনকিন,
ৰ'দ উঠিয়েই গৰমটো বঢ়ালে
গেলাগেলা গন্ধায় গাটো ওৰেদিনে !

ৰাতিপুৱাতে বজাৰলৈ গৈছিলোঁ,
আনিব খুজিছিলোঁ মাছ,
মাছুৱৈ বজাৰত ওলটাই ক'লে মোক
দৰ-দাম কৰিবলৈ নালাগেনে লাজ ?

বজাৰ খনত যেন জুইহে লাগিছে
চবৰেই জুই-ছাই দাম,
দুইনম্বৰী টকা নাথাকিলে জেপত
বজাৰত গৈ নাই কাম !

এইহেন গৰমত চব্জীৰ দাম শুনি
দিলে মোৰ মূৰটোত চক্কৰ,
পানীঢালি মূৰত কিবাকৈ বঁচালে মোক
চব্জীৰ বেপাৰী আবু বক্কৰ।

বজাৰৰ মোনাখনো ডাঙাৰ শকতি নাই
ইমানেই হৈ গ'লো মই কাবু,
বেপাৰীহঁতে ধৰি কোনোমতে উঠাই ক'লে
গছৰ তলতে জিৰণি লওঁক বাবু।

জিৰণি ল'লে কি মোৰ কাম চলিব
ঘৰত নাই মোৰ চাউল-ডালি,
বাজাৰ আনোতে দেৰিহই গ'লে ভাই
তিৰীয়েও দিব মোল গালি।

উপায় বিহিনে ঘুৰন্ত মস্তকেই
যাবলৈ ওলালোঁ মই ঘৰ,
অলপমান দূৰতে ৰাখাইয়েই থৈছিলোঁ
জেৰজেৰীয়া বাইক খন মোৰ।

মোনাখন ওলমাই, বাইকত বহি মই
মাৰিলোঁ ষ্টাৰটৰ কিক,
হঠাতে দেখিলোঁ বাইকৰ পিছফালৰ
চকাটোও হৈ আছে লিক !

লিকহোৱা বাইকখন ঠেলোঁতে ঠেলোঁতে
দৰ্দ্দৰাই ওলাল মোৰ ঘাম,
বুকুখন এনেকা লাগিছে মোৰ যেন
এতিয়াই হাৰ্টফেইল হৈ যাম !

বাটৰ কাষতে পাংচাৰ বেপাৰীক
কলো মই বনাই দিয়া লিক,
পঞ্চাচ টকা দিলেহে বোলে
মেকাৰদায় কৰিব লিক ঠিক।

বিপদ মোৰেই, ভাল নকৰিলে
উপায় আৰু কি মোৰ আছে ?
ক'লো মই মেকাৰদাক বিপদত
মানুহক ঠগোৱাটো ঠিক নহয় পিছে।

খং উঠিগৈ মেকাৰদাই ক'লে মোক
যিয়ে কৰে তালৈকেই যাওক,
এই গৰমত আৰুনো কলৈ যাম
টকা পঞ্চাচকেই লওঁক !

বাতি আছে লিক মোৰ মেকাৰ চাহাবে
ভাবি আছো ময়ো যে এতিয়া,
মোডীছাৰে যে কৈ থাকে আচ্ছে দিনৰ কথা
অসম আহি পাবনো কেতিয়া ??





ভুট দিবেন কুনহানে...? 
----------------------

তাইলে ভাই 

ভুট দিবেন কুনহানে...? 

আধামৰা হাতীৰ পুটকিৰ মাঝখানে...? 
নাহ দিমু না... শালিগোৰে, 
এবেই শালিৰা পেচাল পাৰে !!
তাইলে ভাই 
ভুট দিবেন কুনহানে...?
হাতেৰ ছাপেৰ মাঝখানে...? 
নাহ দিমু না... শালিৰা ঠগায়, 
ভুটবেংক বানায় !! 
তাইলে ভাই 
ভুট দিবেন কুনহানে...?
পদ্যফুলেৰ মাঝখানে...?
নাহ দিমু না... শালিৰা তেনা পেচায়, 
আবাৰ দাঙ্গা বাজায় !! 
তাইলে ভাই 
ভুট দিবেন কুনহানে...?
তালাচাবিৰ মাঝখানে...? 
নাহ দিমু না... হেই শালিৰা হজে যায়, 
দেশে আয়া ঘূৰা বেচায় !! 
তাইলে ভাই 
ভুট দিবেন কুনহানে...?
টেহা দিব যেইহানে, 
দেওয়ানী কইব যেইহানে, 
ভুটটা দিমু ভাই সেইখানে !! 


