Friday, 1 August 2014

যুক্তিবাদ : জীৱনৰ এটি অনুভৱ

       ইশ্বৰক প্ৰসন্ন কৰাৰ বাবে মানুহৰ যি সহজাত আকাঙ্খা থাকে, তাৰ পক্ষত নাছিলোঁ মই কোনোকালে। এই আকাঙ্খাৰ একেবাৰে বিপৰীত মেৰুতো বিচৰণ কৰা নাই মই কেতিয়াও। জন্মসূত্ৰে মই বৰ্নহিন্দু বামুনৰ ঘৰৰ ল'ৰা পিছে কেৱল নামতেই। বাৰ বছৰত মা-দেউতাই দিয়া লগুণৰ সুতাডাল পিছে এতিয়াও এৰিব পৰা নাই। সেই নগুন পেচথকা শুতা ডাল মোৰ দেহত আজিও লাগি আছে, ঠিক যেনেকৈ বজাৰৰ পৰা কিনি অনা মালা এডাল পিন্ধি থাকে বহুতেই । এই লগুণডাল মোৰ বাবে এক অলংকাৰ মাথোন। এৰি দিয়া নাই মাথো এটা কাৰণতেই যে সেয়া ধৰ্মীয়বিধিতকৈ মোৰ বাবে বহুযুগ ধৰি চলি অহা এক পৰম্পৰা বা সংস্কৃতিৰ অংগহে, যি পৰম্পৰা একেদিনেই হেৰুৱাই পেলাব নিবিচাৰো মই। মই শোৱা কোঠাটোৰ কাষৰ কোঠালীতোতে আছে আমাৰ ঘৰৰ মন্দিৰটো য'ত আছে ৩০০ বছৰৰ পূৰণী কালাচাঁন্দৰ (শ্ৰীকৃষ্ণ) বিগ্ৰহ, মহাপুৰুষ শ্ৰীশ্ৰী চৈতন্যদেৱে নিজে ব্যৱহাৰ কৰা খৰম আৰু লাখুটি (ডo মহেশ্বৰ নেওগৰ 'পবিত্ৰ অসম'ৰ গোৱালপাৰা জিলাৰ বঙাইগাঁওৰ শ্ৰীশ্ৰী চৈতন্যধাম দ্ৰষ্টব্য)। ঘৰৰ সেই মন্দিৰটোত আজিও চলে নিত্য নৈমিত্তিক পূজা। পিছে পূজা সম্পৰ্কীয় কাম কাজৰ বাবে মই কেতিয়াও নোসোমাও সেই মন্দিৰটোত। সেই মন্দিৰটোৰ বাবেই আমাৰ ঘৰত আজিলৈ সোমোৱা নাই আনকি কুকুৰাৰ এটা কণীও ! আমাৰ ঘৰত সেইবোৰ অভক্ষ্য আৰু তাৰ কাৰণে পিছে মোৰ কোনো অনুশোচনা নাই, ঘৰৰ বাহিৰত মই সৰ্ব্বভক্ষী...। যিয়ে য'ত বিশ্বাস কৰে মিছাতে তাত যুক্তিবাদীহৈ বাধাদিয়াৰ দৰকাৰ অনুভৱ কৰা নাই কেতিয়াও। কোনোবাই যদি পূজা পাতল কৰি মানসিক শান্তি লাভ কৰে তাত বাধাদিয়াৰ কোনো কাৰণেই নাহে, আহিব নোৱাৰে।



মাজতে নিজকে এজন প্ৰৱল যুক্তিবাদী বুলি ভাবিবলৈ লৈছিলো যদিও ঈদৰ দিনাখন হোৱা এক দুৰ্ঘটনাই নিজকেই নিজে আকৌ নতুনকৈ আবিষ্কাৰ কৰিলো... নাহ মই যুক্তিবাদী হব পৰানাই এতিয়াও !!! সিদিনা খন মোৰ ৫ বছৰীয়া ল'ৰা নীলে দৌৰতে বেয়াকৈ পৰি মূৰৰ পিছফালে আঘাত পাই ল'গে-ল'গে সংজ্ঞাহীন হ'ল...। তাৰ মাকে তাক কোচত লৈ কান্ধাকটা আৰাম্ভ কৰিলে, ঘৰত এক হুলস্থুলীয়া পৰিবেশ যাক মই বৰ্ণনা কৰিব পৰাকৈ ভাষাৰ প্ৰয়োগ কৰিব নোৱাৰিম কেতিয়াও, পিছে এইখিনি জানো যে সেই মূহুৰ্তত মোৰ বুকুখন অদ্ভুতভাৱে পাতল হৈ উঠিছিল যেন বুকুৰ ভিতৰত একোৱেই নাই মোৰ, হাতভৰি কঁপি উঠিছিলে মোৰ , মুখৰ পৰা কব নোৱাৰাকৈ ওলাইছিলে হে ভগৱান ৰক্ষা কৰা...!!! কঁপিকঁপিয়ে দৌৰি গেৰেজৰ পৰা গাড়ীখন উলিয়াই কোনোকালে পূজা নকাৰা কালাচাঁন্দ প্ৰভূৰ মন্দিৰলৈ বুলি সেৱা এটা জনাছিলোঁ... হে ভগবান নীলক বচোঁৱা...!!! হস্পিটাললৈ নিয়া অৱস্থাতে ৰাস্তাত নীলৰ জ্ঞান আহিল। মনটো অলপ পাতল হ'ল যদিও অলপ পিছতে সি বমি কৰাতে আকৌ হাত ভৰি কঁপিব ধৰিলে নীলৰ মাকৰ ফালে চালো তাইৰ ফালে চাব নোৱাৰি দুচকুৰে বইছে জলাধাৰ। আমাৰ ঘৰৰ পৰা হস্পিটাল ৬কি.মি.দুৰত্বত আৰু মোৰ জীৱনত আজিলৈ এই ৬ কি.মি. চিধা বাটেৰে গাড়ী চলাই নিয়াটোৱে আছিল আজিলৈ চলোৱা আটাইতকৈ পঙ্কিল পথ !!! বাটত যিমান মন্দিৰ- মছজিদ যি পাইছিলোঁ সিদিনাখন সকলোতেই সেৱা এটা জনাইছোঁ, অদৃশ্যজনৰ ওচৰত প্ৰাণ ভিক্ষা কৰিছো ল'ৰাটোৰ জীৱনৰ বাবে।


