Wednesday 23 December 2015

গ্লেডিয়েটৰ, সামন্ততান্ত্ৰিক সংস্কৃতি আৰু বুলবুলি চৰাই

এটা সময় আছিলে যেতিয়া গ্লেডিয়েটৰ সকল আছিলে ৰোমান নাগৰিক সকলক আনন্দ দিয়া এক পুতুলাৰ দৰে। ৰোমান সম্ৰাটৰ নিৰ্দেশনাত দুই গ্লেডিয়েটৰ নিজৰ মাজত যুঁজ দিছিলে এজনে আনজনক হত্যাৰ উদ্দেশেৰে, অৱশেষত ক্ষতবিক্ষত হৈ তাৰে এজনক আকোৱালি লব লগীয়া হৈছিল মৃত্যুক। সেই ৰক্তাক্ত বিভৎস মৃতদেহৰ কাষতেই আকৌ আৰম্ভ হৈছিলে পিছৰখন খেল (?) চুড়ান্ত অখেলুৱৈ সুলভতাৰে। এক বিকৃত আনন্দ, এক বিকৃত উত্তেজনা। এই উত্তেজনাৰ মাজতেই কেতিয়াবা গড়ালৰ পৰা এৰি দিয়া হৈছিলে ক্ষুধাৰ্ত বাঘ বা সিংহৰ জাক চাৰিওকাষৰ ওখ দেৱালৰ মাজত গ্লেডিয়েটৰ সকলোৰ দেহা তেতিয়া ৰক্তাক্ত, ক্ষতবিক্ষত ঘামে তিয়া দেহা তেতিয়া ব্যথাত ভৰাক্ৰান্ত, অৱসাদত তেতিয়া দৃষ্টি অস্পষ্ট ইয়াৰ মাজতেই বাঢ়ি যায় দৰ্শকৰ ৰোমাঞ্চ, বাঢ়ি যায় বিকৃত উলাহৰ চিঞৰ.... দা শ্ব মাষ্ট গো অন। মানৱজাতিটোৰ এই অবাইচ বিকৃত মানসিকতাৰ দৃষ্টান্ত ৰোমান সাম্ৰাজ্যৰ গ্লেডিয়েটৰৰ যুঁজতকৈ আৰু কি হব পাৰেনো ? মানুহ সভ্য হৈছে লাহে ধীৰে আৰু কালক্ৰমে ৰোমান সাম্ৰাজ্যৰ পৰম্পৰাৰ পৰা নিচিহ্ন হৈছেগৈ গ্লেডিয়েটৰৰ যুঁজ।  সেই খেলৰ নৱতম সংস্কৰণ সমূহ  এতিয়া খেলুৱৈ সুলভতাৰে পৰিপূৰ্ণ, এতিয়াৰ বক্সিঙ, ৰেছলিং আদি খেল সমূহত প্ৰাণ দিব লগীয়া নহয় আৰু কোনো খেলুৱৈকেই। পিছে আজিও যেন মানুহৰ অৱচেতন মনৰ কোনোবা এটি কোণত ৰৈগৈছে আন কাৰোবাৰ ব্যথাৰ পৰা পোৱা এক বিকৃত আনন্দৰ উৎস। যাৰ আধুনিক উদাহৰণ বুলবুলি চৰাইৰ যুঁজ।  বুলবুলি চৰাই আমাৰ আধুনিক গ্লেডিয়েটৰ যাক যুঁজৰ আগলৈ ঠিক গ্লেডিয়েটৰৰ দৰেই কটাব লাগে বন্দীত্বৰ জীৱন, যাক স্বজাতিৰ মাজতেই যুঁজিবলৈ বাধ্য কৰোৱা হয় কেৱল মানুহৰ আনন্দৰ বাবে।


