Tuesday 2 December 2014

ভূমি হস্তান্তৰ, জাতীয়তাবাদী আৱেগ আৰু বাস্তৱতা....


বৰ্তমান সময়ত অসমত সৰ্ব্বচৰ্চিত বিষয়টো বোধকৰো বাংলাদেশক ভূমি হস্তান্তৰ...! আছুকে আদি কৰি জাঙুৰ খাই উঠিছে বহু অসমবাসীয়ে... কোনোবাই যদি প্ৰতিবাদী সমদল উলিয়াইছে, আন কোনোবাই জ্বলাইছে মোডীৰ প্ৰতিমূৰ্ত্তি।  অসমৰ মাটি বাংলাদেশক কিয় কিয় গতাই দিব অসম বা ভাৰত চৰকাৰে.!  নিৰ্বাচনৰ আগত সেই একেটাই বিষয় উত্থাপন কৰি ভূমি হস্তান্তৰৰ বিপৰীতে জাঙুৰ খাই উঠা স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও গুৱাহাটীৰ দলীয় কৰ্মীসভাত ভাষণ দিয়া দেখা গ'ল ভূমি হস্তান্তৰৰ সপক্ষেই...! এৰা তেখেত এতিয়া প্ৰধানমন্ত্ৰী, সৌ সিদিনালৈকে সেই প্ৰধানমন্ত্ৰীৰ পদত বহাৰ বাবেই তেখেতৰ প্ৰয়োজন হৈছিলে ভূমি হস্তান্তৰ বিপক্ষে আৱেগক পৰিচালিত কৰি ৰাজনৈতিকভাৱে লাভ উলিয়াই লোৱাৰ। এতিয়া অহা নিৰ্ব্বাচনলৈ সেই আৱেগেৰে নহ'লেও চলে। আৱেগেৰে ৰাজনৈতিক দল চলাব, নিৰ্বাচনত জয়লাভ কৰিব পাৰি কিন্তু দেশ নহয়। এয়াই সৰল ৰাজনীতি যি ৰাজনীতিৰ চিকাৰত  আজি স্বাধীনতাৰ পিছৰে পৰা প্ৰৱল অনিশ্চয়তাত জীয়াই আছে ভূমি হস্তান্তৰ হব লগিয়া অঞ্চলৰ প্ৰায় ৫১ হাজাৰ মানুহে। যাৰ ভিতৰত বাংলাদেশৰ ভিতৰত ভাৰতৰ ছিটমহলত আছে ৩৭ হাজাৰ মানুহ আৰু ভাৰতৰ ভিতৰত বাংলাদেশৰ আছে ১৪ হাজাৰ মানুহ।
পিছে কৰপৰা কি ভূমিনো দিয়া হব বাংলাদেশক...? তাৰ বিৰুদ্ধে আৱেগত ভাহি যোৱা মানুহ বোৰৰ বেছিভাগেই নাজানে সেই ভূমি ক'ত...? কি আইন চলে সেইবোৰৰ ভূমিত...? কি পৰিস্থিতি বাস কৰে তাৰে নাগৰিক...! মুঠতে জাতীয়তাবাদী মনটোৱে এটা কথাই কয়... "বিনা যুদ্ধে নাহি দিব সূচ্যগ্র মেদিনী"। তেওঁলোকৰ বেছিভাগেই নাজানে যে হস্তান্তৰ হবলগীয়া ভূমিখিনিৰ বেছিভাগৰেই লগত ভাৰতৰ মূল ভূখণ্ডৰ কোনো সংযোগেই নাই বা কিছুমানৰ সংযোগ থাকিলেও সেয়া কেৱল এটা সুঁতিৰ ওপৰত থকা এটা বাঁহৰ সাকোৰ মাজেৰেহে আৰু আটাইতকৈ ডাঙৰ কথা সেই সকলোবোৰ ভূমিখণ্ডই ভাৰতৰ কাঁইটীয়া বেৰৰ সীমাৰ বাহিৰত যি ভূমিখণ্ডক জনাযায় ছিটমহল বুলি। তেওঁলোক কেতিয়াও ভাবি নাচায় সেই ভূমিবোৰ মাথোন ভাৰতৰ মানচিত্ৰত অংকিত হৈ থকা একো একোটা বিন্দুহে... য'ত দিনতেই উৰি থাকে বাংলাদেশৰ পতাকা...? কিন্তু কিয়...?? কিয় এনেকৈ সীমা নিৰ্ধাৰণ কৰা হৈছিল দেশ ভাগৰ সময়ত...!    
         
দেশভাগ চুৰান্ত হোৱাৰ পিছত ১৯৪৭ চনত বংগ আৰু পাঞ্জাৱৰ সীমাৰেখা চুৰান্ত কৰাৰ পৰিকল্পনা কৰে লৰ্ড মাউন্টবেটন আৰু তেখেতৰ পৰিকল্পনা অনুযায়ী ব্ৰিটিছ আইনজীৱী চিৰিল ৰেডক্লিফক প্ৰধান কৰি সেই বছৰেই গঠন কৰা হয় সীমানা নিৰ্ধাৰণ কমিচনো। ১৯৪৭ চনৰৰ ৮ জুলাই লণ্ডন পৰা ভাৰতলৈ আহে ৰেডক্লিফচাহাব আৰু মাত্ৰ ছয় সপ্তাহৰ মূৰত ১৩ আগষ্টত তেখেত সীমা নিৰ্ধাৰণৰ চূড়ান্ত প্ৰতিবেদন জমা দিয়ে। ইয়াৰ তিন দিন পিছত ১৬ আগষ্টত প্ৰকাশ কৰা হয় সীমাৰ সেই মানচিত্ৰ। কোনো সুবিবেচনা হীন খৰধৰ কৰি লোৱা সেই সিদ্ধান্তত সীমা নিৰ্ধাৰণৰ বিষয়টো যথাযথভাবে নোহোৱাৰ  উপৰিও কমিচন সদস্যসকলোৰ নিষ্ক্ৰিয়তা, জমিদাৰ, নবাব, স্থানীয় ৰাজনীতিবিদ আৰু চাহ-বাগিছাৰ মালিক সকলে মিলি নিজৰ স্বাৰ্থত দেশভাগৰ সীমাৰেখা নিৰ্ধাৰণত প্ৰভাৱ পেলায় আৰু তেতিয়াৰ নেতা সকলে ক্ষমতাৰ স্থানান্তৰণ চুক্তিৰ সময়ত তাকেই মানি লয়। আৰু উত্তৰাধিকাৰ সূত্ৰেই এই সমস্যাসমূহ আজিও ভোগ কৰিছোঁ আমি আৰু ছিটমহলৰ ৫১হাজাৰ নাগৰিকে।


