কবিতা

মহাকালৰ ভৃত্য

সময় অজ্ঞাতে ব্যস্ত আজি মই, অকাৰণ কাৰণত...
সময়েই টানি লৈ যায় মোক অন্য এক সময়ত
সময় তোক জনালোঁ আজি মই মুকলি প্ৰত্যাহ্বান...
মোক এৰ, তই হৈ যা আজি এতিয়াই বুমেৰাঙ !!
গছবোৰ য'ত কৰি দে আজি আকৌ এবাৰ বীজ,
পাৰিলে ভাঙিদে চোন চাওঁ সমাজৰ উচ্চনিচ
ৰখিব নোঁৱাৰ সময় তইযে, নিজেই নিজৰ চকা...
মহাকালৰ  ভৃত্যহে তইকাকনো দিয় ধোকা ??





সপোন
------ 

বতাহত উৰি যোৱা
মেঘৰ আঁৰে আঁৰে,
সপোনবোৰে জুমি মোক
চায় বাৰে বাৰে...
সপোন বোৰ সৰি
পৰে বৰষুণ হৈ,
টোপা টোপ ফোঁটেৰেই
আজিৰ এই নৈ ।। 







পোহৰৰ সন্ধান
-------------------------------
বেলিটি, তই সোনকালেই গুচি যা আজি…
তীব্ৰতাৰে,পশ্চিমৰ আকাশত হেঙুলীয়া হৈ,
হালি পৰ বেলি তই দূৰ দিগন্তত, 
য'ৰ পৰা হয় সন্ধিয়া...
তিমিৰাচ্ছন্ন হওঁক এতিয়াই ধৰা 
আৰু আলোকৰ য'ত অভিমান...

পাতৰ আঁৰৰ পৰা জোনাকি পৰুৱাই জুমি চায়,
দিনটোৰ নিৰ্বাসনৰ পিছতো…
অস্তগামী ৰৌদ্ৰপ্ৰভাৰ ৰঙা চকুলৈ তাৰ ইমান ভয়..? 
সময়ৰ আগতেই শেষ হওঁক আজি মগৰিবৰ আজান,
মানি ল'বনে পিছে তাক পবিত্ৰ কোৰাণ…?
পূজাৰীও জ্বলাওঁক সন্ধিয়াৰ প্ৰদীপ একেই সময়তে, 
ভাঙে যদি ভাঙক ধৰ্মৰ য'ত বিধান…!
ক্ষতি কি, যদি সোনকালেই ঘুৰে আজি পক্ষী নীড়লৈ, 
যদি সোনকালেই ওলায় চন্দ্ৰিমা, পূৰ্ণিমাৰ জোনাক হৈ।

নিশাছন্ন পথিক মই মেঘাছন্ন ৰাতিত … 
আঁউসীতো পথ হেৰুৱাৰ নকৰো অকনো ভয়,
জোনাকি পৰুৱাই দিব নিস্বাৰ্থ হৃদয়ে…
এন্ধাৰত মোক সন্ধান পোহৰৰ।






স্কুলত নাযাওঁ আই
---------------------------------------
স্কুললৈ নাযাওঁ আই মই, যাবলৈ নক'বা না...
জানা, নতুন চোলা পিন্ধি সকলোৱে আহে,
মোৰ ফটা চোলাটি চাই সকলোৱে হাঁহে।
খুজিলেই কোৱা তুমি আই, নহ'বলৈ আঁকোৰা...
আমি অতি দুখীয়া বুলি সকলোকে গৈ কোৱা না,
স্কুললৈ নাযাওঁ আই মই, যাবলৈ নক'বা না।

তুমি কোৱা, পিতাইয়ে তোৰ দিন মজুৰি কৰে,
তেজক পানী কৰিহে পিতাইয়ে, আমাৰ পেটবোৰ ভৰে ,
পইচা অলপ জমাই পিতাই সকলো দিব কিনি...
সংসাৰত চলিছে এতিয়া অলপ টনা-টনি।
মোৰ কথাও আই তুমি ভাবি অলপ চাবা না…
স্কুললৈ নাযাওঁ আই মই, যাবলৈ নক'বা না।

