Thursday 1 August 2013

বন্ধ

বন্ধ… বন্ধ… বন্ধ… এই বন্ধ এতিয়া আৰু চৰকাৰ বিৰোধী কাৰ্যসূচী হৈ থকা নাই, হৈছে অৰ্থনীতি বিৰোধী কাৰ্যসূচী হে। বন্ধ এতিয়া আৰু জনসাধাৰণৰ কল্যাণৰ বাবে ৰাজনৈতিক বা অৰাজনৈতিক কাৰ্যসূচী নহয়, এতিয়া এই বন্ধ কেৱল এক গণ বিৰোধী কাৰ্যসূচী হে, সাধাৰণ নাগৰিকৰ ওপৰত মাধমাৰ দি নিজ স্বাৰ্থসিদ্ধিৰ এক পৰিকল্পনা মাথোন। ৰাজ্যৰ অৰ্থনীতিত ভয়াবহ বিপৰ্যয় মাতি অনা এই ধৰণৰ কৰ্মসূচীৰ প্ৰতি সাধাৰণ মানুহৰ সমৰ্থন দূৰতে, কেৱল ভয় আৰু আতঙ্কই হে সফল কৰিছে এওঁলোকৰ এই কাৰ্যসূচীক। এই ভয় জীৱনৰ। এই ভয় সম্পদ হানিৰ। এই ভয় নাশকতাৰ। এই ভয় য'তে-ততে যান-বাহনত অগ্নি সংযোগৰ। এটা সময়ত অসমত বন্ধ আছিল বিদেশী বহিষ্কাৰৰ বাবে সংগ্ৰামৰ পথ য’ত প্ৰৱল ঐক্যেবদ্ধতাৰে গণ সমৰ্থনৰ ওপৰত লোৱা হৈছিলে শক্তিশালী কাৰ্যসূচী। সেই বন্ধ বোৰত আছিলে মানুহৰ স্বতঃস্ফূৰ্ত সমৰ্থন । সেইবোৰ বন্ধত ৰাইজেই অকুণ্ঠ সমৰ্থন দিয়ে নিজা দোকান পোহাৰ নুখুলিছিল। যান-বাহন নিজেই নচলাইছিল , কল-কাৰখানা নচলিছিল। এতিয়াৰ বন্ধতো নচলে, নোখোলে পিছে ভয়ত হে। এতিয়া বন্ধত মানুহৰ সমৰ্থন নাই। আজিৰ তাৰিখত বন্ধ মানুহৰ অধিকাৰ আদায়ৰ সলনি অধিকাৰ হৰণৰহে কাৰ্যসূচী হৈছেগৈ। স্বাধীনতাৰ পিছত মানুহৰ আশা আছিলে গণতন্ত্ৰৰ প্ৰতিষ্ঠা হ'লে সংসদ হব তাৰ সকলো আলোচনা-বিলোচনা, বিতৰ্ক আৰু সংকট সমাধানৰ তীৰ্থস্থান আৰু ৰাইজৰ হৈ ৰাষ্ট্ৰ পৰিচালনাৰ জবাবদিহি আদায়ৰ কেন্দ্ৰস্থল। ৰাইজৰ হকে আইন, নীতি প্ৰণয়ন ৰাইজে বাচনি কৰা সদস্য সকলে ৰাইজৰ হকেই ৰাখিব মুখ্য ভূমিকা। য'ত চৰকাৰৰ যি কোনো গণ বিৰোধী সিদ্ধান্ত বা কৰ্মকাণ্ডৰ বিৰুদ্ধে বিৰোধী সদস্যই দিব প্ৰৱল যুক্তি আৰু যদিহে বিৰোধীৰ যুক্তি উচিত বুলি বিবেচিত হয় সেয়াও মানি ল'ব চৰকাৰে মুঠতে সংসদ হৱ প্ৰাণৱন্ত। কিন্তু পৰিতাপৰ বিষয় এয়ে যে যি দলেই যেতিয়াই ক্ষমতালৈ গৈছে সেই দলেই তেতিয়া সংসদক চলাইছে নিজা দলৰ মতে, আৰু বিৰোধী দলবোৰে ভালে হওঁক বা বেয়াই হওঁক চৰকাৰ পক্ষৰ সকলো সিদ্ধান্তকেই বিৰোধ কৰিছে যেন সেয়াই বিৰোধীৰ কাম। তেওঁলোকে জনগণে অভিমতৰে দিয়া নিজা পৱিত্ৰ দায়িত্ব পালন নকৰি বৰ্জনৰ ৰাজনীতিকে চিৰস্থায়ী কৰিছে। পিছে নিৰ্বাচিত সদস্য হিচাপে সকলো ধৰণৰ সুযোগ-সুবিধা ভোগ কৰাৰ ক্ষেত্ৰত চৰকাৰ লগত বিৰোধী সদস্যও কান্ধত কান্ধ মিলাই একেটা গতিতে দৌৰিছে। প্ৰায় সকলো নেতাই ব্যক্তিগত