Saturday, 28 November 2015

আৰু নিলিখোঁ


নাহ, আৰু নিলিখোঁ ৰাজনীতিলৈ, ঘোচখোৰী-কমিচনৰাজকলৈ, দল-সংগঠন সমূহৰ উদ্দেশ্যকলৈ, সিহঁতৰ নেতাৰ আয়কলৈ, বিপ্লৱৰ আঁৰৰ ডকাইত কিছুমানকলৈ... আৰু একোই নিলিখোঁ মৌলবাদীকলৈ, ধৰ্মৰ অসহিষ্ণুতাকলৈ....। এনেও এইবোৰ লিখি কেৱল মনৰ সন্তুষ্টিৰ বাহিৰে কাকোৱেই প্ৰভাৱাম্বিত কৰিব নোৱাৰি আজিকালি। তথাপিতো লিখোঁ মনৰ খূদুবনি মাৰিবলৈ, পিছে তাতেও কাৰোবাৰ নহয় কাৰোবাৰ অনুভূতিত আঘাত হয়েই। শান্তিও বিনষ্ট হয়, উন্নয়ন ব্যাহত হয়...!! মিছাতে থানা-পুলিছৰ ঝেঙতো ফচিলোঁ, ইনবক্সত ভাবুকিও খালোঁ...!!! সেয়ে এতিয়াৰ পৰা এনে বিষয়ৰ বাছনি কৰি উলিউৱাৰ দৰকাৰ যাৰ পৰা কাৰো বাৱেই কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়।
এটা কথা ভাবিছোঁ... আচ্ছা 'প্ৰকৃতিক' বিষয়বস্ত কৰি লৈ লিখিলে কেনে হয়...? এনেও আগেপিছে অলপ চলপ লিখাৰ অভিজ্ঞতা নথকা নহয়, তাৰোপৰি অসমখন প্ৰাকৃতিক সম্পদৰে ভৰপুৰ...। হ'লে কি হ'ব যোৱা কেইবাটিও দশকত আমাৰ বনাঞ্চলবোৰ অতি দ্ৰুত গতিত হ্ৰাসপাইছে নানানটা কাৰণত...। আমাৰেই তথাকথিত নেতা কিছুমানৰ উদগনিত চলিছে বনাঞ্চল দখলৰ এক অঘোষিত প্ৰতিযোগিতা, মুনাফাৰ বাবে বনাঞ্চল চাফা কৰি ৰৱৰৰ খেতি লগোৱাৰ প্ৰতিযোগিতা। BTADত আন্দোলন আৰু বিপ্লৱৰ নামতেই ধ্বংস হৈছে এচিয়াৰ আটাইতকৈ ডাঙৰ শালনি হল্টুগাঁও বনাঞ্চল, মানাহৰ বনাঞ্চল...। মানুহৰ সম্ভৱতঃ সেউজ ভূমিতকৈ মৰুভূমিহে বেছি পছন্দ কৰে আজিকালি সেয়েই বৃক্ষৰ প্ৰতি, বনাঞ্চলৰ প্ৰতি আমাৰ ইমান ক্ষোভ। তাৰোপৰি বৈদ্যুতিক টাৱাৰলাইন, ফোৰলেন হাইৱেৰ নামত কটা হৈছে হেজাৰ লাখ গছ...। নাহ, আকৌ কি বোৰ লিখি আছোঁ...!! এইবোৰ লিখা নচলিব... শান্তি বিনষ্ট হব, উন্নয়ন ব্যাহত হব!! নাই নাই 'প্ৰকৃতিক' বিষয়বস্তু কৰি লৈ লিখা নাযাব... বৰ বিপদৰ সম্ভাৱনা থকা কথা এইবোৰ, মিছাতেই বাটৰ কচু গাত সানি লাভ নাই। আকৌ কিবা ঝেং লাগিব কৰোবাত।
এহ, তাতকৈ শিক্ষাক লৈ লিখা যাওক, শিক্ষাই জাতিৰ মেৰুদণ্ড... প্ৰতি বছৰেই শিক্ষিতৰ সংখ্যা বাঢ়িয়েই গৈছে, বাঢ়িছে শিক্ষান্ত পৰীক্ষা সমূহত পাছ কৰাৰ গড়...। কিন্তু প্ৰকৃতাৰ্থত শিক্ষাৰ অৱস্থা কি...?? গাঁওৰ স্কুলবোৰৰ অৱস্থা কি...?? গাঁও নালাগে চহৰবোৰৰ চৰকাৰী স্কুলবোৰৰ অৱস্থা কি?? ছাত্ৰ ছাত্ৰীৰ ফলাফল ব্যক্তিগত খণ্ডৰ স্কুল বোৰৰ তুলনাত পুতৌজনক কিয় ?? নে চৰকাৰী স্কুলবোৰৰ শিক্ষক কৰ্মচাৰীয়ে ব্যক্তিগত খণ্ডৰ স্কুল বোৰৰ তুলনাত ক'ম দৰমহা বা অন্যান্য সা সুবিধা কমকৈ পায়...?? যদি নহয় তেন্তে মেধা মূল্যায়নৰ এই দুৰৱস্থা কিয়...?? কি যুক্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বহী গৰুয়ে খাব পায়...?? নাহ... শিক্ষাক লৈ লিখাও ঠিক নহ'ব...। শিক্ষিতৰ হাৰ প্ৰতিবছৰেই বাঢ়িছে যেতিয়া, কোনোবাই উভতি ধৰিলে...?? আৰু এই অৱস্থাত শিক্ষাৰ ওপৰত নেতিবাচক লিখা মানে শিক্ষা ব্যৱস্থাটোৰ ওপৰতে আঘাত কৰাহে হব। নাই শিক্ষাকলৈ লিখাও নচলিব।