অতিজৰেই পৰা বুলবুলি চৰাই আমাৰ লোককথা, লোকগীতৰ এক অবিচ্ছেদ্য অংগ। আমাৰ দেশত মুঠ ১২টা প্ৰজাতিৰ বুলবুলি চৰাই পায়, যিবোৰ সংৰক্ষণৰ সংকটৰপৰা মুক্ত তালিকাভুক্ত। অৰ্থাত ইহঁতৰ প্ৰজাতিৰ প্ৰতি এতিয়াও বিলু্প্ত হোৱাৰ কোনোধৰণৰ ভাবুকি আহি পোৱাহি নাই, কিন্তু তথাপিও অসমত বুলবুলি চৰাই কমি আহিব ধৰিছে অতি দ্ৰুতগতিত। আমাৰ অসমত মাঘবিহুৰ সময়ত হয়গ্ৰীৱ মাধৱৰ মন্দিৰত যুঁজা বুলবুলি চৰাইৰ ইংৰাজী নাম Red-vented Bulbul (ৰেড ভেণ্টেড বুলবুল) বৈজ্ঞানিক নাম-Pycnonotus cafer, ভাৰতৰ উপৰিও বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা, ম্যনমাৰ, ভূটান, নেপাল আৰু পাকিস্তানত এই চৰাই পায়।  বিলুপ্তপ্ৰায় নহ'লেও বুলবুলি চৰাইও ভাৰতীয় বন্যপ্ৰাণী আইন-১৯৭২ মতে সুৰক্ষিত। কিন্তু ভাৰতবৰ্ষৰ আন বহুতো আইনৰ দৰেই এই আইনখন ভগাও তেনেই সাধাৰণ, যি আইন ভাঙিলেও শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'বলগীয়া নহয় কাকোয়েই, ওলোটাই আইন ভংগকাৰীক সমজুৱা ভাবে পুৰষ্কাৰহে দিয়া হয়। কোনো প্ৰতিবাদ নহয় বা সৰুসুৰাকৈ প্ৰতিবাদ হলেও তাক আওকান কৰা হয় কাৰণ এই যুঁজ এটি পৰম্পৰা, এটি ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত।    

দেখাত যথেষ্ট শান্তশিষ্ট হলেও এটা সময়ত বুলবুলি চৰাইৰ যুদ্ধবাজ চৰাই হিচাবে গোটেই বিশ্বতে খ্যাত আছিলে। এটা সময়ত বুলবুলি চৰাইৰ যুঁজ আছিলে মোগল সকলোৰ অতিকৈ জনপ্ৰিয় খেল। পিছলৈ গোটেই বঙ্গত বিশেষকৈ ঢাকা আৰু কলিকতাৰ সামন্ত আৰু জমিদাৰ সকলোৰ মাজত এই খেলে বিপুল জনপ্ৰিয়তা লাভ কৰে। প্ৰকৃততে এই যুঁজৰ আঁৰত চলিছিল এক প্ৰকাৰৰ জুৱাহে, সেয়ে বিশেষকৈ বিত্তৱান শ্ৰেনীৰ মাজত এই খেল আছিল অতি জনপ্ৰিয়। একালৰ অতি জনপ্ৰিয় বুলবুলি চৰাইৰ যুঁজ বৰ্তমান প্ৰায় বন্ধ হৈ গৈছে যদিও মকৰ সংক্ৰান্তিৰ সময়ত এতিয়াও পশ্চিমবঙ্গৰ  মেদিনীপুৰ জিলাৰ গোপীবল্লভপুৰ মেলাত হোৱা বুলবুলি চৰাইৰ যুঁজ ভাৰতত বৰ্তমানত চলিথকা অন্যতম ডাঙৰ বুলবুলিৰ যুঁজ।  ৭দিন ধৰি চলা এই প্ৰতিযোগিতাত যোৱা বছৰ পশ্চিমবঙ্গ, ঝাড়খন্ড আৰু ওড়িশাৰ পৰা অহা প্ৰায় ৫০০ জোড় বুলবুলিয়ে ভাগ লৈছিলে।  অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰত হোৱা বুলবুলি যুঁজ দেশখনৰ ভিতৰতে চলা আন এখন ডাঙৰ বুলবুলি যুঁজ। ইয়াৰ উপৰিও ঝাৰখণ্ড বিহাৰ আৰু ওড়িশাৰ কেতবোৰ ঠাইত সৰুসুৰাকৈ বুলবুলি যুঁজ পতা হয়। ভাৰতবৰ্ষৰ বাহিৰত এতিয়াও ইৰাণ, ইৰাক, আফগানিস্তান আদিৰ কোনো কোনো ঠাইত এই বুলবুলি যুঁজ পতাৰ উল্লেখ পোৱা যায়। 