12/03/14


ফিউজন পদ্য


বুঢ়া ঘুঘু অফিছ গৈ
পালে কম্পিউটাৰ,
বিনা পইচাই ফেচবুকালে
গোটেই মঙ্গলবাৰ।

অফিছৰ ফাইল লৰাই থলে
লৰাই থলে খাতা,
ঘূৰাই ঘূৰাই টেমাটো ঘূৰাই
চৈধ্যবাৰ খালে চাধা।

বজাৰৰ ডাঙৰ মাছ
আৰু এনডেঞ্জাৰ কাছ,
কেনেকৈ কিনে ছাৰে
তাকেই কিয় ভাবি আছ।

দহজনে দিয়ে যিটো
তুমিও দি দিবা সিটো,
হেনজানি সাহ কৰি
কামটোকে কৰা,
এশৰে নোৱাৰিলে
হাজাৰেৰে মেনেজ কৰা।



কৃষ্ণকেশী মহিয়ষী
____________________

ইনবক্সত জোহানা নামৰ এক ৰূপৱতী নাৰী,
মোৰ সতে কথা হেনো আতি দৰকাৰী...
বাদ দিলো সেয়ে মইয়ো আত্মসন্মান,
তাই বোলে মোক দিব বিলিয়ন ডলাৰ দান।
কথাতে তাই দেখো বৰ মৃদুভাষী,
নাই এনেকুৱা মোৰ এজনো প্ৰতিবেশী ।
দেখিলো জীৱনত মই প্ৰচুৰ সম্ভাৱনা,
দিয়ে দিলোঁ ফেছবুকতে বন্ধুত্বৰ প্ৰস্তাৱনা।

তাই হৈ গ'ল মোৰ ফেছবুকৰ বন্ধু,
বন্ধু নহয় তাই যেন প্ৰেম-পীৰিতিৰহে সিন্ধু।
মহিয়ষী নাৰী তাই, নবীন তাৰ যৌৱন...
নৰখে একোতেই চোন মোৰ হৃদয়ৰ কম্পন ।
দিনে ৰাতি তাই মোলৈ ইনবক্স কৰে...
ডলাৰ দিয়াৰ চিন্তাতে হেনো তাই জ্বলি-পুৰি মৰে।
চলিছিল এনেকৈয়ে মোৰ ভালেই দিনকাল,
এদিন হঠাৎ লাগিল সম্বন্ধত পয়মাল।

লগ কৰিবলৈ মোক হেন আহিব কৃষ্ণকেশী,
ক'ত ৰাখিম আহিলে মই এইহেন মহিয়ষী...
তাইৰ সতে আঙ-বাঙ বকিবলৈ ল'লো,
উগ্ৰপন্থী আমাৰ ইয়াত আছে বুলিও কলো ...
তাই একোতেই আৰু নুশুনে মোৰ কথা,
কৃষ্ণ... বচোয়া মোক, কিযে লাগিল লেঠা।
সিদিনা পুৱাতেই তাইক ব্লক মাৰি থলো,
ফেচবুক একাউন্টটোও ৰিপৰ্ট কৰি দিলো।

আহিলে তাই হ’ম মই নিৰ্ঘাত হাৰ্টফেইল,
পালো মই সন্ধিয়াতে তিনিখন তাইৰ মেইল...
ধোকাদাৰীৰ অপৰাধত বোলে খুৱাব মোক জেইল,
এনে অপৰাধত বোলে আদালতেও নিদিয়ে বেইল ।
যদি দিওঁ তাইৰ একাউন্টত টকা দহ হেজাৰ,
তাই হেনো নকৰে আৰু মনতে বেজাৰ।
খঙতে মইয়ো বোলো, কি কৰাৰ তই কৰ,
বিহ খাই নমৰিলে, যা তই পিছ খাই মৰ।
--------------
জয় চক্রৱৰ্তী
(20/08/2013)
 