বহাগত যেতিয়া আই, আহিবহি বিহু
নতুন ছোলা নালাগে মোক…
নহওঁ আই মই শিশু
পিতাইৰ কামত সহায় কৰিম
আই, চকুৰ পানী খিনি মোচা না …
স্কুললৈ নাযাওঁ আই মই, যাবলৈ নক'বা না।

(এটি লোকগীতৰে প্ৰভাৱিত)
জয় চক্রৱৰ্ত্তী ১০/১১/১৩





কালাছনিকোভৰ ৰামায়ণ
---------------------------------------
তুমি শ্ৰী ৰামচন্দ্ৰ নেকি ? তোমাৰ ৰামায়ণত, কালাছনিকোভ ?
তোমাৰ ৰামায়ণত লংকাধিপতিয়ে লুটি নিয়ে ৰামচন্দ্ৰৰ তূণৰ বাণ…?
বানৰ সেনাই বিপ্লৱ কৰে লংকাপতিৰ নিৰ্দ্দেশত…কালাছনিকোভ,
প্ৰতি পাত কাঁড়ত সযত্নে লিখি শ্ৰী ৰামচন্দ্ৰৰ নাম।

প্ৰেমত কেতিয়াও পৰা নাছিলা নে… ৰণতৰীৰ চালক, কালাছনিকোভ ? 
কাহানিও শুনা নাছিলা নে প্ৰভাতী পক্ষীৰ গান…? 
কেনেকৈ ৰচিলা তেন্তে পাষাণ হৃদয়ৰ কবিতা… কালাছনিকোভ,
ক'তো মাতৃৰ ক'তো সন্তানৰ অকালতে কাঢ়ি প্ৰাণ।

বাৰ্ধক্যই তোমাক মানসিক অশান্তি নিদিয়েনে…কালাছনিকোভ ? 
উতপ্ত আবিষ্কাৰে কৰে নে হাড় কপোঁৱা জাৰক এতিয়া ম্লান ? 
তোমাৰ সীতা বনবাসী আজি তোমাৰেই বাঙ্কাৰত…কালাছনিকোভ,
মানসিক ভাঙোনৰ আৰ্তনাদ বোৰ শুনি লোৱা, এবাৰ পাতি কান।

তোমাৰ ৰামায়ণ কেৱল মৃত্যুৰ মাতালামিৰ…কালাছনিকোভ,
সঙ্কুচিত মানসিকতাৰে মূল্যহীন তোমাৰ আবিষ্কৃত বাণ…
প্ৰতি পাতে পাতে, প্ৰতি পাত কাঁড়ে, কাঢ়ে…কালাছনিকোভ,
মোৰ জোনাক ৰাতিৰ ঘ্ৰাণ।।


জয় চক্ৰৱৰ্ত্তী
২/১১/১৩

ফটোঃ ইন্টাৰনেট


================================================

বয়স
------
তোমাৰ নতুন কেমেৰাটোৰে ফটো নুতুলিবা মোৰ,
মেগাপিক্সেলে তুলিলৈ যায় জীৱনৰ বলিৰেখা বোৰ...
সেই তাহানিৰ কেমেৰাবোৰেই ভাল আছিলে জানা,
এন্ধাৰ কোঠালীত হেৰাইছিলে বয়সৰ বলিৰেখা বোৰ
চোৱা মোৰ চকুৰ তলত এতিয়াও ক'লা পৰা নাই,
মোৰ চুলি বোৰ এতিয়াও নিয়া নাই ধুষৰ বৰণ
তোমাক দেখিলে আজিকালি সংগোপনে থওঁ মোৰ বিতচকু যোৰ,
প্লাছ টুৰ কাঁচ যোৰে সোঁৱৰায় মোৰ বয়সৰ ঋণাত্মকতাক
আজিকালি অজুহাত বনাওঁ তুমি পাহাৰ বগাবলৈ ল'গ ধৰিলে,
হৃদযন্ত্ৰৰ ধপ্-ধপনি বোৰ লুকাৱলৈ তোমাৰ চক্ষুৰ অন্তৰালত
বয়সক বাঢ়িব দিব নেৱাৰো মই, কেৱল তোমাৰ বাবেই
জীয়াই আছো মই সেয়াই জানো কম আনন্দৰ…?
এই মেঘএই নিয়ৰৰ টোপাল আৰু এই বৰষুণৰ শব্দত।।