ভাৰত আৰু বাংলাদেশ উভয় দেশৰে অভ্যন্তৰত দুয়ো দেশৰেই মুঠ ১৬২টা ছিটমহল আছে। বাংলাদেশৰ ভিতৰত আছে ভাৰতৰ ১১১টা ভাৰতীয় ছিটমহল আৰু ভাৰতৰ ভিতৰত বাংলাদেশৰ ৫১টা ছিটমহল।  বাংলাদেশত ভাৰতৰ ১১১টা ছিটমহলৰ যাৰ আয়তন ১৭ হাজাৰ একৰ, এইবোৰ আছে  কুড়িগ্ৰাম, লালমনিৰহাট, নীলফামাৰী আৰু পঞ্চগড় এলাকাত। ইয়াৰ ভিতৰত কুড়িগ্ৰামত ৩৬টা, লালমনিৰহাটত ৫৯টা, নীলফামাৰীতে ৪টা আৰু পঞ্চগড় জিলাত ১২টা ভাৰতীয় ছিটমহল আছে। একেদৰেই ভাৰতৰ ভিতৰত বাংলাদেশৰ ৫১টা ছিটমহল আছে যাৰ আয়তন ৭ হাজাৰ ১১০ একৰ।  এই উভয় দেশৰে ছিটমহলৰ নাগৰিকে এটি এটিকৈ দিন পাৰ কৰিব লগিয়া হয় চৰম অনিশ্চয়তাত। য'ত প্ৰতিমূহুৰ্তে নামি আহে জীৱন, স্বাস্থ্য আৰু সম্পত্তিৰ প্ৰতি ভাবুকি, য'ত নাই কোনো প্ৰশাসন।

দৃশ্য এক
--------
অসমৰ ধুবুৰী জিলাৰ ভোগডাঙ্গাবাসীয়ে জীৱন কটায় চৰম অনিশ্চয়তাৰ মাজত, যদিও মূল সীমাৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন নহয় ভোগডাঙ্গা ১০০ মিটাৰৰ বহল এক লুঙলুঙীয়া অঞ্চলে ভোগডাঙ্গাক মূল ভূমিৰ পৰা পৃথক হব দিয়া নাই, বাকি প্ৰায় চাৰিওফালে বাংলাদেশ। ভোগডাঙ্গা গাঁওখনৰ ৰাইজে সন্ধিয়া সীমান্তৰ গেট বন্ধ হোৱাৰ পিছত কাঁইটীয়া বেৰৰ সিপাৰে চৰম অনিশ্চয়তাত ৰাতিটো কটাব লগিয়া হয়। সন্ধিয়া নামাৰ লগেলগেই অদৃশ্য এক কাৰাগাৰত বন্দী এই গাঁওৰ বাসিন্দা সকল। পোহনীয়া গৰু ছাগলী চুৰি হোৱাটো প্ৰতিদিনৰ এক সাধাৰণ ঘটনা । ৰাতি হাজাৰ বিপদতো খুলি দিয়া নহয় সীমান্তৰ গেট আনকি চিকিৎসাজনীত আকস্মিক কাৰণতো খুলি দিয়া নহয় সীমান্ত। আজি স্বাধীনতাৰ ৬৭ বছৰ পিছতো নাই একো উন্নয়ন নাই স্বাস্থকেন্দ্ৰ, পিছে তেওঁলোকৰ বাবে চৰম সুখবৰ যে তেওঁলোকৰ গাওঁত যোৱা বছৰ বিজুলীৰ সংযোগ গৈছে। মূল ভূভাগৰ সতে সংযোগ থকা বাবেই তেওঁলোকৰ অৱস্থা কিছু হ'লেও ভাল যদিও তেওঁলোকে সকলোৱেই বেৰৰ ইপাৰে উঠিঅহাৰ পক্ষপাতি।

দৃশ্য দুই
---------
গাৰাতি গাঁওৰ লোক সকল পিছে ভোগডাঙ্গাবাসীৰ দৰে সুখি নহয় কাৰণ ভাৰতৰ মূল ভূমিখণ্ডৰ পৰা গাৰাতি গাঁও সম্পৰ্ণৰূপে বিচ্ছিন্ন বাংলাদেশৰ ভূমিখণ্ডৰ ভিতৰেৰে ৩ কি.মি. গৈ পায় এই গাঁও। গাৰাতি গাঁওখনত সকলো সময়তেই গাও বাসীয়ে কটায় চুৰি-ডাকাইতি, হত্যা, যৌন নিপীড়নৰ আতঙ্কৰ মাজত।  কাৰণ কোনোবাই আহত, নিহত বা ধৰ্ষণৰ চিকাৰ হ'লে তাৰ বিচাৰ জানাবৰ কোনো প্ৰশাসনিক ঠাই নাই। একেবাৰেই যে নাই তেনে নহয়, কাগজে-কলমে আছে, কোচবিহাৰ জিলা। পিছে ৬৭ বছৰ ধৰি সিহঁতৰ অস্তিত্ব ভাৰতৰ মানচিত্ৰ ছিট ছিট ফোঁটৰ মাজতেই আবদ্ধ হৈ আছে। বাংলাদেশৰ পঞ্চগড় জিলাৰ সদৰ থানাৰ হাঁড়িভাসাৰ ওচৰত গাৰাতি, ভাৰতৰ ৭৮ নম্বৰ ছিটমহল। ২০১০ চনৰৰ ১৪ অক্টোবৰ ৰাতি সেই গাঁওখনত ঘটনা এটা ঘটে। বাংলাদেশী ডাকাইত  ৰমজান আলি আৰু তাৰ কিছু সংগ-পাংগ সহ গাৰাতি গাঁওত  ডাকাইতি কৰিব আহি  হাতে নাতে ধৰা পৰে আৰু গণধোলাইত তাৰ মৃত্যু হয়। ডাকাইত ৰমজান গাৰাতি ছিটমহলত মৃত্যুহোৱাৰ বাতৰি বিয়পি পৰাৰ ল'গে লগেই ডাকাইতৰ সহযোগি সকলে হাঁড়িভাসাৰ বাসিন্দা সকলোৰ সতে মিলি তাৎক্ষণিক ভাৱে অগ্নিসংযোগ কৰি গাঁওৰ ১০২টি ঘৰ জ্বলাই দিয়ে আৰু নিৰাপদে গুচি যায়। এতিয়া কথাটো হ'ল এই ঘটনাৰ অপৰাধীৰ চিহ্ণিত কৰা হ'ব কেনেকৈ? অপৰাধীৰ শাস্তি হব কি উপায়েৰে ? কাৰণ যি ঘটনাটো যৰ মানুহে সংঘটিত কৰিছে তেওঁলোক স্বাধীন সাৰ্বভৌম বাংলাদেশেৰ মূল ভূখন্ডৰ হলেও গাৰাতি ছিটমহল ভাৰতৰ ভূখন্ড। কী পৰিহাস!

