Thursday, 31 December 2015

আশা

ভ্ৰাতৃপ্ৰতিম ফটোগ্ৰাফাৰ বন্ধু ফৈজে (Faiz Rehman) এ সপ্তাহ মান আগত ফেচবুকত "A Beekeeper busy at work for honey making process..." শিৰোনামাৰে এখন ফটোগ্ৰাফ আপডেট দিছিল। প্ৰথম দৃষ্টিত ফটোখন মই বাহিৰৰ কৰোবাৰ যেনে পাইছিলোঁ, যিহেতু তেনেধৰণৰ দৃশ্য মই আমাৰ অঞ্চল আগতে কেতিয়াও দেখা নাছিলোঁ। পিছলৈ ভালকৈ মনোযোগেৰে দেখাত পিছফালে থকা পাহাৰ খনলৈ চকু গ'ল, ফোটোৰ সেই পাহাৰখন চোন মোৰ চিৰ চিনাকি চান্দৰডিঙা পাহাৰেই হয়। আজিৰ কাহিনীৰ উৎস ফৈজৰ সেই ফটোখনৰ বিষয়বস্তুৰ অনুসন্ধানৰ। অৱশ্যে যোৱা বছৰেই পশ্চিমবংগ পৰা নামনি অসমৰ ধুবুৰী জিলাৰ চান্দৰডিঙা অঞ্চললৈ আহিছিল কেই জনমান উদ্যমী কৰ্মঠ যুৱক। নিচেই কম আনুষ্ঠানিক শিক্ষা থকা সেই যুৱক কেইজন অসমলৈ আহিছিলে এটা সপোনক সাৰথি কৰি জীৱিকাৰ পথ উলিয়াবলৈ মাথো ৩/৪ সপ্তাহৰ বাবে। নাই তেওঁলোক কোনো প্ৰডাক্ট বিক্ৰী কৰিবলৈ বা কোনো ঠিকাদাৰৰ বনুৱাহৈ অহা নাছিল। তেওঁলোক আহিছিল কৃষকৰ সাৰথি হৈ, আনৰ উপকাৰ কৰিও যোৱা বছৰ তেওঁলোকে নিজৰ পৰিয়াললৈ লৈ যাবলৈ সক্ষম হৈছিল এক ভাল অংকৰ মুনাফা। স্থানীয় কৃষকক দি গৈছিল এক অনন্য উদাহৰণ... যাৰ পৰা শিকিবলগীয়া ভালেখিনি আছে।
ফৈজৰ ফটোখন

ফৈজৰ ফটোখনত আছিলে সৰিয়হৰ খেতিৰ ওচৰত সাৰি সাৰিকৈ পতা কিছুমান মৌ বাকচৰ য'ত এজন মানুহে মৌজোল সংগ্ৰহৰ কাম কৰি আছে। আমাৰ অসমত এনেকৈ মুকলি পথাৰত শাৰি পাতি মৌ পালন কৰা মই দেখা নাই কেতিয়াও, বা কৰোবাত এনেকৈ মৌ-পালন কৰিলেও ইমান বৃহৎসংখ্যক বাকচৰ সতে মৌ-পালন দেখা মোৰ জীৱনত এয়াই প্ৰথম। এনেকুৱা দৃশ্য এটা স্বচক্ষে চাবলৈ পালে ভাল লাগিবই, সেয়ে পলম নকৰি উপস্থিত হ'লো ধুবুৰী জিলাৰ বিলাসীপাৰৰ কাষৰ সেই ঠাই ডোখৰলৈ য'ত ফৈজে ফটোখন তুলিছিলে। ৩১নং ৰাষ্টীয় ঘাই পথৰ পৰাই দেখাপায় সেই বাকচবোৰ। দেখিলোঁ সৰিয়হৰ খেতিৰ ঠিক কাষতে পথাৰৰ মাজত প্ৰায় ১৫০টা মান মৌ-বাকচ শাৰিপাতি থোৱা আছে। কাষত এটা সৰু তম্বুঘৰ, পথৰ ওপৰতে গাড়ীখন থৈ চিধই তম্বুঘৰটোত পালোগৈ। মই মাত লাগোৱাত প্ৰথম অৱস্থাত অলপ চকখোৱাৰ দৰ হ'ল তেওঁলোক, তম্বুৰ ভিতৰত ৬জন মানুহ তাৰে ২জনে ৰাতিৰ সাজৰ ভাত বনোৱাৰ যা-যোগাৰ কৰি আছে। মই অসমীয়াতে অহাৰ উদ্দেশ্য কোৱাত