ৰাজনীতিৰ হাল
___________________

কিনো চাবা ৰাজনীতিৰ নিত্য নতুন চাল,

বৃদ্ধ গগৈয়ে দিলে পুত্ৰক মাৰিবলৈ হাল।
আঢ়ৈ টকাতে খাবলৈ ভাত, ৰাইজে পাৰিছে পাত,
মূৰ্খ ডেকাৰ বাবেই এতিয়া বৃদ্ধৰ নোলায় মাত।।

লিখি-পঢ়ি ডাঙৰ মানুহ হ'ৱ বৃদ্ধৰ পুত্ৰ,
গোটেই গাতে এতিয়া হায় গৰুৰ গোৱৰ আৰু মূত্ৰ।
মনৰ দুখত তৰুণ পুত্ৰই বান্ধে খেতিৰ আলি,
মুখেৰে তাৰ ওলাব খোজে বেয়া বেয়া গালি।।

নাঙল গগৈ নাঙল নধৰাকৈ বনি গ'লে লাল,

বৃদ্ধৰ পুত্ৰৰ বাবেহে পৰিছে য'ত বেয়া দিন কাল।
হালতো নহয় এয়া যেন চলি আছে কুস্তি,
নাঙল, জুঙল, মৈৰ লগত ৰাজনীতিৰ দোস্তি।।

বাপ-জনমত খেতি নকৰাই মৈ-যুৰিৱলৈ গ'ল,
বোকা মাটিত চিৎভলঙা খাই বাগৰি ৰ'ল।
বোকাত লুতুৰি-পুতুৰি হৈ পুত্ৰই লাহেকৈ উঠি আহে,
বৃদ্ধ গগৈয়ে টিভিত লাইভ চাই, পুত্ৰ গৌৰৱে হাঁহে।।

মিছা ক'লে কি ডাল হ'ৱ, আমাৰো আছে মাটি,
খৰা, বানত যোৱা বছৰ হৈছে ভীষণ ক্ষতি।
মোৰ মাটি ড'ৰাতে বাই দিয়ক না প্লিজ হাল,
তিনি বিঘা মাটি চম্ভালাতে মোৰ অৱস্থা বেহাল।।







___________________________________________



ফেছবুক

দত্ত দাদা ফেছবুকত মানুহ বেছ এগেইনষ্ট কৰাপচণ , 
অফিছৰ ফাইল লৰচৰ কৰাত দাদা পিছে বৰ শ্লো-মোচন


জীৱন খুৰাৰ অফিছ টাইমত ঘন্টাই প্ৰতি আপল',
 
ছুটি হোৱাৰ পিচত বা মানুহ ডাঙৰীয়াই যায় ক'…?

 বাপেৰক দ'ম দি পুতেকে ল'লে বাজাজ পালছাৰ বাইক,
ফেছবুকত আপল'ড কৰি পালে তিনিশ তিনিটা লাইক


আজিকালি যিহে দেখো ফেক একাউণ্টৰ দন্ড,
ফেছবুকেও কৰিব পাৰে আমাৰ অসম বন্ধ


ছাত্ৰ সকলে মোবাইল ফোনত কিবা নেট-পেক সোমায়,
পঢ়াৰ নামত ৰাতি ৰাতি ফেছবুকহে চায়


হাজাৰ ফ্ৰেন্ড এড্ কৰোতাৰ কিনো চাবা দম্,
নিজকে জহাবলৈ ফেছবুক সৰ্ব্বোত্তম

______________________________________________________________________

কামোৰ
বাটৰ কুকুৰে দৌৰি কামুৰি
দিলে পথিকৰ ঠেঙত,
বাটৰ কুকুৰলৈ মইযে ভাই
পৰিলোঁ বিষম জেঙত


ঘৰত ঘুৰি আহি বেচেৰাই
বিষতে চিঞৰি থাকে,
পৰিবাৰেও তাৰ শয্যাৰ কাষতে
গোটেই ৰাতিটো জাগে


মৰ সাহৰউদণ্ড সহচৰ
বন্ধুৰ বুকুত ৰাখিলে হাত,
তই কিয় বে
 , এৰি দিলি তাক
তোৰ কি নাই নেকি দাঁত
 ?