অসমত বুলবুলি যুঁজ ঠিক কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সম্পৰ্কে সঠিকভাৱে একো কোৱা নাযায়, কিছুমানে এই যুঁজ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই আৰম্ভ কৰা বুলি কয় যদিও এই যুঁজৰ আটাইতকৈ নিৰ্ভৰযোগ্য সুত্ৰটো অসমৰ লোকসাহিত্যৰ গৱেষক প্ৰবীণ চন্দ্ৰ দাসে দিছে। তেওঁৰ মতে সন্দেহাতীত ভাবেই ১৬৪১ চনত হাজো দখল কৰাৰ পিছত মোগলে পোনপ্ৰথমতে অসমলৈ বুলবুলি যুঁজৰ আমদানি কৰে আৰু পিছলৈ আহোম সকলে এই যুঁজৰ পৃষ্ঠপোষকতা কৰে।  বুলবুলি যুঁজৰ ইতিহাস যিয়েই নকওঁক কিয় শতশত বছৰৰ পৰাই যে এই চৰাইয়ে মানুহৰ বিকৃত উল্লাসৰ বলি হৈ আহিছে সেয়াই অপ্ৰিয় সত্য। মাঘৰ সংক্ৰান্তিৰ সময়ত অৰ্থাৎ জানুৱাৰীত যুঁজিব লগীয়া বুলবুলিবোৰক সাধাৰণতে ছেপ্টেম্বৰ মাহৰ শেষৰফালে  জংঘলত ফান্দ পাতি ধৰা হয় আৰু ইয়াৰ পিছত ৩ মহাতকৈও অধিক সময় নানান যতনা ভুগিব লাগে বন্দী চৰাইবোৰক। এই সময়ত ইহঁতক খাদ্য হিচাবে কেৱল গুটিয়াকলকে দিয়া হয়, গতিকেই এই তিনিমাহত ইহঁতে নিজৰ স্বাভাবিক খাদ্যভাষ পাহৰি কেৱল গুটিয়াকলকে নিজৰ একমাত্ৰ খাদ্য বুলি গন্য কৰিব ধৰে। এডাল সৰু গছৰ ডানি বা বাঁহৰ মাৰি এডালত চৰাইবোৰৰ ভৰিত সুতাৰে বান্ধি থোৱা হয়। চৰাই বোৰক সদায় গা ধোৱাই দিয়া হয় আৰু মানুহৰ হৈ-হাল্লাৰ মাজত নিৰ্ভয়ে থাকিবলৈ অভ্যস্ত কৰি তোলা হয়। এনেকৈয়ে যুঁজৰ আগদিনা খনলৈ চলে বন্দী বুলবুলিবোৰৰ জীৱন পৰিক্ৰমা। যুঁজৰ ১২ ঘন্টামান আগত ইহঁতক ভাং গছৰ পাত আৰু নানা ধৰণৰ গছৰপাতেৰে তৈয়াৰী এক ৰাগীয়াল মিশ্ৰণ বাঁহৰ খাঁঠি এডালেৰে জোৰকৈ খুৱাই দিয়া হয়। এই মিশ্ৰণ খোৱাৰ পিছত চৰাইবোৰে নিচাৰ ঘোৰ আৰু দেহাৰ জলশূন্যতাত ভোগে। ৰাগীয়াল মিশ্ৰণ খুৱাৰে পিছৰ পৰা বুলবুলিবোৰক পানীৰ দিয়া হয় যদিও আন খাদ্য দিয়া নহয়। এই সময়ত চৰাইবোৰ দুৰ্বল হবলৈ ধৰে আৰু জিয়াই থাকিবলৈ খাদ্যৰ বাবে বলিয়া হোৱাৰ দৰে হয়।  যুঁজৰ দিনা খন যুঁজিব লগীয়া ক্ষুধাৰ্ত চৰাই যোৰৰ সন্মুখত ইহঁতে ইমান দিনে খাই অভ্যস্ত গুটিয়া কল এডোখৰ ধৰা হয় আৰু নিচাসক্ত চৰাই হালে জিয়াই থকাৰ বাবেই এটাই আনটোৰ খাদ্যৰ অংশীদাৰিত্ব সহ্য নকৰে আৰু এটাই আনটোৰ বিপক্ষে  যুঁজ দিয়ে, যেতিয়ালৈকে তাৰে এটা চৰাইয়ে যুঁজ দিয়াৰ শক্তিকণ হেৰুৱাই নেপেলায়। 