দৃশ্য তিনি
----------
২৯ জানুৱাৰী ২০১১ চনত কলিকতাৰ পৰা প্ৰকাশিত  বৰ্তমান পত্ৰিকাত খবৰ প্ৰকাশিত হয় যে 'বাংলাদেশৰ ছিটমহলত উৰিলে ভাৰতৰ জাতীয় পতাকা'। খবৰত কোৱা হয় যে ২৬ জানুৱাৰীৰ প্ৰজাতন্ত্ৰ দিবসৰ দিনাখন বাংলাদেশৰ পোয়াতুৰকুঠি ছিটমহল ভাৰতৰ জাতীয় পতাকা তোলা হয়। কেৱল সেয়াই নহয় মশালডাঙা, কৰলা, গোবৰা ছড়া, বাকালিৰ ছড়া আদি ভাৰতৰ ভিতৰত থকা বাংলাদেশী ছিটমহল বিলাকত  একেদৰেই ভাৰতৰ জাতীয় পতাকা উত্তলোন কৰি প্ৰজাতন্ত্ৰ দিবস পালন কৰা হয়। সেই ছিটমহল বিলাকৰ  বাসিন্দা সকলোৰ মতে, স্বাধীনতাৰ ৬৭বছৰ পিছতো না ভাৰত না বাংলাদেশে চৰকাৰ- কোনোৱেই ছিটমহল সমস্যাৰ সমাধান কৰা নাই । সেয়ে আমি বেআইনি কাম কৰাৰ বাদে একো উপায় নাই। আমাৰ ল'ৰাছোৱালীক সেয়েই পৰিচয় গোপন কৰি ভাৰতৰ স্কুল- কলেজত পঢ়াবলৈ বাধ্য হৈছোঁ আমি। ভাৰতীয় স্বাস্থ্যকেন্দ্ৰ আমি চিকিৎসা পাবৰ বাবেও আমাক ভুয়া ঠিকনা দিব লাগে। আমি এতিয়া ছিটমহল বিনিময়ৰ মাধ্যমত ভাৰতৰ অংশ হৈ থাকিব বিছাৰো আৰু ভাৰত চৰকাৰক এই বাৰ্তা দিয়াৰ বাবেই আমি  ২৬জানুৱাৰীত ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছোঁ।  অসম নহয় পশ্চিমবঙ্গতেই আছে সৰ্বাধিক ছিটমহল আৰু তাৰে বেছিভাগেই মূল ভূখণ্ডৰ পৰা আনকি ৪,৫ কি.মি. লৈ আঁতৰত, সেইবোৰত উন্নয়নৰ উম ঘামেই নাই, আনকি পথ ঘাটো নাই। কোচবিহাৰ জিলাৰ দিনহাটা অঞ্চলত বাংলাদেশৰ ভিতৰত এনে অসখ্য চিটমহল আছে যাৰ ভূভাগৰ চাৰিওকাষে বাংলাদেশ। সেই অঞ্চলৰ মানুহখিনিৰ আনকি ভোটাধীকাৰো নাই। নাই আন কোনো মৌলিক অধিকাৰ। বাংলাদেশ অংশত থকা ভাৰতীয় ছিটমহল বিলাকতো  ১৬ই ডিচেম্বৰৰ বিজয় দিবসত বাংলাদেশৰ পতাকা উত্তোলন কৰা হয়। কোচবিহাৰত  সেই ছিটমহলবাসীয়ে বাংলাদেশত চামিলকৰণৰ দাবিৰে কেবাবাৰো অনশনকে আদি কৰি গণতান্ত্ৰিক আন্দোলন চলাইয়েই আছে। বাংলাদেশৰ ভিতৰত ভাৰতৰ ছিটমহল সমূহত চিকিত্সাৰ কোন সুব্যৱস্থা নাই, তেওঁলোকো উপায় বিহিনহৈ চিকিত্সাৰ বাবে দ্বাৰস্থ হ'বলগা হয় বাংলাদেশৰ। ছিটমহল বিলাকত পানী বাহিত ৰোগৰ প্রাদুর্ভাৱ খুবেই বেছি। শিশুৰ টিকাকৰণৰ সুযোগ বা সচেতনতা একোই  নাই ছিটমহল বিলাকত। নাই নিৰাপদ প্রসৱৰ কোন ব্যৱস্থা সেয়ে প্রসৱকালীন মৃত্যু হাৰ সেইবোৰ অঞ্চলত অতি বেছি। নানান ধৰণৰ অপৰাধীৰ আশ্রয় স্থল এই ছিটমহল বোৰ। সেয়েহে তেওঁলোকৰ বেছিভাগেই এতিয়া বাংলাদেশৰ চামিলকৰণৰ সপক্ষে। 

এইবোৰৰ বাহিৰেও ছিটমহল বিলাক অপৰাধৰ কেন্দ্ৰস্থল হিচাপে ব্যৱহাৰ কৰাৰ বহু অভিযোগ আছে। আনকি আৰ্থিকভাৱে অতন্ত দুৰ্বল হোৱা বাবে উপায়ান্তৰে ভাঙৰ খেতি কৰে অবাধে, কওতা নাই... সীমান্তৰ ছিটমহল বোৰত প্ৰশাসনীও দুৰ্বলতাৰ বাবে ইয়াৰ বেছিভাগেই নাৰী, শিশু, ড্ৰাগছ সৰবৰাহৰ ৰুট হিচাবে ব্যৱহৃত হৈ আহিছে। এইবোৰত উগ্ৰপন্থী গোট সমূহৰো নিৰাপদ আশ্ৰয়। অসম-পশ্চিমবংগৰ সীমান্তৰ মূল ভূমিৰ পৰা তিনি কিলোমিটাৰ ভিতৰৰ দাশিয়াৰছড়া ছিটমহলটোত ফেন্সিডিল, গাঁজাসহ অন্যান্য মাদক দ্ৰব্যৰ পৰিচিত ট্ৰানজিট হিচাবে ব্যৱহাৰ হৈ আহিছে দীৰ্ঘদিন ধৰি। 


১৯৭১চনত ভাৰতৰ সহায়ত পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত ১৯৭৪ চনত ইন্দিৰা-মুজিব মাজত ছিটমহল হস্তান্তৰৰ চুক্তি স্বাক্ষৰ হয় যদিও সাংবিধানিক সমস্যা আৰু ৰাজনৈতিকভাৱে আগ্ৰহ নথকাৰ বাবে এই ছিটমহল হস্তান্তৰৰ আজিলৈ এখন চুক্তি হিচাপেই ৰৈগৈছে। ২বছৰ আগত তদানীন্তন প্ৰধানমন্ত্ৰী ড. মনমোহনৰ বাংলাদেশ ভ্ৰমণ কালত স্বাক্ষৰিত প্ৰটোকলতো নতুনকৈ ছিটমহল বিনিময়ৰ কথা পুনৰ উল্লেখ কৰা হয় যদিও সেই প্ৰটোকলতো ছিটমহল বিনিময়ৰ বিষয়ে নিৰ্দিষ্ট সময় আৰু প্ৰক্ৰিয়াৰ কোনো স্পষ্ট একোৱেই উল্লেখ নাই। দুয়োদেশৰে স্বাধীনতাৰ ইমান দিন পিছতো ছিটমহলবাসীয়ে মানুহ হিচাবে পোৱা নাই কোনো অধিকাৰ... নানানটা আন্দোলনৰ পিছতো দুয়োখন দেশেই ছিটমহলবাসীক কেৱল প্ৰতাৰণাৰ বাহিৰে দিয়া নাই একোকেই যাৰ বাবেই বৰ্তমান দুইদেশৰ ছিটমহলৰ নাগৰিক সকলোৰ মাজত দেখা দিছে তীব্ৰ ক্ষোভ আৰু হতাশাই। তেওঁলোকৰ আশঙ্কা, তেওঁলোক আকৌ এবাৰ প্ৰতাৰণাৰে চিকাৰ হ'ব ওলাইছে কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ লালসাত, কাৰোবাৰ গাদি দখলৰ অভিলাষত। মানৱতাৰ স্বাৰ্থতে ছিটমহলবাসীৰ আশা পূৰণ হওক কাৰণ জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে।


