Saturday 30 November 2013

মই আৰু মোৰ অতীত


অতীতক পাহৰা নাই মই, তিলমানও পাহৰা নাই…হওঁক না তিক্ত কিম্বা মধুৰ তাৰ স্মৃতি, পাহৰা নাই পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে গৰমত দেউতাই অনা ঘৰৰ প্ৰথম টেবুল ফেনখনৰ দখলক লৈ বাইদেউৰ লগত কৰা কাজিয়াৰ কথা। আজিও পাহৰা নাই শৈশৱৰ এজনো বন্ধুক। বন্ধু সকলোৰে পাৰ কৰা অতীতৰ মধুৰ ক্ষণ বোৰ। পাহৰিব নোৱাৰা আইৰ এছাৰিৰ কোব বোৰ, সেইবোৰ এতিয়া একোটা মৰমৰ মিঠা চুমাৰ দৰেই লাগে চোন ! পাহৰা নাই মই উচ্চতৰ মাধ্যমিকত বেয়া কৰাৰ পিছত পঢ়াৰ টেবুলত আবিষ্কাৰ কৰা এ গিলাচ পানী আৰু এডোখৰ আদাক। আজিও চকু মুদিলেই স্পষ্ট দেখা পাওঁ সেই দৃশ্য, পিছে আজিও সুধিবলৈ সাহ হোৱা নাই সেয়া মায়ে নে দেউতাই তেনেকৈ থৈছিল ! পাহৰা নাই এতিয়াও হতাশাগ্ৰস্ত বেকাৰ জীৱনটোৰ কথা বোৰ। বন্ধুহঁতৰ লগত জঙ্গলত অনাই বনাই ঘুৰি ফুৰা দিনবোৰ আজিও পাহৰা নাই। পাহৰা নাই মই মালগাড়ী ৰেলত গৰু-ম'হৰ সতে একেলগে পাৰ কৰা পাঁচটাকৈ ৰাতিক। পানৰ দোকানে দোকানে চিগাৰেট বিক্ৰী কৰা, চা দোকানত গাখীৰ যোগান দিয়াৰ দৰে কৰা সৰু সৰু কাম বোৰ আজিও পাহৰা নাই। পাহৰি যোৱা নাই মই ইলেকট্ৰিক ওৱাৰিঙ কৰি দিয়া বঙাইগাঁও চহৰৰ এটিও ঘৰক, ঠিক যেনেকৈ পাহৰা নাই বিবাহত ফটো তোলা/ ভিডিঅ কৰি দিয়া এটিও দম্পতীক। পিছে যি কামেই কৰিছোঁ অন্তৰেৰে আৰু সততাৰে কৰিছোঁ। এইবোৰ এতিয়া মাথো সপোন সপোন লাগে।

পাৰ হৈ গৈছে সেইবোৰ সময়, সময় প্ৰৱাহমান… ৰখি নাযায় কেতিয়াও। জীৱনৰ লগত যুদ্ধত পৰাস্ত হ’বলৈ ঘৃণা কৰো মই আৰু এই হাৰি নোযোৱা মানসিকতাৰ মূল ভেটি মোৰ বাৰেৰহণীয়া অতীত, সেয়ে মোৰ অতীত সোণোৱালী আৰু মোৰ অতিকৈ প্ৰিয়। মই নিশ্চিত এই অতীতকে সম্পদ কৰি মই জীৱনৰ প্ৰথমটো উৰণতে অকলেই গৈ পাইছিলোঁ লণ্ডন, ভঙা ছিঙা ইংৰাজীৰেই ভৰি দিছিলোঁ কেমব্ৰিজৰ দৰে ইউনিভাৰ্চিটিত। হোটেল, হোষ্টেলত দিবলৈ পইচা নথকাত চাহাবৰ ঘৰত আছিলোঁ পেইঙগেষ্ট হৈ। পিছলৈ পূনৰ আমন্ত্ৰণ পাইছিলোঁ ৰাণী এলিজাবেথ আৰু প্ৰিন্স ফিলিপৰ লগত কথা পাতিবলৈ। মানুহৰ জীৱনত ভাল বেয়া সময় আহেই, জীৱনক সপোন বনাবলৈ গৈ বহুতেই বৰ্তমানত মেৰিয়াই লয় হতাশাৰ চাদৰ। সেয়ে হতাশা নহয়, বেয়া সময়ৰ পৰা অতি সহজেই অৰ্জন কৰা যায় অভিজ্ঞতা আৰু মই নিশ্চিত এই অভিজ্ঞতাই দিবই দিব জীয়াই থকাৰ অনন্য সমল। ডাঙৰ মানুহ হোৱাৰ অভিকাংক্ষা আজিও নাই মোৰ পিছে এটি ক্ষুদ্ৰ জোনাকী পৰুৱা সদায়ে হ'ব বিছাৰো মই । জীয়াই থাকিব বিছাৰো মই এন্ধাৰৰ মাজত ঢিমিক ঢামাক জ্বলা এটি ক্ষুদ্ৰ পোহৰ হৈ….