তেওঁলোকৰ এজনে বাংলাৰে উত্তৰ দিলে...। মই এইবাৰ বাংলাত কোৱাত কথাখিনি বুজি পাই তাৰে এজনে চোলা এটা পিন্ধি তম্বুঘৰৰ পৰা ওলাই আহিল। তেখেতৰ নাম শ্যাম সুন্দৰ মণ্ডল, আৰু তেওঁয়েই হ'ল পশ্চিমবংগৰ পৰা অহা এই মৌ-পালক দলটোৰ দলনেতা। তেখেতক মই এনেই ফুৰিব আৰু মৌপালন সম্পৰ্কে জানিব অহা বুলি কোৱাত মানুহ জনে নিজেই ক'লে "এই এলাকায় মধু চাষেৰ প্ৰচলন নাই বলে খবৰ পেয়েছিলাম দু বছৰ আগেই। গত বছৰ আমাদেৰ ওখান থেকে এখানে এসে ৮-১০ জন কৃষক সৰিষা ক্ষেতে মধু চাষ কৰে প্ৰচুৰ লাভবান হয়েছেন, তাই এবাৰ কিছু বেশী বাক্স নিয়ে আমৰা এসেছি"। তাৰ পিছত তেখেতৰ পৰা গ'ম পালোঁ এইবছৰ তেওঁলোক ১৮ জন আহিছে মালদা জিলাৰ শাহাপুৰৰ পৰা। এওঁলোক সকলোৱেই মৌ-পালক। প্ৰায় গোটেই বছৰে তেওঁলোকে বিহাৰ, পশ্চিমবঙ্গ, উড়িশা আদি ঠাইত ভ্ৰাম্যমাণ হিচাবে মৌপালন কৰে তেওঁলোকে। ৰতনে হে ৰতন চিনি পায়, সেয়েই নামনি অসমৰ আটাইতকৈ বেছি পূঞ্জীভুত সৰিয়হৰ খেতি (cluster) থকা এই অঞ্চল তেওঁলোকৰ বাবে এক অতি উপযোগী মৌ পালন ক্ষেত্ৰ, আৰু সেয়ে এই অঞ্চলৰ সৰিয়হৰ খেতিৰ খবৰ তেওঁলোকে হাজাৰ মাইল দূৰৰ পৰাই ৰাখিছে। অঞ্চলটোৰ হাকামা, বামুনগাঁও, টিলাপাৰা, কেৰাভিটা, শালকোচা, ভোলাপাৰা, চলকাপাৰা, হাতীপোতা ইত্যাদি গাঁওবোৰত মিলাই কেৱল এই অঞ্চলতেই আছে নিৰৱচ্ছিন্ন ভাৱে প্ৰায় ১০ হাজাৰ হেক্টৰ সৰিয়হৰ খেতি। এই অঞ্চলবোৰৰ ৫ ঠাইত সেয়ে তেওঁলোকে শাৰীবদ্ধভাৱে বহাইছে ৫০০কৈও অধিক মৌ বাকচ। দিনে নিশাই তেওঁলোক মৌমাখিৰ পৰিচাৰ্যা লগতে নিৰ্ধাৰিত সময়ৰ পিছে পিছে মৌ কলনিৰ অৱস্থাৰ পৰ্যবেক্ষণত কৰে। শ্যাম সুন্দৰে কোৱা মতে মৌমাখিয়েহে কাম কৰে আমি কেৱল মৌমাখিৰ কিবা অসুবিধা হ'লে তাক আঁতৰ কৰিবলৈ যত্ন কৰো আন জীৱ জন্তু পালনত থকা পৰিশ্ৰমৰ দৰে মৌ-পালনত শ্ৰমৰ সিমান প্ৰয়োজন নাই।


শ্যাম সুন্দৰ মণ্ডল
বিশেষ স্কুলীয়া শিক্ষা এওঁলোকৰ কাৰোৰেই নাথাকিলেও এওঁলোকৰ মৌ-পালনৰ ব্যৱহাৰিক জ্ঞান অপৰিসীম, মৌমাখি সম্পৰ্কে পুংখানুপুংখভাৱে জানে এওঁলোকৰ প্ৰত্যেকেই। এই ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ আৰু আৰ্থিকভাৱে সহায় কৰে 'Malda Bee-keeping and honey processing cluster industrial co-operative