জয় চক্ৰৱৰ্ত্তী


২৪/১০/১৩

================================================

সপোন 

-------------

মই সপোন আঁকিছো, তোমাক দেখিছো,
অসীম আকাশত মেঘৰ সাগৰত ভাহিছো ….
তোমাক দেখাৰে পৰাই হৃদয়ৰ খিৰিকীৰে
উকি দিলে সোণোৱালী সপোন বোৰে,
ভালপোৱা বোৰে মেঘ কৰি দিয়ে মোৰ মন…
অবুজ উচাতন টানত ভাঙিছে মনৰ বান্ধন,
তোমাক এতিয়াও মনে কৱ খোজে নোকোৱা বহু কথা,
যি কথা কেৱল তোমাৰেই, যি মোৰ হৃদয়ত গথা।।



জয় চক্রৱৰ্ত্তী
১৯/৯/২০১৩

=======================================






অৱসাদ
----------------
সাঁতোৰিছো মই, সাঁতোৰিম মই…
নৈৰ সোঁতৰ বিপৰীতে,
আগুৱাইছোঁ অৱসন্নতাত
শৰীৰটোক কোনোমতে …
অৱসাদ, ক্লান্তিত উন্মনা মোৰ অবয়ব ।
জানো, প্ৰৱল সোঁতত হয়তোবা এদিন…
পানী হৈ যাম ,
উটি ভাঁহি যাম
পানীৰে সতে পানী হৈ মই
বাগৰি যাম ঢল হৈ ভাটিৰ ফালে....
সিদিনা খন মোৰ মৃত্যু হ'ৱ।

জয় চক্রৱৰ্ত্তী
২২/৮/২০১৩

-------------------------------------------------------------------------------------------------------------




বৰষা

বৰষা….
তোমাক বেয়া পাইছোঁ…..!
মেঘ-মোহনাত ৰৈ থাকিও….তুমি নাহিলা,
শুকান, ধূসৰিত,, লেতেৰা বুলি মোক হাঁহিব পাৰিলা….?
মোৰ মন ফাগুনৰ সেউজীয়া হোৱাৰ হেঁপাহ
তুমিয়েই তো ভাঙি থানবান কৰিলা

বৰষা….
তোমাক বেয়া পাইছোঁ…..!
মোৰ মুক্ত নীলাভ আকাশ
তুমি ডাৱৰেৰে ঢাকিলা,
অহাৰ সপোন দেখুৱাইও
তুমি নাহিলা….
বৰষা….
তোমাক বেয়া পাইছোঁ…..!

____________________________________________________________________



বাঁহীৰ সুৰ

ভৰ দুপৰ ৰাতি নিৰৱ নিস্তব্ধ,
ভাহি যায় বাঁহীৰ সুৰ দূৰ দিগন্ত

তন্দ্ৰাছন্ন মই যেন শুকুলা মেঘত,
দুঃখ হীন কোনোবা এক জোনাকৰ দেশত

হঠাৎ….. বাঁহীৰ সুৰ বিষাদলৈ যায়,
ভগা হিয়াৰ ব্যথা বোৰ যেন সুৰ হৈ বয়

সুৰতো নহয় এয়া দুখৰ মহা-সিন্ধু,
সুৰ হৈ বৈ যোৱা কাৰোবাৰ অশ্ৰু-বিন্দু

শুকুলা মেঘ বোৰো বৰণ সলায়,
বুকুৰ মাজত মোৰ কাল-ধুমুহা বয়

ঘুমটি ভাগিলে মোৰ দোভাগৰাতি,
ভাহি আহে অতীতৰ আস্থা হীন স্মৃতি

পাহৰিব খুজিলেই জানো পাহৰি যোৱা যায় …?
প্ৰান্তৰ আকাশত হব নৱ সূৰ্য্যৰ উদয়

__________________________________________________________________________



দিগদৰ্শক

সন্ধ্যা তৰা লুকাই নাযাবা,
নিশাৰ
 অন্ধকাৰত মই নিশা-ছন্ন পথিক
হেৰাই
 যোৱা ঠিকনা পাবলৈ
তুমিয়েই 
দিয়ানা দিশ…..
মহাসাগৰৰ
 বুকুত মই হেৰাই যোৱা নাবিক
বিকল
 মোৰ দিক-নিৰ্ণয় যন্ত্ৰ,
তুমি
 যদি উদ্ধাৰ নকৰা সন্ধ্যা তৰা
নাই
 মোৰ কোনো অচিন মন্ত্ৰ
জিল-মিলাই
 থকা তোমাৰেই ৰুপেৰে
জীৱন
 মোৰ হওঁক অপৰূপ …..
তোমাৰ
 অকন ৰশ্মিৰ অনুভৱ,
জীৱনক কৰি তোলে আভিনৱ
_____________________________________


