Saturday 30 November 2013

মই আৰু মোৰ অতীত


অতীতক পাহৰা নাই মই, তিলমানও পাহৰা নাই…হওঁক না তিক্ত কিম্বা মধুৰ তাৰ স্মৃতি, পাহৰা নাই পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে গৰমত দেউতাই অনা ঘৰৰ প্ৰথম টেবুল ফেনখনৰ দখলক লৈ বাইদেউৰ লগত কৰা কাজিয়াৰ কথা। আজিও পাহৰা নাই শৈশৱৰ এজনো বন্ধুক। বন্ধু সকলোৰে পাৰ কৰা অতীতৰ মধুৰ ক্ষণ বোৰ। পাহৰিব নোৱাৰা আইৰ এছাৰিৰ কোব বোৰ, সেইবোৰ এতিয়া একোটা মৰমৰ মিঠা চুমাৰ দৰেই লাগে চোন ! পাহৰা নাই মই উচ্চতৰ মাধ্যমিকত বেয়া কৰাৰ পিছত পঢ়াৰ টেবুলত আবিষ্কাৰ কৰা এ গিলাচ পানী আৰু এডোখৰ আদাক। আজিও চকু মুদিলেই স্পষ্ট দেখা পাওঁ সেই দৃশ্য, পিছে আজিও সুধিবলৈ সাহ হোৱা নাই সেয়া মায়ে নে দেউতাই তেনেকৈ থৈছিল ! পাহৰা নাই এতিয়াও হতাশাগ্ৰস্ত বেকাৰ জীৱনটোৰ কথা বোৰ। বন্ধুহঁতৰ লগত জঙ্গলত অনাই বনাই ঘুৰি ফুৰা দিনবোৰ আজিও পাহৰা নাই। পাহৰা নাই মই মালগাড়ী ৰেলত গৰু-ম'হৰ সতে একেলগে পাৰ কৰা পাঁচটাকৈ ৰাতিক। পানৰ দোকানে দোকানে চিগাৰেট বিক্ৰী কৰা, চা দোকানত গাখীৰ যোগান দিয়াৰ দৰে কৰা সৰু সৰু কাম বোৰ আজিও পাহৰা নাই। পাহৰি যোৱা নাই মই ইলেকট্ৰিক ওৱাৰিঙ কৰি দিয়া বঙাইগাঁও চহৰৰ এটিও ঘৰক, ঠিক যেনেকৈ পাহৰা নাই বিবাহত ফটো তোলা/ ভিডিঅ কৰি দিয়া এটিও দম্পতীক। পিছে যি কামেই কৰিছোঁ অন্তৰেৰে আৰু সততাৰে কৰিছোঁ। এইবোৰ এতিয়া মাথো সপোন সপোন লাগে।

পাৰ হৈ গৈছে সেইবোৰ সময়, সময় প্ৰৱাহমান… ৰখি নাযায় কেতিয়াও। জীৱনৰ লগত যুদ্ধত পৰাস্ত হ’বলৈ ঘৃণা কৰো মই আৰু এই হাৰি নোযোৱা মানসিকতাৰ মূল ভেটি মোৰ বাৰেৰহণীয়া অতীত, সেয়ে মোৰ অতীত সোণোৱালী আৰু মোৰ অতিকৈ প্ৰিয়। মই নিশ্চিত এই অতীতকে সম্পদ কৰি মই জীৱনৰ প্ৰথমটো উৰণতে অকলেই গৈ পাইছিলোঁ লণ্ডন, ভঙা ছিঙা ইংৰাজীৰেই ভৰি দিছিলোঁ কেমব্ৰিজৰ দৰে ইউনিভাৰ্চিটিত। হোটেল, হোষ্টেলত দিবলৈ পইচা নথকাত চাহাবৰ ঘৰত আছিলোঁ পেইঙগেষ্ট হৈ। পিছলৈ পূনৰ আমন্ত্ৰণ পাইছিলোঁ ৰাণী এলিজাবেথ আৰু প্ৰিন্স ফিলিপৰ লগত কথা পাতিবলৈ। মানুহৰ জীৱনত ভাল বেয়া সময় আহেই, জীৱনক সপোন বনাবলৈ গৈ বহুতেই বৰ্তমানত মেৰিয়াই লয় হতাশাৰ চাদৰ। সেয়ে হতাশা নহয়, বেয়া সময়ৰ পৰা অতি সহজেই অৰ্জন কৰা যায় অভিজ্ঞতা আৰু মই নিশ্চিত এই অভিজ্ঞতাই দিবই দিব জীয়াই থকাৰ অনন্য সমল। ডাঙৰ মানুহ হোৱাৰ অভিকাংক্ষা আজিও নাই মোৰ পিছে এটি ক্ষুদ্ৰ জোনাকী পৰুৱা সদায়ে হ'ব বিছাৰো মই । জীয়াই থাকিব বিছাৰো মই এন্ধাৰৰ মাজত ঢিমিক ঢামাক জ্বলা এটি ক্ষুদ্ৰ পোহৰ হৈ….

No comments:

Post a Comment