নীল এতিয়া সম্পূৰ্ণ সুস্থ , তাৰ দৌৰজাঁপ আকৌ আৰম্ভ হৈগৈছে এতিয়া ! পিছে সিদিনাখন ঘটনাই মোক বাৰুকৈয়ে জোকাৰি গৈছে, সিদিনা ফেচবুকত নীলৰ বাবে পাৰ্থনা কৰিবলৈ আপডেট এটা দিছিলোঁ তাৰ পৰা মোৰ বহু ফেচবুক বন্ধুই ঘটনাটোৰ বিষয়ে গ'ম পাইছে, মোক ফোন কৰি অভয় দিছে বহুজনে যাৰ লগত মোৰ পৰিচয় ফেচবুকতেই সীমাবদ্ধ, যাৰ বহুতোকেই মই আজিলৈকে চকুৰেই দেখা নাই, তেওঁলোকে বহুতেই পাৰ্থনাও কৰিছে নিজ নিজ ধৰ্ম মতেই, যাৰ বাবে মই তেওঁলোকৰ ওচৰত চিৰ কৃতজ্ঞ। পিছে এই ঘটনাই মোক শিকাইছে জীৱনৰ আন এটি পাঠ আৰু মই এতিয়া বিশ্বাস কৰো যে মই যিমানেই নিজকে যুক্তিবাদী বুলি নাভাবো কিয় মই এতিয়াও সংস্কাৰাচ্ছন্ন এক মানুহ মাথো যিজনে জন্মলগ্নতে পোৱা সংস্কাৰক অস্বীকাৰ কৰিব পৰা হোৱা নাই এতিয়াও আৰু যাৰ প্ৰভাৱৰ অস্তিত্বৰ উমান বিপদৰ সময়তহে পোৱা যায়। জীৱনৰ পৰা পোৱা এইটোও এক প্ৰকাৰৰ ডাঙৰ অভিজ্ঞতা।


এতিয়া ভাবিছোঁ মোৰ দৰে বহুতেই হয়তো ওলাব যিজনে আচলতে আধুনিকতা আৰু সংস্কাৰৰ এক বিৰল মিশ্ৰণৰ মাজতেই জীয়াই আছে। পিছে মনৰ এই সংস্কাৰচ্ছন্নতা ভণ্ডামি পৰ্যায়লৈ যাব নিদিও কেতিয়াও আৰু নাহ নিজকে আৰু প্ৰৱল যুক্তিবাদী বুলি পৰিচয় নিদিওঁ কেতিয়াও। যদিওবা সকল প্ৰশ্নৰ উত্তৰ ধৰ্মত নাই বা তাক বিছৰাৰ ধৃষ্টতাও মোৰ নাই কিন্ত সকলোখিনিয়ে যে একেবাৰেই অৰ্থহীন তাৰো পিছে প্ৰমাণ নাই। ক্ষতি কি যদি মই কোনোবা বিমৰ্ষ মানুহৰ বাবে মোৰ ভগৱানৰ ওচৰত পাৰ্থনা জনাওঁ...!! সেই মানুহ, সেই বিপদগ্ৰস্ত জন যি ধৰ্মৰে নহওক কিয় তেওঁৰ বাবে মই মোৰ ভগৱানৰ ওচৰত পাৰ্থনা কৰিম সেয়াই মোৰ বাবে হওক মোৰ ধৰ্ম। য'ত থাকক এজনৰ প্ৰতি আন এজনৰ ভালপোৱা, প্ৰেম... আমি মানো বা নামানো প্ৰতিটো ধৰ্মই আচলতে তাকেই কয়। যেতিয়া দুঃখ কষ্ট হতাশাই ভৰাক্ৰান্ত কৰে মন তেতিয়া হয়তোবা কেৱল ঈশ্বৰহে আনি দিব পাৰে অলপ শান্তনা, অলপ ভৰষা। এই ভৰষা মোৰ বাবে হওক ধৰ্মীয় উগ্ৰবাদ, কুসংস্কাৰৰ বিপৰীতে....!!! ঈশ্বৰৰ ওচৰত সেয়াই মোৰ পাৰ্থনা। 

সকলোৱেই কুশলে থাকক।


Tuesday, 21 January 2014

জন্মদিনত দুআষাৰঃ-

"তোমাৰ নতুন কেমেৰাটোৰে ফটো নুতুলিবা মোৰ,
মেগাপিক্সেলে তুলিলৈ যায় জীৱনৰ বলিৰেখা বোৰ "

হয় কথাখিনি উপলব্ধি কৰিছো লাহে লাহে, এডাল-দুডালকৈ পকিবলৈ লৈছে দাৰি চুলি বোৰ । সঁচাকৈ বুঢ়াহৈ গৈ আছোঁ প্ৰতিদিনে, প্ৰতিপলে । সময় পাৰ হয় নিজস্বতাৰে গমকলৈকো পাবলৈ নিদিয়ে কাকো। আজি মোৰ জন্মদিন, আজিৰপৰাই ভৰি দিলোঁ ৪৫ বছৰত.... পিছে ল'ৰালিৰ কথাবোৰ চোন সৌ সিদিনাখনৰ যেনহে লাগে এতিয়াও । শৈশৱৰ ঘোৰ বাৰিষাৰ গদাধৰনৈৰ প্ৰতিটো ঢৌৱে আজিও ভাঁহে মোৰ চকুৰ আগত । সেইবোৰ দিনৰ কথা ভাবিলেই মনটোত এটা অজানা ভাললগা অনুভৱে চুই যায়, এচাটি স্নিগ্ধ বতাহৰ দৰে। পিছ মূহুৰ্ত্ততে মনটোত আৱৰি ধৰে এক বিষাদগ্ৰস্ততাই, ডিঙিলৈকে সোপা মাৰি ধৰে কিবা এটাই যাক মই ভাষাৰে বৰ্ণনা কৰিব নোঁৱাৰিম কেতিয়াও, ই কিবা এটা হেৰুৱাই পেলোৱাৰ এক অবুজ বেদনা । জন্মদিনটো আহিলেই এইবোৰ কথা বেচিকৈ মনলৈ আহে প্ৰতি বছৰ, এইযে জীৱনকালৰ পৰা অতীত হৈ গ'লগৈ আৰু এটা বছৰ । কি বা কৰিব পাৰিছোঁ এই বয়সত...? বহুত ৰঙ্গীন সপোন আছিল, কৰিবলগীয়াও বহুত আছিল, নিজৰবাবে, পৰিয়ালটোৰ বাবে... প্ৰয়োজনসাপেক্ষে দেশৰ বাবে, জাতিৰ বাবে...!!! নাই একোৱেই কৰিব পৰা নাই, কেতিয়াবা ভাৱো জীয়াই আছোঁ সেয়াও এক স্বাৰ্থকতা, এক আনন্দ, জীয়াই থাকাৰ আনন্দ... যাৰ লগত সাঙুৰি আছে ৪৪ বছৰীয়া বাৰেৰহণীয়া অভিজ্ঞতা । জীৱনকালৰ পোৱা-নোপোৱা, ভুল-ভ্রান্তি, আশা-হতাশাৰ মাজত অর্জিত এই বাৰেৰহণীয়া অভিজ্ঞতা খিনি এদিন নহয় এদিন কামত আহিবই। মই বৰ আশাবাদী মানুহ পিছে জন্মদিনটোহে কেতিয়াও পালন কৰি পোৱা নাই আজিলৈকে, সৰুৰে পৰা আমাৰ ঘৰত এই সংস্কৃতি নাই । এইবোৰ তাৰ ব্যতিক্ৰম নহয়, আন দহটা দিনৰ দৰেই আজিৰ দিনটোও একেই দেখোন !!! ঠিক একে বুলি ক'লে অলপ ভুল হ'ব কাৰণ আজি আমাৰ ঘৰতেই দুটাকৈ জন্মদিন আনটো জন্মদিন হ'ল মোৰ শ্ৰীমতী স্মিতাৰ আৰু এই দিনটোতেই তাইক মই প্ৰথমবাৰৰ বাবে ল'গ পাইছিলোঁ, গতিকেই আজিৰ দিনটো অলপ হ'লেও বেলেগ । স্মিতালৈ জন্মদিনৰ অজস্ৰ শুভেচ্ছা থাকিল... আজি দিনটো আমি একেলগে থাকিম, ফুৰিব যাম এখন সেউজীয়া পাহাৰত যাৰ কাষৰে বৈ যাব এখন নৈ ঠিক মোৰ শৈশৱৰ গদাধৰ নৈ খনৰ দৰেই। মইও সেউজীয়া হৈ থাকিব বিচাৰোঁ চিৰদিন, ঠিক এখন সেউজীয়া পাহাৰৰ দৰেই।