এনেদৰে প্ৰত্যেক বছৰেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ বুলবুলি চৰাই ধৰা হয় কেৱল মানুহৰ আনন্দৰ বাবে, কৰোবাত পৰম্পৰাৰ নামত তো আন  কৰোবাত জুৱাৰ নামত। এনেদৰেই যদি বছৰৰ পিছত এই চৰাই ধৰি থাকিলে বুলবুলি চৰাইৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো স্বাভাৱিক।  ইয়াৰ সপক্ষে কিছুমানে অদ্ভুত যুক্তিও আগবঢ়ায়, তেওঁলোকৰ অদ্ভুত যুক্তি মতে যিহেতু বুলিবুলি চৰাইবোৰক যুঁজাৰ পিছত এৰিদিয়া হয় সেয়েহে ইহঁতৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো অযৌক্তিক। কিন্তু তেওঁলোক কেতিয়াও ভাবি নাচায় যে প্ৰাকৃতিক ভাবেই বুলবুলি চৰাই সৰ্ব্বভক্ষী। পোক পৰুৱাৰ পৰা আদিকৰি গছৰ ফল আৰু গুটি ইহঁতৰ খাদ্য। পৰনিৰ্ভৰশীল আৰু কেৱল এবিধ খাদ্যত অভ্যস্ত হোৱা চৰাই এটিয়ে মুক্তিৰ পিছতো নানান প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিত জীয়াই থকাৰ সম্ভাৱনা তেনেই ক্ষীণ। বিষাক্ত মিশ্ৰণ আৰু  যুঁজাৰ সময়ত পোৱা আঘাতৰ কথা নকলোৱেই বা। তাৰোপৰি ফেব্ৰুৱাৰী মাহত ইহঁতৰ বাহ সজা আৰু কণী যোগোৱাৰ সময়, সেই ফালৰপৰাও বুলবুলি চৰাইৰ জীৱনচক্ৰত এই বন্দীত্বৰ প্ৰভাৱ অপৰিসীম।   আমাৰ লোকসংস্কৃতিৰ উপাদান সমূহ সদায় সমাজৰ খাটিখোৱা শ্ৰেণীৰ পৰা অহা, যিবোৰ কেৱল বিৰহ, আনন্দ, প্ৰেম আৰু প্ৰকৃতিৰে ভৰপুৰ। ইয়াৰ ক'তো বিকৃত জীৱহিংসাৰ স্থান নাই। গ্লেডিয়েটৰেই হওঁক বা বুলবুলি চৰাইৰ যুঁজ, এইবোৰ বিকৃত হিংসামূলক সংস্কৃতি সম্ৰাট, বাদচাহ আৰু সামন্তবাদৰ অৱদান আৰু মোৰ মতেৰে এইবোৰ এক অপসংস্কৃতিহে। সেয়েই বুলবুলি চৰাইৰ যুঁজ প্ৰকৃতিৰ মুক্ত বিহংগৰ ওপৰত চলোৱা এক অন্যায় এক অপৰাধ মাথোন।  
তথ্য উৎসঃ-    
১) টাইমছ অফ ইণ্ডিয়া, (জানুৱাৰী ১৭, ২০১২)।      
২) দা বুক অফ ইণ্ডিয়ান বাৰ্ডছ, ছেলিম আলি ( বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি)  ।       
৩) ৱিকিপিডিয়া।

No comments:

Post a Comment