প্রশ্ন
শান্ত হবানে ?
কৰিবা যুদ্ধ ?
শান্তিক কৰিছা কিয় ক্ৰছবিদ্ধ ?
কাৰ তেজ বগা ?
কাৰ তেজ ক'লা ?
শৱদেহ বোৰত কিনো ৰঙ পালা ?
কোনে সঁচা কয় ?
কোনে মিছা কয় ?
জানি হেৰুৱাজনৰ কিনোঁ লাভ হয় ?
কাৰ হ'ল সুখ ?
কোনে পালে দুখ ?
ম্লান হৈ যায় মানৱতাৰ মুখ


_____________________________________
নাই আজি মোৰ ভয়


ভয় নাই, নাই ভয়
নাই আজি আৰু ভয়,
আহক জঞ্জা, আহক প্লাৱন,
 
প্ৰাণ মোৰ নিৰ্ভয়

নাই আজি মোৰ ভয়, নাই আজি মোৰ ভয়
….

দীপ্ত শপতে, শ্বহীদ মিনাৰতে
কিহৰ নিছিলা পণ
…?
নিজৰ সুপ্ত বাসনাত আজি
উথলিছে যে হিয়া-মন…?
নিজৰ তেজতে ক্ষত-বিক্ষত আমি
পাবলৈ একোকে নাই
জুইয়ে পুৰিলেও অৱশিষ্ট ৰাখে
ধূসৰ বৰণ ছাই

পুৰজ্যোতিয়েও দহিব নেৱাৰে
সোণ যদি খাঁটি হয়
জ্বলা নাই সোণ,
লা পৰি আছে সেয়ে মই নিৰ্ভয় 

নাই আজি মোৰ ভয়, নাই আজি মোৰ ভয় 


যুঁজি যাম মই
অকলে অকলেই,
তেজ যেতিয়ালৈ বয়
দেখিছোঁ দিগন্তত,পূৱৰ প্ৰান্তত
ৰক্তিম সূৰ্য্যোদয়
 
নাই আজি মোৰ ভয়, নাই আজি মোৰ ভয়
….

(কবি সুকান্তৰ কবিতাৰে প্ৰভাৱিত)

নিজস্বতা
-----------------
দোপালপিটা বৰষুণ তুমি ভাল নাপাব পাৰা , মই পাওঁ…
তুমি ভালপোৱা সুগম সঙ্গীত…
সুৰ, তাল, লয়…
মই ভালপাওঁ কলিয়া ডাৱৰ, তুমি জাৰৰ কুঁৱলী।
মই ভালপাওঁ বিজুলীৰ চমকনি , তুমি নিয়ৰৰ টোপাল।
মই ছন্দহীন, তুমি সংঘবদ্ধ…
মই উশৃংখল, তুমি স্নিগ্ধ…
ছৰি,
তোমাৰ দৰে হ'ৱ নোৱাৰিলোঁ এতিয়াও,
হয়তো বা তোমাৰ ভালপোৱাত হেৰাই পেলাম নিজস্বতা কাহানিবা…
পিছে,
তুমি জানো হেৰাই নেপেলাবা সিদিনা
তুমি ভালপোৱা আজিৰ 'জয়'ক 


4 comments:

  1. কৱিতা বোৰত থকা নতুনত্ব খিনি আৰ্কশণীয়.....ভাল লাগিল পঢ়ি,,,প্রশ্ন কৱিতটো ভাল হৈছে,,,সকলোৰে তেজৰ ৰং ৰঙা...

    ReplyDelete
    Replies
    1. ধন্যবাদ অনামিকা

      Delete
  2. সুন্দৰ ! ভাল লাগিল কৱিতাখিনি ৷

    ReplyDelete
  3. অতি সুন্দৰ দাদা ভাল লাগিল

    ReplyDelete