১৮/০১/২০১৪

Sunday, 22 December 2013

কবিৰ বাবে অপেক্ষা

দুঃখ পাহৰি আকৌ কবি হাঁহিব শিকা,
নতুন কোনো ছন্দত এটি কবিতা লিখা ।
হেজাৰ শ্ৰোতাই চাই আছে আজি তোমাৰ ফালে,
জাগি উঠিব নতুন এটা কবিতা গালে।
ক'ত তোমাৰ মন্ত্র মধুৰ সুৰৰ ধ্বনি...?
ক'ত এতিয়া জীয়াই থকাৰ সঞ্জীৱনী ?
আধামৰা চব জাগি উঠিবই এবাৰ চোৱা,
নতুন কোনো সপোনৰ বীজ আজিয়েই ৰোৱা....
                               আজিয়েই ৰোৱা ।।

কিমান দিন বাৰু এনেকৈয়ে থাকিবা তুমি ?
তোমাৰ ফালেই চাই আছে মোৰ জনমভূমি ,
পচোৱাজাকত শুকান পাতবোৰ যায়যে খহি !
চাৰিওকাষে উৰিছে আজি, ইতিবৃত্তৰ বহী।
পথাৰে ছিৰাল ফাঁট মেলিলে যি হাহাকাৰত,
সপোনবোৰ কি হেৰাই দিবা অন্ধকাৰত ?
                                      অন্ধকাৰত ।।

অলপ সুখৰ সপোন যেনিবা তুমি নিদিবা....
সপোন ভঙাৰ দায় ভাৰ কি তুমিয়ে নিবা ?
বিনতি তোমাক অলপ লিখিবলৈ বহা
প্রাণ খুলি আজিৰ দিনটোতে তুমি অলপ হাঁহা ,
আৰু দেৰি নাই লিখিবা তুমি কেতিয়া কোৱা ?
আমাৰ হৃদয়ৰ দাবিবোৰ তুমি মানিয়ে লোৱা....
                    মানিলোৱা ।।
-----------------------------------------------------------------------------------------------------------

মুলঃ ছামছুল আলম চালিম

22/12/2013
(শ্ৰদ্ধেয় কবি ছামছুল আলম চেলিম ডাঙৰীয়াক তেখেতৰ সুন্দৰ কবিতাটো অনুবাদৰ অনুমতি দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ)

Tuesday, 3 December 2013

গুজব, কোটিপতি হোৱাৰ সপোন, মই আৰু দিলীপ নুনিছা

 ১৯৯৭ চনৰ কথা দুপৰীয়া স্থানীয় বন্ধুৰ ককায়েক এজন আমাৰ ঘৰলৈ আহিলে। নিতান্তই স্বাভাৱিক কথা, পিছে অহাৰ উদ্দেশ্য শুনাৰ পিছত হে চকু কপালত উঠিল। কি যে হ'ব এই মানুহ বোৰৰ গুজব আৰু হুজুগতে জীৱন পাৰ কৰিব যেন হে লাগে এওঁলোক। বন্ধুৰ দাদাই আচলতে বিচাৰি আহিছে এটি অদ্ভুত বস্তু। বস্তুটো হ'ল এটি মুদ্ৰা, হনুমানৰ ছাপ থকা ৰূপৰ মুদ্ৰা। আৰু তেওঁ নিশ্চিন্ত যে আমাৰ দৰে অতি পুৰণি ঘৰতহে তেনে বস্তুবোৰ পোৱা যায় আৰু আমাৰ ঘৰত তেনে মুদ্ৰা থকাটো তেওঁক হেনো আগতেই কোনোবাই কৈছেই, গতিকেই মহাশয়ৰ এই আগমন। বুজক এতিয়া কি বুজে…!!! মোক কথাষাৰ বুজি নোপোৱা যেন পাই এইবাৰ দাদাই অলপ হতাশ হৈ মোক পোনপোটিয়াকৈ এইবাৰ পইচাৰ কথাকে ক'লে, যেন পইচাৰ দ্বাৰা নুবুজা কথাটো বুজাব পাৰি আৰু নোহোৱা কামকো হোৱা কৰিব পৰি। পইচা নহয় মানে টকা, প্ৰতিটো হনুমানৰ মুদ্ৰাৰ বিপৰীতে মোক দাদাই ২৫০০০কৈ টকা দিব। কৃষ্ণ, সোণাৰীৰ দোকানৰ পৰা দুটামান বনাইয়ে আনো আনো বুলি মন মনে নভবাকৈয়ে থকা নাই মই। ক'লো কিবা এটা কৰিম…. পিছে কথা নিদিয়ালে মানুহ জন নুঠে হে নুঠে, শেষত মই ভালকৈ বিচাৰিব লাগিব বুলি বাৰম্বাৰ কৈ সি দিনালৈ তেখেতক কিবাকেহে বিদায় দিলোঁ।  