কষ্টতে হাঁহি আৰ্তই
 'লে
কিনো যাতা কওঁ তই
 !
দাঁত থাকিলেবা কুকুৰক উলটি
কেনেকৈ কামোৰো মই
 ?

কুকুৰৰ কাম কুকুৰেই কৰে
কামুৰি পলাই যায়,
কুকুৰক উলটি কামুৰি দিয়াটো জানো

মানুহৰ শোভা পায় ???

________________________________________________________________________

পাগলৰ ডাক্তৰৰ বিয়া


প্ৰেস্ক্ৰিপচন হেন দেখাত নিমন্ত্ৰণ পত্ৰ এখন পালো
পাগলৰ ডাক্তৰৰ বিয়া খাব তেজপুৰ চহৰ গ'লো
জোৰণৰ দিনা খন কইনা ঘৰত লাগিল হাহাকাৰ,
জেতুকাৰ ঠাইত কইনাক দিলাক ডেটলৰ ছল্যুইচন উপহাৰ
পিছদিনা খন দৰা হেন এম্বুলেঞ্চতে যাব
ডাক্তৰৰ বিয়াৰ পাৰ্টিও বোলে মেন্টাল হচপিটালতে হ'
ছবি তোলাৰ সলনি মোক এক্স-ৰে কৰি থল,
খোৱাৰ নামত ভিটামিন A,B,C খাওঁতে গ'
কোল্ডড্ৰিংকচৰ সলনি চেলাইনকে দিলে ধৰি,
কেনে পাগলৰ পাল্লাত আজি মই পৰিলোঁ... হে হৰি !!!
নিমন্ত্ৰণৰ নামত ই কেনে ব্যৱহাৰ,
বাল্যবন্ধু নহ'লে বেটাক দিলোঁ হয় ব'ম মাৰ
ৰাইজৰ আগত মই আজি ল'লো এই শপত,
জীৱনত আৰু বিয়া খাব নাযাওঁ তেজপুৰত।।



________________________________________________________________________


ফেচবুকিয়া চুৰ



গুহেটী এৰি নলবাৰীত কইলতাই সকাম খাবা গেলাক,
লগত নিজৰ তিৰী আৰু ছলি মাখানো নিলাক
তিনিদিন কাৰণে কইলতাৰ ঘৰ হৈ ৰলাক খালি,
কথাটো কেম্বাকে পাই গেলাক দাড়িয়া চোৰ আলী
আলী চোৰে এচিছটেন্টলৈ কৰাবা আহিল থ্ৰীল,
আধা-ৰাতি কইলতাৰ ঘৰৰ ভাঙি পেল্লাক গ্ৰীল
চাৰিটা ৰুমৰ ঘৰখেনত কইলতাৰ নিবাৰ এককেই নাই,
দাড়িয়া চুৰেও বিড়ি হুঁপি ভাৱে কেনে মানুহ ভাই
পাইথাগোৰাচৰসূত্ৰ মতেও কিবা এটা উত্তৰ থাকে
চুৰ কৰবা নৰলিও আলীয়ে, এচিছটেন্টক হাজিৰাটো দিবা লাগে
ইমেন ৰাতি নিঃশব্দে গ্ৰীল ভাঙাৰ কষ্ট,
এনেই যোৱা হেন পাই দাড়িয়াৰ মাথা হৈ গেলাক নষ্ট
টেবুলৰ কোণাত কইলতাৰ তিৰীৰ লিপষ্টিকটো আছিল পৰি,
আলী চুৰেও তাকেই পকেটত নিলাক যতন কৰি
লিপষ্টিকেৰে কইলতাৰ Wall গৰুচোৰ লিখি পেল্লাক
কইলতাই আহি ভাবি নাপাই তাত Like বোৰ কুনি দিলাক…???