ভোগ-বিলাসত অদ্ভুত ঐক্যৰ বান্ধনত চৰকাৰ আৰু বিৰোধীয়ে সমানে চলিছে আৰু জনগণৰ আশা-আকাঙ্খা পালনত সম্পূৰ্ণ ব্যৰ্থতাৰ পৰিচয় বহন কৰিছে। গণতন্ত্ৰৰ এই চৰম বিপৰ্যয়ে মাতি আনিছে সাধাৰণ মানুহৰ জীৱনলৈ অনাগ্ৰতা, দৰিদ্ৰতা আৰু তাৰ পৰাই জন্ম জাতিস্বত্বা, আৰু কিছু চতুৰ ব্যক্তিয়ে এই শোষণৰ বলি হোৱা মানুহ খিনিৰ মনত জন্ম হোৱা এই ক্ষোভখিনিকেই কৰিছে ৰাজনৈতিক মূলধন কেৱল নিজা লাভালাভৰ বাবে। ইতিমধ্যে বিদেশী বহিষ্কাৰৰ নামত, স্বাধীন অসমৰ নামত আমি হেৰুৱাইছোঁ আমাৰ অমূল্য মানৱ সম্পদ য'ত প্ৰাপ্যৰ ঘৰ কিন্তু শূন্যতেই সীমাবদ্ধ গতিকেই আৰু সংঘাত নহয়, সংলাপ, বিতৰ্ক আৰু যুক্তিৰে আলোচনাৰ মাধ্যমত সমাধান বিচাৰিব লাগিব। বন্ধত শীৰ্ষ ব্যৱসায় প্ৰতিষ্ঠানৰ বিশেষ এককেই আহে নাযায়। চৰকাৰৰ আমোলা, বিষয়াই বন্ধবোৰ উপভোগহে কৰে। বন্ধৰ পৰা ক্ষতি হয় ৰিক্সাচালক, ঠোলা চালক, গণ পৰিবহনৰ চালক, ফুটপাথৰ চাহৰ দোকানী, বজাৰৰ সৰু-সুৰা শাক-চবজী বিক্ৰেতা ,পানৰ দোকানী আদিৰ দৰে সাধাৰণ মানুহৰ হে । তথাপিও বন্ধ দিয়া হয়, বন্ধৰ সংঘৰ্ষ, হিংসাত মানুহ মৰে। এই সংঘাত, বন্ধ, অৱৰোধে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায় আৰু এই বিপৰ্যয় অন্তিমত আহি পৰে সাধাৰণ মানুহৰে মূৰত। অসহনীয় অৱস্থাত পৰে স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকল। বেমাৰী ৰুগীয়া আদিৰ ঘৰৰ মানুহবোৰ। যি কাৰ্যসূচী জনতাৰ আশা-আকাঙ্খাক সমৰ্থন নকৰে, যি কাৰ্যসূচী চৰকাৰৰ কাৰণে উদ্বেগৰ কাৰণ নহয়, যি কাৰ্যসূচীয়ে আমাৰ বাবে দেশী-বিদেশী বিনিয়োগৰ দুৱাৰ বন্ধ কৰে, কৰ্মসংস্থান সৃষ্টিত বাধা প্ৰদান কৰে সেই বন্ধৰ পৰা ৰাজনীতিক মুক্ত কৰাৰ এতিয়াই উপযুক্ত সময়। জেদাজেদিৰে নহয়, প্ৰতিহিংসাৰ ৰাজনীতিৰে নহয়, ক্ষমতাৰ অসুস্থ প্ৰতিযোগিতাৰে নহয়। গণতান্ত্ৰিক চেতনাৰে এটি গ্ৰহণযোগ্য ব্যৱস্থাপনাৰ অধীনত নিৰ্বাচনৰ মাধ্যমত জনগণ অভিমতেৰে সংকট সমাধানৰ পথ বিচাৰিব লাগিব। দমন, নিৰ্যাতন, জোৰ-জুলুম ও বন্ধ-অৱৰোধৰ নাশকতা বা হঠকাৰী কাৰ্যসূচী সংকট সমাধানৰ পথ হৱ নোৱাৰে। আলোচনাৰে মাধ্যমৰে সংকটৰ সমাধান হওঁক।

মই জীয়াই আছিলোঁ আনৰ সময়ত

ৰাজনীতিৰ হাল

কিনো চাবা ৰাজনীতিৰ নিত্য নতুন চাল,
বৃদ্ধ গগৈয়ে দিলে পুত্ৰক মাৰিবলৈ হাল।
আঢ়ৈ টকাতে খাবলৈ ভাত, ৰাইজে পাৰিছে পাত,
মূৰ্খ ডেকাৰ বাবেই এতিয়া বৃদ্ধৰ নোলায় মাত।।


সম্পুৰ্ণ ইয়াত পাৱ