society' নামৰ এটা বেচৰকাৰী সন্থাই। প্ৰয়োজনত এই সন্থাই তেওঁলোকক বজাৰৰ সুবিধাও আদিও কৰি দিয়ে। অৱশ্যে ইয়াৰ বাবে মৌ-পালনক সকলে নিজৰ আয়ৰ ১০% আদায় দিব ল'গিয়া হয় সন্থাটোক। মৌমাখি পালনৰ বাবে তেওঁলোক ব্যৱহাৰ কৰে এপিছ মেলিফেৰা প্ৰজাতিৰ মৌমাখিৰ। এই মৌমাখিক ইউৰোপীয়ান মৌমাখি বুলিও জনা যায়। নিৰ্ধাৰিত মাপজোখ আৰু আকৃতিৰ কাঠেৰে সজা বাকচত মৌমাখি খিনিক বিজ্ঞানভিত্তিক পদ্ধতি অনুসৰি পালন কৰা হয়। প্ৰতিটো বাকচতে থাকে ৯টাৰ পৰা ১০টালৈকে ফ্ৰেম থাকে। বৰ্তমান পৃথিৱীত সিংহভাগ মৌ উৎপাদিত হয় এই এপিছ মেলিফেৰা প্ৰজাতিৰ মৌমাখিৰ মাধ্যমৰে। এই প্ৰজাতিৰ মৌমাখিৰ এটি বাকচৰ পৰা বছৰত ৫০ কেজিলৈকে মৌ পোৱা যায়। যাৰ সিংহভাগেই আহে সৰিয়হৰ খেতিৰ পৰা। সেয়েই সৰিয়হ খেতিৰ কাষতেই সাৰিবদ্ধকৈ শ্যাম সুন্দৰহঁতে বহাইছে মৌমাখিৰ বাকচবোৰ। হাজাৰ হাজাৰ মৌমাখি হালধীয়া সৰিয়হ ফুলৰ পৰা মৌ সংগ্ৰহ কৰি বাকচত জমা কৰিছে আৰু প্ৰতি ৬-৭ দিনৰ মূৰেকত সেই বাকচবোৰৰ পৰা বিশেষ পদ্ধতি ব্যৱহাৰ কৰি মৌজোল সংগ্ৰহ কৰিছে তেওঁলোক। প্ৰতি বাকচত আছে প্ৰায় ২০ পৰা ৩০ হাজাৰ কৰ্মী মৌমাখি আৰু আছে এজনী ৰাণী মৌমাখি। ৰাণীয়ে কণী পাৰে আৰু কৰ্মী মৌমাখিবোৰ গোটেই দিনটো সৰিয়হৰ ফুলে ফুলে উৰি পৰাগসংযোগ ঘটায় আৰু মৌ সংগ্ৰহ কৰে। মৌবোৰে প্ৰায় ৩ কিলোমিটাৰ দূৰৰ সৰিয়হ খেতিলৈকে যায় আৰু তাৰপৰা মৌ সংগ্ৰহ কৰে। প্ৰতিটো বাকচত পৰা প্ৰতি সপ্তাহত ১০ পৰা ১২ লিটাৰলৈ মৌ সংগ্ৰহ কৰা যায়।

এইবাৰ অহা যাওক সৰিয়হ খেতিৰ লগত কৰা এই মৌমাখি পালনৰ আৰ্থিক দিশটোলৈ। বাকচ আৰু তাৰু তাৰ ভিতৰত থকা ফ্ৰেম খিনিৰ দাম প্ৰায় ১৫০০ টকা মান হয়গৈ। অৱশ্যে এটা বাকচ ভালকৈ ব্যৱহাৰ কৰিলে প্ৰায় ৮-১০ বছৰলৈ ভালে থাকে। মৌমাখি বোৰ বাকচৰে সৈতে কিনিব লগিয়া হ'লে দাম প্ৰায় ৩ হেজাৰ টকা মান। এই ক্ষেত্ৰতো তেওঁলোকক ওপৰত উল্লেখিত বে-চৰকাৰী সন্থাটোৱে সহায় কৰে। এটা বাকচৰ পৰা কেৱল সৰিয়হৰ বতৰতে আহৰণ কৰিব পাৰি অতি কমেও ২০ লিটাৰ মৌ। বজাৰত মৌৰ মূল্য লিটাৰে প্ৰতি ৩০০ পৰা ৪০০ টকালৈ অৰ্থাৎ একোটা বাকচৰ পৰা কমেও ৬ হাজাৰ টকাৰ মৌজোল বিক্ৰি কৰিব পৰা যায়। কেৱল সেয়াই নে সৰিয়হৰ খেতিত মৌমাখি থাকিলে সেই খেতিত স্বাভাৱিকতকৈ ৩০ পৰা ৩৫ শতাংশৰ ফলন বাঢ়ি যায় কাৰণ মৌমাখি সৰিয়হৰ ফুলত যি পৰাগায়ন ঘটায় তাৰ ফলস্বৰূপে সৰিয়হৰ গুটি ডাঙৰ আৰু ফচলৰ পৰিমান বৃদ্ধি হয়। সেয়াও মৌ পালনৰ এক উল্লেখনীয় অৱদান। তেওঁলোকৰ কেম্পৰ কাষতেই ল'গ পাইছিলোঁ শিক্ষক তথা খেতিয়ক আজিজুল ডাঙৰীয়াক তেখেতৰ মতে যোৱা বছৰ এওঁলোক ইয়ালৈ মৌমাখি বোৰ অনাৰ পিছত সৰিয়হৰ খেতিত আন আন বছৰৰ পৰা ভালেখিনি শস্য বেছিকৈ পাবলৈ তেওঁ সক্ষম হৈছিলে, কেৱল তেওঁয়েই নহয় অঞ্চলটোৰ সৰু ডাঙৰ সকলোৱে শ্যাম সুন্দৰহঁতে কৰা মৌ পালনৰ বাবে উপকৃত হৈছে। গতিকেই ভবিষ্যতেও শ্যাম সুন্দৰহঁতক সকলো ধৰণৰ সহযোগিতা দিবলৈ প্ৰতিজন কৃষকেই প্ৰস্তুত। এইবাৰৰ মৌ পালনৰ পৰা শ্যাম সুন্দৰহঁতে ১০ টন মৌজোল উলিয়াবলৈ সক্ষম হব বুলি আশাবাদী যাৰ বজাৰ মূল্য ৩০ লাখ টকা। লগতে অঞ্চলটোত সৰিয়হৰ উৎপাদন বৃদ্ধি হব আনুমানিক প্ৰায় ১৫০ টন। যিটো সাধাৰণ কথা হব নোৱাৰে কেতিয়াও। পিছে ইয়াৰ পৰা আৰু অধিক উৎপাদন সম্ভৱ আছিলে। নামপ্ৰকাশত অনিচ্ছুক এজন খেতিয়কৰ মনতে অঞ্চলটোত গঢ়লৈ উঠা যধে-মধে ইটাৰ ভাটা সমূহৰ পৰা নিৰ্গত ধোৱাই প্ৰভাৱ পেলাইছে সকলো ধৰণৰ খেতিৰ ল'গতে বিশেষকৈ মৌমাখি পালনতো। তেওঁৰ মতে ভাটা সমূহৰপৰা নিৰ্গত ধোৱাই কৰ্মী মৌমাখিৰ স্বাভাৱিক কাম কাজত বাধা ওপজায়। তাৰোপৰি এই ভাটাবোৰত ৰাতি জ্বলোৱা উজ্বল পোহৰে মৌমাখিক পথভ্ৰষ্টও কৰে মুঠতে প্ৰদূষণে অঞ্চলটোৰ কৃষিৰ ওপৰতো প্ৰভাৱ যঠেষ্ট পেলাইছে।
এপিচ্ মেলিফেৰা

আমাৰ কৃষি বিভাগেও মৌপালনৰ ক্ষেত্ৰত সদায়েই অনীহা দেখুৱাই আহিছে। উজ্জল সম্ভাৱনাযুক্ত আৰু কম পৰিশ্ৰমী মৌ পালনৰ জৰিয়তে অসমীয়া কৃষকো লাভবান হ'ব পাৰে। কেৱল দৰকাৰ উচিত প্ৰশিক্ষণ আৰু ইচ্ছাশক্তিৰ এই ক্ষেত্ৰত শ্যাম সুন্দৰহঁত সহায় কৰিবলৈ সদা প্ৰস্তুত। কেৱল ধুবুৰী জিলাৰ এইখিনিত নহয় অসমৰ প্ৰায় সকলো জিলাতেই কৰা হয় হাজাৰ হাজৰ হেক্টৰ সৰিয়হৰ খেতি। পিছে এই ধৰণৰ কামত আমাৰ চৰম অনিহা। যাৰ বাবেই আমাৰ কৃষকে হেৰুৱাইছে এক বুজন পৰিমানৰ অৰ্থ। আমাৰ বেচৰকাৰী সন্থা, কৃষক সংগঠণ সমূহো এও ক্ষেত্ৰত কোনো ভূমিকা লোৱা দেখা নাই। শ্যাম সুন্দৰহঁত এই প্ৰচেষ্টাক আমাৰ তৰফৰ পৰা চেলিউট...! অহা সপ্তাহত তেওঁলোক গুছি যাবগৈ ট্ৰাকত গোটেইবোৰ মৌবাকচ উঠাই লৈ... অসমত