Tuesday 21 January 2014

জন্মদিনত দুআষাৰঃ-

"তোমাৰ নতুন কেমেৰাটোৰে ফটো নুতুলিবা মোৰ,
মেগাপিক্সেলে তুলিলৈ যায় জীৱনৰ বলিৰেখা বোৰ "

হয় কথাখিনি উপলব্ধি কৰিছো লাহে লাহে, এডাল-দুডালকৈ পকিবলৈ লৈছে দাৰি চুলি বোৰ । সঁচাকৈ বুঢ়াহৈ গৈ আছোঁ প্ৰতিদিনে, প্ৰতিপলে । সময় পাৰ হয় নিজস্বতাৰে গমকলৈকো পাবলৈ নিদিয়ে কাকো। আজি মোৰ জন্মদিন, আজিৰপৰাই ভৰি দিলোঁ ৪৫ বছৰত.... পিছে ল'ৰালিৰ কথাবোৰ চোন সৌ সিদিনাখনৰ যেনহে লাগে এতিয়াও । শৈশৱৰ ঘোৰ বাৰিষাৰ গদাধৰনৈৰ প্ৰতিটো ঢৌৱে আজিও ভাঁহে মোৰ চকুৰ আগত । সেইবোৰ দিনৰ কথা ভাবিলেই মনটোত এটা অজানা ভাললগা অনুভৱে চুই যায়, এচাটি স্নিগ্ধ বতাহৰ দৰে। পিছ মূহুৰ্ত্ততে মনটোত আৱৰি ধৰে এক বিষাদগ্ৰস্ততাই, ডিঙিলৈকে সোপা মাৰি ধৰে কিবা এটাই যাক মই ভাষাৰে বৰ্ণনা কৰিব নোঁৱাৰিম কেতিয়াও, ই কিবা এটা হেৰুৱাই পেলোৱাৰ এক অবুজ বেদনা । জন্মদিনটো আহিলেই এইবোৰ কথা বেচিকৈ মনলৈ আহে প্ৰতি বছৰ, এইযে জীৱনকালৰ পৰা অতীত হৈ গ'লগৈ আৰু এটা বছৰ । কি বা কৰিব পাৰিছোঁ এই বয়সত...? বহুত ৰঙ্গীন সপোন আছিল, কৰিবলগীয়াও বহুত আছিল, নিজৰবাবে, পৰিয়ালটোৰ বাবে... প্ৰয়োজনসাপেক্ষে দেশৰ বাবে, জাতিৰ বাবে...!!! নাই একোৱেই কৰিব পৰা নাই, কেতিয়াবা ভাৱো জীয়াই আছোঁ সেয়াও এক স্বাৰ্থকতা, এক আনন্দ, জীয়াই থাকাৰ আনন্দ... যাৰ লগত সাঙুৰি আছে ৪৪ বছৰীয়া বাৰেৰহণীয়া অভিজ্ঞতা । জীৱনকালৰ পোৱা-নোপোৱা, ভুল-ভ্রান্তি, আশা-হতাশাৰ মাজত অর্জিত এই বাৰেৰহণীয়া অভিজ্ঞতা খিনি এদিন নহয় এদিন কামত আহিবই। মই বৰ আশাবাদী মানুহ পিছে জন্মদিনটোহে কেতিয়াও পালন কৰি পোৱা নাই আজিলৈকে, সৰুৰে পৰা আমাৰ ঘৰত এই সংস্কৃতি নাই । এইবোৰ তাৰ ব্যতিক্ৰম নহয়, আন দহটা দিনৰ দৰেই আজিৰ দিনটোও একেই দেখোন !!! ঠিক একে বুলি ক'লে অলপ ভুল হ'ব কাৰণ আজি আমাৰ ঘৰতেই দুটাকৈ জন্মদিন আনটো জন্মদিন হ'ল মোৰ শ্ৰীমতী স্মিতাৰ আৰু এই দিনটোতেই তাইক মই প্ৰথমবাৰৰ বাবে ল'গ পাইছিলোঁ, গতিকেই আজিৰ দিনটো অলপ হ'লেও বেলেগ । স্মিতালৈ জন্মদিনৰ অজস্ৰ শুভেচ্ছা থাকিল... আজি দিনটো আমি একেলগে থাকিম, ফুৰিব যাম এখন সেউজীয়া পাহাৰত যাৰ কাষৰে বৈ যাব এখন নৈ ঠিক মোৰ শৈশৱৰ গদাধৰ নৈ খনৰ দৰেই। মইও সেউজীয়া হৈ থাকিব বিচাৰোঁ চিৰদিন, ঠিক এখন সেউজীয়া পাহাৰৰ দৰেই।

১৮/০১/২০১৪