_________________________________________________________________



মেৰা ভাৰত মহান


দেশৰ হৈছে আজি কি আজৱ পৰিবেশ,
গভাইত চুৰেও লৈছে দেখোন গান্ধীজীৰ ভেশ

চাকৰি কিনাৰ বাবে যুৱা কৰে হাহাকাৰ,
ঘোচ খোৰ জননেতাৰ জেপবোৰ হয় ভাৰ

লোকেল বেংকৰ ছাৰ সকলে গণিবলৈ টান পায়,
উপায় নাপাই নেতাই টকা চুইছ বেংকতে থয়

হাজাৰ-বিজাৰ চুৰৰ এজন নামটো কিবা খান,
হাজাৰ কোটি টকা মাৰি ৰাখিল চুৰৰ সন্মান

জেল খালে কি-ডাল টকাবোৰ তো আছে,
বানপানীত উটি-ভাহি নগলেই ৰক্ষা পিছে

সাংবাদিকেও লে আজি কিবা নতুন নতুন ফেচন,
টি. আৰ. পি. নে  কিবাহে বঢ়ায় কৰি মলেষ্টেচন্

লা টকাৰ আছে জৰুৰ কিবা সাংঘাতিক যাদু,
তাৰে বাবেও লোঘণ দিয়ে আমাৰ দেশৰ সাধু

১০০ জন ভাৰতীয়ৰ ৯০ জন বেইমান,
সমস্বৰে টেঁটু ফালিম... “মেৰা ভাৰত মহান।।


















ব্যঙ্গচিত্ৰ: twocircles.net সৌজন্যত ।

_______________________________________________________________________

কবিৰ প্ৰেম



পিয়াঁজ লিৰ কলম বনাই মই
মহৰ তেজৰে লিখিম তোমালৈ প্ৰেমপত্ৰ...
বান্দৰ চাধাৰ খালি পেকেটত,
তামোল গছত উঠি মিছড ' দিম মইনা
নেটৱাৰ্ক আৰু বেলেঞ্ছৰ অভাৱত।।

ছাইকেলৰ লিক বাতি তোমাক ফুৰিব নিম
বহাগৰ মতলীয়া বতৰত .....
কেৰিয়াৰত গাৰু দি তোমাক বহাম মইনা
চলাম মইও ছাইকেল যতনত।।

খবৰৰ কাগজত নিমখ বান্ধি লৈ যাম
দলিয়াই বগৰিবোৰ দুয়ো জনে পাৰি খাম,
চিনেমা ঘৰত গৈ আমি দুয়োটায়েই মইনা....
কেয়ামত ছে কেয়ামত তক চাম।।

________________________________________________________________________


ছাগাল পুহা প্রকল্প

 
শুনা শুনা শ্ৰোতা গণএটি নহই গল্প ,
আমাৰ দেশৰ চৰকাৰে খুলছি ছাগাল পুহা প্ৰকল্প
ছাগাল পুহিলি চৰকাৰৰ হেন বৈদ্য লাভ হই,
তে তে ছাগালৰ সেয়ে জয় জয় -ময় ময়।।

এলেহুৱা অসমীয়া গিলাৰ জেওৰা গিলান ঢিলা,
এটি এটি কৰি হাজাৰ ছাগাল বাৰীত সুৰকি গেলা
হাইজ্ৰা দিয়া ৰখীয়া মাখাও দূৰৰ পৰাই ছায়,
ছাগাল গিলান বাৰীত সৰকিলি বোলো আহাৰও লাভ হয়।।

হাজাৰ -বিজাৰ ছাগালে বাৰী কৈৰবাৰ ধৈল্লাক নষ্ট,
তাকে দেখি ছলিমাখাই মনত পালাক কষ্ট
নেতা ভাবৰ ছলি কোটাই হাতত টাঙন নিলাক,
গোটেই মাখা ছলি মিলি ছাগাল খেদবাৰ গেলাক।।

দেখি শুনি ছাগাল মাখাও একগোট লাক,
মস্ত শিঙাল ছাগাল কেটি উল্টাহে খেদলাক
ছাগাল খেদা নেতাৰ হাতৰ সৰি পল্লাক টাঙোন,
ছাগাল খেদা ছলি মাখাৰ দলত ধৈল্লাক ভাঙোন।।

হেজাৰ- বিজাৰ ছাগাল মুখৰ কথাত খেদিবা নৰি ,
পুলিছক খবৰ দিয়াত দুটা মানহে নিলাক ধৰি
পুলিছে নি ছাগাল কেটাক খোৱাৰত সুমি থলাক,
ছাগাল প্ৰকল্পৰ মালিক আহি পুনৰ এৰি দিলাক।।