সৰিয়হৰ বতৰ শেষ হবলৈ আৰু দেৰি নাই। এইবাৰ তেওঁলোক যাবগৈ উঃবঙ্গৰ হিমালয়ৰ নামনি অঞ্চলত য'ত হাজাৰ হাজাৰ বিঘা খেসাৰি (pulse?) খেতি কৰা হয়, তাৰ পৰা তেওঁলোকে মৌমাখি খিনিক লৈ যাবগৈ বিহাৰৰ লেচুৰ খেতিলৈ। তেওঁলোকৰ এই যাত্ৰা সুখময় হওক... নৱবৰ্ষৰ এই ক্ষণত তাৰেই কামনা কৰিছোঁ, যাতে তেওঁলোক আকৌ উভতি আহে আমাৰ মাজলৈ মৌমাখি খিনিকলৈ, যাতে আমাৰো ফচলৰ বৃদ্ধি হয় বিনা পৰিশ্ৰমে...। এনেদৰেই এদিন আমি অসমীয়াই শিকি যাম মৌপালনৰ সকলোখিনি। হয়, মই বৰ আশাবাদী মানুহ, নতুন বছৰ সকলোৰে শুভ হওক তাৰেই কামনাৰে।

Wednesday, 23 December 2015

গ্লেডিয়েটৰ, সামন্ততান্ত্ৰিক সংস্কৃতি আৰু বুলবুলি চৰাই

এটা সময় আছিলে যেতিয়া গ্লেডিয়েটৰ সকল আছিলে ৰোমান নাগৰিক সকলক আনন্দ দিয়া এক পুতুলাৰ দৰে। ৰোমান সম্ৰাটৰ নিৰ্দেশনাত দুই গ্লেডিয়েটৰ নিজৰ মাজত যুঁজ দিছিলে এজনে আনজনক হত্যাৰ উদ্দেশেৰে, অৱশেষত ক্ষতবিক্ষত হৈ তাৰে এজনক আকোৱালি লব লগীয়া হৈছিল মৃত্যুক। সেই ৰক্তাক্ত বিভৎস মৃতদেহৰ কাষতেই আকৌ আৰম্ভ হৈছিলে পিছৰখন খেল (?) চুড়ান্ত অখেলুৱৈ সুলভতাৰে। এক বিকৃত আনন্দ, এক বিকৃত উত্তেজনা। এই উত্তেজনাৰ মাজতেই কেতিয়াবা গড়ালৰ পৰা এৰি দিয়া হৈছিলে ক্ষুধাৰ্ত বাঘ বা সিংহৰ জাক চাৰিওকাষৰ ওখ দেৱালৰ মাজত গ্লেডিয়েটৰ সকলোৰ দেহা তেতিয়া ৰক্তাক্ত, ক্ষতবিক্ষত ঘামে তিয়া দেহা তেতিয়া ব্যথাত ভৰাক্ৰান্ত, অৱসাদত তেতিয়া দৃষ্টি অস্পষ্ট ইয়াৰ মাজতেই বাঢ়ি যায় দৰ্শকৰ ৰোমাঞ্চ, বাঢ়ি যায় বিকৃত উলাহৰ চিঞৰ.... দা শ্ব মাষ্ট গো অন। মানৱজাতিটোৰ এই অবাইচ বিকৃত মানসিকতাৰ দৃষ্টান্ত ৰোমান সাম্ৰাজ্যৰ গ্লেডিয়েটৰৰ যুঁজতকৈ আৰু কি হব পাৰেনো ? মানুহ সভ্য হৈছে লাহে ধীৰে আৰু কালক্ৰমে ৰোমান সাম্ৰাজ্যৰ পৰম্পৰাৰ পৰা নিচিহ্ন হৈছেগৈ গ্লেডিয়েটৰৰ যুঁজ।  সেই খেলৰ নৱতম সংস্কৰণ সমূহ  এতিয়া খেলুৱৈ সুলভতাৰে পৰিপূৰ্ণ, এতিয়াৰ বক্সিঙ, ৰেছলিং আদি খেল সমূহত প্ৰাণ দিব লগীয়া নহয় আৰু কোনো খেলুৱৈকেই। পিছে আজিও যেন মানুহৰ অৱচেতন মনৰ কোনোবা এটি কোণত ৰৈগৈছে আন কাৰোবাৰ ব্যথাৰ পৰা পোৱা এক বিকৃত আনন্দৰ উৎস। যাৰ আধুনিক উদাহৰণ বুলবুলি চৰাইৰ যুঁজ।  বুলবুলি চৰাই আমাৰ আধুনিক গ্লেডিয়েটৰ যাক যুঁজৰ আগলৈ ঠিক গ্লেডিয়েটৰৰ দৰেই কটাব লাগে বন্দীত্বৰ জীৱন, যাক স্বজাতিৰ মাজতেই যুঁজিবলৈ বাধ্য কৰোৱা হয় কেৱল মানুহৰ আনন্দৰ বাবে।