তাতকৈ বৰং ভ্ৰমণ কাহিনীয়ে লিখোঁ... এনেও আমাৰ উত্তৰপূৱ ভাৰত অতীৱ সুন্দৰ ঠাই...। আচলতে ছুইজাৰলেণ্ড যোৱাৰ কোনো দৰকাৰেই নাই... আমাৰ অৰুণাচললৈ গ'লেই প্ৰকৃতিৰ যি অপৰূপ লিলা দেখা পাব, সেয়া কোনোগুণে ছুইজাৰলেণ্ডতকৈ কম নহয়...। পিছে এই সৌন্দৰ্য আৰু কিমান দিন আমাৰ নিজৰ হৈ থাকে তাৰহে কথা!! চীনৰ আগ্ৰাসন, তাৰ প্ৰতিৰোধত ভাৰতীয় সেনাৰ প্ৰতিৰোধ, প্ৰতিখন সৰু-বৰ নৈৰ ওপৰত প্ৰস্তাৱিত জল-বিদ্যুত প্ৰকল্পই অপৰূপা অৰুণাচলকো প্ৰভাৱিত কৰাটো খাটাঙেই এক প্ৰকাৰ। হঠাৎ হয়তো এদিন ভূ-কম্পনত কেতিয়াবা খহি যাব কোনোবা বান্ধ... তেতিয়া...? সৰ্বনাশ, ভ্ৰমণ কাহিনী লিখিব গৈ এইবোৰ লিখিলে নিৰ্ঘাত বিচ্ছিন্নতাবাদী, ৰাষ্ট্ৰদ্ৰোহী...। থাকক, ভ্ৰমণ কাহিনী নিলিখোঁ... মই নিৰাপদ কিবাই লিখিব লাগিব বুজিলে...।
হাঁ, প্ৰেম পিৰিতিলৈ লিখোঁ, এইটোৱেই এই মূহুৰ্তত আটাইতকৈ নিৰাপদ বিষয়বস্তু যেন লাগিছে। জীৱনত সকলোৱেই এবাৰৰ বাবে হলেও প্ৰেমত পৰেই। পিছে আজিকালি প্ৰেমৰ ষ্টাইলবোৰ সলনি হৈ গ'ল...। আমাৰ কলেজীয়া দিনত ডেটিং আদি ফিক্সড কৰাটো কম জুলুমৰ কাম আছিল নে...? পিয়ন ঠিক কৰা... হমিওপেথিৰ পুৰিয়াৰ আকাৰত চিঠিলিখি সেই প্ৰাইভেট অবৈতনিক পিয়নৰ হতুৱাই প্ৰেমিকাৰ অভিভাৱকৰ চকু এৰাই সেই পুৰিয়া পত্ৰ প্ৰেমিকাৰ হাতত পেলোৱাৰ ঝেং...। তাৰ পিছত নিৰ্দিষ্ট ঠাইত ঘন্টাৰ পিছত ঘন্টা অপেক্ষাত থাকা... নাই কেতিয়াবা প্ৰেমিকা নাহি প্ৰেমিকাৰ বান্ধবী আহি ওলাই মিছিকিয়া হাঁহি এটা দি পুৰিয়া এটা দি যাব...। পুৰিয়া খুলি চোৱা.. য'ত লিখা "মোক ভুল নুবুজিবা, মই আহিব ওলাওতেই সমন্ধীয় মামা এজন আহি ওলালে বাবে আজি আহিব নোৱাৰিলোঁ, অহাকালি টিউছনত যাওঁতে নৰেণ মাষ্টৰ হঁতৰ বাটত ল'গ দিবা কিন্তু... লাভ ইউ" তাৰ পিছত তিনিটা হাৰ্টছৰ চিন !!! নাই আজিকালিৰ প্ৰেমত সেই মাদকতাই নাই, এতিয়া ডিজিটেল যুগ হাতে হাতে দামি মোবাইল হেণ্ডচেট আছে... নেটপেক আছে, ফেছবুকৰ ইনবক্স আছে, হোৱাটচ্ এপ আছে...। কেৱল এক মূহুৰ্ত... বছ ডেটিং ফিক্সড। পিছে আছল কথাটো হ'ল সেই ডেটিঙৰ ঠাই এতিয়া বেছিৰভাগ ক্ষেত্ৰতে আমাৰ দিনৰ দৰে প্ৰকৃতিৰ কোলাত নহয়...। আজিকালি হয় কোনোবা ৰেষ্টৰা, কোনোবা ধাবা, আনকি 'বাৰ'লৈ শিপাইছে ডেটিং স্পেছ। উশৃঙ্খল প্ৰেমিক প্ৰেমিকা... প্ৰেমৰ মাদকতাৰ ল'গতে মদৰ ৰাগিতো মতলিয়া হৈছে প্ৰেমিক- প্ৰেমিকাই... নাই ইয়াতকৈ বেছি কোৱা নাযাব। নাৰী অধিকাৰ, নাৰী স্বাধীনতাৰ কথা আহি যাব, এইবোৰ যাহা তাহা লিখিলে সমাজো প্ৰভাৱাম্বিত হ'ব। নাই সমাজ ঠিকেই থাকক প্ৰেমলৈও মই নিলিখোঁ... তাতকৈ বৰং গল্পই লিখোঁ।
এক আছিল ৰজা... এক আছিল ৰাণী.... !!!

No comments:

Post a Comment