Wednesday 13 November 2013

পোহৰৰ সন্ধান


বেলিটি, তই সোনকালেই গুচি যা আজি…

তীব্ৰতাৰে,পশ্চিমৰ আকাশত হেঙুলীয়া হৈ,

হালি পৰ বেলি তই দূৰ দিগন্তত, 

য'ৰ পৰা হয় সন্ধিয়া...

তিমিৰাচ্ছন্ন হওঁক এতিয়াই ধৰা 

আৰু আলোকৰ য'ত অভিমান...

পাতৰ আঁৰৰ পৰা জোনাকি পৰুৱাই জুমি চায়,

দিনটোৰ নিৰ্বাসনৰ পিছতো…

অস্তগামী ৰৌদ্ৰপ্ৰভাৰ ৰঙা চকুলৈ তাৰ ইমান ভয়..? 

সময়ৰ আগতেই শেষ হওঁক আজি মগৰিবৰ আজান,

মানি ল'বনে পিছে তাক পবিত্ৰ কোৰাণ…?

পূজাৰীও জ্বলাওঁক সন্ধিয়াৰ প্ৰদীপ একেই সময়তে, 

ভাঙে যদি ভাঙক ধৰ্মৰ য'ত বিধান…!

ক্ষতি কি, যদি সোনকালেই ঘুৰে আজি পক্ষী নীড়লৈ, 

যদি সোনকালেই ওলায় চন্দ্ৰিমা, পূৰ্ণিমাৰ জোনাক হৈ।

নিশাছন্ন পথিক মই মেঘাছন্ন ৰাতিত … 

আঁউসীতো পথ হেৰুৱাৰ নকৰো অকনো ভয়,

জোনাকি পৰুৱাই দিব নিস্বাৰ্থ হৃদয়ে…

এন্ধাৰত মোক সন্ধান পোহৰৰ।

Saturday 2 November 2013

কালাছনিকোভৰ ৰামায়ণ

তুমি শ্ৰী ৰামচন্দ্ৰ নেকি ? তোমাৰ ৰামায়ণত, কালাছনিকোভ ?
তোমাৰ ৰামায়ণত লংকাধিপতিয়ে লুটি নিয়ে ৰামচন্দ্ৰৰ তূণৰ বাণ…?
বানৰ সেনাই বিপ্লৱ কৰে লংকাপতিৰ নিৰ্দ্দেশত…কালাছনিকোভ,
প্ৰতি পাত কাঁড়ত সযত্নে লিখি শ্ৰী ৰামচন্দ্ৰৰ নাম।

প্ৰেমত কেতিয়াও পৰা নাছিলা নে… ৰণতৰীৰ চালক, কালাছনিকোভ ? 
কাহানিও শুনা নাছিলা নে প্ৰভাতী পক্ষীৰ গান…? 
কেনেকৈ ৰচিলা তেন্তে পাষাণ হৃদয়ৰ কবিতা… কালাছনিকোভ,
ক'তো মাতৃৰ ক'তো সন্তানৰ অকালতে কাঢ়ি প্ৰাণ।

বাৰ্ধক্যই তোমাক মানসিক অশান্তি নিদিয়েনে…কালাছনিকোভ ? 
উতপ্ত আবিষ্কাৰে কৰে নে হাড় কপোঁৱা জাৰক এতিয়া ম্লান ? 
তোমাৰ সীতা বনবাসী আজি তোমাৰেই বাঙ্কাৰত…কালাছনিকোভ,
মানসিক ভাঙোনৰ আৰ্তনাদ বোৰ শুনি লোৱা, এবাৰ পাতি কান।

তোমাৰ ৰামায়ণ কেৱল মৃত্যুৰ মাতালামিৰ…কালাছনিকোভ,
সঙ্কুচিত মানসিকতাৰে মূল্যহীন তোমাৰ আবিষ্কৃত বাণ…
প্ৰতি পাতে পাতে, প্ৰতি পাত কাঁড়ে, কাঢ়ে…কালাছনিকোভ,
মোৰ জোনাক ৰাতিৰ ঘ্ৰাণ।।


জয় চক্ৰৱৰ্ত্তী
২/১১/১৩
ফটোঃ ইন্টাৰনেট