Sunday 7 September 2014

ৰজা আৰু টুনটুনি চৰাই: গোৱালপৰীয়া লোককথা

হু বহু দিনৰ আগৰ কথা। তেতিয়াৰ দিনত মানুহৰ অভাৱ বুলি একোৱেই নাছিল, তেতিয়া মানুহৰ ইমানেই টকা আছিল যে মানুহে বৰষুণীয়া বতৰৰ পিছত ৰদ উঠিলে টকাবোৰ ৰ'দত শুকাবলৈ দিছিলসেই তেতিয়াৰ দিনত আমাৰ টুনটুনি চৰাইও মানুহৰ মাত-কথা বুজিব পাৰিছিল আৰু মানুহৰ দৰেই মাতিব পাৰিছিল, এয়া সেই তেতিয়াৰ দিনৰে কথা....

এখন দেশত আছিল এজন ৰজা! সেই ৰজাৰ আছিল এক বিশাল ৰাজ-প্ৰাসাদ... সেই প্ৰাসাদৰ মস্ত মস্ত ঘৰ বোৰত কিমান যে লগুৱা-লিগিৰী, সন্ত্ৰি-চিপাহী, উজিৰ-নাজিৰ, মন্ত্ৰী-তন্ত্ৰী... আছিল হিচাপ কৰাই টান। ৰাজ-প্ৰাসাদৰ একাষে আছিলে এটা ধুনীয়া পুখুৰী; তাৰ চাৰিওকাষে পাৰে পাৰে সজোৱা সুন্দৰ ফুলনিত কিমান যে বৰণীয়া ফুলৰ বাহাৰ! তাৰেই এখন ফুলনিৰ মাজত আছিল এটি ওখ দেৱদাৰুৰ গছ আৰু সেই গছটোৰে আটাইতকৈ ওখ ডানিটোত আছিল এটি টুনটুনি চৰাইৰ বাহ। টুনটুনি চৰাইটোৱে ৰাজ-প্ৰাসাদতে থকা অলেখ খোৱা বস্ত বিচাৰি খায় আৰু মনৰ আনন্দতে গোটেই দিনটো গান গায়। কেতিয়াব গান গাই গাই আমনি লাগিলে সি মনৰ আনন্দতে নাচে বা ফুৰুৎ ফুৰুতকৈ গছৰ ইডালে সিডালে ঘুৰি ফুৰে। ইফালে বৰষুণীয়া বতৰৰ পিছত এদিন ভালকৈ ৰ'দ দিয়াত ৰজাৰ আদেশ মতেই লগুৱা সকলে ৰাজ-প্ৰাসাদৰ ছাতত ৰাজকোষৰ টকা খিনি ৰ'দত শুকাবলৈ দিলে। গছৰ পৰা টুনটুনিয়ে গোটেই খিনি চাই আছিল আৰু লগুৱা সকলৰ অলপমান অন্যমনস্কতাৰ সুযোগতে সি উৰি গৈ ঠোঁটেৰে তাৰ পৰা টকা এটা আনি নিজৰ বাহত থলে আৰু মনতেই ভাবিলে- আজিৰ পৰা সিও ৰজাৰ দৰেই ধনৱান।
পিছ দিনাখন ৰাতিপুৱাৰ পৰাই টুনটুনিয়ে গাব ধৰিলে:

"মোৰ ল'গত আছে যি ধন,
ৰজাৰও আছে সেই একে ধন।"

কিছুসময়ৰ পিছত টুনটুনীয়ে নাচি নাচি গাব ধৰিলে:
"ৰজাৰ ঘৰত যি ধন আছে, সেই ধন মোৰো আছে।"

বিশাল সেই ৰাজ-প্ৰাসাদত সকলো সময়তেই নানান জনৰ ভিৰ! ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক কিমানযে নাগৰিক আহে... তাৰোপৰি সন্ত্ৰি-চিপাহী, ৰাজমিত্ৰ ইত্যাদিৰে ৰাজসভাত লোক সমাগম পুৱাৰে পৰাই আৰম্ভ হয় আৰু তাৰে মাজতেই টুনটুনিয়ে অনবৰতে নাচি নাচি গাইছে :

"ৰজাৰ ঘৰত যি ধন আছে
সেই ধন মোৰো আছে।"

টুনটুনিয়ে অনবৰতে গোৱা সেই গীত শুনি, ৰাজসভালৈ অহা বহুতেই মুখ টিপি টিপি হাঁহি আছিল। ৰজাৰ এইবাৰ খং উঠিল, ৰাজসভা বহিছে, পিছে সকলোৰে মুখত হাঁহি...!!! ৰজাই অশেষত ৰাজসভা ভাঙি দিলে আৰু এই হাঁহিৰ কাৰণ গম পাই ৰজাই এজন অনুচৰক হুকুম দিলে- দুষ্ট এই টুনটুনিটোৰ ঘৰত কি এনে ধন-ৰত্ন আছে যে সি নিজকে ৰজাৰ সমান বুলিছে... ৰজাৰ হুকুমত অনুচৰজন ওখ গছৰ ডানিত টুনটুনিৰ বাহত বিচাৰি পালে এটি সোৰ মোহৰ। অনুচৰে মোহৰটো আনি ৰজাৰ হাতত দিলে। অনুচৰজনে যেতিয়া মোহৰটো বাহৰ পৰা আনিছিলে... টুনটুনিয়ে তেতিয়া আন এটি গছৰ পৰা লুকাই সকলোখিনি চাই আছিলপিছদিনা খন ৰাতিপুৱা আকৌ ৰাজসভাৰ কাম-কাজ আৰম্ভ হও হও, দেশ-বিদেশৰ নানা ৰাজমিত্ৰ, ৰাজসভাৰ তন্ত্ৰী-মন্ত্ৰী সকলোকে ৰজাই হাঁহিমুখে সম্ভাষণ জনাই আছে... ঠিক এনে সময়তে- আকৌ এবাৰ ভাহি আহিল টুনটুনিৰ গান! পিছে টুনটুনিয়ে কৈছে কি?