অতিজৰেই পৰা বুলবুলি চৰাই আমাৰ লোককথা, লোকগীতৰ এক অবিচ্ছেদ্য অংগ। আমাৰ দেশত মুঠ ১২টা প্ৰজাতিৰ বুলবুলি চৰাই পায়, যিবোৰ সংৰক্ষণৰ সংকটৰপৰা মুক্ত তালিকাভুক্ত। অৰ্থাত ইহঁতৰ প্ৰজাতিৰ প্ৰতি এতিয়াও বিলু্প্ত হোৱাৰ কোনোধৰণৰ ভাবুকি আহি পোৱাহি নাই, কিন্তু তথাপিও অসমত বুলবুলি চৰাই কমি আহিব ধৰিছে অতি দ্ৰুতগতিত। আমাৰ অসমত মাঘবিহুৰ সময়ত হয়গ্ৰীৱ মাধৱৰ মন্দিৰত যুঁজা বুলবুলি চৰাইৰ ইংৰাজী নাম Red-vented Bulbul (ৰেড ভেণ্টেড বুলবুল) বৈজ্ঞানিক নাম-Pycnonotus cafer, ভাৰতৰ উপৰিও বাংলাদেশ, আফগানিস্তান, শ্ৰীলংকা, ম্যনমাৰ, ভূটান, নেপাল আৰু পাকিস্তানত এই চৰাই পায়।  বিলুপ্তপ্ৰায় নহ'লেও বুলবুলি চৰাইও ভাৰতীয় বন্যপ্ৰাণী আইন-১৯৭২ মতে সুৰক্ষিত। কিন্তু ভাৰতবৰ্ষৰ আন বহুতো আইনৰ দৰেই এই আইনখন ভগাও তেনেই সাধাৰণ, যি আইন ভাঙিলেও শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'বলগীয়া নহয় কাকোয়েই, ওলোটাই আইন ভংগকাৰীক সমজুৱা ভাবে পুৰষ্কাৰহে দিয়া হয়। কোনো প্ৰতিবাদ নহয় বা সৰুসুৰাকৈ প্ৰতিবাদ হলেও তাক আওকান কৰা হয় কাৰণ এই যুঁজ এটি পৰম্পৰা, এটি ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত।    

দেখাত যথেষ্ট শান্তশিষ্ট হলেও এটা সময়ত বুলবুলি চৰাইৰ যুদ্ধবাজ চৰাই হিচাবে গোটেই বিশ্বতে খ্যাত আছিলে। এটা সময়ত বুলবুলি চৰাইৰ যুঁজ আছিলে মোগল সকলোৰ অতিকৈ জনপ্ৰিয় খেল। পিছলৈ গোটেই বঙ্গত বিশেষকৈ ঢাকা আৰু কলিকতাৰ সামন্ত আৰু জমিদাৰ সকলোৰ মাজত এই খেলে বিপুল জনপ্ৰিয়তা লাভ কৰে। প্ৰকৃততে এই যুঁজৰ আঁৰত চলিছিল এক প্ৰকাৰৰ জুৱাহে, সেয়ে বিশেষকৈ বিত্তৱান শ্ৰেনীৰ মাজত এই খেল আছিল অতি জনপ্ৰিয়। একালৰ অতি জনপ্ৰিয় বুলবুলি চৰাইৰ যুঁজ বৰ্তমান প্ৰায় বন্ধ হৈ গৈছে যদিও মকৰ সংক্ৰান্তিৰ সময়ত এতিয়াও পশ্চিমবঙ্গৰ  মেদিনীপুৰ জিলাৰ গোপীবল্লভপুৰ মেলাত হোৱা বুলবুলি চৰাইৰ যুঁজ ভাৰতত বৰ্তমানত চলিথকা অন্যতম ডাঙৰ বুলবুলিৰ যুঁজ।  ৭দিন ধৰি চলা এই প্ৰতিযোগিতাত যোৱা বছৰ পশ্চিমবঙ্গ, ঝাড়খন্ড আৰু ওড়িশাৰ পৰা অহা প্ৰায় ৫০০ জোড় বুলবুলিয়ে ভাগ লৈছিলে।  অসমৰ হাজোৰ হয়গ্ৰীৱ মাধৱৰ মন্দিৰত হোৱা বুলবুলি যুঁজ দেশখনৰ ভিতৰতে চলা আন এখন ডাঙৰ বুলবুলি যুঁজ। ইয়াৰ উপৰিও ঝাৰখণ্ড বিহাৰ আৰু ওড়িশাৰ কেতবোৰ ঠাইত সৰুসুৰাকৈ বুলবুলি যুঁজ পতা হয়। ভাৰতবৰ্ষৰ বাহিৰত এতিয়াও ইৰাণ, ইৰাক, আফগানিস্তান আদিৰ কোনো কোনো ঠাইত এই বুলবুলি যুঁজ পতাৰ উল্লেখ পোৱা যায়। 

অসমত বুলবুলি যুঁজ ঠিক কেতিয়াৰ পৰা আৰম্ভ হ'ল সেই সম্পৰ্কে সঠিকভাৱে একো কোৱা নাযায়, কিছুমানে এই যুঁজ আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই আৰম্ভ কৰা বুলি কয় যদিও এই যুঁজৰ আটাইতকৈ নিৰ্ভৰযোগ্য সুত্ৰটো অসমৰ লোকসাহিত্যৰ গৱেষক প্ৰবীণ চন্দ্ৰ দাসে দিছে। তেওঁৰ মতে সন্দেহাতীত ভাবেই ১৬৪১ চনত হাজো দখল কৰাৰ পিছত মোগলে পোনপ্ৰথমতে অসমলৈ বুলবুলি যুঁজৰ আমদানি কৰে আৰু পিছলৈ আহোম সকলে এই যুঁজৰ পৃষ্ঠপোষকতা কৰে।  বুলবুলি যুঁজৰ ইতিহাস যিয়েই নকওঁক কিয় শতশত বছৰৰ পৰাই যে এই চৰাইয়ে মানুহৰ বিকৃত উল্লাসৰ বলি হৈ আহিছে সেয়াই অপ্ৰিয় সত্য। মাঘৰ সংক্ৰান্তিৰ সময়ত অৰ্থাৎ জানুৱাৰীত যুঁজিব লগীয়া বুলবুলিবোৰক সাধাৰণতে ছেপ্টেম্বৰ মাহৰ শেষৰফালে  জংঘলত ফান্দ পাতি ধৰা হয় আৰু ইয়াৰ পিছত ৩ মহাতকৈও অধিক সময় নানান যতনা ভুগিব লাগে বন্দী চৰাইবোৰক। এই সময়ত ইহঁতক খাদ্য হিচাবে কেৱল গুটিয়াকলকে দিয়া হয়, গতিকেই এই তিনিমাহত ইহঁতে নিজৰ স্বাভাবিক খাদ্যভাষ পাহৰি কেৱল গুটিয়াকলকে নিজৰ একমাত্ৰ খাদ্য বুলি গন্য কৰিব ধৰে। এডাল সৰু গছৰ ডানি বা বাঁহৰ মাৰি এডালত চৰাইবোৰৰ ভৰিত সুতাৰে বান্ধি থোৱা হয়। চৰাই বোৰক সদায় গা ধোৱাই দিয়া হয় আৰু মানুহৰ হৈ-হাল্লাৰ মাজত নিৰ্ভয়ে থাকিবলৈ অভ্যস্ত কৰি তোলা হয়। এনেকৈয়ে যুঁজৰ আগদিনা খনলৈ চলে বন্দী বুলবুলিবোৰৰ জীৱন পৰিক্ৰমা। যুঁজৰ ১২ ঘন্টামান আগত ইহঁতক ভাং গছৰ পাত আৰু নানা ধৰণৰ গছৰপাতেৰে তৈয়াৰী এক ৰাগীয়াল মিশ্ৰণ বাঁহৰ খাঁঠি এডালেৰে জোৰকৈ খুৱাই দিয়া হয়। এই মিশ্ৰণ খোৱাৰ পিছত চৰাইবোৰে নিচাৰ ঘোৰ আৰু দেহাৰ জলশূন্যতাত ভোগে। ৰাগীয়াল মিশ্ৰণ খুৱাৰে পিছৰ পৰা বুলবুলিবোৰক পানীৰ দিয়া হয় যদিও আন খাদ্য দিয়া নহয়। এই সময়ত চৰাইবোৰ দুৰ্বল হবলৈ ধৰে আৰু জিয়াই থাকিবলৈ খাদ্যৰ বাবে বলিয়া হোৱাৰ দৰে হয়।  