এইবোৰ গুজব আৰু হুজুগৰ কথা শুনিলে এক কানেৰে সোমাই আন কানেৰে উলিয়াই দিওঁ। সেই দিনাখন বন্ধুৰ ককায়েক জনক তেনেকৈ বিফল মনে ঘুৰাই পঠিওৱাৰ পিছত কথাটো দ্বিতীয় বাৰৰ বাবে ভাবি ছোৱা নাই। কাম নোহোৱা মানুহ বোৰে এইবোৰ ভাবিবলৈ ঢেৰ সময় পায় গতিকেই এইবোৰ ভবাটো তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰৰ ভিতৰত পৰে। তেওঁলোকেই এইবোৰ ভাৱক বাৰু। মই তেতিয়া ইলেকট্ৰিক ওৱাৰিঙৰ কাম কৰো আৰু বঙাইগাঁওৰ বৰপাৰাৰে গোস্বামী উপাধিৰ মানুহ এঘৰত ইলেকট্ৰিকৰ ওৱাৰিং কৰি আছো। গতিকেই কাম সোনকালে শেষ কৰি পইচা খিনি পালেই আন কাৰোবাৰ তাতে  কাম এটা বিছৰাহে কথা এতিয়া। পিছে ভবা কথা নহয় সিধী… তাতো লাগিলে আন এক গুজবৰ পয়মাল প্ৰতিদিনে যেন ওলাইছে নিত্য নতুন আজব-আজব গুজব একোটাকৈ। দুপৰীয়াৰ ভাত খাবলৈ ঘৰত আহিবৰ মুহুৰ্ততে এছিটটেন্টে মুখ খুলিলে, তাক দুদিনৰ ছুটি লাগে। ইফালে আমাৰ কামো শেষৰ ফালে মানে অহাকালি শেষ হ’বই গতিকেই এছিটটেন্টেক পিছ দিনাহে ছুটিৰ কথা ক'লো। নাই বাপুক আজিয়েই ছুটি লাগে। মই ভাবিলোঁ ঘৰত ছাগে বিশেষ কিবা অসুবিধা হৈ আছে সেয়েই সুধিলোঁ- কাৰোবাৰ অসুখ-বিসুখ নেকি ঘৰত…? এইবাৰ  উৰহিৰ ওৰ পালো, উত্তৰ আহিল- নাই বিশেষ মানুহ এজনক ল'গ কৰিবলৈ আজিয়েই হেন বাসুগাওঁত যাব লাগে আৰু কালি হেনো সেই বিশেষ জনৰ লগত ভূটানৰ ফালে। ভূটানৰ কথাটো শুনাৰ লগে-লগে মনত জংঘল জীৱী ভাইহঁতৰ কথা মনলৈ আহিল, বপুৰাই কয় কি…? ভূটান…? ভূটান কিয়…? সেমেনা সেমেনীকৈ উত্তৰ দিলে এছিটটেন্টে  ব-ন-মা-নু-হ…!!! বুকুখন চিৰিং কৈ উঠিল মানে মোৰ অনুমান সত্য। বপুৰাই নিজেও ডুবিব  লগতে মোকো ডুবাব। মই ক'লো নালাগে দে বন-মানুহ হ'ব, চহৰৰ মানুহ চহৰতে থাক। এছিটটেন্টে এইবাৰ ক'লে নাই নাই বন-মানুহ হাড় হে আনিব যাম। মাৰ্কেটত ৫লাখ টকাকৈ দাম প্ৰতি কেজিৰ আৰু তাৰ হাতত হেনো চিনাকি এজেন্ট এজনো আছে। লাখ টকাৰ সপোন দেখা জনৰ স্বপ্ন ভঙ্গ কৰাটো বহুত কঠিন কাম আৰু মইও তাৰ স্বপ্ন ভঙ্গ কৰাটো অনুচিত বুলি ভাবিলোঁ, বাপুৰাই নিজেই বুজিব দুদিন মান পিছতে যে ঘোচখোৰ বিষয়া, ক'লা কাৰবাৰী আৰু ৰাজনীতি কৰা মানুহৰ বাহিৰে বতাহত টকা ধৰি আজিলৈ কোনো ব্যক্তি লাখপতি কোটিপতি হোৱা নাই। মোৰ মপেড খন ষ্টাৰ্ট কৰাৰ আগতে তাক এটা কথাই ক'লো - নিউ বঙাইগাঁওৰ ৰেল ষ্টেচনৰ কাষৰ লোকৰ মৰা গৰু পেলোৱা ঠাইখিনিৰ পৰা দুটামান উৱলি যোৱা হাড়কে লৈ নিদিওঁ কিয় তোৰ এজেন্টক বন-মানুহ হাড় বুলি কৈ। সি খং উঠি গুচি গ'লগৈ।

এই ২০১৩ চনতো বন্ধুৰ সেই ককায়েক জন বঙাইগাঁওৰে এখন হাৰ্ডৱেৰ দোকানৰ কৰ্মচাৰী আৰু মোৰ সেই এছিটটেন্ট জন আজিও দিন মজুৰ। তেওঁলোক তেওঁলোকে বিচাৰি ফুৰা উদ্ভট বস্তুবোৰ পাইছিলে নে নাই সেই বিষয়ে মই আজিও অজ্ঞ কিন্তু এটা কথা ভালকৈয়ে জানো যে তেওঁলোক লাখপতি নহয়। তেতিয়াৰ পৰা এইকেই বছৰৰ মাজতেই গণেশ দেৱতাৰ গাখীৰ খোৱাৰ পৰা কোৰবাণীৰ গৰুৰ মাংসত 'আল্লা হু' লিখা ওলোৱাকে আদি কৰি শতাধিক ডাইনী ওলোৱাৰ পৰা অদ্ভুত গুপ্তাঙ্গৰ ৰোগলৈ আৰু সহস্ৰাধিক গুজব আৰু হুজুগ দেখাৰ সৌভাগ্য বা দুৰ্ভাগ্য হৈছে। এই সকলোবোৰ গুজব আৰু হুজুগ একেলগ কৰি কিতাপ আকাৰে সংকলন এটা বজাৰত উলিয়ালে তাৰ লিখক যে  ৰাতিটোৰ ভিতৰত বিখ্যাত হৈ যাব সেয়া খাটাং আৰু লিখাত অলপ হাত থাকিলে সেয়া বেষ্টছেলাৰ হোৱাৰ গেৰান্টি মোৰ দৰে সাধাৰণ মানুহেও দিব পাৰোঁ। এই ধৰণৰ গুজব আৰু হুজুগ সমাজত তেতিয়ালৈ চলি থাকিব যেতিয়ালৈ মানুহৰ শিক্ষা স্কুল-কলেজীয়া পাঠ্যপুথিৰ শিক্ষাৰে বিচাৰ্য নহৈ নৈতিক শিক্ষাৰ মানদণ্ডৰে বিচাৰ্য হ'ব।  বহুতো তথাকথিত পাঠ্যপুথিৰ শিক্ষাৰে শিক্ষিত লোককো গুজব আৰু হুজুগৰ হৈ ওকালতি কৰাই ইয়াৰ প্ৰমাণ।  গুজবেই চলক বা হুজুগ মোৰ কি আহে বা যায়, কেৱল ইয়াৰ পৰা মই আঁতৰি থাকিলেই হ'ল। সমাজৰ পৰা এইবোৰ নোহোৱা কৰাৰ থোৰাই ঠিকা লৈ থৈছোঁ মই …!!! গুজব আৰু হুজুগ বোৰ এটাৰ পিছত এটাকৈ আহে আৰু কেইদিনমানৰ পিছত আপোনা-আপুনি নোহোৱা হৈ থাকেগৈ।  যোৱা বছৰৰ পৰা মুখে খুখে আন এক নতুন গুজৱ ৰাতিটোৰ ভিতৰত কোটিপতি হৈ যাব পৰা এই শেহতীয়া গুজবৰ নাম 'কেঁকো সাপ' ইংৰাজী নাম  Tokay Gecko বৈজ্ঞানীক নাম gekko gecko । এই গুজবৰ কথাটো অৱশ্যে দুই বছৰ মান আগৰ পৰাই ছেগা-ছোৰোগাকৈ প্ৰায়ে শুনি আহিছোঁ নানান জনৰ মুখত কেঁকো সাপ সম্পৰ্কে নানান টা মুখৰোচক কাহিনী আৰু স্বাভাৱিক ভাবেই তাক ইটো কানেৰে সোমাই সিটো কানেৰে উলিয়াই দিছোঁ।