"হৰি হৰি... হৰি হৰি!!
চোৱা ৰজাৰ বাহাদুৰী!
টুনটুনিৰ ধন কৰলে চুৰি!!"

ৰাজসভাৰ সকলোৱে টুনটুনিৰ এই কথা শুনি হাঁহিবলৈ ধৰিলে.... ৰজাই লাজতে ৰঙাচিঙা পৰি গ', বদমাছ টুনটুনিটোয়ে জ্বলাই মাৰিলে! সভা ভাঙি গ'ল। ৰজা তাৰ অনুচৰক হুকুম দিলে, যেনেকৈ নহওঁক কিয় এই বদমাছ টুনটুনিটোক ধৰি আনিব লাগে। ৰজাৰ হুকুম কেনেকৈ অমান্য কৰা যায় !!! সেয়ে অতি সোনকালে জালেৰে নানান কায়দা কৌশল কৰি অৱশেষত টুনটুনিক বন্দী কৰিলে চিপাহীহঁতে। ৰজাই নিজৰ লম্বা গোঁফত হাতেৰে পাক এটা মাৰি গৰ্বৰে চৰাইটোৰ ফালে চাই ক'লে- কিহে দুষ্ট, বদমাচ, ব্যভিচাৰী... শিষ্টাচাৰ কাক কয় নাজানিছিলি হাঁ...এইবাৰ তোৰ কি হব ? কোনে বচাবলৈ আহিব তোক এইবাৰ? ৰজাই তাৰ সাতৰাণীক মাতি হুকুম দিলে এতিয়াই এই দুৰাচাৰী টুনটুনিটোক ভাজি পেলোৱা! আজি মই ভাতৰ ল'গত এই টুনটুনি ভাজি খামৰজা বে নিশ্চিন্ত মনেৰে এইবাৰ ৰাজসভালৈ গ'লেগৈ।
ইফালে সৰু সুন্দৰ টুনটুনি চৰাইটো ডাঙৰ ৰাণীয়ে হাতত লৈ চাই আছিল... ডাঙৰ ৰাণীগৰাকীৰ পৰা এজন এজনকৈ টুনটুনি চৰাইটো শেষত সৰু ৰাণীৰ হাতত পালেগৈ। সৰু ৰাণীৰ বয়স নিচেই কম, সেইবাবেই তাই অলপ অসাৱধান আছিল... সৰু ৰাণীয়ে চৰাইটোক ইহাত সিহাত কৰাতেই ফাঁকেদি হঠাৎ টুনটুনি ফুৰুৎকে... উৰি পলাই গ'ল !!! সাত ৰাণীৰ মূৰত যেন আকাশখন ভাঙি পৰিল। এতিয়া উপায়? কি কৰা যায় এতিয়া !!! সকলোৱে সৰু ৰাণীক গালি শপনি দিয়াত লাগিল। ৰজা যদি খাবলৈ আহি টুনটুনি ভাজি নাপায় আজিযে কি হ'ৱ ভগৱানেহে জানে আৰু ! পিছে সৰু ৰাণীক গালি পাৰিলেই তো সমস্যাৰ সমাধান নহ'ব ! কিবা এটা উপায় ভাবিব লাগে অতি সোনকালে...! সাত ৰাণীৰ মাজত মাজু ৰাণীগৰাকীৰ বুদ্ধি আটাইতকৈ বেছি সেয়ে বাকী ৰাণী কেইগৰাকীয়ে তাক খাটনি ধৰিলে 'তুমিয়ে এটা বুদ্ধি দিয়ানা'... মাজুৰাণীয়ে ক'লে, যি হ'বলগীয়া আছিল হৈয়ে গৈছে... গতিকেই পুখুৰীৰ পৰা বেং এটাকে ধৰি আনি মহাৰজাক টুনটুনিটো বুলি ভাজি খুৱাব লাগিব, তাৰ বাহিৰে আৰু আন উপায় নাই! ইয়াত ত' আমি কেইজনেই আছোঁ আৰু কাকো নজনালেই হ'ল কথাটো... ৰজা ভাৱিব তেওঁ টুনটুনি চৰাইটোৰে ভাজি খাই আছে। বুদ্ধিটো বাক ৰাণীকেইগৰাকীৰ পছন্দ হ'ল... আৰু সেইমতেই কামটো কৰিলে। দুপৰীয়া ৰজাই খাবলৈ বহি খুউৱ গৰ্বিত ভাৱেই বেং ভাজিকে চৰাইটো বুলি খাবলৈ ধৰিলে আৰু টুনটুনিক উদ্দেশ্যি ক'লে "বদমাছ চৰাই এতিয়া পালি নে ৰজাৰ ল'গত কৰা ব্যৱহাৰৰ ফল ! হাঃ হাঃ হাঃ...
        
পিছৰ দিনা ৰাজসভাৰ কাম আৰম্ভ হৈছেহে মাত্ৰ ...ৰজা ৰাজসিংহাসনত বহি আছে, দুফালে দুজন সেৱিকই চোঁৱৰ বুলাই মাখি খেদিছে, ৰজাই হাঁহিমনে প্ৰধানমন্ত্ৰীক সভাৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিলে মাত্ৰ ঠিক সেই সময়তে ৰাজসভাৰ ওচৰৰ গছৰ ডালৰ পৰা দুষ্ট টুনটুনিয়ে গাই উঠিল :

"আহা হৰি হৰি,চোৱা
ৰজাৰ বাহাদুৰী...!
ইমান ডাঙৰ ৰজাহৈও
কৰে টুনটুনিৰ ধন চুৰি...!
ৰজা কেনে মজাটো পালি
টুনটুনি ভাজি খাবলৈ গৈ
বেঙ ভাজিকেই খালি "

ৰাজসভাত উপস্থিত সকলোৱে হাঃ হাঃ শব্দে হাঁহি দিলে। বেং ভাজি খোৱা ৰাজধৰ্মৰ নিষেধ! তাৰোপৰি বেং হ'ল এটা অপৱিত্ৰ লেতেৰা জীৱ! আৰু সেই বেঙকেই ভাজি কৰি খালে স্বয়ং ৰজাই? ৰজা লাজে-অপমানে ৰাজসভাৰ পৰা উঠি প্ৰাসাদৰ অন্দৰ মহল পালেগৈ... অন্দৰ মহল পাইয়ে ৰজাই সৰুৰাণীক ল'গ পালে... খঙতে ৰজাৰ দুই চকু ৰঙা সৰুৰাণীয়ে ভয়তে ৰজাক সকলো কথা খুলি ক'লে...এইবাৰ খঙত ৰজা কঁপিবলৈ ধৰিলে আৰু তাৰ পিছত একে একে সাত ৰাণীক মাতি আনি তলোৱাৰৰে গোটেই কেইগৰাকী ৰাণীৰ নাক কাটি দিলে। পিছৰদিনা ৰাজসভাৰ কাম আৰম্ভ হোৱাৰ লগে লগে ডাঙৰ মাতেৰে সুৰ কৰি টুনটুনিয়ে আকৌ গাবলৈ ধৰিলে এটি নতুন গান:

"বাহঃ বাহঃ-কি মজা
টুনটুনি ভাজি খাব গৈছিল আমাৰ দেশৰ ৰজা,
খালে বেঙ ভজা !
ৰাণীয়ে ৰান্ধি খুৱালে বেং ভাজি ৰজাক,
 সেই দোষতে কাটা গ'ল সাতৰাণীৰ নাক !!"

ৰজা খঙতে ৰঙা-চিঙা পৰি কঁপিবলৈ ধৰিলে আৰু ৰাজ-প্ৰাসাদ সকলোকে হুকুম দিলে, যেনেকৈ নহওক এই টুনটুনিক ধৰি আনিবই লাগিব- নহ'লে সকলোকে মৃত্যুদণ্ড দিয়া হব! ৰাজপ্ৰাসাদৰ সকলোৱে প্ৰাণৰ ভয়তে গোটেইদিন ইফালে-সিফালে টুনটুনিৰ পিছে পিছে খেদাখেদি কৰি অবশেষত সন্ধিয়া তাক ধৰি আনিলে। ৰজা ইমানেই খঙত আছিলে যে, তেওঁ তেতিয়াই তাৰ এজন অনুচৰক হুকুম দিলে এতিয়াই এক গিলাচ পানী আনা মই এইবাৰ আৰু কাকোৱেই বিশ্বাস নকৰো, কেঁচাই কেঁচাই আজি এই টুনটুনিক খাম... অনুচৰে এগিলাচ পানী আনিলে আৰু ৰজাই এক মুহুৰ্ত্ততে টুনটুনিক কেঁচাই কেঁচাই গিলি দিলে !
অলপ সময়ৰ পিছত ৰজাই পেটৰ ভিতৰত টুনটুনি খচমচনি অনুভৱ কৰিব ধৰিলে। দুষ্ট টুনটুনিয়ে ৰজাৰ পেটৰ ভিতৰত খুটিব ধৰিলে... লাহে লাহে ৰজাই পেটৰ ভিতৰত অসহ্য যন্ত্ৰণাত থাকিব নোৱাৰি ৰাজবৈদ্যৰ কাষ চাপিল... ৰাজবৈদ্যই ৰজাক পাইখানা কৰিলেই সেই চৰাই ওলাই যাব বুলি উপদেশ দিলে। ৰজাই ভাবিলে যে যি উপায়ে নহওক কিয় টুনটুনিক জীৱন্তে যাব দিব নোৱাৰি নহ'লে ৰজাৰ সকলো মান সন্মান এই দুষ্ট চৰাইটোৱে শেষ কৰি পেলাব। এইবাৰ ৰজাই বিশ্বস্ত অনুচৰ কেইজন মানক ল'গত লৈ পাইখানা কৰিব গ'ল। ৰজাই হুকুম দিলে যে পাইখানা কৰাৰ সময়ত চৰাইটো ওলোৱা মাত্ৰকে তাক তলোৱাৰেৰে কাটি দুচেও কৰিব লাগিব! ৰজাৰ অনুচৰ তৈয়াৰ হৈয়ে আছিলে, গতিকেই চৰাইটো ওলোৱাৰ লগেলগেই দিলে এক কোপ, কিন্তু তলোৱাৰৰ সেই কোপ টুনটুনি চৰাইটোৰ ওপৰত নপৰি পৰিলেগৈ ৰজাৰ টিকাত, ৰজাই টিকাৰ এবখলা হেৰাই বিষতে আঁআঁ উঁউঁ উঁহু উঁহু কৰিব ধৰিলে...।

পিছৰদিনা পুৱা ৰাজপ্ৰাসাদৰ বাহিৰৰ গছ এটাৰ পৰা সুৰ কৰি টুনটুনিয়ে আকৌ গাব ধৰিলে এটি নতুন গান:

"মই টুনিয়ে টুন-টুনালোঁ,
সাত ৰাণীৰ নাক কটালোঁ... 
মই টুনিয়ে টুন-টুনালোঁ,
আমাৰ ৰজাৰ টিকা কটালোঁ।"


এই দৰে বহু সময় গাই অশেষত ৰাজপ্ৰাসাদ এৰি টুনটুনি চৰাইটো চিৰদিনৰ বাবে উৰা মাৰি গুচি গ'ল।


(আজি ৰূপকথাবোৰৰ ঠাই লৈছেহি কাৰ্টুন চেনেলসমূহৰ ছোটা ভী, ডৰেমন, অগী, মটু-পাতলু আদিয়ে... সেয়ে আমাৰ লোক সাধুকথাবোৰ আজি হেৰাই যোৱাৰ পথতশিশু সকলোৰ মাজত অতি জনপ্ৰিয় এই কাহিনীটো অসমৰ আন ঠাইত প্ৰচলিত হয় নে নহয় বা তাৰ কিবা ছপা ৰূপ আছে নে নাই সেই বিষয়ে একোকেই নাজানোনিজে সৰুৰে পৰা শুনা আৰু আমাৰ অঞ্চলৰ অতি জনপ্ৰিয় এই সাধুকথাটো সেয়ে ইউনিকোড ৰূপান্তৰকৰণ কৰি ৰাইজলৈ আগবঢ়াই দিলোঁ। ৰাইজৰ সহাঁৰি আৰু প্ৰতিক্ৰিয়া পালে ভাল লাগিব)

Friday 1 August 2014

যুক্তিবাদ : জীৱনৰ এটি অনুভৱ

       ইশ্বৰক প্ৰসন্ন কৰাৰ বাবে মানুহৰ যি সহজাত আকাঙ্খা থাকে, তাৰ পক্ষত নাছিলোঁ মই কোনোকালে। এই আকাঙ্খাৰ একেবাৰে বিপৰীত মেৰুতো বিচৰণ কৰা নাই মই কেতিয়াও। জন্মসূত্ৰে মই বৰ্নহিন্দু বামুনৰ ঘৰৰ ল'ৰা পিছে কেৱল নামতেই। বাৰ বছৰত মা-দেউতাই দিয়া লগুণৰ সুতাডাল পিছে এতিয়াও এৰিব পৰা নাই। সেই নগুন পেচথকা শুতা ডাল মোৰ দেহত আজিও লাগি আছে, ঠিক যেনেকৈ বজাৰৰ পৰা কিনি অনা মালা এডাল পিন্ধি থাকে বহুতেই । এই লগুণডাল মোৰ বাবে এক অলংকাৰ মাথোন। এৰি দিয়া নাই মাথো এটা কাৰণতেই যে সেয়া ধৰ্মীয়বিধিতকৈ মোৰ বাবে বহুযুগ ধৰি চলি অহা এক পৰম্পৰা বা সংস্কৃতিৰ অংগহে, যি পৰম্পৰা একেদিনেই হেৰুৱাই পেলাব নিবিচাৰো মই। মই শোৱা কোঠাটোৰ কাষৰ কোঠালীতোতে আছে আমাৰ ঘৰৰ মন্দিৰটো য'ত আছে ৩০০ বছৰৰ পূৰণী কালাচাঁন্দৰ (শ্ৰীকৃষ্ণ) বিগ্ৰহ, মহাপুৰুষ শ্ৰীশ্ৰী চৈতন্যদেৱে নিজে ব্যৱহাৰ কৰা খৰম আৰু লাখুটি (ডo মহেশ্বৰ নেওগৰ 'পবিত্ৰ অসম'ৰ গোৱালপাৰা জিলাৰ বঙাইগাঁওৰ শ্ৰীশ্ৰী চৈতন্যধাম দ্ৰষ্টব্য)। ঘৰৰ সেই মন্দিৰটোত আজিও চলে নিত্য নৈমিত্তিক পূজা। পিছে পূজা সম্পৰ্কীয় কাম কাজৰ বাবে মই কেতিয়াও নোসোমাও সেই মন্দিৰটোত। সেই মন্দিৰটোৰ বাবেই আমাৰ ঘৰত আজিলৈ সোমোৱা নাই আনকি কুকুৰাৰ এটা কণীও ! আমাৰ ঘৰত সেইবোৰ অভক্ষ্য আৰু তাৰ কাৰণে পিছে মোৰ কোনো অনুশোচনা নাই, ঘৰৰ বাহিৰত মই সৰ্ব্বভক্ষী...। যিয়ে য'ত বিশ্বাস কৰে মিছাতে তাত যুক্তিবাদীহৈ বাধাদিয়াৰ দৰকাৰ অনুভৱ কৰা নাই কেতিয়াও। কোনোবাই যদি পূজা পাতল কৰি মানসিক শান্তি লাভ কৰে তাত বাধাদিয়াৰ কোনো কাৰণেই নাহে, আহিব নোৱাৰে।



মাজতে নিজকে এজন প্ৰৱল যুক্তিবাদী বুলি ভাবিবলৈ লৈছিলো যদিও ঈদৰ দিনাখন হোৱা এক দুৰ্ঘটনাই নিজকেই নিজে আকৌ নতুনকৈ আবিষ্কাৰ কৰিলো... নাহ মই যুক্তিবাদী হব পৰানাই এতিয়াও !!! সিদিনা খন মোৰ ৫ বছৰীয়া ল'ৰা নীলে দৌৰতে বেয়াকৈ পৰি মূৰৰ পিছফালে আঘাত পাই ল'গে-ল'গে সংজ্ঞাহীন হ'ল...। তাৰ মাকে তাক কোচত লৈ কান্ধাকটা আৰাম্ভ কৰিলে, ঘৰত এক হুলস্থুলীয়া পৰিবেশ যাক মই বৰ্ণনা কৰিব পৰাকৈ ভাষাৰ প্ৰয়োগ কৰিব নোৱাৰিম কেতিয়াও, পিছে এইখিনি জানো যে সেই মূহুৰ্তত মোৰ বুকুখন অদ্ভুতভাৱে পাতল হৈ উঠিছিল যেন বুকুৰ ভিতৰত একোৱেই নাই মোৰ, হাতভৰি কঁপি উঠিছিলে মোৰ , মুখৰ পৰা কব নোৱাৰাকৈ ওলাইছিলে হে ভগৱান ৰক্ষা কৰা...!!! কঁপিকঁপিয়ে দৌৰি গেৰেজৰ পৰা গাড়ীখন উলিয়াই কোনোকালে পূজা নকাৰা কালাচাঁন্দ প্ৰভূৰ মন্দিৰলৈ বুলি সেৱা এটা জনাছিলোঁ... হে ভগবান নীলক বচোঁৱা...!!! হস্পিটাললৈ নিয়া অৱস্থাতে ৰাস্তাত নীলৰ জ্ঞান আহিল। মনটো অলপ পাতল হ'ল যদিও অলপ পিছতে সি বমি কৰাতে আকৌ হাত ভৰি কঁপিব ধৰিলে নীলৰ মাকৰ ফালে চালো তাইৰ ফালে চাব নোৱাৰি দুচকুৰে বইছে জলাধাৰ। আমাৰ ঘৰৰ পৰা হস্পিটাল ৬কি.মি.দুৰত্বত আৰু মোৰ জীৱনত আজিলৈ এই ৬ কি.মি. চিধা বাটেৰে গাড়ী চলাই নিয়াটোৱে আছিল আজিলৈ চলোৱা আটাইতকৈ পঙ্কিল পথ !!! বাটত যিমান মন্দিৰ- মছজিদ যি পাইছিলোঁ সিদিনাখন সকলোতেই সেৱা এটা জনাইছোঁ, অদৃশ্যজনৰ ওচৰত প্ৰাণ ভিক্ষা কৰিছো ল'ৰাটোৰ জীৱনৰ বাবে।


নীল এতিয়া সম্পূৰ্ণ সুস্থ , তাৰ দৌৰজাঁপ আকৌ আৰম্ভ হৈগৈছে এতিয়া ! পিছে সিদিনাখন ঘটনাই মোক বাৰুকৈয়ে জোকাৰি গৈছে, সিদিনা ফেচবুকত নীলৰ বাবে পাৰ্থনা কৰিবলৈ আপডেট এটা দিছিলোঁ তাৰ পৰা মোৰ বহু ফেচবুক বন্ধুই ঘটনাটোৰ বিষয়ে গ'ম পাইছে, মোক ফোন কৰি অভয় দিছে বহুজনে যাৰ লগত মোৰ পৰিচয় ফেচবুকতেই সীমাবদ্ধ, যাৰ বহুতোকেই মই আজিলৈকে চকুৰেই দেখা নাই, তেওঁলোকে বহুতেই পাৰ্থনাও কৰিছে নিজ নিজ ধৰ্ম মতেই, যাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ। পিছে এই ঘটনাই মোক শিকাইছে জীৱনৰ আন এটি পাঠ আৰু মই এতিয়া বিশ্বাস কৰো যে মই যিমানেই নিজকে যুক্তিবাদী বুলি নাভাবো কিয় মই এতিয়াও সংস্কাৰাচ্ছন্ন এক মানুহ মাথো যিজনে জন্মলগ্নতে পোৱা সংস্কাৰক অস্বীকাৰ কৰিব পৰা হোৱা নাই এতিয়াও আৰু যাৰ প্ৰভাৱৰ অস্তিত্বৰ উমান বিপদৰ সময়তহে পোৱা যায়। জীৱনৰ পৰা পোৱা এইটোও এক প্ৰকাৰৰ ডাঙৰ অভিজ্ঞতা।


এতিয়া ভাবিছোঁ মোৰ দৰে বহুতেই হয়তো ওলাব যিজনে আচলতে আধুনিকতা আৰু সংস্কাৰৰ এক বিৰল মিশ্ৰণৰ মাজতেই জীয়াই আছে। পিছে মনৰ এই সংস্কাৰচ্ছন্নতা ভণ্ডামি পৰ্যায়লৈ যাব নিদিও কেতিয়াও আৰু নাহ নিজকে আৰু প্ৰৱল যুক্তিবাদী বুলি পৰিচয় নিদিওঁ কেতিয়াও। যদিওবা সকল প্ৰশ্নৰ উত্তৰ ধৰ্মত নাই বা তাক বিছৰাৰ ধৃষ্টতাও মোৰ নাই কিন্ত সকলোখিনিয়ে যে একেবাৰেই অৰ্থহীন তাৰো পিছে প্ৰমাণ নাই। ক্ষতি কি যদি মই কোনোবা বিমৰ্ষ মানুহৰ বাবে মোৰ ভগৱানৰ ওচৰত পাৰ্থনা জনাওঁ...!! সেই মানুহ, সেই বিপদগ্ৰস্ত জন যি ধৰ্মৰে নহওক কিয় তেওঁৰ বাবে মই মোৰ ভগৱানৰ ওচৰত পাৰ্থনা কৰিম সেয়াই মোৰ বাবে হওক মোৰ ধৰ্ম। য'ত থাকক এজনৰ প্ৰতি আন এজনৰ ভালপোৱা, প্ৰেম... আমি মানো বা নামানো প্ৰতিটো ধৰ্মই আচলতে তাকেই কয়। যেতিয়া দুঃখ কষ্ট হতাশাই ভৰাক্ৰান্ত কৰে মন তেতিয়া হয়তোবা কেৱল ঈশ্বৰহে আনি দিব পাৰে অলপ শান্তনা, অলপ ভৰষা। এই ভৰষা মোৰ বাবে হওক ধৰ্মীয় উগ্ৰবাদ, কুসংস্কাৰৰ বিপৰীতে....!!! ঈশ্বৰৰ ওচৰত সেয়াই মোৰ পাৰ্থনা। 

সকলোৱেই কুশলে থাকক।


Tuesday 21 January 2014

জন্মদিনত দুআষাৰঃ-

"তোমাৰ নতুন কেমেৰাটোৰে ফটো নুতুলিবা মোৰ,
মেগাপিক্সেলে তুলিলৈ যায় জীৱনৰ বলিৰেখা বোৰ "

হয় কথাখিনি উপলব্ধি কৰিছো লাহে লাহে, এডাল-দুডালকৈ পকিবলৈ লৈছে দাৰি চুলি বোৰ । সঁচাকৈ বুঢ়াহৈ গৈ আছোঁ প্ৰতিদিনে, প্ৰতিপলে । সময় পাৰ হয় নিজস্বতাৰে গমকলৈকো পাবলৈ নিদিয়ে কাকো। আজি মোৰ জন্মদিন, আজিৰপৰাই ভৰি দিলোঁ ৪৫ বছৰত.... পিছে ল'ৰালিৰ কথাবোৰ চোন সৌ সিদিনাখনৰ যেনহে লাগে এতিয়াও । শৈশৱৰ ঘোৰ বাৰিষাৰ গদাধৰনৈৰ প্ৰতিটো ঢৌৱে আজিও ভাঁহে মোৰ চকুৰ আগত । সেইবোৰ দিনৰ কথা ভাবিলেই মনটোত এটা অজানা ভাললগা অনুভৱে চুই যায়, এচাটি স্নিগ্ধ বতাহৰ দৰে। পিছ মূহুৰ্ত্ততে মনটোত আৱৰি ধৰে এক বিষাদগ্ৰস্ততাই, ডিঙিলৈকে সোপা মাৰি ধৰে কিবা এটাই যাক মই ভাষাৰে বৰ্ণনা কৰিব নোঁৱাৰিম কেতিয়াও, ই কিবা এটা হেৰুৱাই পেলোৱাৰ এক অবুজ বেদনা । জন্মদিনটো আহিলেই এইবোৰ কথা বেচিকৈ মনলৈ আহে প্ৰতি বছৰ, এইযে জীৱনকালৰ পৰা অতীত হৈ গ'লগৈ আৰু এটা বছৰ । কি বা কৰিব পাৰিছোঁ এই বয়সত...? বহুত ৰঙ্গীন সপোন আছিল, কৰিবলগীয়াও বহুত আছিল, নিজৰবাবে, পৰিয়ালটোৰ বাবে... প্ৰয়োজনসাপেক্ষে দেশৰ বাবে, জাতিৰ বাবে...!!! নাই একোৱেই কৰিব পৰা নাই, কেতিয়াবা ভাৱো জীয়াই আছোঁ সেয়াও এক স্বাৰ্থকতা, এক আনন্দ, জীয়াই থাকাৰ আনন্দ... যাৰ লগত সাঙুৰি আছে ৪৪ বছৰীয়া বাৰেৰহণীয়া অভিজ্ঞতা । জীৱনকালৰ পোৱা-নোপোৱা, ভুল-ভ্রান্তি, আশা-হতাশাৰ মাজত অর্জিত এই বাৰেৰহণীয়া অভিজ্ঞতা খিনি এদিন নহয় এদিন কামত আহিবই। মই বৰ আশাবাদী মানুহ পিছে জন্মদিনটোহে কেতিয়াও পালন কৰি পোৱা নাই আজিলৈকে, সৰুৰে পৰা আমাৰ ঘৰত এই সংস্কৃতি নাই । এইবোৰ তাৰ ব্যতিক্ৰম নহয়, আন দহটা দিনৰ দৰেই আজিৰ দিনটোও একেই দেখোন !!! ঠিক একে বুলি ক'লে অলপ ভুল হ'ব কাৰণ আজি আমাৰ ঘৰতেই দুটাকৈ জন্মদিন আনটো জন্মদিন হ'ল মোৰ শ্ৰীমতী স্মিতাৰ আৰু এই দিনটোতেই তাইক মই প্ৰথমবাৰৰ বাবে ল'গ পাইছিলোঁ, গতিকেই আজিৰ দিনটো অলপ হ'লেও বেলেগ । স্মিতালৈ জন্মদিনৰ অজস্ৰ শুভেচ্ছা থাকিল... আজি দিনটো আমি একেলগে থাকিম, ফুৰিব যাম এখন সেউজীয়া পাহাৰত যাৰ কাষৰে বৈ যাব এখন নৈ ঠিক মোৰ শৈশৱৰ গদাধৰ নৈ খনৰ দৰেই। মইও সেউজীয়া হৈ থাকিব বিচাৰোঁ চিৰদিন, ঠিক এখন সেউজীয়া পাহাৰৰ দৰেই।

১৮/০১/২০১৪