যুঁজৰ দিনা খন যুঁজিব লগীয়া ক্ষুধাৰ্ত চৰাই যোৰৰ সন্মুখত ইহঁতে ইমান দিনে খাই অভ্যস্ত গুটিয়া কল এডোখৰ ধৰা হয় আৰু নিচাসক্ত চৰাই হালে জিয়াই থকাৰ বাবেই এটাই আনটোৰ খাদ্যৰ অংশীদাৰিত্ব সহ্য নকৰে আৰু এটাই আনটোৰ বিপক্ষে  যুঁজ দিয়ে, যেতিয়ালৈকে তাৰে এটা চৰাইয়ে যুঁজ দিয়াৰ শক্তিকণ হেৰুৱাই নেপেলায়। 


এনেদৰে প্ৰত্যেক বছৰেই ভাৰতবৰ্ষত হাজাৰ হাজাৰ বুলবুলি চৰাই ধৰা হয় কেৱল মানুহৰ আনন্দৰ বাবে, কৰোবাত পৰম্পৰাৰ নামত তো আন  কৰোবাত জুৱাৰ নামত। এনেদৰেই যদি বছৰৰ পিছত এই চৰাই ধৰি থাকিলে বুলবুলি চৰাইৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো স্বাভাৱিক।  ইয়াৰ সপক্ষে কিছুমানে অদ্ভুত যুক্তিও আগবঢ়ায়, তেওঁলোকৰ অদ্ভুত যুক্তি মতে যিহেতু বুলিবুলি চৰাইবোৰক যুঁজাৰ পিছত এৰিদিয়া হয় সেয়েহে ইহঁতৰ সংখ্যাৰ ওপৰত প্ৰভাৱ পৰাটো অযৌক্তিক। কিন্তু তেওঁলোক কেতিয়াও ভাবি নাচায় যে প্ৰাকৃতিক ভাবেই বুলবুলি চৰাই সৰ্ব্বভক্ষী। পোক পৰুৱাৰ পৰা আদিকৰি গছৰ ফল আৰু গুটি ইহঁতৰ খাদ্য। পৰনিৰ্ভৰশীল আৰু কেৱল এবিধ খাদ্যত অভ্যস্ত হোৱা চৰাই এটিয়ে মুক্তিৰ পিছতো নানান প্ৰতিকূল প্ৰাকৃতিক পৰিস্থিতিত জীয়াই থকাৰ সম্ভাৱনা তেনেই ক্ষীণ। বিষাক্ত মিশ্ৰণ আৰু  যুঁজাৰ সময়ত পোৱা আঘাতৰ কথা নকলোৱেই বা। তাৰোপৰি ফেব্ৰুৱাৰী মাহত ইহঁতৰ বাহ সজা আৰু কণী যোগোৱাৰ সময়, সেই ফালৰপৰাও বুলবুলি চৰাইৰ জীৱনচক্ৰত এই বন্দীত্বৰ প্ৰভাৱ অপৰিসীম।   আমাৰ লোকসংস্কৃতিৰ উপাদান সমূহ সদায় সমাজৰ খাটিখোৱা শ্ৰেণীৰ পৰা অহা, যিবোৰ কেৱল বিৰহ, আনন্দ, প্ৰেম আৰু প্ৰকৃতিৰে ভৰপুৰ। ইয়াৰ ক'তো বিকৃত জীৱহিংসাৰ স্থান নাই। গ্লেডিয়েটৰেই হওঁক বা বুলবুলি চৰাইৰ যুঁজ, এইবোৰ বিকৃত হিংসামূলক সংস্কৃতি সম্ৰাট, বাদচাহ আৰু সামন্তবাদৰ অৱদান আৰু মোৰ মতেৰে এইবোৰ এক অপসংস্কৃতিহে। সেয়েই বুলবুলি চৰাইৰ যুঁজ প্ৰকৃতিৰ মুক্ত বিহংগৰ ওপৰত চলোৱা এক অন্যায় এক অপৰাধ মাথোন।  
তথ্য উৎসঃ-    
১) টাইমছ অফ ইণ্ডিয়া, (জানুৱাৰী ১৭, ২০১২)।      
২) দা বুক অফ ইণ্ডিয়ান বাৰ্ডছ, ছেলিম আলি ( বম্বে নেচাৰেল হিষ্ট্ৰী ছচাইটি)  ।       
৩) ৱিকিপিডিয়া।