যোৱা বছৰলৈ এই কেঁকো সাপৰ গুজব টো নুশুনালৈ সকলো ঠিকেই আছিলে, কিন্তু… যোৱা বছৰেই এনেকৈ কেঁকো সাপৰ গুজবৰ লগত নিজেই প্ৰায় সাঙোৰ খাই পঢ়ো-পঢ়ো অৱস্থাৰ দৰেই হ'ল। নিজকে চৰম ৰেচনেল বুলি ভৱা মানুহটো এটি মুহুৰ্তৰ বাবে হলেও হৈ পৰিলোঁ নৈতিকতা হীন এক অপদাৰ্থ, মাথো এটি হুজুগৰ কৱলত পৰি। যোৱা বছৰে মই নিজা কামত বাক্সা জিলাৰ ভিতৰুৱা অঞ্চল এটাত যাওঁতে এজনক ল'গ পালো আৰু তেখেতে মোক কেঁকো সাপৰ লাভজনক ব্যৱসায় সম্পৰ্কে বিশদ ভাষণ আগবঢ়াব ধৰিলে, আৰু মই যেহেতু জংঘলৰ কাষৰীয়া গাওঁ বোৰত ঘুৰি ফুৰোঁ গতিকেই কেঁকো সাপৰ সম্পৰ্কে সহজেই খবৰ সংগ্ৰহ কৰিব পাৰিম বুলি ক’লে। পিছে কথাবোৰ মোৰ হজম নোহোৱা বুলি বুজি উঠি আৰু মোৰ দুষ্কৰ দৃষ্টিত হাঁহি তেওঁ  ক'লে- নাই মই কিনা বেচা নকৰো মোৰ পৰিচিত মানুহ আছে যিয়ে এইবোৰৰ ব্যৱসায় কৰে আৰু বহুতৰে পৰা তেওঁ কেঁকো সাপ কিনাটো মই নিজে ভালকৈ জানো। আপুনি আনি দিব পাৰিলে ইহাতে কেঁকো সাপ বুজাব সিহাতে টকা, নো ইছু। মই কেইটামান কেঁকো সাপ থকা ঠাই জানো যদিও তেখেতক এই সম্পৰ্কে একোকেই নক'লো। তেখেতে পুনৰ সুধিলে আছে আপোনাৰ লগত ? মই নাই বুলিয়ে ক'লো যদিও দামটোৰ সম্পৰ্কে জানি থবলৈ আগ্ৰহ হ'ল।
মই ক'লো- দাম কিমান মান পাম..?
তেওঁ ক'লে - ওজন কিমান ? - ওজন তো নাজানো.. - চাৰিশ গ্ৰামৰ ওপৰে গ'লে, দহ লাখ টাকা পাব! (কথাটো শুনি পেট ফাটি হাঁহি উঠিল )
-হাউ কাম! তেওঁ ক'লে - আই এম চিৰিয়াছ এবাউট! -অহ ৰিয়েলি? - ইয়াহ। মই ভালে কেইটা কিনা-বেচাৰ সম্পৰ্কে জানো! কৃষ্ণ হে বুলিলো আৰু।

সৰুৰ পৰাই এই কেঁকো সাপৰ মাতৰ লগত পৰিচিত আমাৰ ঘৰৰ সকলোৱে। আমাৰ লক্ষীপুৰৰ ঘৰত থকা শতায়ু এটা আম গছৰ কোঁঠৰ পৰা প্ৰতিদিন সন্ধিয়া বিৰক্তিকৰ এটা মাত সৰুৰে পৰা নিয়মীয়াকৈ শুনিছিলোঁ - টোক-কেং, টোক-কেং! সেই আম গছডাল প্ৰায় ২০ বছৰ মান আগতেই এদিন ধুমুহাত ভাগি পৰাৰ পিছত কেঁকো সাপ ডালে আশ্ৰয় লৈছিলে ঘৰৰে ভঁৰালৰ চিলিঙত। কেৱল আমাৰ ঘৰতেই নহয় লক্ষীপুৰ চহৰৰ প্ৰায়বোৰ পুৰণি গছতে আছিলে এই কেঁকো সাপ। সেয়েই তাৰ মাত নুশুনা মানুহ চহৰ খনত হয়তো খুব ক'মেই ওলাব। আনকি সৰুতে কেঁকো সাপ সম্পৰ্কে শুনা কিছু মিছা অপবাদৰ বাবেই অষ্টম মান শ্ৰেণীত পঢ়ি থাকতেই বাইদেউৰ জোৰণৰ দিনা খন খুচি হত্যা কৰিছিলোঁ এই নিৰীহ প্ৰাণীৰ এটাক, যাৰ বিৰুদ্ধে অপবাদ আছিলে যে তাৰ গাত থকা এঠা মানুহৰ গাত লাগিলে মানুহৰ কুষ্ঠ ৰোগ হয়।  অপবাদৰে পৰিচালিত মগজুৰে কৰা সেই হত্যাৰ বাবে মই আজিও অনুতপ্ত। অতিকৈ নিৰীহ এই প্ৰাণী বিধৰ কি এনে গুণ আছে যে তাৰ দাম আনকি দহ লাখ টকা !! বুজিব পৰা নাই। কোনে কিনে ইমান টকাৰে তাক..? কি কৰে এই নিৰীহ প্ৰাণীৰে…? ৪০০ গ্ৰামৰ প্ৰাণী এটা দহ লাখ টকাৰে কিনি মাংস নাখায় নিশ্চয় কোনোৱে।

সিদিনা সন্ধিয়াই বাক্সাৰ পৰা উভতি আহিছো বঙাইগাঁওলৈ পিছে আন আন দহটা গুজবৰ দৰে এইটো গুজবক পাহৰিব পৰা নাই একেবাৰে, ইটো কানেৰে সোমাই গৈ যেন পাহৰি পেলাইছে আনটো কানৰ পথ, পথ হেৰুৱাই বাৰে প্ৰতি টুকুৰিয়াইছে মোৰ মগজুৰ দুৱাৰত। নিজকেই অসহায় লাগিছে, এই সম্পৰ্কে অধিক তথ্যৰ দৰকাৰ অগত্যা ইন্টাৰনেট আৰু গুগল। গুগল চাৰ্ছ ইঞ্জিনত Tokay লিখাৰ লগে লগেই অটো চাজেশ্বন আহিল Tokay Gecko price, Tokay Gecko sound, Tokay Gecko video আদি। মনতে ভাবিলোঁ এইবোৰৰ দাম চাই নো কি হব? না মই ধৰিম, না বেচিম, না কিনিম! তথাপিও যেন নিজৰ অজানিতে কিল্ক্ কৰি দিলোঁ Tokay Gecko price লিখা খিনিৰ ওপৰত।
কম্পিউটাৰৰ পৰ্দাত ভাহি উঠিল এটাৰ পিছত আনটো লিংক…
http://geckobuyer.blogspot.com
http://tokayhunter.blogspot.com/2013_02_01_archive.html
http://tokaygeckoprice.blogspot.com
http://geckogeckobuyer.blogspot.com
চলিল এটাৰ পিছত আনটো ওয়েবছাইটত অধ্যয়ন আৰু এইবোৰ অধ্যায়ন কৰি সাধাৰণ ভাবে যি বুজি পালো সেয়া হ'ল, দহ লাখ টকাত যদিহে মই এটা কেঁকো সাপৰ বিক্ৰী কৰিলোঁ হয় মই আচলতে প্ৰৱঞ্চনাৰ চিকাৰ হে হ'লো হয়।  একো একোটা কেঁকো সাপৰ  সৰ্বনিম্ন দামেই হ'ল ২৫ কোটি টকা!!!মোৰ মুৰ বন-বনাই ঘুৰিব ধৰিলে যেন মগজুৰ লগত চলিছে বিবেকৰ চৰম সংঘাত। নিজৰ চকুকে নিজৰ বিশ্বাস হোৱা নাই, বাৰে বাৰে ইটোৰ পিছত সিটো ওয়েবছাইটত  আৰু ভাবিছোঁ কি ভুলটোৱে কৰি আহিছোঁ ইমানদিন কেঁকো সাপক পাত্তা দিলে আজি হয়তো মই কোটিপতি থাকিলোঁ হয়। যি নহওঁক, দা গেম ইজ নট অভাৰ ইয়েট। এতিয়া বিচাৰিলেও কমছে-কম দুটা কেঁকো সাপ মই যোগাৰ কৰিব পাৰিমেই। হৃৎপিণ্ডৰ ওপৰত হাত দি চালো, হৃৎপিণ্ড ঠিকেই চলি আছে। এতিয়া তাৰমানে কোটি কোটি টকা আৰু মেটাৰেই নহয় হৃৎপিণ্ড বাবে। সেই ৰাতি শুৱা নহ'ল। ঘন্টাৰ পিছত ঘন্টা কটাই দিলোঁ ইন্টাৰনেটত। ছবি দেখিলোঁ, ভিডিঅ দেখিলোঁ, কেঁকো সাপ কি কি কামত লাগে তাকো দেখিলোঁ। চালো  কেঁকো সাপ কেনেকৈ এইডছৰ দৰে মাৰাত্মক ৰোগৰ নিৰাময় কৰিব পাৰে বুলি জানিও WHOৰ দৰে এটা সন্থায়ো কি দৰে তাক অনুমোদন নিদিয়াকৈ আছে। এইবোৰ পঢ়ি মনটোও বেয়া হৈ গ'ল মানুহৰ জীৱনতকৈ ইক'লজিৰ গুৰুত্ব বেছি হৈ কি ডাল নো হ'ব…? অথচ খেচেৰা চাইনিজ সকল কেঁকো সাপকে আদি কৰি বাঘৰ হাড়ৰ পৰা গঁড়ৰ খড়্গলৈ কিমান প্ৰাণী হত্যাত অৰিহণা যোগাই "হাৰ্বেল" বনাই বজাৰ দখল কৰি আছে, ইক'লজি তেতিয়া নষ্ট নহয় নে ? তথাপিও কিয় তেনে দেশবোৰক প্ৰাণী সংৰক্ষণৰ বাবে আন্তৰ্জাতিক সন্থা বোৰে বিলিয়ন ডলাৰ অনুদান দিয়ে…? এয়া কি ধৰণৰ দুমুখীয়া নীতি…? আৰু মই যদি দুটা কেঁকো সাপ বেছি কোটিপতি হৈ যাওঁ কিনোঁ মহাভাৰত খন অশুদ্ধ হ'ব…?

এইখিনি সাধাৰণ মনৰ ভাবনি, পিছে যেতিয়াই অলপ দকৈ ভাবা যায় তেতিয়াই মনত সন্দেহৰ মেঘ জমা হোৱা আৰম্ভ হয় লাহে লাহে।  কি কাৰণত ২৫ ৰ পৰা ৭৫ কোটিত কোনে কিনিব এই কেঁকো সাপ ? মানি ল'লো যেনিবা তাৰ দেহাত আছে ট্ৰেডিছনাল ড্ৰাগছৰ অনন্য উপাদান কিন্তু তাতে এক গ্ৰামৰ দাম ৭লাখ টকা ? নাই সেয়া অসম্ভৱ, অবাস্তৱ। ইমান মূল্যবান হ'লে কেঁকো সাপক বিজ্ঞান সন্মত ভাবে প্ৰজনন কৰাই উৎপাদন নকৰেই বা কিয় ? আকৌ এবাৰ গুগুল চলিল, গমপালো  এইডছৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই। তেতিয়া হ'লে এই কেঁকো সাপৰ দাম ইমান বুলি প্ৰচাৰ কৰাৰ পিছত কাৰণ কি…? কাৰণ অতি সাধাৰণ আৰু ইয়াৰ পৰাই আৰম্ভ প্ৰতাৰণাৰ প্ৰথম অনুচ্ছেদৰ। এই গুজব কোনে প্ৰচাৰ কৰিলে…? তাৰ দ্বাৰা কাৰ কি লাভ হ'ল…? কেইজনে কেঁকো বিক্ৰী কৰি কেই টকা পালে …? এই সকলো বোৰৰ উত্তৰ তলৰ সৰু অথচ সঁচা কাহিনীত আছে।

নামনিৰ সৰু চহৰ এখনত মাঙ্গীৰাম নামৰ এজন মাৰোৱাৰী বেপাৰীৰ প্ৰতিষ্ঠানৰ সন্মুখত এখন বলেৰো গাড়ী ৰ'ল। তাৰ পৰা চুট টাই পিন্ধা এজন ভদ্ৰলোক হাতত ব্ৰিফকেছ এটালৈ মাঙ্গীৰামৰ প্ৰতিষ্ঠানৰ ভিতৰত সোমাই গ'ল। হিন্দীভাষী মানুহ জনক মাঙ্গীৰামে বহিব দিলে। মানুহ জন ব্ৰিফকেছটো খুলি পুৰণি তামৰ ২০ পইচাৰ মুদ্ৰা এটা দেখুৱালে, মুদ্ৰাটো সিমান পুৰণিও নহয় এফালে পদুম ফুলৰ ছাপ থকা ৮০ৰ দশকলৈ চলা এটা সাধাৰণ মুদ্ৰা। মানুহ জনে ক'লে এই ধৰণৰ একোটা মুদ্ৰাৰ বিনিময়ত তেওঁ নগদ ৫ হাজাৰকৈ টকা দিব। আৰু যিমানেই নাথাকক লাগে এতিয়াই নগদ টকাৰে কিনি ল'ব। মাঙ্গীৰামৰ নিজৰ গাদিৰ ওপৰত থকা কাঠৰ বাকচটোত থাকিব পাৰে এনে মুদ্ৰা, আগতে প্ৰতিবছৰ প্ৰতিষ্ঠানৰ বোৰৰ লক্ষ্মী পূজাৰ বেলি সেই তামৰ পইচাটো লাগিছিল আৰু পিছলৈ সেই সেন্দুৰ সনা মুদ্ৰাবোৰ কাঠৰ কেছ বাকচটোত থোৱাৰ নিয়ম আছিল। সেই নিয়ম এতিয়াও আছে পিছে তামৰ সেই ২০ পইচাৰ মুদ্ৰাৰ ঠাই এতিয়া ১টকিয়া মুদ্ৰাই লৈছেহি।  মাঙ্গীৰাম কেছ বাকচটোত খুচৰি ৬টা সেই তামৰ মুদ্ৰা পালে।  হিন্দীভাষী মানুহ জন নগদ ৩০ হেজাৰ টকাৰে সেই তামৰ মুদ্ৰা কেইটা কিনি লৈ গ'ল। যোৱাৰ আগতে ক'লে যে তেওঁ এ সপ্তাহৰ মূৰত পুণৰ ঘুৰি আহিব আৰু এই সময়তে মাঙ্গীৰামে যিমান সম্ভৱ এই মুদ্ৰা গোটাব পাৰে  আনকি ৫ হাজাৰ মুদ্ৰা গোটালেও আপত্তি নাই  তেওঁৰ। সকলো খিনি নগদ টকাৰেই কিনি ল'ব তেওঁ। পিছ দিনাৰ পৰা গুজব হিচাপে কথাটো ইকাণে-সিকাণে প্ৰচাৰ হ'ল মানুহবোৰৰ পৰা ৫০০ টকাৰ পৰা আৰম্ভ কৰি ২০০০ টকালৈ মাঙ্গীৰামে তামৰ ২০ পইচাৰ মুদ্ৰা কিনিব ধৰিলে। দুই দিন পিছত এজন সাধাৰণ বেশভূষাৰ গাঁৱলীয়া মানুহ এজন পাঁচশ টা মুদ্ৰা প্ৰতিটো দুহেজাৰ টকাকৈ মাঙ্গীৰামক বেছি থৈ দহ লাখ টকা লৈ গ'ল।  এ সপ্তাহৰ ঠাইত আজি এক দশক পাৰ হ'ল কিন্তু হিন্দীভাষী মানুহ জন আজিলৈ ঘুৰি অহা নাই।  মাঙ্গীৰাম এতিয়া নিশ্চিত যে সাধাৰণ বেশভূষাৰ  সেই গাঁৱলীয়া মানুহ জন আছিল সেই হিন্দীভাষী মানুহ জনৰে এজেন্ট।

ওপৰৰ কাহিনীটো যদি বিশদ বিশ্লেষণ কৰিলে এই ধৰণৰ প্ৰতাৰণাৰ বিলাকৰ ওপৰত কেইটা মান ধাৰণা স্পষ্ট হয়।
১/ যাক টাৰ্গেট কৰা হয় তেওঁ সাধাৰণতে আঢ্যৱন্ত হয়।
২/ তেওঁৰ সাধাৰণতে ভাল নেটৱৰ্ক এটা থাকে।
৩/ টাৰ্গেট টকা পইচাৰ প্ৰতি লোভ থকা বিধৰ হ'ব।
৪/ উচ্চাকাংশা থকা আৰু দৰকাৰ মতে নিজেই টকা খটুৱাব পৰা বিধৰ হ'ব।
৫/ এই কাৰবাৰৰ মাষ্টাৰ মাইণ্ড জন স্মাৰ্ট হয়, তেওঁ যথেষ্ট বাক-পটু হোৱাৰ উপৰিও তেওঁৰো নিজাকৈ নেটৱৰ্ক এটা থাকে।
৬/ প্ৰতাৰণাৰ বাবে এওঁলোকে এনে বস্তুৰ ওপৰত গুৰুত্ব দিয়ে, যি বোৰ সাধাৰণ ভাৱে দুঃপ্ৰাপ্য কিন্তু বিলুপ্ত নহয়।
৭/ আৰু গুজব বোৰ লাহে লাহে নিজেই সৃষ্টি হয়, আৰু নিজেই নিজেই তাৰ প্ৰচাৰ হয়। কেৱল লাগে এটি অজুহাত।

যোৱা ১৪ আগষ্টৰ অসমৰ প্ৰায় বাতৰি কাকতত পঢ়িবলৈ পালো এটা খবৰ “চোৰাং ব্যৱসায়ত লিপ্ত হৈ কেঁকো সাপ সহ গ্ৰেপ্তাৰ দিলীপ নুনিছা ”  অনুমান কৰিছোঁ তেওঁ হয়তো বা মাঙ্গীৰামৰ দৰেই প্ৰতাৰিত এজন টকাৰ লুভীয়া ব্যক্তি। যদি কেৱল সেই তামৰ পইচাটোক সলাই লওঁ কেঁকো সাপৰ সতে কাহিনীৰ বিষয়বস্তু অদ্ভুত ভাৱে মিলি যায়। সেয়েই দিলীপ নুনিছা মাঙ্গীৰাম হোৱাৰ সম্ভাৱনাই সৰ্বাধিক। তেওঁৰ হাতত ভাল নেটৱৰ্ক এটা আছে, টকা আছে আৰু সন্দেহাতীত ভাৱেই আছে টকাৰ প্ৰতি প্ৰৱল লোভ, বা তেওঁ হয়তো বা কাহিনীৰ সেই হিন্দীভাষী মানুহ জন, কিন্তু তাতে কি বা আহে যায় নিৰ্বিচাৰে চিকাৰ হোৱা এই সুন্দৰ প্ৰাণী বিধৰ এনেকৈ চলিলে বিলুপ্ত হ'বলৈ আৰু কিমান দিন…?  এই প্ৰশ্নৰ উত্তৰ জানা নাই মোৰ এতিয়াও।

যোৱা দুৰ্গাপূজাত লক্ষীপুৰলৈ গৈছিলোঁ তাৰ বামুনপাৰাৰ য'ত দুৰ্গাপূজা হয় তাৰে কাষৰ গছ এজোপাত আগতে সদায়ে সন্ধিয়া কেঁকো সাপৰ মাত শুনিছিলোঁ। এইবাৰ তাৰ ব্যতিক্ৰম, হয়তো কোনোবা মাঙ্গীৰাম বা কোনোবা নুনিছাৰ টকাৰ লোভত বেছেৰাই হেৰুৱালে তাৰ ঘৰ, হয়তো বা তাৰ জীৱন।



Saturday, 30 November 2013

মই আৰু মোৰ অতীত


অতীতক পাহৰা নাই মই, তিলমানও পাহৰা নাই…হওঁক না তিক্ত কিম্বা মধুৰ তাৰ স্মৃতি, পাহৰা নাই পঞ্চম শ্ৰেণীত পঢ়ি থাকোতে গৰমত দেউতাই অনা ঘৰৰ প্ৰথম টেবুল ফেনখনৰ দখলক লৈ বাইদেউৰ লগত কৰা কাজিয়াৰ কথা। আজিও পাহৰা নাই শৈশৱৰ এজনো বন্ধুক। বন্ধু সকলোৰে পাৰ কৰা অতীতৰ মধুৰ ক্ষণ বোৰ। পাহৰিব নোৱাৰা আইৰ এছাৰিৰ কোব বোৰ, সেইবোৰ এতিয়া একোটা মৰমৰ মিঠা চুমাৰ দৰেই লাগে চোন ! পাহৰা নাই মই উচ্চতৰ মাধ্যমিকত বেয়া কৰাৰ পিছত পঢ়াৰ টেবুলত আবিষ্কাৰ কৰা এ গিলাচ পানী আৰু এডোখৰ আদাক। আজিও চকু মুদিলেই স্পষ্ট দেখা পাওঁ সেই দৃশ্য, পিছে আজিও সুধিবলৈ সাহ হোৱা নাই সেয়া মায়ে নে দেউতাই তেনেকৈ থৈছিল ! পাহৰা নাই এতিয়াও হতাশাগ্ৰস্ত বেকাৰ জীৱনটোৰ কথা বোৰ। বন্ধুহঁতৰ লগত জঙ্গলত অনাই বনাই ঘুৰি ফুৰা দিনবোৰ আজিও পাহৰা নাই। পাহৰা নাই মই মালগাড়ী ৰেলত গৰু-ম'হৰ সতে একেলগে পাৰ কৰা পাঁচটাকৈ ৰাতিক। পানৰ দোকানে দোকানে চিগাৰেট বিক্ৰী কৰা, চা দোকানত গাখীৰ যোগান দিয়াৰ দৰে কৰা সৰু সৰু কাম বোৰ আজিও পাহৰা নাই। পাহৰি যোৱা নাই মই ইলেকট্ৰিক ওৱাৰিঙ কৰি দিয়া বঙাইগাঁও চহৰৰ এটিও ঘৰক, ঠিক যেনেকৈ পাহৰা নাই বিবাহত ফটো তোলা/ ভিডিঅ কৰি দিয়া এটিও দম্পতীক। পিছে যি কামেই কৰিছোঁ অন্তৰেৰে আৰু সততাৰে কৰিছোঁ। এইবোৰ এতিয়া মাথো সপোন সপোন লাগে।

পাৰ হৈ গৈছে সেইবোৰ সময়, সময় প্ৰৱাহমান… ৰখি নাযায় কেতিয়াও। জীৱনৰ লগত যুদ্ধত পৰাস্ত হ’বলৈ ঘৃণা কৰো মই আৰু এই হাৰি নোযোৱা মানসিকতাৰ মূল ভেটি মোৰ বাৰেৰহণীয়া অতীত, সেয়ে মোৰ অতীত সোণোৱালী আৰু মোৰ অতিকৈ প্ৰিয়। মই নিশ্চিত এই অতীতকে সম্পদ কৰি মই জীৱনৰ প্ৰথমটো উৰণতে অকলেই গৈ পাইছিলোঁ লণ্ডন, ভঙা ছিঙা ইংৰাজীৰেই ভৰি দিছিলোঁ কেমব্ৰিজৰ দৰে ইউনিভাৰ্চিটিত। হোটেল, হোষ্টেলত দিবলৈ পইচা নথকাত চাহাবৰ ঘৰত আছিলোঁ পেইঙগেষ্ট হৈ। পিছলৈ পূনৰ আমন্ত্ৰণ পাইছিলোঁ ৰাণী এলিজাবেথ আৰু প্ৰিন্স ফিলিপৰ লগত কথা পাতিবলৈ। মানুহৰ জীৱনত ভাল বেয়া সময় আহেই, জীৱনক সপোন বনাবলৈ গৈ বহুতেই বৰ্তমানত মেৰিয়াই লয় হতাশাৰ চাদৰ। সেয়ে হতাশা নহয়, বেয়া সময়ৰ পৰা অতি সহজেই অৰ্জন কৰা যায় অভিজ্ঞতা আৰু মই নিশ্চিত এই অভিজ্ঞতাই দিবই দিব জীয়াই থকাৰ অনন্য সমল। ডাঙৰ মানুহ হোৱাৰ অভিকাংক্ষা আজিও নাই মোৰ পিছে এটি ক্ষুদ্ৰ জোনাকী পৰুৱা সদায়ে হ'ব বিছাৰো মই । জীয়াই থাকিব বিছাৰো মই এন্ধাৰৰ মাজত ঢিমিক ঢামাক জ্বলা এটি ক্ষুদ্ৰ পোহৰ হৈ….

Wednesday, 13 November 2013

পোহৰৰ সন্ধান


বেলিটি, তই সোনকালেই গুচি যা আজি…

তীব্ৰতাৰে,পশ্চিমৰ আকাশত হেঙুলীয়া হৈ,

হালি পৰ বেলি তই দূৰ দিগন্তত, 

য'ৰ পৰা হয় সন্ধিয়া...

তিমিৰাচ্ছন্ন হওঁক এতিয়াই ধৰা 

আৰু আলোকৰ য'ত অভিমান...

পাতৰ আঁৰৰ পৰা জোনাকি পৰুৱাই জুমি চায়,

দিনটোৰ নিৰ্বাসনৰ পিছতো…

অস্তগামী ৰৌদ্ৰপ্ৰভাৰ ৰঙা চকুলৈ তাৰ ইমান ভয়..? 

সময়ৰ আগতেই শেষ হওঁক আজি মগৰিবৰ আজান,

মানি ল'বনে পিছে তাক পবিত্ৰ কোৰাণ…?

পূজাৰীও জ্বলাওঁক সন্ধিয়াৰ প্ৰদীপ একেই সময়তে, 

ভাঙে যদি ভাঙক ধৰ্মৰ য'ত বিধান…!

ক্ষতি কি, যদি সোনকালেই ঘুৰে আজি পক্ষী নীড়লৈ, 

যদি সোনকালেই ওলায় চন্দ্ৰিমা, পূৰ্ণিমাৰ জোনাক হৈ।

নিশাছন্ন পথিক মই মেঘাছন্ন ৰাতিত … 

আঁউসীতো পথ হেৰুৱাৰ নকৰো অকনো ভয়,

জোনাকি পৰুৱাই দিব নিস্বাৰ্থ হৃদয়ে…

এন্ধাৰত মোক সন্ধান পোহৰৰ।

Saturday, 2 November 2013

কালাছনিকোভৰ ৰামায়ণ

তুমি শ্ৰী ৰামচন্দ্ৰ নেকি ? তোমাৰ ৰামায়ণত, কালাছনিকোভ ?
তোমাৰ ৰামায়ণত লংকাধিপতিয়ে লুটি নিয়ে ৰামচন্দ্ৰৰ তূণৰ বাণ…?
বানৰ সেনাই বিপ্লৱ কৰে লংকাপতিৰ নিৰ্দ্দেশত…কালাছনিকোভ,
প্ৰতি পাত কাঁড়ত সযত্নে লিখি শ্ৰী ৰামচন্দ্ৰৰ নাম।

প্ৰেমত কেতিয়াও পৰা নাছিলা নে… ৰণতৰীৰ চালক, কালাছনিকোভ ? 
কাহানিও শুনা নাছিলা নে প্ৰভাতী পক্ষীৰ গান…? 
কেনেকৈ ৰচিলা তেন্তে পাষাণ হৃদয়ৰ কবিতা… কালাছনিকোভ,
ক'তো মাতৃৰ ক'তো সন্তানৰ অকালতে কাঢ়ি প্ৰাণ।

বাৰ্ধক্যই তোমাক মানসিক অশান্তি নিদিয়েনে…কালাছনিকোভ ? 
উতপ্ত আবিষ্কাৰে কৰে নে হাড় কপোঁৱা জাৰক এতিয়া ম্লান ? 
তোমাৰ সীতা বনবাসী আজি তোমাৰেই বাঙ্কাৰত…কালাছনিকোভ,
মানসিক ভাঙোনৰ আৰ্তনাদ বোৰ শুনি লোৱা, এবাৰ পাতি কান।

তোমাৰ ৰামায়ণ কেৱল মৃত্যুৰ মাতালামিৰ…কালাছনিকোভ,
সঙ্কুচিত মানসিকতাৰে মূল্যহীন তোমাৰ আবিষ্কৃত বাণ…
প্ৰতি পাতে পাতে, প্ৰতি পাত কাঁড়ে, কাঢ়ে…কালাছনিকোভ,
মোৰ জোনাক ৰাতিৰ ঘ্ৰাণ।।


জয় চক্ৰৱৰ্ত্তী
২/১১/১৩
ফটোঃ ইন্টাৰনেট


Tuesday, 10 September 2013

“তোমৰা গেইলে কি আসিবেন, মোৰ মাহুত বন্ধুৰে” - গোৱালপৰীয়া লোকগীতত নাৰী : “তোমৰা গেইলে কি আসিবেন, মোৰ মাহুত বন্ধুৰে” -  গোৱালপৰীয়া লোকগীতত নাৰী “ তোৰ গলায় ৰসেৰ কাঠি, গদাধৰেৰ পাৰে পাৰে ৰে,       কী ...