ছাগাল কেটি পুনৰ বাৰী কাৰবাৰ ধৈল্লাক ধ্বংস,
হাজাৰ ছাগাল লাখত পালাক কৰি বিস্তাৰ বংশ
প্ৰকল্পৰ মালিকে কয় ছাগালক নেদবি হাত,
পুণৰ ছাগাল খেদবা গেলি জেলৰ খাবি ভাত।।

ছাগাল খেদবা গেলি হবই গাত ছাগালৰ গন্ধ,
সেই দুখতে নেদবা বাপু পুণৰ অসম বন্ধ
ছলি মাখানক আইডা দিলো পালন কৰে নে নকৰে,
কছুপাতেৰে ঢাকলি বোলে ছাগাল উঠবা নৰে।।













_______________________________________________________________________


ফেছবুকিয়া কবিৰ কবিতা


পান দোকানত আড্ডা মাৰি
জীৱনটো মোৰ গ',
আনৰ লিখা পঢ়ি চোৱাৰ
সময়ে নহ'

কালিৰ পৰাই হৈছে হঠাৎ
কবি কবি ভাৱ,
লিখিবলৈ লওঁতে ঘটিল
ছন্দৰ অভাৱ

নিজকেই ভাবি ললো
প্ৰকাণ্ড এক কবি,
ফেছবুকতেই কবিতা লিখা
কৰি ল'লো মই হবি

আনৰ লিখা পদ্য বোৰ মোৰ
গদ্য-গদ্যহে লাগে,
কিনো কম তাহঁতক মই
"
কোৱালিটি"য়ে নাই ছাগে

ফেছবুকৰ পাঠক বৃন্দৰো
একেবাৰেই নাই কাম,
ইমানসোপা লাইক মাৰি
মিছাতে বঢ়ায় দাম

অফিছ টাইমত আপডেট মাৰিম
তেতিয়াহে মানুহে চাব,
বুজি পোৱা মানুহ বোৰেহে আজি
"
ডেফিনিটলি" লাইক দিব

আঠ-দহটা লাইক পালেই
চলি যাব মোৰ কাম,
লাহে লাহে এই ফেছবুকিয়া কবিৰো
ফেছবুকত বাঢ়িব দাম

লাইকৰ সংখ্যা বাঢ়ি যেতিয়া
এশৰ ঘৰ চুব,
ধুনীয়া ধুনীয়া ছোৱালী বোৰেও
ইন-বক্সত মেছেজ দিব

কবিতা বুজি নাপালে মোক
এনেই নিদিবি লাজ,
মইও কম কবি নহওঁ দেই
টি.টি.এম.পি. পাছ
____________________

(
টি.টি.এম.পি = টানি টুনি মেট্ৰিক পাছ)





















______________________________________________________________________


জ্বৰ
______


চৈধ্য পুৰুষৰ পৰা আমাৰ তপা বংশ,
মোৰো ধুনীয়া চুলি কোঁচা হব নেকি ধ্বংস

অন্তৰৰ দুখৰ কথা শ্ৰীমতীক 'লো খুলি,
শ্ৰীমতীয়ে উপায় দিলে জেতুকা দিয়া বুলি

জাৰৰ কঁপি জেতুকা মুৰত বহি লো দিনভৰ,
কালি ৰাতিৰে পৰা মোৰো উঠি থাকিল জ্বৰ

মনৰ দুখত ফেচবুকতে "জ্বৰ" বুলি আপদেট দিলোঁ,
ভালে কেইগৰাকী বন্ধুৰ পৰা বিনামূলীয়া উপদেশ পালোঁ

এজনে 'লে কবিতা লিখি খালেহে কমিব জ্বৰ,
দেশৰ তামাম ডাক্তৰবোৰ এতিয়া দিন-হাজিৰা কৰি মৰ

দুপৰীয়াৰ ভাত -পানী খাই এটা পেৰাচিটামল খালো,
জ্বৰ মহাশয় পলাব বুলি বিছনাতে বাগৰি 'লো

দুঘন্টাত টোপনি ভাঙিলে অকনো পোৱা নাই ভাল,
এতিয়াহে গম পালোঁ  " পেৰাচিটামল" টো আছিলে চৰকাৰী ফ্ৰী মাল।।












________________________________________________________________________

4 comments: