--------------------------------
সিদিনা... চাহত চেনি কম আছিল,
তোমাৰ চকুতো চকুলো আছিল,
মই পিছে বেচ ফূৰ্ত্তিতেই আছিলোঁ...
তোমাৰহে বিদায়ৰ বিষাদ আছিল।
মোৰ হাতত টিকট আছিলে,
তুমি ভাবিছিলা, মই গুছি যোৱাৰ,
আচলতে টিকট খন চিনেমাৰহে আছিল...
নাটকখন মোৰ ধেমালিহে আছিল ৷
ৰেলখনো তেতিয়া ষ্টেছনত নাছিল,
ওচৰতে চিনেমা হ'লটো আছিল,
তোমাৰ হাতত ধৰি সিপিনে যাওঁতেই...
তোমাৰ চকুৰ নৈখন শুকাই গৈছিল।
তুমি ভাবিছিলা ছিনেমাখন ৰোমাণ্টিকেই হ'ব,
ছিনেমাখন পিছে কমেডিহে আছিল,
কান্দোনৰ প্ৰস্তুতি তোমাৰ এনেই যোৱাত...
হাঁহি হাঁহি মোৰহে পেট বিষাইছিল।
এদিনাখন মই হাস্পিটালত,
কোনোবাই তোমাক খবৰ দিছিল,
তুমি দেখিছিলা মই বেডত শুই আছোঁ...
আচলতে সেয়া সাধাৰণ চেক-আপহে আছিল।
এদিন আমাৰ কাজিয়া লাগিছিল,
চিনেমাৰ দৰেই মোৰো অভিমান হৈছিল,
ঘৰত ঘূৰিছিলোঁ হাতত বটল এটালৈ...
আচলতে সেয়া পেপছিহে আছিল।
বহুদিন পিছতহে এনে হৈছিল,
বাগিছাত ফুল আৰু নৈত পানী আছিল,
মই মানুহটো মইয়েই আছিলোঁ...
কেৱল পাৰ্কৰ বেঞ্চখনহে খালি আছিল।
ডাকঘৰৰ বাটেৰে মোৰ অহাযোৱা আছিল,
এদিনাখন এখন নীলাখামৰ চিঠি আহিছিল,
বহুত আশাৰেই খাম খুলিছিলোঁ মই...
আচলতে সেয়া ইনকাম-টেক্সৰহে আছিল।
আমাৰ আগ-বাটেৰে টেম্পো চলছিল,
নাথামিলেও তাত এটা ষ্টপেজ আছিল,
সিদিনা কিবাএটা ভাবি থাকোতেই...
যাও যাও কৰিও টেম্পো এখন ৰখি গৈছিল।
মই দেখা নাই - কোনোবা এজন নামিছিল,
সেয়া তুমিয়েই আছিলা, মোৰেই চকুৰ ভুল আছিল,
তোমাক দেখি মনত চিন্তাও হৈছিল...
তুমি চাই ভাবিছিলা- মোৰ অভিমান তেতিয়াও আছিল।
ঘৰৰ বাৰিন্দাত দুখন চেয়াৰ আছিল,
আমি বহিছিলোঁ মায়ে চাহ দিছিল,
মোৰ কাপত চেনি কম আৰু তোমাৰ কাপত চেনি বেছি আছিল...
তুমি হাঁহিহাঁহি কৈছিলা মোক- চেনি কি বাজাৰত সস্তা আছিল ?
ময়ো হাঁহিছিলো- তোমাৰো মুখত হাঁহি আছিল,
হাঁহিৰ আঁৰত আদ্ৰতা জমিছিল,
পলে পলে আদ্ৰতা সজল হৈছিল...
বহুদিনৰ মূৰত দুখন হাত এখন হৈছিল।
চাহত এতিয়াও চেনি কম-বেছি হয়,
ঠিক যেনে আগতেও বহুতবাৰ হৈছিল,
কথাত ডুবগৈ চাহকাপো খোৱা নহয় ...
কিমানবাৰ যে গৰম চাহ ঠাণ্ডা হৈছিল।
--------------------------------
(সজল শৰ্মাৰ কবিতাৰ ভাৱানুবাদ)
-----------------------------------------------------------------------------------------------------
ষোল আনায় মিছা
------------------
বিদ্যা বোঝাই বাবুমশাই চড়িল সখেৰ বোটে,
মাঝিক কৈলেক, "কবাৰ পাইস তুই, সূৰ্য কেনে উঠে?
চাঁনাটা কেনে বাড়ে কমে? জোয়াৰ কেনে আইসে?”
বৃদ্ধ মাঝি অবাক হয়া ফ্যালফেলেয়া হাসে।
বাবু কয়, "সাৰা জীবন মৰলিৰে তুই খাটি,
জ্ঞান ছাৰা তোৰ জীবনটা যে চাইৰো আনায় মাটি।”
খানিক বাদে কৈলেক বাবু, "কওতো দেখোং ভাবি,
নদীৰ ধাৰা কেমনে আইসে পাহাড় থেকে নামি?
কওতো দেখোং নোনতা কেনে সাগৰ ভৰা পানী?”
মাঝিয়ে কয়, "আমৰা বাবু, অত কি আৰ জানি?”
বাবু কয়, "এই বয়সতো জানিস না তুই, তোৰ যে মাথাত কি
জীবনটা তোৰ এমনেই গেইল, অষ্ট আনায় ফাঁকি!”
আৰো ভাবি কয় বাবুই, " কওতো মাঝি বুঢ়া,
কেনে এমন নীলা দেখা যায় আকাশেৰ ঐ চুড়া?
কওতো দেখোং সূৰ্য চন্দ্ৰত গ্ৰহণ কেনে লাগে?”
মাঝিয়ে কয়, "আমাক বাবু নাদেন লাজ আৰ আগে!”
বাবু কয়, " মুই আৰ বুঢ়া, কইম কি তোৰ কাথা-
এলাতো দেখোং জীবনটা তোৰ বাৰো আনায় বৃথা।”
খানিক পাছত তুফান উঠিল, ঢেউ উঠিল ফুলি,
বাবু দেখে, নৌকা এলা ডুবিল বুজি দুলি দুলি!
মাঝিক কৈলেক, "এই কি বিপদ! ওৰে ও ভাই মাঝি,
ডুবিব নাকি নৌকা এইবাৰ? মৰিম নাকি আজি?”
মাঝিয়ে কয়, "সাঁতোৰ নাজানিস?”- মাথা লাৰে বাবু,
মূৰ্খ মাঝি কৈল এইবাৰ, "বাবু, এলাতে কেনে কাবু?
বাঁচিলে বাবু, কৰিস বিদ্যাৰ হিসাব মুইতো সোগতে কাঁচা,
তোমাৰ জীবন কনা দেখোং এলা ষোল আনায় মিছা!”
-------------
মূল:- সুকুমাৰ ৰায়
অমলকান্তি
----------
অমলকান্তি মোৰ বন্ধু,
স্কুলত আমি একল'গে পঢ়িছিলোঁ।
সদায় দেৰিকৈ ক্লাছত আহিছিলে, পঢ়াও নোৱাৰিছিলে,
ছাৰে কিবা এটা শুধিলে...
এনে নিজম নিমাতহৈ খিৰিকিৰে এনেকৈ চাই থাকিছিলে যে
তাৰফালে চাবলৈ কষ্ট হৈছিলে আমাৰ।
আমি কোনোবাই হ'ব খুজিছিলোঁ মাষ্টৰ, কোনোবাই আকৌ ডাক্তৰ, উকিল।
অমলকান্তি এইবোৰ একোই হ'ব বিচৰা নাছিল,
সি হেন ৰ'দ হব বিচাৰিছিল !
ক্ষান্তবর্ষিত কাউৰীয়ে-মাতা আবেলিৰ এক লাজুক ৰ'দ,
জামু আৰু বগাজামুৰ পাতত
যি ৰ'দ লাগি থাকে অকণমান হাঁহিৰ দৰে।
আমি কোনোবাই মাষ্টৰ হ'লো, কোনোবাই আকৌ ডাক্তৰ, উকিল।
অমলকান্তি পিছে ৰ'দ হব পৰানাই,
সি এতিয়া অন্ধকাৰ এটা ছাপাখানাৰ কৰ্মচাৰী।
মাজে মাজে মোৰ সতে দেখা কৰিব আহে;
চাহ একাপ খায়, ইটো-সিটো কথা পাতো আমি,
তাৰপিছত কয়, “আজিলৈ আহোঁগৈ”
মই তাক নঙলামূখলৈ আগবঢ়াই দি আহোঁ।
আমাৰ মাজত যিজন এতিয়া মাষ্টৰী কৰে,
অনায়াসে সিজন ডাক্তৰো হ'ব পাৰিলে হয়,
যি ডাক্তৰ হ'ব খুজিছিলে,
উকিল হ'লেও তাৰ ক্ষতি একোই নাছিলে।
অথচ, সকলোৰেই ইচ্ছা পূৰণ হ'ল,
কেৱল অমলকান্তিয়ে ৰৈ গ'ল...
অমলকান্তি ৰ'দ হব পৰানাই,
যি এদিন ৰ'দ হ'ব বিচাৰিছিল !!!
----------
মূল:-নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
স্কুলত আমি একল'গে পঢ়িছিলোঁ।
সদায় দেৰিকৈ ক্লাছত আহিছিলে, পঢ়াও নোৱাৰিছিলে,
ছাৰে কিবা এটা শুধিলে...
এনে নিজম নিমাতহৈ খিৰিকিৰে এনেকৈ চাই থাকিছিলে যে
তাৰফালে চাবলৈ কষ্ট হৈছিলে আমাৰ।
আমি কোনোবাই হ'ব খুজিছিলোঁ মাষ্টৰ, কোনোবাই আকৌ ডাক্তৰ, উকিল।
অমলকান্তি এইবোৰ একোই হ'ব বিচৰা নাছিল,
সি হেন ৰ'দ হব বিচাৰিছিল !
ক্ষান্তবর্ষিত কাউৰীয়ে-মাতা আবেলিৰ এক লাজুক ৰ'দ,
জামু আৰু বগাজামুৰ পাতত
যি ৰ'দ লাগি থাকে অকণমান হাঁহিৰ দৰে।
আমি কোনোবাই মাষ্টৰ হ'লো, কোনোবাই আকৌ ডাক্তৰ, উকিল।
অমলকান্তি পিছে ৰ'দ হব পৰানাই,
সি এতিয়া অন্ধকাৰ এটা ছাপাখানাৰ কৰ্মচাৰী।
মাজে মাজে মোৰ সতে দেখা কৰিব আহে;
চাহ একাপ খায়, ইটো-সিটো কথা পাতো আমি,
তাৰপিছত কয়, “আজিলৈ আহোঁগৈ”
মই তাক নঙলামূখলৈ আগবঢ়াই দি আহোঁ।
আমাৰ মাজত যিজন এতিয়া মাষ্টৰী কৰে,
অনায়াসে সিজন ডাক্তৰো হ'ব পাৰিলে হয়,
যি ডাক্তৰ হ'ব খুজিছিলে,
উকিল হ'লেও তাৰ ক্ষতি একোই নাছিলে।
অথচ, সকলোৰেই ইচ্ছা পূৰণ হ'ল,
কেৱল অমলকান্তিয়ে ৰৈ গ'ল...
অমলকান্তি ৰ'দ হব পৰানাই,
যি এদিন ৰ'দ হ'ব বিচাৰিছিল !!!
----------
মূল:-নীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী
নন্দ খুড়াৰ আয়ুৰেখা
-----------------------
আমাৰ গাঁওৰে নন্দ গোঁহাই, আমাৰ নন্দ খুড়া,
স্বভাৱটো তেওঁৰ চাধাছিধা, শান্তশিষ্ট বুঢ়া৷
খুড়াৰ নাছিল অসুখবিসুখ, আছিল মনৰ সুখত,
হোঁকা টানি খুড়াই সদায় থাকে হাঁহিমুখত৷
হঠাৎ কিবা হ'ল এদিন, খুড়াই গণকক দেখাল হাত,
ক্ষীণাই-শুকাই গ'ল খুড়া, কট-মটাই বাজে দাঁত !
সুধিলে খুড়াই নকয় কথা, আকাশৰ ফালেহে চায়,
মাজে মাজে চকখাই উঠে, কি হ'ল খুড়াৰ হায় !
গোটেই গাঁওৰ ৰাইজ আহিল খুড়াৰ অৱস্থা দেখি,
মুখেৰে যদি নামাত খুড়া, কাগজতে দিয়া লিখি !
খুড়াই কয় কি আৰু কম, কাপালতে মোৰ লিখা...
তোমালোকৰ খুড়াক শনিয়ে লম্ভিছে, টুটাইছে আয়ু ৰেখা৷
ইমান দিনে গমকে নাপালোঁ, এনেকুৱাও হয় চোন,
হঠাৎ এতিয়া প্রাণটো গ'লে বুঢ়ীৰ খবৰ ৰাখিব কোন ?
ষাঠি বছৰ পাৰ কৰিলো, কেনেকৈ পাহৰি যাও...
তোমালোকৰ নন্দ খুড়া বোধহয় এইবাৰ পটল তুলিহে পাও।
কেতিয়া কি বিপদ হয়, কান্দোঁনতে ফুলে ডিঙি,
যেন খুড়াৰ ডিঙিৰ শিৰাবোৰ এতিয়াই যাব চিঙি ৷
মই ক'লো বাদদিয়া খুড়া, গণকৰ ফাল্টু কথা...
মোকো তেনেকৈ নানানটা কৈছিলে, নিমিলিলেই মুণ্ডমাথা !!
--------------
(সুকুমাৰ ৰায়ৰ এটি বাংলা কবিতাৰে প্ৰভাৱিত)
স্বভাৱটো তেওঁৰ চাধাছিধা, শান্তশিষ্ট বুঢ়া৷
খুড়াৰ নাছিল অসুখবিসুখ, আছিল মনৰ সুখত,
হোঁকা টানি খুড়াই সদায় থাকে হাঁহিমুখত৷
হঠাৎ কিবা হ'ল এদিন, খুড়াই গণকক দেখাল হাত,
ক্ষীণাই-শুকাই গ'ল খুড়া, কট-মটাই বাজে দাঁত !
সুধিলে খুড়াই নকয় কথা, আকাশৰ ফালেহে চায়,
মাজে মাজে চকখাই উঠে, কি হ'ল খুড়াৰ হায় !
গোটেই গাঁওৰ ৰাইজ আহিল খুড়াৰ অৱস্থা দেখি,
মুখেৰে যদি নামাত খুড়া, কাগজতে দিয়া লিখি !
খুড়াই কয় কি আৰু কম, কাপালতে মোৰ লিখা...
তোমালোকৰ খুড়াক শনিয়ে লম্ভিছে, টুটাইছে আয়ু ৰেখা৷
ইমান দিনে গমকে নাপালোঁ, এনেকুৱাও হয় চোন,
হঠাৎ এতিয়া প্রাণটো গ'লে বুঢ়ীৰ খবৰ ৰাখিব কোন ?
ষাঠি বছৰ পাৰ কৰিলো, কেনেকৈ পাহৰি যাও...
তোমালোকৰ নন্দ খুড়া বোধহয় এইবাৰ পটল তুলিহে পাও।
কেতিয়া কি বিপদ হয়, কান্দোঁনতে ফুলে ডিঙি,
যেন খুড়াৰ ডিঙিৰ শিৰাবোৰ এতিয়াই যাব চিঙি ৷
মই ক'লো বাদদিয়া খুড়া, গণকৰ ফাল্টু কথা...
মোকো তেনেকৈ নানানটা কৈছিলে, নিমিলিলেই মুণ্ডমাথা !!
--------------
(সুকুমাৰ ৰায়ৰ এটি বাংলা কবিতাৰে প্ৰভাৱিত)
বনলতা সেন
---------------------
হেজাৰ বছৰ ধৰি মই পথিক এই পৃথিবীৰ পথত,সিংহল সমুদ্ৰৰ পৰা বহু দূৰ এন্ধাৰৰ মালয় সাগৰত
বহুত ফুৰিছোঁ মই; বিম্বিসাৰ, অশোকৰ ধূসৰ জগতত
তাতে আছিলোঁ মই; আৰু দূৰ অন্ধকাৰৰ বিদৰ্ভ নগৰত;
মই ক্লান্ত প্ৰাণ এক, চাৰিওপিনে জীৱন মোৰ যেন সমুদ্ৰৰ ফেন,
মোক দুটিপল শান্তি দিছিলে নাটোৰৰ বনলতা সেন।
চুলিত তাইৰ অন্ধকাৰ বিদিশাৰ নিশা,
মুখত তাইৰ শ্ৰাৱস্তীৰ কাৰুকাৰ্য... যেন দূৰ সমুদ্ৰত
হাল ভাগি নাবিকে হেৰুৱাইছে দিশা,
সেউজ ঘাঁহনিৰ দেশত যেতিয়া তাই দেখে দাৰুচেনি দ্বীপৰ ভিতৰত,
তেনেকৈয়ে দেখিছোঁ তাইক এন্ধাৰত; কৈছিলে তাই, "ইমানদিন আছিলাই বা তুমি যেন ?"
চৰাইৰ নীড়ৰ দৰে চকু তুলি চোৱা নাটোৰৰ বনলতা সেন।
গোটেইদিনৰ শেষত নিয়ৰৰ শব্দৰ দৰেই
সন্ধিয়া নামে; ডেউকাৰ ৰ'দৰ গোন্ধ মচি দিয়ে চিলনী ;
পৃথিৱীৰ সকলো ৰঙ নুমাই গ'লে পাণ্ডুলিপিয়ে কৰে আয়োজন
তেতিয়া গল্পৰ বাবেই জোনাকিৰ ৰঙৰ ঝিলমিলনী;
সকলো চৰাইয়ে বাঁহলৈ ঘুৰে- সকলো নৈয়ে যবনিকা মাৰে এই জীৱনৰ সকলো লেন-দেন;
থাকে মাথোঁ এন্ধাৰ, আৰু সন্মুখত বহি বনলতা সেন।
---------------
মূলঃজীবনানন্দ দাশ
কনভয়
-------
হঠাৎ ধূলি উৰুৱাই গুছি গ'ল...
যুদ্ধোত্তৰ এটি কনভয়,
খঙাল উন্মত্তৰ এটি দল
ৰাজপথ সন্ত্ৰাসিত কৰি
আগে আগে বৰহিলৈ
পিছে পিছে খাদ্য আৰু ৰচদ সম্ভাৰ।
ইতিহাসৰ ছাত্ৰ মই.
খিৰিকিৰ পৰা চকু আঁতৰাই
লুটিয়ালো ইতিহাসৰ পাত,
তাতেও সেই একেই উন্মত্ত এক কনভয়ে...
খেদি আহে, যুগযুগান্তৰৰ ৰাজপথেৰে।
আগে আগে ধোৱা আৰু উদ্গীৰ্ণ বৰহিলৈ,
পিছে পিছে খাদ্যশস্য সাবটি ধৰা জনতা...
বৰহিলৈৰ ধোঁৱাৰ আঁৰে আঁৰে দেখিলোঁ, মানুহ...
আৰু দেখিলোঁ খাদ্যশস্যৰ প্ৰতি মানুহৰ পুৰুষানুক্ৰম মমতা।
বহু যুগ, বহু অৰণ্য, পাহাৰ, সামুদ্ৰ পাৰহৈ
সিহঁত আগুৱাই আহি আছে;
অৰ্ধদগ্ধ কঠোৰ মুখে।।
---------------
মূলঃ সুকান্ত ভট্টাচার্য
কবিৰ বাবে অপেক্ষা
খঙাল উন্মত্তৰ এটি দল
ৰাজপথ সন্ত্ৰাসিত কৰি
আগে আগে বৰহিলৈ
পিছে পিছে খাদ্য আৰু ৰচদ সম্ভাৰ।
ইতিহাসৰ ছাত্ৰ মই.
খিৰিকিৰ পৰা চকু আঁতৰাই
লুটিয়ালো ইতিহাসৰ পাত,
তাতেও সেই একেই উন্মত্ত এক কনভয়ে...
খেদি আহে, যুগযুগান্তৰৰ ৰাজপথেৰে।
আগে আগে ধোৱা আৰু উদ্গীৰ্ণ বৰহিলৈ,
পিছে পিছে খাদ্যশস্য সাবটি ধৰা জনতা...
বৰহিলৈৰ ধোঁৱাৰ আঁৰে আঁৰে দেখিলোঁ, মানুহ...
আৰু দেখিলোঁ খাদ্যশস্যৰ প্ৰতি মানুহৰ পুৰুষানুক্ৰম মমতা।
বহু যুগ, বহু অৰণ্য, পাহাৰ, সামুদ্ৰ পাৰহৈ
সিহঁত আগুৱাই আহি আছে;
অৰ্ধদগ্ধ কঠোৰ মুখে।।
---------------
মূলঃ সুকান্ত ভট্টাচার্য
কবিৰ বাবে অপেক্ষা
দুঃখ পাহৰি আকৌ কবি হাঁহিব শিকা,
নতুন কোনো ছন্দত এটি কবিতা লিখা ।
হেজাৰ শ্ৰোতাই চাই আছে আজি তোমাৰ ফালে,
জাগি উঠিব নতুন এটা কবিতা গালে।
ক'ত তোমাৰ মন্ত্র মধুৰ সুৰৰ ধ্বনি...?
ক'ত এতিয়া জীয়াই থকাৰ সঞ্জীৱনী ?
আধামৰা চব জাগি উঠিবই এবাৰ চোৱা,
নতুন কোনো সপোনৰ বীজ আজিয়েই ৰোৱা....
আজিয়েই ৰোৱা ।।
কিমান দিন বাৰু এনেকৈয়ে থাকিবা তুমি ?
তোমাৰ ফালেই চাই আছে মোৰ জনমভূমি ,
পচোৱাজাকত শুকান পাতবোৰ যায়যে খহি !
চাৰিওকাষে উৰিছে আজি, ইতিবৃত্তৰ বহী।
পথাৰে ছিৰাল ফাঁট মেলিলে যি হাহাকাৰত,
সপোনবোৰ কি হেৰাই দিবা অন্ধকাৰত ?
অন্ধকাৰত ।।
অলপ সুখৰ সপোন যেনিবা তুমি নিদিবা....
সপোন ভঙাৰ দায় ভাৰ কি তুমিয়ে নিবা ?
বিনতি তোমাক অলপ লিখিবলৈ বহা
প্রাণ খুলি আজিৰ দিনটোতে তুমি অলপ হাঁহা ,
আৰু দেৰি নাই লিখিবা তুমি কেতিয়া কোৱা ?
আমাৰ হৃদয়ৰ দাবিবোৰ তুমি মানিয়ে লোৱা....
মানিলোৱা ।।
মুলঃ ছামছুল আলম চালিম
অনুবাদঃ জয় চক্ৰৱৰ্তী
22/12/2013
(শ্ৰদ্ধেয় কবি ছামছুল আলম চেলিম ডাঙৰীয়াক তেখেতৰ সুন্দৰ কবিতাটো অনুবাদৰ অনুমতি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ)
পখিলা
--------মুক্ত বিহঙ্গ মই…
পখিলা হ'বৰ মন,
বতাহতে হাঁহি ভাহি
উৰি ফুৰিবলৈ মন।
সেউজীয়া ৰং সানি
উৰি ফুৰিম নিৰ্ভয় ,
ফুলে মাতি সোধে মোক
কোন তুমি বিস্ময় ?
কওঁ মই তাহাঁতক
নহওঁ তোমাৰ সঙ্গী ,
উৰন্ত পতঙ্গ মই
মই বহু ৰঙ্গী ।
মৌচাকৰ মৌমাখিয়ে
মাতে যদি ৰাণী মা ,
ক'ত যোৱা পাখি মেলি
আমাকো কৈ যোৱা না ?
ক'ম মই দেৱতাৰ
আকাশলৈ গুচি যাওঁ ,
নীলিমাই মাতে মোক
তৰাৰো হাঁহি দেখা পাওঁ,
নাম কাঢ়ি মাতে মোক
যাবলৈ সেয়ে মন,
গুচি যাওঁ নীলিমলৈ
এৰি এই কহুৱা বন।।
মূলঃ শোয়েব হুচেইন
অনুবাদঃ জয় চক্ৰৱৰ্ত্তী
৩০/১০/১৩
ধুমুহাৰ পিছত
----------------------------
ধুমুহাৰ পিছত, এতিয়া সকলো নিস্তব্ধ,
আকাশ গাজনি হীন, নাই বতাহত পাহুৱাল সুহুৰী;
নাই বিজুলীৰ জিলিকনি, জিৰি-জিৰি বৰষুণৰ শব্দ;
জলোচ্ছ্বাসৰ আৱেগৰ জোৱাৰক মোহাৰিছে ভাটিৰ স্পৃহাই,
শালিকাৰ কোলাহল নাই আগ চোঁতালত,
জিলিও স্তব্ধ আজি বাৰীৰ বনত;
ঈশ্বৰ বিশ্বাসীৰ প্ৰাৰ্থনা কেতিয়াবাই থমকিছে;
দুৰ্বল হৃদয়ৰ কান্দোনৰ বিলাপ থামি গৈছে;
অসম্ভৱ আশাবাদিৰ আশাবোৰ উৰি গৈছে;
দুৰন্ত সাহসীৰ কঠিন সংগ্ৰাম থামি গৈছে;
ঘৰৰ ঘড়ী বোৰত পানী সোমাই থমকি ৰৈছে ,
যেন সময় স্তব্ধ অসহায়ভাৱে;
নিঠৰুৱা শিমলু ডালত নিৰৱে বহি ৰৈছে এটি হতভম্ব ফেঁচা,
শূন্য হৃদয়ত নিলগলৈ চাই....
ভাবলেশহীন উদাসীনতাৰে;
আকাশ গাজনি হীন, নাই বতাহত পাহুৱাল সুহুৰী;
নাই বিজুলীৰ জিলিকনি, জিৰি-জিৰি বৰষুণৰ শব্দ;
জলোচ্ছ্বাসৰ আৱেগৰ জোৱাৰক মোহাৰিছে ভাটিৰ স্পৃহাই,
শালিকাৰ কোলাহল নাই আগ চোঁতালত,
জিলিও স্তব্ধ আজি বাৰীৰ বনত;
ঈশ্বৰ বিশ্বাসীৰ প্ৰাৰ্থনা কেতিয়াবাই থমকিছে;
দুৰ্বল হৃদয়ৰ কান্দোনৰ বিলাপ থামি গৈছে;
অসম্ভৱ আশাবাদিৰ আশাবোৰ উৰি গৈছে;
দুৰন্ত সাহসীৰ কঠিন সংগ্ৰাম থামি গৈছে;
ঘৰৰ ঘড়ী বোৰত পানী সোমাই থমকি ৰৈছে ,
যেন সময় স্তব্ধ অসহায়ভাৱে;
নিঠৰুৱা শিমলু ডালত নিৰৱে বহি ৰৈছে এটি হতভম্ব ফেঁচা,
শূন্য হৃদয়ত নিলগলৈ চাই....
ভাবলেশহীন উদাসীনতাৰে;
ধুমুহাৰ পিছত, এতিয়া সকলো নিস্তব্ধ,
জীৱন এতিয়া আৰু সপোন-বাস্তৱৰ সাঁথৰ নহয়,
সাঁথৰ ভাগি বাস্তৱতা, যেন চোঁতালত পৰি থকা সন্তানৰ শৱদেহ;
সন্মুখত মৃত সন্তানৰ ফালে পিতাই চাই ৰয়,
সেই ফেঁচাটোৰ দৰেই, শূন্য হৃদয়ত ভাবলেশহীন উদাসীনতাৰে;
ধুমুহাৰ পিছত, আৰু একোয়েই নাই…
নাই কোন যদি... নাইবা আন কিবা সঙ্ঘটনৰ সম্ভাৱনা;
হেৰুৱাই পেলোৱা এয়া অসহনীয় বাস্তৱ সত্য;
হৃদয়ৰ ব্যথা ইমানেই প্ৰৱল যে দেহাও নিদিয়ে সহযোগীতা,
বুকু ভাঙি যায় বেদনাৰ হাহাকাৰত,
কাৰোৰে মুখত নাই মাত, নাই চকুত অশ্ৰু-নিজৰা;
এনেকৈয়ে শীতল বাস্তৱতাই আঘাত হানে;
ধুমুহাৰ পিছত, ধুমুহাতকৈয়ো অধিক বেগেৰে, নীৰৱে।
-----------------------
মূলঃ চিৰাজুল হুচেইন
অনুবাদঃ জয় চক্রৱৰ্ত্তী ১৮/১০/১৩
জীৱন এতিয়া আৰু সপোন-বাস্তৱৰ সাঁথৰ নহয়,
সাঁথৰ ভাগি বাস্তৱতা, যেন চোঁতালত পৰি থকা সন্তানৰ শৱদেহ;
সন্মুখত মৃত সন্তানৰ ফালে পিতাই চাই ৰয়,
সেই ফেঁচাটোৰ দৰেই, শূন্য হৃদয়ত ভাবলেশহীন উদাসীনতাৰে;
ধুমুহাৰ পিছত, আৰু একোয়েই নাই…
নাই কোন যদি... নাইবা আন কিবা সঙ্ঘটনৰ সম্ভাৱনা;
হেৰুৱাই পেলোৱা এয়া অসহনীয় বাস্তৱ সত্য;
হৃদয়ৰ ব্যথা ইমানেই প্ৰৱল যে দেহাও নিদিয়ে সহযোগীতা,
বুকু ভাঙি যায় বেদনাৰ হাহাকাৰত,
কাৰোৰে মুখত নাই মাত, নাই চকুত অশ্ৰু-নিজৰা;
এনেকৈয়ে শীতল বাস্তৱতাই আঘাত হানে;
ধুমুহাৰ পিছত, ধুমুহাতকৈয়ো অধিক বেগেৰে, নীৰৱে।
-----------------------
মূলঃ চিৰাজুল হুচেইন
অনুবাদঃ জয় চক্রৱৰ্ত্তী ১৮/১০/১৩
ঈশ্বৰৰ দায়
______________
মায়াৰ ছলনাত পথ হেৰুৱায় পানীপিয়াই…
বেদনাত ৰঙা-চিঙা পৰি ৰয়, হৈ ৰয় নিৰ্বাক।
ভাগৰুৱা পথিকৰ দৰেই স্তম্ভিত হয়…
যাক জুৰিটি ভাবিছিলে তাই,
জুৰিটিয়ে এই বাটৰে বৈ যোৱা নাছিলেই কাহানিও
মৰীচিকাও নাছিলে এই বাটত কোনোকালে।
অলস দ্বিপ্ৰহৰৰ ৰ'দত সৰা-পাতবোৰ
উৰুৱাই নিয়ে উত্তপ্ত পছোৱাই
ই কি সেই একেই ছলনাত…?
পুখুৰীৰ স্ফটিক স্বচ্ছ পানীত
এটি একাকী শালিকি,
নিজৰেই প্ৰতিবিম্বকে খুটি খুটি যায়…
ঈৰ্ষাৰে হিংসাৰে বাৰে বাৰে অহেতুক আক্ৰোশত ?
প্ৰেমত অন্ধ পুৰুষে নামানে অৱধি
এই তাৰ শেষ আলিঙ্গন;
মিলনৰ শেষত প্ৰেয়সীয়ে তাক
মগজুৰ পৰা খাব ধৰে
দেহৰ অৱশেষলৈ;
খহি যায় আলিঙ্গন,
ভালপোৱাৰ শেষ হোৱাত…
নে তাক ধাৰণ কৰাৰ
হৃদয়ত কোনো অৱশেষ নথকাত।
সুন্দৰী ৰাজকন্যা হলেই কি
ৰূপকথাৰ যুবকে তাৰ প্ৰেমত পড়ে?
দু:খী ৰাজকন্যাইহে হয়;
ৰূপৰ লগত বেদনা নিমিলিলে কিদৰে
একোৱা-ৰিজিয়া হয়?
নিজৰ বন্দীশালৰ সৌন্দৰ্যত
বিভোৰ যি ৰাজকন্যা…
তাক মুক্ত নীলা আকাশ দেখুৱায় কাৰ সাধ্য…?
যি গোলাপ নিজৰ কণ্টকহাৰৰে গৰ্বিতা,
তাক আলিঙ্গনৰে বান্ধিব কাৰ সাধ্য… ??
সি ঘ্ৰাণ লওঁতেই ৰক্তাক্ত হৱ,
ব্যথিত হৃদয়েই চিৰকাল ৰৱ ?
দুখ যাৰ বাবে সত্তাৰ অস্তিত্বৰ স্মাৰক;
সি নিবিচাৰে ভালপোৱা,
বিচাৰে কেৱল প্ৰতিষোধ,
অন্যৰ হৃদয়ৰ তেজ বোৱাই এক
নিঠুৰ নৃশংস প্ৰতিষোধ।
কিন্তু , ই কেনে বিচাৰ…
মানুহেই সইত হয়…হয় ঈশ্বৰৰ দায় ?
-------------------------
মূল : ছিৰাজুল হুচেইন
ছবি :ইন্টাৰনেটৰ পৰা লোৱা
মই জীয়াই আছিলোঁ আনৰ সময়ত
_________________________
মই জীয়াই আছিলোঁ আনৰ সময়ত।
মোৰ খাদ্যত আছিলে আনৰ আঙুলিৰ দাগ,
মোৰ পানীয়ত আছিলে আনৰ জীৱাণু,
মোৰ বিশ্বাসত আছিলে আনৰ বহুল প্ৰদূষণ।
মোৰ জন্ম হৈছিল, মই বাঢ়ি উঠিছিলোঁ,
মই জীয়াই আছিলোঁ আনৰ সময়ত।
মই থিয় হৱলৈ শিকিছিলোঁ আনৰ দৰেই,
মই খোজ কাঢ়িবলৈ শিকিছিলোঁ আনৰ দৰেই,,
মই পোচাক পিন্ধিছিলোঁ আনৰ দৰেই,
মই মূৰ আঁচুৰিছিলোঁ আনৰ দৰেই,
মই কথা কৱলৈ শিকিছিলোঁ আনৰ দৰেই,
মই জীয়াই আছিলোঁ আনৰ সময়ত।
সিহঁতে মোক সিহঁতৰ দৰেই থিয় হৱলৈ শিকাইছিলে…
সিহঁতে মোক সিহঁতৰ দৰেই খোজ কাঢ়িবলৈ আদেশ দিছিলে,
সিহঁতে মোক সিহঁতৰ দৰেই পোচাক পিন্ধিবলৈ নিৰ্দেশ দিছিলে,
সিহঁতে মোক বাধ্য কৰাইছিলে সিহঁতৰ দৰেই চুলি ৰাখিবলৈ,
সিহঁতে মোক বাধ্য কৰাইছিলে সিহঁতৰ দৰেই জীয়াই থাকিবলৈ,
মই জীয়াই আছিলোঁ আনৰ সময়ত।
মই মোৰ নিজস্ব ভঙ্গিত থিয় দিব খুজিছিলোঁ,
মই পোচাক পিন্ধিব খুজিছিলোঁ আপোন পছন্দৰে,
মই মূৰ আঁচুৰিব খুজিছিলোঁ নিজস্বতাৰে,
মই ল'ৱ বিচাৰিছিলোঁ নিজৰ প্ৰশ্বাস।
মই আহাৰ কৰিব বিচাৰিছিলোঁ নিজ পছন্দৰ খাদ্য,
মই পান কৰিব বিচাৰিছিলোঁ মোৰ পছন্দৰ পানীয়।
মোৰ জন্ম হৈছিলে ভুল সময়ত,
মোৰ সময় আহা নাছিলে তেতিয়াও।
মই ভুল বৃক্ষত ফুলিছিলো,
মোৰ বৃক্ষ তেতিয়াও অঙ্কুৰিত হোৱা নাছিলে।
মই ভুল নদীৰ সোঁতত বৈছিলোঁ,
মোৰ মেঘ তেতিয়াও আকাশত জমা নাছিলে।
মই জীয়াই আছিলোঁ আনৰ সময়ত।
মই গান গাব বিচাৰিছিলোঁ আপোন সুৰেৰে,
সিহঁতে মোৰ কন্ঠত সোমাই দিব বিচাৰিছিলে শেলুৱৈ পৰা সুৰ।
মই মোৰ নিজৰ সপোন চাৱ বিচাৰিছিলোঁ,
সিহঁতে মোক বাধ্য কৰাইছিলে সিহঁতৰ দৰে লেতেৰা সপোন চাবলৈ।
মই শিৰ ওখকে থিয় দিব বিচাৰিছিলোঁ,
সিহঁতে মোক নিৰ্দেশ দিছিলে
সিহঁতৰ দৰেই তল মূৰ হৈ থিয় হ'বলৈ।
মই মোৰ ভাষাতেই কথা পাতিব বিচাৰিছিলোঁ,
সিহঁতে মোৰ মুখত সোমাই দিব বিচাৰিছিলে
সিহঁতৰ শব্দ আৰু বাক্যৰ আবৰ্জনা।
মই বহু ভিতৰলৈ সোমাব খুজিছিলোঁ,
সিহঁতে মোক সিহঁতৰ দৰেই থিয় হ'ৱ কৈছিলে বাহিৰত।
সিহঁতে মুখত এডোখৰ বাহি মাংস পোৱাকে ভাবিছিল সাফল্যতা,
সিহঁতে নতজানু হোৱাকে ভাবিছিল গৌৰব,
সিহঁতে পিঠিৰ কুঁজটোক ভাবিছিলে পদক,
সিহঁতে গ'লৰ শিকলি ডালক ভাবিছিলে অমূল্য অলংকাৰ।
মই মাংসৰ টুকুৰাৰ পৰা আঁতৰত আছিলোঁ,
সিহঁতৰ সহ্য হোৱা নাই।
মই নতজানু হোৱাৰ সলনি নিগ্ৰহকে বৰণ কৰিছিলোঁ,
সিহঁতৰ সহ্য হোৱা নাই।
মই পিঠিৰ কুঁজৰ সলনি বুকুত ছুৰীকাঘাতক মৰ্যাদা দিছিলোঁ,
সিহঁতৰ সহ্য হোৱা নাই।
মই গ'লৰ সলনি হাত-ভৰিত শিকলি পিন্ধিছিলোঁ,
সিহঁতৰ সহ্য হোৱা নাই।
মই জীয়াই আছিলোঁ আনৰ সময়ত ।
সিহঁতৰ পুখুৰীত পৰম্পৰাগত মাছৰ অভাৱ নাছিলে,
সিহঁতৰ খেতি-বাতিত অভাৱ নাছিলে পৰম্পৰাগত শস্যৰ,
সিহঁতৰ ফুলনিত আছিলে পৰম্পৰাগত পুষ্পৰ উল্লাস।
মই সিহঁতৰ সময়ত মোৰ ভাৱনাৰ পুখুৰী খান্দিছিলোঁ বাবেই…
মোৰ পুখুৰীত পানী হোৱা নাই।
সিহঁতৰ সময়ত মোৰ পছন্দৰ শইচ ৰোৱা বাবেই …
মোৰ খেতিত শস্য উপচা নাই।
মই সিহঁতৰ সময়ত মোৰ পছন্দৰে ফুলনি সজোৱা বাবেই…
মোৰ ভবিষ্যতৰ বাগিচাত এটিও ফুল ফুলা নাই।
মোৰ সময় আহা নাছিলে তেতিয়াও , পুখুৰীত পানী উৎসাৰণৰ।
মোৰ সময় আহা নাছিলে তেতিয়াও, নিজ পছন্দৰ শইচ ৰোৱাৰ।
মোৰ ফুলনিৰ বাবে আহা নাছিলে তেতিয়াও, অভিনৱ ফুলৰ বতৰ।
মই জীয়াই আছিলোঁ আনৰ সময়ত।
মোৰ সকলোবোৰ পৰ্য্যবসিত হৈছে ভবিষ্যতৰ বাবে… ব্যৰ্থতাত,
সিহঁত ভৰি উঠিছে বৰ্তমানৰ সাফল্যতাত।
সিহঁত যে ফুলবোৰ তুলিছে, ছিঙি পেলাইছে পাহিবোৰ অযত্নত।
মই সপোন দেখিছোঁ কেৱল অদ্ভুত সুন্দৰ ফুলৰ।
সিহঁত গাভৰুক আলিঙ্গন কৰিব বিছাৰে গাৰ সমস্ত শক্তিৰে,
মই তৰুণীক আলিঙ্গন কৰো কেৱল সপোনত।
সিহঁত যি-নাৰীক কামনা কৰে,
সিহঁত তাৰ নাৰীত্বক বধ কৰে বাহুত চেপি ধৰি।
মোৰ নাৰীক মই পাওঁ কেৱল সপোনত।
সিহঁত চুম্বনত ব্যৱহাৰ কৰে কুকুৰ-নেচিয়াৰ দাঁত,
মই কেৱল সপোনত আগবঢ়াওঁ ওঁঠ।
মই জীয়াই আছিলোঁ আনৰ সময়ত।
মোৰ চকুৱে যিবোৰ চাৱ বিছাৰে, সেয়া চাৱ পৰা নাই…
মোৰ সময় আহা নাই।
মোৰ ভৰিয়ে যি বাট যাৱ বিছাৰে, মই যাৱ পৰা নাই…
মোৰ সময় আহা নাই।
মোৰ হৃদয়ে যি নিবেদন কৰিব বিছাৰে, সেয়া কৰিব পৰা নাই…
মোৰ সময় আহা নাই।
মোৰ কাণে যি সুৰ শুনিব বিছাৰে, সেই সুৰ শুনি পোৱা নাই…
মোৰ সময় আহা নাই।
মোৰ ছালে যাৰ স্পৰ্শ বিছাৰে , সেই পৰশ পোৱা নাই…
মোৰ সময় আহা নাই।
মোৰ প্রাণে যি পৃথিবীক বিচাৰিছিল, মই সেই ধৰণী পোৱা নাই…
মোৰ সময় আহা নাই, এতিয়াও মোৰ সময় আহা নাই।
মই জীয়াই আছিলোঁ আনৰ সময়ত।
------------------------------
মূলঃ হুমায়ুন আজাদ
______________________________________
সুপ্তোত্থিতা
মূল : ৰবীন্দ্ৰনাথ ঠাকুৰ
ঘুমটিৰ দেশত ভাঙিলে নিদ্ৰা, জাগিল কণ্ঠস্বৰ...
গছৰ ডালত জাগিল পখী, কুসুমত মধু-কৰ।
অশ্বশালত জাগিল ঘোঁৰা, হস্তী শালত হাতী...
মল্লশালত মল্লবীৰ জাগি, ফুলায় বুকুৰ ছাতি।
জাগিল পথত প্ৰহৰীৰ দল, দুৱাৰত জাগে দুৱৰী,
আকাশলৈ চাই নৱ প্ৰভাতত জাগিল শত নৰ-নাৰী।
উঠিল জাগি ৰজাধীৰাজ, জাগিল ৰাণীমাতা,
নয়ন কচালি ৰাজকুমাৰৰ লগত জাগিল ৰাজভ্ৰাতা।
নিভৃত ঘৰত ধূপৰ সৌৰভ, ৰত্নদ্বীপ এটি জ্বলা,
জাগি উঠিয়ে শেতেলিৰ পৰা শুধিলে, ৰাজকুমাৰী বালা...
কোনে পিন্ধালে এই মালা ?
খহিপৰা আঁচল খনি তাই বুকুত তুলি নিলে,
নিজৰ পিনে কেৰাহিকৈ চাই লাজতেই শিহৰিলে।
সচকিত নয়নেৰে তাই চাৰিওফালে চালে...
নিৰ্জন গৃহত ৰত্নদ্বীপ এটিহে গৃহৰ কোণত জ্বলে।
গলৰ মালাখনি খুলি লৈ তাই বুকুতে সাৱটি ধৰে,
সোণৰ সূতাৰে যতনত গঁথা লিখনি খিনি তাই পঢ়ে...
পঢ়িলে নাম, পঢ়িলে ধাম, পঢ়িলে লিপি তাৰ,
কোচৰ ওপৰত ৰাখি মালাখনি পঢ়িলে শতবাৰ।
শয়ন কোঠাতে ৰ'লেহি বহি, ভাবিলে ৰাজকুমাৰী বালা...
নিজ গৃহতেই শুইছিলোঁ মই… নিতান্তই নিৰালা,
কোনে পিন্ধালে এই মালা ?
এনেকৈয়ে এটি-এটিকৈ কাটিলে দিন ৰাতি,
বসন্তইয়ো বিদায় নিলে ধৰণীত যথাৰীতি।
সঘন মেঘেৰে বৰষা আহিল, বৰষে ঝৰা ঝৰ,
কাননত ফুলে নৱ-মালতী কদম আৰু তগৰ।
স্বচ্ছ হাঁহিৰে শৰৎ আহে পূৰ্ণিমাৰ জোনাকেৰে,
সকলো মনকে আকুল কৰে শুভ্ৰ শেৱালি ফুলে।
আহিল শীত লগতে লৈ দীৰ্ঘ দুখ নিশা,
নিয়ৰত তলসৰা ফুলেও যেন হেৰুৱায় দিশা।
ফাগুন-মাহৰ বতৰে আনিলে নতুন ফুলৰ ডলা,
খিৰিকীৰ-কাষত অকলেই বহি ভাবিছে, ৰাজকুমাৰি বালা...
কোনে পিন্ধালে এই মালা ?
গছৰ ডালত জাগিল পখী, কুসুমত মধু-কৰ।
অশ্বশালত জাগিল ঘোঁৰা, হস্তী শালত হাতী...
মল্লশালত মল্লবীৰ জাগি, ফুলায় বুকুৰ ছাতি।
জাগিল পথত প্ৰহৰীৰ দল, দুৱাৰত জাগে দুৱৰী,
আকাশলৈ চাই নৱ প্ৰভাতত জাগিল শত নৰ-নাৰী।
উঠিল জাগি ৰজাধীৰাজ, জাগিল ৰাণীমাতা,
নয়ন কচালি ৰাজকুমাৰৰ লগত জাগিল ৰাজভ্ৰাতা।
নিভৃত ঘৰত ধূপৰ সৌৰভ, ৰত্নদ্বীপ এটি জ্বলা,
জাগি উঠিয়ে শেতেলিৰ পৰা শুধিলে, ৰাজকুমাৰী বালা...
কোনে পিন্ধালে এই মালা ?
খহিপৰা আঁচল খনি তাই বুকুত তুলি নিলে,
নিজৰ পিনে কেৰাহিকৈ চাই লাজতেই শিহৰিলে।
সচকিত নয়নেৰে তাই চাৰিওফালে চালে...
নিৰ্জন গৃহত ৰত্নদ্বীপ এটিহে গৃহৰ কোণত জ্বলে।
গলৰ মালাখনি খুলি লৈ তাই বুকুতে সাৱটি ধৰে,
সোণৰ সূতাৰে যতনত গঁথা লিখনি খিনি তাই পঢ়ে...
পঢ়িলে নাম, পঢ়িলে ধাম, পঢ়িলে লিপি তাৰ,
কোচৰ ওপৰত ৰাখি মালাখনি পঢ়িলে শতবাৰ।
শয়ন কোঠাতে ৰ'লেহি বহি, ভাবিলে ৰাজকুমাৰী বালা...
নিজ গৃহতেই শুইছিলোঁ মই… নিতান্তই নিৰালা,
কোনে পিন্ধালে এই মালা ?
এনেকৈয়ে এটি-এটিকৈ কাটিলে দিন ৰাতি,
বসন্তইয়ো বিদায় নিলে ধৰণীত যথাৰীতি।
সঘন মেঘেৰে বৰষা আহিল, বৰষে ঝৰা ঝৰ,
কাননত ফুলে নৱ-মালতী কদম আৰু তগৰ।
স্বচ্ছ হাঁহিৰে শৰৎ আহে পূৰ্ণিমাৰ জোনাকেৰে,
সকলো মনকে আকুল কৰে শুভ্ৰ শেৱালি ফুলে।
আহিল শীত লগতে লৈ দীৰ্ঘ দুখ নিশা,
নিয়ৰত তলসৰা ফুলেও যেন হেৰুৱায় দিশা।
ফাগুন-মাহৰ বতৰে আনিলে নতুন ফুলৰ ডলা,
খিৰিকীৰ-কাষত অকলেই বহি ভাবিছে, ৰাজকুমাৰি বালা...
কোনে পিন্ধালে এই মালা ?
_____________________________________________________________________
মগধ ৰজাৰ উপাখ্যান
অতীব দুৰ্জন ৰজা মগধ ৰাজ্যত।
হৰি নিব খোজে ৰজা প্ৰজাৰ সম্পদ।।
ভয়ে ভয়ে কৰে বাস য’ত প্ৰজাগণ।
কেতিয়া যে কাঢ়ি নিব সম্পত্তি ও ধন।।
ভিক্ষা লাগি এদিন এক ভিখাৰী আহিল।
ৰাজ-দুৱাৰলৈ গৈ ভিক্ষা মাগিল।।
ৰজা বোলে কোন তুমি কাৰণ কি কোৱা।
ভিক্ষা নিদিওঁ মই সোনকালে যোৱা।।
এহি মতে ক্ৰোধ কৰি ভিখাৰী খেদি দিলে।
ভিখাৰী আঁতৰি যায় অভিশাপ দিয়ে।।
অতিথি ভিখাৰী মই জানিবা সিদিনা।
মোৰ দৰে ভিক্ষা মাগি ফুৰিবা যিদিনা।।
এনে অভিসম্পাতদি অন্তৰ্ধান হ’ল।
সিদিনাৰ পৰা লক্ষ্মী ৰাজ্য এৰি গ’ল।।
ৰাজ্য মাজে হাহাকাৰ অচিৰে লাগিল।
প্ৰজা সবে দুৰ্ভিক্ষৰ যাতনাত ভুগিল।।
ৰাজ্য শূন্য হ’ল আৰু শূন্য ৰাজ-ভৰাল।
ৰাজ্যৰ মাজত উঠে হাহাকাৰ ৰোল।।
ভাবে ৰজা ৰাজ্য ৰক্ষা কেনেকৈ কৰিম।
এনে দুৰ্দ্দিনত মই কেনেকৈ তৰিম।।
হেনকালে ৰজাৰ মনত হ’লহি উদয়।
ভিখাৰী বিমুখ কৰিলে কি এনে দশা হয়।।
খেদিছিলো ভিখাৰী অতি দৰ্প কৰি।
লক্ষ্মী এৰি আজি মোৰ এনে ঘূৰা-ঘূৰি।।
অন্ন-হীন বস্ত্ৰ-হীন দেখোঁ অন্ধকাৰ।
এনেহেন ৰজাহৈ থকাটোৱে ভাৰ।।
কাতৰে সুঁৱৰে ৰজা – হে নাৰায়ণ।
অভিশাপে এনে দশা দুৰ্গতি নাশন।।
আছিলোঁ একালৰে ৰজা আজি অন্ন নাই।
ভিখাৰী খেদাই দিয়া তাৰে ফল এই।।
ৰজাৰ দুৰ্গতি দেখি ভিখাৰী ব্ৰাহ্মণ।
কাতৰ প্ৰাৰ্থনা শুনি দিলা দৰ্শন।।
ভিক্ষু ক’লে ত্যাগ কৰা নিজ অহঙ্কাৰ।
অতি দৰ্পে হতা লঙ্কা বিদিত সংসাৰ।।
অজ্ঞানী মানৱজাতি ইমান দেখি শুনি।
নিজৰ ধনৰ গৰ্ব কৰয়েই মূৰ্খামি।।
এতিয়াও যদি খোজা মঙ্গল আপন।
ভক্তিভাৱে লক্ষ্মী মাতাক কৰাগৈ পূজন।।
এই আদেশ শুনি ৰজা কাৰেঙলৈ যায়।
পৰিজন সবে মাতি লক্ষ্মীক পূজায়।।
পূজা সমাপন পিছে প্ৰসাদ বিলায়।
দিনে দিনে বাঢ়ে ধন ৰাজ্যে পুনৰায়।।
এহি ব্ৰত কথা সবে এক মনে।
লক্ষ্মীনাৰায়ণ কৃপা লভে সৰ্ব্বজনে।।
(মূল : বাঙলা লক্ষী দেবীৰ পাঁচালী )
________________________________________________________
-হুমায়ুন আজাদ
মগধ ৰজাৰ উপাখ্যান
অতীব দুৰ্জন ৰজা মগধ ৰাজ্যত।
হৰি নিব খোজে ৰজা প্ৰজাৰ সম্পদ।।
ভয়ে ভয়ে কৰে বাস য’ত প্ৰজাগণ।
কেতিয়া যে কাঢ়ি নিব সম্পত্তি ও ধন।।
ভিক্ষা লাগি এদিন এক ভিখাৰী আহিল।
ৰাজ-দুৱাৰলৈ গৈ ভিক্ষা মাগিল।।
ৰজা বোলে কোন তুমি কাৰণ কি কোৱা।
ভিক্ষা নিদিওঁ মই সোনকালে যোৱা।।
এহি মতে ক্ৰোধ কৰি ভিখাৰী খেদি দিলে।
ভিখাৰী আঁতৰি যায় অভিশাপ দিয়ে।।
অতিথি ভিখাৰী মই জানিবা সিদিনা।
মোৰ দৰে ভিক্ষা মাগি ফুৰিবা যিদিনা।।
এনে অভিসম্পাতদি অন্তৰ্ধান হ’ল।
সিদিনাৰ পৰা লক্ষ্মী ৰাজ্য এৰি গ’ল।।
ৰাজ্য মাজে হাহাকাৰ অচিৰে লাগিল।
প্ৰজা সবে দুৰ্ভিক্ষৰ যাতনাত ভুগিল।।
ৰাজ্য শূন্য হ’ল আৰু শূন্য ৰাজ-ভৰাল।
ৰাজ্যৰ মাজত উঠে হাহাকাৰ ৰোল।।
ভাবে ৰজা ৰাজ্য ৰক্ষা কেনেকৈ কৰিম।
এনে দুৰ্দ্দিনত মই কেনেকৈ তৰিম।।
হেনকালে ৰজাৰ মনত হ’লহি উদয়।
ভিখাৰী বিমুখ কৰিলে কি এনে দশা হয়।।
খেদিছিলো ভিখাৰী অতি দৰ্প কৰি।
লক্ষ্মী এৰি আজি মোৰ এনে ঘূৰা-ঘূৰি।।
অন্ন-হীন বস্ত্ৰ-হীন দেখোঁ অন্ধকাৰ।
এনেহেন ৰজাহৈ থকাটোৱে ভাৰ।।
কাতৰে সুঁৱৰে ৰজা – হে নাৰায়ণ।
অভিশাপে এনে দশা দুৰ্গতি নাশন।।
আছিলোঁ একালৰে ৰজা আজি অন্ন নাই।
ভিখাৰী খেদাই দিয়া তাৰে ফল এই।।
ৰজাৰ দুৰ্গতি দেখি ভিখাৰী ব্ৰাহ্মণ।
কাতৰ প্ৰাৰ্থনা শুনি দিলা দৰ্শন।।
ভিক্ষু ক’লে ত্যাগ কৰা নিজ অহঙ্কাৰ।
অতি দৰ্পে হতা লঙ্কা বিদিত সংসাৰ।।
অজ্ঞানী মানৱজাতি ইমান দেখি শুনি।
নিজৰ ধনৰ গৰ্ব কৰয়েই মূৰ্খামি।।
এতিয়াও যদি খোজা মঙ্গল আপন।
ভক্তিভাৱে লক্ষ্মী মাতাক কৰাগৈ পূজন।।
এই আদেশ শুনি ৰজা কাৰেঙলৈ যায়।
পৰিজন সবে মাতি লক্ষ্মীক পূজায়।।
পূজা সমাপন পিছে প্ৰসাদ বিলায়।
দিনে দিনে বাঢ়ে ধন ৰাজ্যে পুনৰায়।।
এহি ব্ৰত কথা সবে এক মনে।
লক্ষ্মীনাৰায়ণ কৃপা লভে সৰ্ব্বজনে।।
(মূল : বাঙলা লক্ষী দেবীৰ পাঁচালী )
________________________________________________________
মোৰ মৃত্যু
------------
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
শৰতৰ তলসৰা এটি শেৱালি ফুলৰ বাবে,
দূৱৰি বনৰ এটি নিয়ৰৰ টোপালৰ বাবে,
মই হয়তো মৰি যাম… চ’তৰ বতাহত
উৰি যোৱা এটি ফুলৰ পাহিৰ বাবে,
এ টোপাল বৰষুণৰ বাবে।
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
দহিকতৰাৰ এটি সুহুৰিৰ বাবে,
খেলি থকা শিশুৰ গালত পৰা এটি টোলৰ বাবে,
মই হয়তো মৰি যাম… কাৰোবাৰ চকুৰ মণিত
গাঁথি থকা অশ্ৰুকণাৰ বাবে,
অকণমান ৰ’দৰ বাবে।
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
চোঁতালত পৰা জোনাকৰ স্নিগ্ধতাৰ বাবে,
শৰতৰ এডোখৰ মেঘৰ বাবে,
মই হয়তো মৰি যাম… আকাশলঙ্ঘী অট্টালিকাত
হেৰাই যোৱা এটি পখিলাৰ বাবে,
অকণমান সেউজীয়াৰ বাবে।
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
খুব সৰু এটি সপোনৰ বাবে,
খুব সৰু এটি দুখৰ বাবে,
মই হয়তো মৰি যাম… কাৰোবাৰ টোপনিৰ মাজৰ
এটি সৰু দীৰ্ঘ শ্বাসৰ বাবে,
অকণমান সৌন্দৰ্য্যৰ বাবে।
-------------------------------------------------------
(হুমায়ুন আজাদৰ কবিতাৰ অসমীয়া ভাৱানুবাদ)
কথা কবিতা
------------
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
শৰতৰ তলসৰা এটি শেৱালি ফুলৰ বাবে,
দূৱৰি বনৰ এটি নিয়ৰৰ টোপালৰ বাবে,
মই হয়তো মৰি যাম… চ’তৰ বতাহত
উৰি যোৱা এটি ফুলৰ পাহিৰ বাবে,
এ টোপাল বৰষুণৰ বাবে।
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
দহিকতৰাৰ এটি সুহুৰিৰ বাবে,
খেলি থকা শিশুৰ গালত পৰা এটি টোলৰ বাবে,
মই হয়তো মৰি যাম… কাৰোবাৰ চকুৰ মণিত
গাঁথি থকা অশ্ৰুকণাৰ বাবে,
অকণমান ৰ’দৰ বাবে।
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
চোঁতালত পৰা জোনাকৰ স্নিগ্ধতাৰ বাবে,
শৰতৰ এডোখৰ মেঘৰ বাবে,
মই হয়তো মৰি যাম… আকাশলঙ্ঘী অট্টালিকাত
হেৰাই যোৱা এটি পখিলাৰ বাবে,
অকণমান সেউজীয়াৰ বাবে।
মোৰ সম্ভৱত খুব সৰু কিবা এটাৰ বাবেহে মৃত্যু হ’ব…
খুব সৰু এটি সপোনৰ বাবে,
খুব সৰু এটি দুখৰ বাবে,
মই হয়তো মৰি যাম… কাৰোবাৰ টোপনিৰ মাজৰ
এটি সৰু দীৰ্ঘ শ্বাসৰ বাবে,
অকণমান সৌন্দৰ্য্যৰ বাবে।
-------------------------------------------------------
(হুমায়ুন আজাদৰ কবিতাৰ অসমীয়া ভাৱানুবাদ)
কথা কবিতা
____________
তুমি নাজানা, কেতিয়াও নাজানিবা, কেনে লাগে এখন ভঙা বাঁহৰ সাঁকোৰ ওপৰত থিয়হৈ তলৰ পানীৰ ফালে চাই থাকিবলে। তুমি নিয়ৰৰ টোপাল দেখা নাই, দেখা নাই কুঁৱলী , কচুগছৰ ফুল দেখিছানে তুমি…? ধানৰ শীহ দেখিছা হয়তোবা টেলিভিছনতহে , নীলা আকাশত উৰি ফুৰা চিলা দেখিছা তুমি ছবিৰ কিতাবত । খেজুৰৰ গছৰ পৰা ফোঁট ফোঁট ৰস নিগৰা দেখা নাই তুমি, পুখুৰীত দেখা নাই মাছ জঁপিওৱা দৃশ্য। তুমি নাজানা কেনে লাগে বতাহৰ ঢৌয়ে ঢৌয়ে নাচি থকা ধাননি পথাৰৰ ফালে চাৱলৈ আৰু কেনে লাগে এটি পখিলাৰ পিছত দৌৰি দৌৰি ৰাতিপুৱাক দুপৰীয়ালৈ বনাবলৈ। মই জানো ,অহোঁ নাই নাই,…. মই জানিছিলোঁ হে।
বিষয়টো এতিয়া মোৰ বাবে অতীত হৈ গৈছে এই কাৰণেই যে এতিয়া মই সাবটি লৈছো চহৰক, মোৰ ভৰিৰ তলত এয়া লৌহকঠিন কংক্ৰিট, মোৰ চকুত ছাটমাৰি ধৰা নিয়নৰ পোহৰ, মোৰ চাৰিওকাষে এতিয়া ঘোৰ ঘোৰ শব্দৰ গাড়ীৰ যান্ত্ৰিক উল্লাস। মই বহুদিন তোমাৰ দৰেই জোনাক দেখা নাই, দেখা নাই মই মোৰ আপোন জোনাকী পৰুৱা বোৰ। চহৰৰ আকাশত কি জোনাক উঠে ? কুঁৱলী নামিব দেখা নাই মই বহু দিন, বৰলুইতৰ পাৰত দেখা নাই ফুল-কুমলীয়া বগা কঁহুৱা ফুলবোৰ আহ ঠিক যেন মেঘ-পুঞ্জহে। কিমান দিন যে দেখা নাই সোণোৱালী ধানৰ পথাৰ, ঠিক যেনেকৈ দেখা নাই আকাশৰ হাতী-পটি। পিছে আবেলি যেতিয়া ফুৰিব ওলাওঁ, নিজা সপোন বোৰৰ কথা ভাবি ভাবি কিতাপ পঢ়ি টোপনি যাওঁ ৰাতি, তন্দ্ৰাছন্নতাত মই এটি ফুলৰ গন্ধ পাওঁ। যি-ফুল ফুলিছিল আমাৰ গাওঁত, সেই-ফুলেই মোৰ গাওঁ। মোৰ ল'ৰালিৰ গাওঁ।
ফ'টো : সাজ্জাদ হুচেইন ।
বাহ! দারুণ লাগল। এগুলো আমার ফেসবুক প্রফাইলে নির্দ্বিধাতে সেয়ার করে দেবেন।
ReplyDelete